Class 11 Geography Important Chapter 2 পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 2 পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.
Class 11 Geography Important Chapter 2 পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.
পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন
Chapter: 2
| দ্বিতীয় গোট: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। সৌৰজগতৰ কেন্দ্ৰস্থল কি?
উত্তৰঃ সৌৰজগতৰ কেন্দ্ৰস্থল হ’ল- সূৰ্য।
২। পৃথিৱী সূৰ্যৰ পৰা কিমান দূৰত্বত অৱস্থিত?
উত্তৰঃ পৃথিৱী সূৰ্যৰ পৰা প্ৰায় ১৪৯.৭৬ মিলিয়ন কিলোমিটাৰ দূৰত্বত অৱস্থিত।
৩। সৌৰজগতৰ বৃহত্তম গ্ৰহ কোনটো?
উত্তৰঃ সৌৰজগতৰ বৃহত্তম গ্ৰহ হৈছে বৃহস্পতি।
৪। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহৰ নাম কি?
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহৰ নাম হ’ল- বুধ।
৫। সৌৰজগতৰ আনুমানিক ব্যাস কিমান কোটি কিলোমিটাৰ?
উত্তৰঃ সৌৰজগতৰ আনুমানিক ব্যাস ১১৭৯ কোটি কিলোমিটাৰ।
৬। নিকটৱর্তী গ্রহ কাক বোলে?
উত্তৰঃ বুধ, শুক্র, পৃথিৱী আৰু মংগল গ্ৰহৰ অৱস্থান সূৰ্যৰ পৰা ২৫ কোটি কিলোমিটাৰতকৈ কম। গতিকে ইহঁতক নিকটৱর্তী গ্রহ বোলা হয়।
৭। কিমান চনত এউইন হাব্ল (Edwin Hubble) নামৰ পদার্থবিজ্ঞানীজনে বিশ্ব-ব্রহ্মাণ্ডৰ কিছুমান নক্ষত্রপুঞ্জৰ পৰা অহা পোহৰৰ ৰশ্মি নিৰীক্ষণ কৰিছিল?
উত্তৰঃ ১৯২৯ চনত এউইন হাব্ল (Edwin Hubble) নামৰ পদার্থবিজ্ঞানীজনে বিশ্ব-ব্রহ্মাণ্ডৰ কিছুমান নক্ষত্রপুঞ্জৰ পৰা অহা পোহৰৰ ৰশ্মি নিৰীক্ষণ কৰিছিল।
৮। বায়ুমণ্ডলটোয়ে কেইটা প্রধান পর্যায়ৰ মাজেৰে আগুৱাই আহি আজিৰ অৱস্থা লাভ কৰিছে বুলি ধাৰণা কৰা হয়?
উত্তৰঃ বায়ুমণ্ডলটোয়ে তিনিটা প্রধান পর্যায়ৰ মাজেৰে আগুৱাই আহি আজিৰ অৱস্থা লাভ কৰিছে বুলি ধাৰণা কৰা হয়।
৯। কিমান চনত আন্তঃৰাষ্ট্ৰীয় জ্যোতির্বিজ্ঞান সংস্থাই প্লুট’ এক পূর্ণ পৰ্যায়ৰ গ্ৰহ নহয় বুলি সিদ্ধান্ত গ্রহণ কৰিছিল?
উত্তৰঃ ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় জ্যোতির্বিজ্ঞান সংস্থাই প্লুট’ এক পূর্ণ পৰ্যায়ৰ গ্ৰহ নহয় বুলি সিদ্ধান্ত গ্রহণ কৰিছিল।
১০। মহাসংকোচন কাক বোলে?
উত্তৰঃ হাব্লে উল্লেখ কৰা মতে, বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক পৰ্যায়ত বিশ্বৰ সকলোবোৰ পদাৰ্থই এক আদিম বস্তুপিণ্ড ৰূপত কল্পনাতীত ক্ষুদ্র আকৃতি আৰু অসীম তাপমাত্ৰাৰ অৱস্থা এটাত আছিল। বিশ্বব্ৰহ্মাণ্ডৰ এই চৰম সংকুচিত অৱস্থাটোক মহাসংকোচন বোলে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। পৰম্পৰাগত মতবাদ বিষয়ে আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ উৎপত্তি সম্বন্ধীয় প্রাচীনতম জনপ্রিয় মতবাদটোৰ নাম নীহাৰিকাৰাদ (Nebular Hypothesis)। জার্মান দেশীয় দার্শনিক ইমানুৱেল কাল্ট আৰু লাপ্লাচ নামৰ গণিতজ্ঞজনাৰ যুগ্ম চিন্তাধাৰাপ্রসূত এইটো মতবাদ অনুসৰি আদিম অৱস্থাত ঘূর্ণীয়মান সূর্যৰ (rotating sun) উপৰিভাগৰ পৰা অপকেন্দ্রিক বলৰ প্রভাৱত এটাৰ পাছত এটাকৈ কিছুমান খণ্ড ছিটিকি পৰিছিল। এনেকৈ ছিটিকি যোৱা একো একোটা খণ্ডই কালক্ৰমত মহাকর্ষণ শক্তিৰ ফলস্বৰূপে সূৰ্যৰ চৌপাশে ঘূৰিবলৈ আৰম্ভ কৰে। এনেকৈ ঘূৰি থকাৰ ফলত এনে প্রতিটো সৌৰজাত পদার্থখণ্ডই গোলাকাৰ ৰূপ ধাৰণ কৰি একোটা গ্ৰহৰ অৱস্থা লাভ কৰে। পৃথিৱীৰ উৎপত্তি সম্পর্কে চেম্বাৰলিন আৰু মুল্টনৰ ধ্যান-ধাৰণাৰ সমর্থনত আৰু পৰৱৰ্তী পর্যায়ত জিনচ্ আৰু জেফ্রিয়ে আগবঢ়োৱা তত্ত্বটোৰ নাম জোবাৰবাদ তত্ত্ব (Tidal Hypothesis)। এই তত্ত্ব অনুসৰি সূৰ্যৰ আদিম অৱস্থাত ইয়াৰ কাষেৰে ইয়াতকৈও যথেষ্ট ডাঙৰ আন এটা জ্যোতিষ্ক পাৰ হৈ গৈছিল। এই ডাঙৰ জ্যোতিষ্কটোৰ মহাকর্ষণ বল সূৰ্যৰ আকৰ্ষণ বলতকৈ বেছি হোৱাৰ ফলত সৌৰপৃষ্ঠৰ এটা সুবৃহৎ অংশ মহুৰাৰ আকাৰ ধাৰণ কৰি সূৰ্যৰ পৰা এৰাই গৈ জ্যোতিষ্কটোৰ ফালে গতি কৰিছিল। কিন্তু উক্ত শক্তিশালী জ্যোতিষ্কটো ইতিমধ্যে সূৰ্যৰ পৰা ভালেখিনি আঁতৰি যোৱাত মহুৰাসদৃশ বিছিন্ন অংশটোৰ ওপৰত জ্যোতিষ্কটোৰ আকর্ষণ বল কমি যায়। এনে অৱস্থাত বিছিন্ন অংশটোরে মহাকর্ষণ বলৰ প্রভাৱত সূর্যক প্রদক্ষিণ কৰিবলৈ আৰম্ভ কৰে। এনেকৈ প্রদক্ষিণ কৰা অৱস্থাতে মহুৰা আকৃতিৰ পদার্থপিণ্ডটো ক্রমে খণ্ড-বিখণ্ড হৈ প্রতিটো খণ্ডৰ পৰা একোটা গ্রহৰ উৎপত্তি হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

