Class 11 Accountancy MCQ Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Accountancy MCQ Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি and select need one. AHSEC Class 11 Accountancy Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Accountancy MCQ Class 11.
Class 11 Accountancy MCQ Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Accountancy MCQ in Assamese for All Chapters, You can practice these here.
হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি
Chapter: 2
| প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ |
১। সাধাৰণভাৱে গ্রহণযোগ্য হিচাপকৰণৰ নীতি (GAAP)-ৰ মুখ্য উদ্দেশ্য কি?
(ক) মুনাফা বঢ়োৱা।
(খ) কৰ নিৰ্ধাৰণ কৰা।
(গ) কেৱল টকাৰ সঞ্চয় কৰা।
(ঘ) লেনদেনসমূহ নথিভুক্ত আৰু বৰ্ণনা কৰাৰ নিয়ম নিৰ্দেশনা প্ৰদান।
উত্তৰঃ (ঘ) লেনদেনসমূহ নথিভুক্ত আৰু বৰ্ণনা কৰাৰ নিয়ম নিৰ্দেশনা প্ৰদান।
২। GAAP-ৰ শব্দটোৰ সম্পূৰ্ণ ৰূপ কি?
(ক) General Allocation Accounting Principles.
(খ) Generally Accepted Accounting Principles.
(গ) Government Accepted Accounting Policy.
(ঘ) Global Accounting and Auditing Policy.
উত্তৰঃ (খ) Generally Accepted Accounting Principles.
৩। ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণাত ব্যৱসায়ক কাৰ পৰা পৃথক হিচাপে গণ্য কৰা হয়?
(ক) গ্ৰাহকৰ পৰা।
(খ) মালিকৰ পৰা।
(গ) চৰকাৰৰ পৰা।
(ঘ) কৰ দপ্তৰ পৰা।
উত্তৰঃ (খ) মালিকৰ পৰা।
৪। হিচাপকৰণৰ লিখনৰ দৃষ্টিত মালিকে ব্যৱসায়লৈ মূলধন দিলে তাক কি বুলি গণ্য কৰা হয়?
(ক) সম্পত্তি।
(খ) আয়।
(গ) দেনা।
(ঘ) ব্যয়।
উত্তৰঃ (গ) দেনা।
৫। মালিকৰ ব্যক্তিগত সম্পত্তি আৰু দেনাবোৰ—
(ক) ব্যৱসায়ৰ হিচাপত গণ্য কৰা হয়।
(খ) দেনাৰ বৃদ্ধি হিচাপে ধৰা হয়।
(গ) মূলধনৰ বৃদ্ধি হিচাপে ধৰা হয়।
(ঘ) ব্যৱসায়ৰ হিচাপত গণ্য কৰা নহয়।
উত্তৰঃ (ঘ) ব্যৱসায়ৰ হিচাপত গণ্য কৰা নহয়।
৬। মুদ্রাৰ মাধ্যমত প্ৰকাশৰ ধাৰণাৰ মূল বক্তব্য কি?
(ক) লেনদেন কেৱল শাৰীৰিক গোটত লিখা হয়।
(খ) লেনদেন কেৱল আৰ্থিক গোটত লিপিবদ্ধ হয়।
(গ) লেনদেন লিখা নহয়।
(ঘ) লেনদেন কেৱল বছৰৰ শেষত নথিভুক্ত হয়।
উত্তৰঃ (খ) লেনদেন কেৱল শাৰীৰিক গোটত লিখা হয়।
৭। সম্পত্তিৰ বিষয়ে অৰ্থপূর্ণ তথ্য পোৱাৰ বাবে ইয়াক কেনেদৰে প্ৰকাশ কৰা হয়?
