Class 11 Geography Important Chapter 1 ভূগোল বিষয়ৰ পৰিচিত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 1 ভূগোল বিষয়ৰ পৰিচিত Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.
Class 11 Geography Important Chapter 1 ভূগোল বিষয়ৰ পৰিচিত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.
ভূগোল বিষয়ৰ পৰিচিত
Chapter: 1
| প্ৰথম গোট: শৈক্ষিক বিষয় হিচাপে ভূগোল |
| IMPORTANT QUESTION AND ANSWER |
১। ভূগোল মানে কি?
উত্তৰঃ ঘূৰণীয়া পৃথিৱীৰ লগত সম্পর্কজড়িত অৱস্থিতি, অৱয়ব আৰু ইহঁতৰ ক্ৰিয়াকাণ্ডৰ পৰা সৃষ্টি হোৱা ভৌতিক, জৈৱিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ প্ৰণালীৱদ্ধ অধ্যয়ন পৰিক্ৰমাটোক সামৰি লোৱা শৈক্ষিক বিষয়টোক ভূগোল বোলা হয়।
২। প্ৰাচীন যুগ বুলিলে কি বুজা?
উত্তৰঃ ইৰাট’স্থেনিছৰ সময়ৰ পৰা ১২৫০ খ্রীষ্টাব্দৰ মাজৰ প্ৰায় ডেৰ হাজাৰ বছৰ জোৰা কালছোৱাত ভূগোল চৰ্চাৰ প্ৰধান লক্ষণ আছিল মানুহৰ বাবে সমস্যা অথবা সম্ভাৱনা সৃষ্টিকাৰী প্রাকৃতিক অৱয়বসমূহৰ চিহ্নিতকৰণ (identification) আৰু ইহঁতৰ অৱস্থান নিৰূপণ কৰাকে প্ৰাচীন যুগ বোলে।
৩। বায়ুমণ্ডলৰ মুল উপাদানসমূহ কি কি?
উত্তৰঃ বায়ুমণ্ডলৰ মুল উপাদানসমূহ হ’ল― নাইট্র’জেন আৰু অক্সিজেন।
৪। ভূগোলৰ শাখাসমূহ কি কি?
উত্তৰঃ ভূগোলৰ শাখাসমূহ হ’ল― মাটি বিজ্ঞান, জলবায়ু বিজ্ঞান, জলবিজ্ঞান, আঞ্চলিক ভূগোল আৰু সামাজিক ভূগোল।
৫। জনসংখ্যা তথা জনবসতি ভূগোল নামৰ প্রশাখাত কিহৰ বিষয়ে অধ্যয়ন কৰা হয়?
উত্তৰঃ জনসংখ্যা তথা জনবসতি ভূগোল নামৰ প্রশাখাত মানুহৰ জন্ম, মৃত্যু আৰু বৃদ্ধিৰ হাৰ, প্ৰব্ৰজন গাঁও অথবা নগৰসমূহৰ বিতৰণ, বিস্তৃতি আৰু ঘনত্ব গোটৰ মাজৰ পাৰস্পৰিক সম্পর্ক প্রভৃতি বিষয়ে অধ্যয়ন কৰা হয়।
৬। ভূগোলৰ দ্বিতীয় শাখাৰ নাম কি?
উত্তৰঃ ভূগোলৰ দ্বিতীয় শাখাৰ নাম হ’ল― মানৱ ভূগোল।
৭। ভূগোল অধ্যয়নৰ মূল অভিগমন কেইটা আৰু কি কি?
উত্তৰঃ ভূগোল অধ্যয়নৰ মূল অভিগমন দুটা আৰু সেই অভিগমন সমূহ হ’ল― প্রণালীৱদ্ধ অভিগমন আৰু আঞ্চলিক অভিগমন।
৮। জীৱজগত কাক বোলে?
উত্তৰঃ প্রাকৃতিক অথবা প্রকৃতিসৃষ্ট পৰিৱেশত আমি আগতে কৈ অহা ধৰণৰ নিৰ্জীৱ প্রাকৃতিক উপকৰণসমূহৰ উপৰিও কিছুমান জীৱৰ কামকাজ সন্নিৱিষ্ট হৈ আছে। সমগ্র পৃথিৱীৰ সমুদায় জীৱক একেলগে জীৱজগত বোলে।
৯। ভূগোলৰ ইংৰাজী প্ৰতিশব্দ কি?
উত্তৰঃ ভূগোলৰ ইংৰাজী প্ৰতিশব্দ হ’ল― Geography।
১০। ভূগোলৰ ইংৰাজী প্রতিশব্দ Geography গ্রীক ভাষাৰ কোন দুটা শব্দৰ পৰা সৃষ্টি হৈছে?
