Class 12 Assamese Important Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

Class 12 Assamese Important Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.

Class 12 Assamese Important Chapter 8 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.

Chapter: 8

গোট – ১: গদ্য
IMPORTANT QUESTION AND ANSWER

১। বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ প্ৰধান বাধা কি?

উত্তৰঃ বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ প্ৰধান বাধা হ’ল সমাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাস।

২। আজিও সমাজৰ কিছুমান মানুহে কেনেকুৱা ধ্যান-ধাৰণাৰে চলে?

উত্তৰঃ আজিও সমাজৰ কিছুমান মানুহে মধ্যযুগীয় ধ্যান-ধাৰণাৰে চলে।

৩। ডাইনী হত্যাক কি বুলি উল্লেখ কৰা হৈছে?

উত্তৰঃ ডাইনী হত্যাক অপকৰ্মৰ নিদর্শন বুলি উল্লেখ কৰা হৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা কি আঁতৰাব লাগিব?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাব লাগিব।

৫। পদার্থ কণা-ত্বৰক কাক বোলে?

উত্তৰঃ পদাৰ্থৰ ক্ষুদ্রতম কণাসমূহৰ বেগ ক্রমে বঢ়াই দিয়া যন্ত্র বিশেষক পদার্থ কণা-ত্বৰক বোলা হয়।

৬। বৈজ্ঞানিক মানসিকতা কাক বোলে?

উত্তৰঃ বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হ’ল বৈজ্ঞানিক মানসিকতা।

৭। আজিৰ বিজ্ঞানী এজনে পর্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম পাঠত দিয়া অনুসৰি লিখা।

উত্তৰঃ আজিৰ বিজ্ঞানী এজনে পর্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা দুবিধ যন্ত্ৰৰ নাম হ’ল- আলোকীয় বা ৰেডিঅ’ আৰু অণুবীক্ষণ যন্ত্র।

৮। পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম লিখা।

উত্তৰঃ পৰ্যবেক্ষণৰ বাবে এজন বিজ্ঞানীৰ হাতত সততে থাকিবলগীয়া দুবিধ যন্ত্ৰৰ নাম হ’ল- লেজাৰ ৰশ্মি আৰু অপটিকেল ফাইবাৰ।

৯। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়, কাৰণ ই কুসংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰাই দিয়ে, নতুন জ্ঞান-প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে, আৰু সমস্যাৰ যুক্তিসঙ্গত সমাধান বিচাৰি পোৱাত সহায় কৰে। এই মানসিকতাই মানুহক যুক্তিবাদী, সচেতন, আৰু প্ৰগতিশীল কৰি তোলে, ফলত সমাজত শিক্ষাৰ বিস্তাৰ, স্বাস্থ্য, উন্নতি আৰু সুস্থ পৰিৱেশ সৃষ্টি হয়।

১০। বিজ্ঞানীৰ কাম কি?

উত্তৰঃ পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা-এইবোৰ হ’ল বিজ্ঞানীৰ কাম।

১১। বিশুদ্ধ খোৱাপানীৰ অভাৱত হ’ব পৰা যিকোনো দুবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ বিশুদ্ধ খোৱাপানীৰ অভাৱত হ’ব পৰা যিকোনো দুবিধ ৰোগৰ নাম হ’ল- মেলেৰিয়া আৰু জণ্ডিছ।

১২। বিশুদ্ধ খোৱাপানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ’ব পাৰে?

উত্তৰঃ বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি ধৰণৰ ৰোগ হ’ব পাৰে।

১৩। বিজ্ঞান বুলিলে কাক বুজায়?

উত্তৰঃ বিজ্ঞান বুলিলে দেখা বস্তু, ঘটনা, বা প্রকৃতিৰ নিয়মসমূহক যুক্তি, পৰ্যবেক্ষণ, পৰীক্ষা-নিৰীক্ষা আৰু বিশ্লেষণৰ জড়িয়তে জানিবলৈ, বুজিবলৈ আৰু ব্যাখ্যা দিবলৈ কৰা পদ্ধতিৰ সংগ্ৰহক বুজায়। ই কোনো বিষয় বা সমস্যাৰ সুসংবদ্ধ আৰু পৰীক্ষাযোগ্য ব্যাখ্যা প্ৰদান কৰে, যি সদায় যুক্তি আৰু অভিজ্ঞতাৰ ওপৰত আধাৰিত।

১৪। বৰ্তমানৰ যুগটোক কি যুগ বুলি কোৱা হয়?

উত্তৰঃ বৰ্তমানৰ যুগটোক বিজ্ঞানৰ যুগ বুলি কোৱা হয়।

১৫। প্রাচীন কালত মানুহে বসন্ত ৰোগ হোৱাৰ কাৰণ কি বুলি ভাবিছিল?

উত্তৰঃ প্রাচীন কালত মানুহে বসন্ত ৰোগ হোৱাৰ কাৰণ- শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি মানুহে বিশ্বাস কৰিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top