(ক) কিলোগ্ৰাম বা মিটাৰত।
(খ) মাত্ৰ যন্ত্রপাতিৰ সংখ্যাৰে।
(গ) টকা বা পইচাৰ মূল্যত।
(ঘ) কেৱল গোটৰ আকাৰত।
উত্তৰঃ (গ) টকা বা পইচাৰ মূল্যত।
৮। উদাহৰণ অনুসৰি, যদি কাৰখানাৰ মাটিৰ মূল্য ২ কোটি আৰু কাৰ্যালয় ভৰনৰ মূল্য ১ কোটি হয়, তেন্তে মুঠ এই দুয়োটা সম্পত্তিৰ মূল্য কিমান?
(ক) ৩ কোটি।
(খ) ২ কোটি ৫০ লাখ।
(গ) ৩ কোটি ২৪ লাখ।
(ঘ) ৩ কোটি ৪ লাখ।
উত্তৰঃ (ক) ৩ কোটি।
৯। টকাৰ মূল্যৰ তাৰতম্য হিচাপৰ বহীত প্ৰতিফলিত নহ’লে কি হয়?
(ক) তথ্য অধিক স্পষ্ট হয়।
(খ) ব্যয় হ্ৰাস পায়।
(গ) আয় সদায় বৃদ্ধি পায়।
(ঘ) ব্যৱসায়ৰ কাৰ্যৰ প্ৰকৃত প্ৰতিচ্ছবি প্ৰকাশ নকৰে।
উত্তৰঃ (ঘ) ব্যৱসায়ৰ কাৰ্যৰ প্ৰকৃত প্ৰতিচ্ছবি প্ৰকাশ নকৰে।
১০। ৰক্ষণশীলতা ধাৰণা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) স্থিৰ সম্পদ নীতি।
(খ) সৰ্তকতা নীতি।
(গ) দ্বৈত প্ৰৱিষ্ট নীতি।
(ঘ) নগদ প্ৰবাহ নীতি।
উত্তৰঃ (খ) সৰ্তকতা নীতি।
১১। অনুদ্ধাৰণীয় ঋণৰ বাবে ভৱিষ্যৎ ব্যৱস্থা কৰা ৰক্ষণশীলতা নীতিৰ উদাহৰণ হ’ল―
(ক) সম্ভাৱ্য লোকচান নথিভুক্ত কৰা।
(খ) সম্ভাৱ্য লাভ নথিভুক্ত কৰা।
(গ) নগদ প্ৰবাহ বঢ়োৱা।
(ঘ) বিক্ৰী বৃদ্ধি কৰা।
উত্তৰঃ (ক) সম্ভাৱ্য লোকচান নথিভুক্ত কৰা।
১২। গোপন লাভৰ পৰা হোৱা গোপন পুঁজিক কি বোলা হয়?
(ক) Hidden Asset.
(খ) Capital Gain.
(গ) Secret Reserves.
(ঘ) Intangible Capital.
উত্তৰঃ (গ) Secret Reserves.
১৩। দ্বি-প্ৰৱিষ্টি পদ্ধতি কোনটো নীতিৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) সৰল নীতি।
(খ) সৰ্তকতা নীতি।
(গ) নগদ প্ৰবাহ নীতি।
(ঘ) দ্বৈত দিশ নীতি।
উত্তৰঃ (ঘ) দ্বৈত দিশ নীতি।
১৪। দ্বি-প্ৰৱিষ্টি পদ্ধতিত প্রতিটো লেনদেনৰ দুটা দিশ হ’ল—
(ক) লাভ আৰু লোকচান।
(খ) ডেবিট আৰু ক্রেডিট।
(গ) মূলধন আৰু দেনা।
(ঘ) আয় আৰু ব্যয়।
উত্তৰঃ (খ) ডেবিট আৰু ক্রেডিট।
১৫। দ্বি-প্ৰৱিষ্টি পদ্ধতিত প্রতিটো ডেবিটৰ বিপৰীত কি থাকে?
(ক) লাভ।
(খ) নগদ।
(গ) অনুৰূপ ক্রেডিট।
(ঘ) সম্পত্তি।
উত্তৰঃ (গ) অনুৰূপ ক্রেডিট।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