উত্তৰঃ ভূগোলৰ ইংৰাজী প্রতিশব্দ Geography গ্রীক ভাষাৰ Ge (অর্থাৎ পৃথিৱী) আৰু Graphos (অর্থাৎ বর্ণনা) শব্দৰ পৰা সৃষ্টি হৈছে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। “ভূগোল” শব্দটোৰ উৎপত্তি, সংজ্ঞা আৰু অধ্যয়ন-ক্ষেত্র সম্পর্কে ব্যাখ্যা কৰা।
উত্তৰঃ ‘ভূগোল’ শব্দটো দুটা সংস্কৃত ধাতু—“ভূ” (পৃথিৱী) আৰু “গোল” (ঘূৰণীয় আকৃতি)ৰ সমন্বয়ে গঠিত। ইংৰাজী Geography গ্ৰীক ভাষাৰ geo (‘পৃথিৱী’) আৰু graphos (‘বর্ণনা’)ৰ পৰা সৃষ্টি হৈছে। ই প্রথমে ইৰাট’স্থেনিছ (খ্ৰীঃ-পূঃ 276-194) ব্যৱহাৰ কৰিছিল। সাৰাংশভাৱে, ভূগোল হৈছে ঘূৰণীয়া পৃথিৱীখনৰ ভৌতিক (পাহাৰ, নদী, জলবায়ু), জৈৱিক (উদ্ভিদ-প্ৰাণী), আৰু মানৱসৃষ্ট সাংস্কৃতিক (জনসংখ্যা, নগৰায়ণ, অৰ্থনীতি) পৰিৱেশৰ গঠন, কাৰ্য, আন্তঃসম্পর্ক আৰু পৰিণতিৰ প্ৰণালীৱদ্ধ অধ্যয়ন। এই বিষয়টোৱে “ক’ত”, “কি” আৰু “কেনেকৈ”—এই তিনিটা কেন্দ্ৰীয় প্ৰশ্নৰ উত্তৰ দিব খোঁজে, ফলস্বৰূপে স্থান, মাত্ৰা, আৰু কাৰ্য-কাৰণৰ বিশ্লেষণ একেলগ কৰি পৃথিৱীৰ স্থানিক বৈচিত্ৰ্য বুজাই তোলে। ইয়াৰ ভিতৰত পদার্থবিজ্ঞান, ৰসায়ন, জৈৱবিজ্ঞান, ভূ-তত্ত্ব, সমাজবিদ্যা, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান আদি সহায়ে এনে এক আন্তঃবিষয়ক ক্ষেত্ৰ উন্নয়ন কৰিছে, য’ত মানৱ আৰু প্ৰাকৃতিক জগত দুয়োটাৰ ধৰন-ধাৰণা বিনিময়ভাৱে গঢ়ি উঠে। সেয়েহে ভূগোলক বহুতে “বৈজ্ঞানিক সমন্বয়ৰ বিষয়” বুলিও অভিহিত কৰে।
২। উত্তৰ-আধুনিক যুগ বুলিলে কি বুজা?
উত্তৰঃ ১৯৫০ চনৰ পৰা আৰম্ভ হোৱা উত্তৰ-আধুনিক যুগৰ ভূগোলচৰ্চাত, পূৰ্বৰ আধুনিক যুগৰ সকলো বৈশিষ্ট্য আগৰ দৰে সংৰক্ষিত থকা অৱস্থাতেই, ইয়াত কিছুমান নতুন আৰু বৈশিষ্ট্যমূলক লক্ষণো প্ৰকাশ পাইছে। এইটো যুগৰ ভূগোল চর্চা-ক্ষেত্ৰত বহু ধৰণৰ নতুন ৰীতিবিধান (methodology), প্রশাখন (branching), মতাদর্শ (ideology), তত্ত্ব (theory), প্রভৃতি সংযোজন ঘটে। এই সময়ছোৱাত ভূগোল অধ্যয়নৰ ক্ষেত্ৰখনত ঘটনাৰ কাৰ্য-কাৰণ বিশ্লেষণ (cause and effect analysis) আৰু এনে বিশ্লেষণৰ আধাৰত সমস্যা সমাধানৰ সূত্র নিৰূপণ কার্যাৱলীয়ে প্রাধান্য লাভ কৰে। এইসূত্রে উত্তৰ-আধুনিক যুগত ভূগোল চৰ্চাৰ কাৰ্যক্ৰমত সমস্যাৰ নিৰ্ধাৰণ (identification of problem), প্রকল্পন (formulation of hypothesis), পৰীক্ষণ (testing), সংশ্লেষণ (synthesis) আৰু পৰামর্শ (suggestion) প্রভৃতি একাদিক্রমিক পর্যায়সমূহৰ প্রাধান্য বৃদ্ধি পায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


