Class 11 Accountancy Important Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি

Class 11 Accountancy Important Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.

Class 11 Accountancy Important Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 7

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ
IMPORTANT QUESTION AND ANSWER

১। স্থায়ী সম্পত্তিৰ আন নাম কি?

উত্তৰঃ স্থায়ী সম্পত্তিৰ আন নাম হ’ল― অৱক্ষয়ীত সম্পত্তি।

২। ICMA মতে অৱক্ষয়ৰ অৰ্থ কি?

উত্তৰঃ ICMA মতে অৱক্ষয়ৰ অৰ্থ হ’ল― ব্যৱহাৰ বা সময়ৰ গতিৰ ফলত সম্পত্তিৰ প্ৰকৃত মূল্য হ্ৰাস।

৩। অৱক্ষয়ৰ উদ্দেশ্য কি?

উত্তৰঃ অৱক্ষয়ৰ উদ্দেশ্য হ’ল সম্পত্তিৰ ব্যয় ইয়াৰ জীৱনকালত বিতৰণ কৰা।

৪। ক্ষয়ীকৰণ কাক বোলে?

উত্তৰঃ প্ৰাকৃতিক সম্পদ আহৰণৰ ফলত মজুতৰ পৰিমাণ কমি যোৱাক ক্ষয়ীকৰণ বোলা হয়।

৫। অৱক্ষয় আৰু ক্ষয়ীকৰণৰ মাজৰ মূল পাৰ্থক্য কি?

উত্তৰঃ ক্ষয়ীকৰণত সম্পদৰ মূল্য সম্পূৰ্ণ শেষ হয়, আনহাতে, অৱক্ষয়ত সম্পত্তিৰ মূল্য লাহে লাহে কমে।

৬। অস্পর্শনীয় সম্পত্তিৰ মূল্য বছৰে বছৰে অৱলোপন কৰাক কি বোলা হয়?

উত্তৰঃ অস্পর্শনীয় সম্পত্তিৰ মূল্য বছৰে বছৰে অৱলোপন কৰাক ক্ৰমশঃ পৰিশোধ বোলা হয়।

৭। সম্পত্তিৰ প্রকৃত ব্যয়ক ইংৰাজীত কি কোৱা হয়?

উত্তৰঃ সম্পত্তিৰ প্রকৃত ব্যয়ক ইংৰাজীত Original cost বা Historical cost কোৱা হয়।

৮। ব্যৱহাৰযোগ্য জীৱনকালৰ অৰ্থ কি?

উত্তৰঃ ব্যৱহাৰযোগ্য জীৱনকালৰ অৰ্থ হ’ল― সম্পত্তিৰ আনুমানিক বাণিজ্যিক বা অৰ্থনৈতিক জীৱনকাল।

৯। অৱক্ষয় গণনাৰ দুটা প্রধান পদ্ধতি কি?

উত্তৰঃ অৱক্ষয় গণনাৰ দুটা প্রধান পদ্ধতি হ’ল― সৰল ৰৈখিক পদ্ধতি আৰু ক্রমহ্ৰাসমান মূল্য পদ্ধতি।

১০। সম্পত্তি প্ৰযুক্তিগতভাৱে অপ্রচলিত হোৱাটো কোন বিষয়ৰ ওপৰত প্ৰভাৱ পেলায়?

উত্তৰঃ সম্পত্তি প্ৰযুক্তিগতভাৱে অপ্রচলিত হোৱাটো ব্যৱহাৰযোগ্য জীৱনকাল বিষয়ৰ ওপৰত প্ৰভাৱ পেলায়।

১১। সৰল ৰৈখিক পদ্ধতি কেনেদৰে অৱক্ষয় ধাৰ্য কৰে?

উত্তৰঃ সৰল ৰৈখিক পদ্ধতি মূল ব্যয়ৰ ওপৰত স্থিৰ শতাংশেৰে বছৰে একে পৰিমাণ অৱক্ষয় ধাৰ্য কৰে।

১২। সৰল ৰৈখিক পদ্ধতিৰ আন এটা নাম কি?

উত্তৰঃ সৰল ৰৈখিক পদ্ধতিৰ আন এটা নাম হ’ল- স্থিৰ কিস্তি পদ্ধতি।

১৩। অৱলোপিত মূল্য পদ্ধতিৰ আন এটা নাম কি?

উত্তৰঃ অৱলোপিত মূল্য পদ্ধতিৰ আন এটা নাম হ’ল- ক্রমহ্ৰাসমান মূল্য পদ্ধতি।

১৪। অৱলোপিত মূল্য পদ্ধতিৰ এটা অসুবিধা কি?

উত্তৰঃ অৱলোপিত মূল্য পদ্ধতিৰ এটা অসুবিধা হ’ল- অৱক্ষয়যোগ্য ব্যয় সম্পূৰ্ণকৈ নাইকীয়া কৰিব নোৱাৰি।

১৫। সম্পত্তিৰ বিক্ৰী দুটা মুখ্য কাৰণ কি?

উত্তৰঃ সম্পত্তিৰ বিক্ৰী দুটা মুখ্য কাৰণ হ’ল-

(i) ব্যৱহাৰযোগ্য জীৱনকাল শেষ হোৱাৰ পাছত।

(ii) জীৱনকালৰ ভিতৰত অপ্ৰচলন বা আকস্মিক কাৰণত।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top