Class 11 Accountancy MCQ Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I

Class 11 Accountancy MCQ Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Accountancy MCQ Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I and select need one. AHSEC Class 11 Accountancy Objective Type Solutions As Per AHSEC New Book Syllabus Download PDF. AHSEC Accountancy MCQ Class 11.

Class 11 Accountancy MCQ Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Accountancy MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ

১। দ্বি-প্ৰৱিষ্টি হিচাপ ৰক্ষণ প্ৰণালীত প্ৰতিটো লেনদেনত কমেও কেইটা হিচাপ প্ৰভাৱান্বিত হয়?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। এটা হিচাপৰ সোঁফালে টকাৰ পৰিমাণ লিখা মানে কি বুজায়?

(ক) হিচাপটো ক্রেডিট কৰা।

(খ) হিচাপটো ডেবিট কৰা।

(গ) হিচাপটো বন্ধ কৰা।

(ঘ) হিচাপটো বৃদ্ধি কৰা।

উত্তৰঃ (ক) হিচাপটো ক্রেডিট কৰা। 

৩। দ্বি-প্ৰৱিষ্টি হিচাপত প্রতিটো লেনদেনে যিমান টকা ডেবিট হয়, সমান পৰিমাণৰ টকা কি হ’ব লাগে?

(ক) উদ্বৃত্ত হিচাপে ৰাখিব লাগে।

(খ) ক্রেডিট হ’ব লাগে।

(গ) লোকচান হিচাপে লিখিব লাগে।

(ঘ) লাভ হিচাপে লিখিব লাগে।

উত্তৰঃ (খ) ক্রেডিট হ’ব লাগে।

৪। ‘Debit’ শব্দৰ সংক্ষিপ্ত ৰূপ কি?

(ক) Dr.

(খ) Db.

(গ) Dbt.

(ঘ) Dt.

উত্তৰঃ (ক) Dr.

৫। ‘Credit’ শব্দৰ সংক্ষিপ্ত ৰূপ কি?

(ক) Crd.

(খ) Cdt.

(গ) Cr.

(ঘ) Ct.

উত্তৰঃ (গ) Cr.

৬। ‘উদ্বৃত্ত’ কি সূচায়?

(ক) লাভৰ পৰিমাণ।

(খ) মজুত সামগ্ৰী।

(গ) বিক্ৰী মূল্য।

(ঘ) দুয়োফালৰ যোগফলৰ পাৰ্থক্য।

উত্তৰঃ (ঘ) দুয়োফালৰ যোগফলৰ পাৰ্থক্য।

৭। হিচাপৰ প্ৰকাৰ কেইটা ব্যৱস্থাৰ দ্বাৰা ভগাব পাৰি।

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৮। যিখন বহীত লেনদেনসমূহ প্ৰথমবাৰৰ বাবে লিখা হয় তাক কি বোলা হয়?

(ক) খতিয়ন।

(খ) জাবেদা।

(গ) উদ্বৃত্ত বহী।

(ঘ) নগদ বহী।

উত্তৰঃ (খ) জাবেদা

৯। লেনদেনসমূহ জাবেদাত লিপিবদ্ধ কৰাৰ প্রক্রিয়াক কি বোলা হয়?

(ক) ভুক্তিকৰণ।

(খ) উদ্বৃত্তকৰণ।

(গ) জাবেদাকৰণ।

(ঘ) সংযোজন।

উত্তৰঃ (গ) জাবেদাকৰণ। 

১০। জাবেদা প্ৰৱিষ্টিক নিজ নিজ হিচাপলৈ স্থানান্তৰিত কৰাৰ প্রক্রিয়াক কি বোলা হয়?

(ক) জাবেদাকৰণ।

(খ) খতিয়নকৰণ।

(গ) মিলনকৰণ।

(ঘ) ভুক্তিকৰণ।

উত্তৰঃ (ঘ) ভুক্তিকৰণ।

১১। খতিয়ন হিচাপক কি বোলা হয়?

(ক) প্ৰাথমিক প্ৰৱিষ্টিৰ বহী।

(খ) মুখ্য প্ৰৱিষ্টিৰ বহী।

(গ) উদ্বৃত্ত বহী।

(ঘ) নগদ বহী।

উত্তৰঃ (খ) মুখ্য প্ৰৱিষ্টিৰ বহী।

১২। চাপৰ সমীকৰণ (Accounting Equation) হ’ল―

(ক) সম্পত্তি = আয় + ব্যয়।

(খ) দায় = সম্পত্তি + মূলধন।

(গ) সম্পত্তি = দায় + মূলধন।

(ঘ) মূলধন = সম্পত্তি + দায়।

উত্তৰঃ (গ) সম্পত্তি = দায় + মূলধন।

১৩। যদি সম্পত্তি বৃদ্ধি পায় আৰু দায় একেই থাকে, তেন্তে মূলধনে―

(ক) হ্ৰাস পায়।

(খ) বৃদ্ধি পায়।

(গ) আগৰ দৰে থাকে।

(ঘ) দুগুণ হ’ব।

উত্তৰঃ (খ) বৃদ্ধি পায়।

১৪। তলৰ কোনটো ব্যয়ৰ ক্ষেত্ৰত প্ৰযোজ্য? 

(ক) বৃদ্ধি = ক্ৰেডিট।

(খ) বৃদ্ধি = ডেবিট।

(গ) হ্ৰাস = ডেবিট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বৃদ্ধি = ডেবিট।

১৫। ব্যক্তিগত হিচাপক আকৌ কেইটা ভাগত ভগোৱা হৈছে?

(ক) তিনিটা।

(খ) দুটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) তিনিটা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top