Class 11 Assamese MIL Important Chapter 12 ধনবৰ আৰু ৰতনী

Class 11 Assamese MIL Important Chapter 12 ধনবৰ আৰু ৰতনী Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Assamese MIL Important Chapter 12 ধনবৰ আৰু ৰতনী Solutions and select need one. Class 11 Assamese Additional Solutions Download PDF. HS 1st Year Assamese MIL Important Question Answer.

Class 11 Assamese MIL Important Chapter 12 ধনবৰ আৰু ৰতনী

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Assamese Important Notes are part of All Subject Solutions. Here we have given HS 1st Year Assamese Important Solutions for All Chapters, You can practice these here.

Chapter: 12

গোট ৩: কবিতা
IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটো কিহৰ বিষয়ে হৈছে?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো অবিচল প্ৰেমৰ কাৰুণ্যক সঙ্গীতময় ভাষাত প্ৰকাশ কৰিছে।

২। ধনবৰ আৰু ৰতনী ক’ত থাকিছিল?

উত্তৰঃ ধনবৰ আৰু ৰতনী একেটা অঞ্চলৰ দুজন যুৱক-যুৱতী আছিল, যাৰ ঘৰ দিখৌ আৰু ধনশিৰি নদীৰ মুখত অৱস্থিত।

৩। কেতিয়াৰ পৰা ধনবৰ আৰু ৰতনীৰ মাজত গভীৰ প্রেমৰ সৃষ্টি হৈছিল?

উত্তৰঃ ৰতনী মাক-বাপেকৰ সৈতে ধনবৰলোকৰ ঘৰত কিছুদিন থাকোতে দুয়োৰ মাজত গভীৰ প্রেমৰ সৃষ্টি হয়।

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত হৈছিল।

৫। লক্ষ্মীনাথ বেজবৰুৱাই কোন বিশ্ববিদ্যালয়ৰ পৰা বি.এ. লাভ কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকাতা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. লাভ কৰিছিল।

৬। ধনবৰে ৰতনীৰ অবিহনে কিদৰে অনুভৱ কৰিছিল?

উত্তৰঃ ধনবৰে ৰতনীৰ অবিহনে তেওঁৰ মনোস্তিত্ব ভাঙি পৰে আৰু জীৱনযাপন অসম্ভৱ হৈ পৰে।

৭। ধনবৰে আত্মহত্যা কৰিবলৈ কিয় সিদ্ধান্ত লৈছিল?

উত্তৰঃ ধনবৰে ৰতনীৰ অবিহনে অপাৰ বেদনা অনুভৱ কৰি আত্মহত্যা কৰে।

৮। ধনবৰৰ আত্মহত্যাৰ ফলত পৃথিৱীলৈ কি বাণী এৰি যায়?

উত্তৰঃ ধনবৰৰ আত্মহত্যাৰ ফলত পৃথিৱীলৈ এক গভীৰ শোক আৰু বিষাদৰ বাণী এৰি যায়।

৯। এই কবিতাই কি শিক্ষা প্ৰদান কৰে?

উত্তৰঃ এই কবিতাই শিক্ষা প্ৰদান কৰে যে, সত্য আৰু গভীৰ প্ৰেমে জীৱনক সেউজীয়া আৰু দীপ্তিময় কৰে, আৰু প্ৰেমৰ অনুপস্থিতি হৃদয়ত বেদনা আৰু শূণ্যতা সৃষ্টি কৰে।

১০। ধনবৰ কেনেকৈ ৰতনীক মৰম আৰু নিগজাৰ সৈতে স্থান দিয়িছিল?

উত্তৰঃ ধনবৰে ৰতনীক নিজৰ অন্তৰত অগাধ মৰম আৰু নিগজাৰ সৈতে স্থান দিয়িছিল।

খালী ঠাই পূৰণ কৰা: 

১। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম নগাঁও জিলাৰ ___________হৈছিল।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম নগাঁও জিলাৰ আঁহতগুৰিত হৈছিল।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাৰ নাম ____________ আছিল।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাৰ নাম দীননাথ বেজবৰুৱাই আছিল।

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি দুখন হ’ল ___________ আৰু ___________।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি দুখন হ’ল ‘কদমকলি’ আৰু ‘পদুমকলি‘।

৪। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক____________।

উত্তৰঃ অসমীয়া সাহিত্যত চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা।

৫। ভাটি শব্দৰ অৰ্থ ___________।

উত্তৰঃ ভাটি শব্দৰ অৰ্থ নৈৰ সোঁতৰ দিশ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top