🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Accountancy MCQ Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি

Class 11 Accountancy MCQ Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Accountancy MCQ Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি and select need one. AHSEC Class 11 Accountancy Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Accountancy MCQ Class 11.

Class 11 Accountancy MCQ Chapter 7 অৱক্ষয়, ভৱিষ্য ব্যৱস্থা আৰু সঞ্চিত পুঁজি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Accountancy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 7

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ

১। অৱক্ষয় গণনাৰ ভিত্তি কি?

(ক) সম্পত্তিৰ বৰ্তমান বজাৰ মূল্য।

(খ) সম্পত্তিৰ ক্ৰয় মূল্য আৰু জীৱনকাল।

(গ) মূলধন।

(ঘ) মাত্ৰ লাভ।

উত্তৰঃ (খ) সম্পত্তিৰ ক্ৰয় মূল্য আৰু জীৱনকাল।

২। অৱক্ষয় বুলিলে কি বুজা?

(ক) সম্পত্তিৰ মূল্য বৃদ্ধি।

(খ) আয়ৰ বৃদ্ধি।

(গ) সম্পত্তিৰ মূল্য হ্ৰাস।

(ঘ) মাত্ৰ নতুন সম্পত্তি ক্ৰয়।

উত্তৰঃ (গ) সম্পত্তিৰ মূল্য হ্ৰাস।

৩। যদি এটা যন্ত্রপাতিৰ মূল্য ₹100000 আৰু জীৱনকাল 10 বছৰ, তেন্তে বছৰি অৱক্ষয়ৰ পৰিমাণ কিমান হ’ব?

(ক) ₹5000।

(খ) ₹10000।

(গ) ₹20000।

(ঘ) ₹1000।

উত্তৰঃ (খ) ₹10000।

৪। ICMA মতে অৱক্ষয়ৰ সংজ্ঞাত কোনটো বিষয় উল্লেখ আছে?

(ক) Intrinsic value হ্ৰাস।

(খ) মাত্ৰ বজাৰ মূল্য।

(গ) নৱীকৰণ ব্যয়।

(ঘ) মাত্ৰ ক্ৰয় মূল্য।

উত্তৰঃ (ক) Intrinsic value হ্ৰাস।

৫। ICAI মতে অৱক্ষয়ৰ কাৰণৰ ভিতৰত কোনটো অন্তৰ্ভুক্ত?

(ক) ব্যৱহাৰ।

(খ) সময়ৰ গতি।

(গ) পৰিৱৰ্তন।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ঘ) ওপৰৰ সকলো।

৬। অৱক্ষয় গণনাৰ উদ্দেশ্য হ’ল―

(ক) লাভ বৃদ্ধি কৰা।

(খ) সম্পত্তিৰ ব্যয় জীৱনকালত বিতৰণ।

(গ) মূলধনী খৰচ বৃদ্ধি।

(ঘ) মাত্ৰ আয় বৃদ্ধি।

উত্তৰঃ (খ) সম্পত্তিৰ ব্যয় জীৱনকালত বিতৰণ।

৭। অৱক্ষয় কেতিয়া আৰম্ভ হয়?

(ক) ক্ৰয়ৰ তাৰিখত।

(খ) উৎপাদনত ব্যৱহাৰ আৰম্ভ হোৱাৰ পিছত।

(গ) বিক্ৰীৰ সময়ত।

(ঘ) বন্ধ হোৱাৰ সময়ত।

উত্তৰঃ (খ) উৎপাদনত ব্যৱহাৰ আৰম্ভ হোৱাৰ পিছত।

৮। অৱক্ষয় কি?

(ক) মূলধনী খৰচ।

(খ) আয় খৰচ।

(গ) চলমান খৰচ।

(ঘ) মাত্ৰ এককালীন খৰচ।

উত্তৰঃ (খ) আয় খৰচ।

৯। অৱক্ষয় গণনাৰ বাবে উদাহৰণত যন্ত্রটোৰ জীৱনকাল কিমান বছৰ ধৰা হৈছে?

(ক) ৫ বছৰ।

(খ) ৮ বছৰ।

(গ) ১০ বছৰ।

(ঘ) ১২ বছৰ।

উত্তৰঃ (গ) ১০ বছৰ।

১০। অৱক্ষয়ৰ ফলত লাভ-লোকচান হিচাপত―

(ক) লাভ হ্ৰাস পায়।

(খ) লাভ বৃদ্ধি পায়।

(গ) কোনো প্ৰভাৱ নপৰে।

(ঘ) মাত্ৰ লোকচান বৃদ্ধি।

উত্তৰঃ (ক) লাভ হ্ৰাস পায়।

১১। অৱক্ষয়ৰ অৰ্থ ‘Dimunition in intrinsic value’ কোনে দিছিল?

(ক) ICAI.

(খ) WTO.

(গ) RBI.

(ঘ) ICMA London.

উত্তৰঃ (ঘ) ICMA London.

১২। ICAI মতে অৱক্ষয়ৰ সংজ্ঞাত কিহত অন্তৰ্ভুক্ত নহয়?

(ক) ব্যৱহাৰত।

(খ) সময়ৰ গতিত।

(গ) আয় বৃদ্ধিত।

(ঘ) পৰিৱৰ্তনত।

উত্তৰঃ (গ) আয় বৃদ্ধিত।

১৩। “ক্ষয়ীকৰণ” পদটো সাধাৰণতে কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হয়?

(ক) স্থায়ী সম্পত্তি ক্ৰয়।

(খ) আইনি কাগজপত্র প্ৰস্তুতি।

(গ) অস্থায়ী সম্পত্তি বিক্ৰয়।

(ঘ) প্ৰাকৃতিক সম্পদ আহৰণ।

উত্তৰঃ (ঘ) প্ৰাকৃতিক সম্পদ আহৰণ।

১৪। কয়লাৰ খনিৰ পৰা কয়লা আহৰণৰ ফলত কি হয়?

(ক) খনিৰ মজুত বৃদ্ধি পায়।

(খ) খনিৰ মজুতৰ পৰিমাণ কমি যায়।

(গ) কয়লাৰ গুণ বৃদ্ধি পায়।

(ঘ) আয় বৃদ্ধি পায়।

উত্তৰঃ (খ) খনিৰ মজুতৰ পৰিমাণ কমি যায়।

১৫। ক্রমশঃ পৰিশোধ (Amortisation) কিহৰ ক্ষেত্ৰত ব্যৱহাৰ হয়?

(ক) অস্পর্শনীয় সম্পত্তি।

(খ) স্থায়ী সম্পত্তি।

(গ) প্ৰাকৃতিক সম্পদ।

(ঘ) কাঁচামাল।

উত্তৰঃ (ক) অস্পর্শনীয় সম্পত্তি। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top