Class 11 Accountancy Important Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.
Class 11 Accountancy Important Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.
উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন
Chapter: 6
| প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ |
| IMPORTANT QUESTION AND ANSWER |
১। উদ্বৃত্ত মিলন পত্রকক কি হিচাপে বিবেচনা কৰিব পাৰি?
উত্তৰঃ উদ্বৃত্ত মিলন পত্রকক হিচাপকৰণৰ তথ্য আৰু বিত্তীয় বিবৃতি প্ৰস্তুতকৰণৰ যোগাযোগৰ মাধ্যম হিচাপে বিবেচনা কৰিব পাৰি।
২। শুদ্ধ উদ্বৃত্ত মিলন পত্রকক কি বুলি গণ্য কৰা হয়?
উত্তৰঃ শুদ্ধ উদ্বৃত্ত মিলন পত্রকক বিত্তীয় বিবৃতি প্ৰস্তুতকৰণৰ প্ৰথম পদক্ষেপ বুলি গণ্য কৰা হয়।
৩। উদ্বৃত্ত মিলন পত্ৰৰ ডেবিট আৰু ক্রেডিট স্তম্ভৰ মুঠ যোগফল কেনেকুৱা হ’ব লাগে?
উত্তৰঃ উদ্বৃত্ত মিলন পত্ৰৰ ডেবিট আৰু ক্রেডিট স্তম্ভৰ মুঠ যোগফল সমান হ’ব লাগে।
৫। চাৰিটা স্তম্ভৰ ভিতৰত প্ৰথম দুটা স্তম্ভত কি লিখা হয়?
উত্তৰঃ চাৰিটা স্তম্ভৰ ভিতৰত প্ৰথম দুটা স্তম্ভত মুঠ ডেবিট আৰু মুঠ ক্রেডিটৰ পৰিমাণ লিখা হয়।
৬। মুঠ যোগফল-উদ্বৃত্ত পদ্ধতি ব্যৱহাৰ নকৰাৰ প্ৰধান অসুবিধা কি?
উত্তৰঃ মুঠ যোগফল-উদ্বৃত্ত পদ্ধতি ব্যৱহাৰ নকৰাৰ প্ৰধান অসুবিধা হ’ল― অতিমাত্ৰা সময়ৰ প্ৰয়োজনীয়তা।
৭। মুঠ যোগফল-উদ্বৃত্ত পদ্ধতি অনুসৰি টকাৰ পৰিমাণ লিখিবৰ বাবে কেইটা স্তম্ভ ব্যৱহাৰ কৰা হয়?
উত্তৰঃ মুঠ যোগফল-উদ্বৃত্ত পদ্ধতি অনুসৰি টকাৰ পৰিমাণ লিখিবৰ বাবে চাৰিটা স্তম্ভ ব্যৱহাৰ কৰা হয়।
৮। পৰিপূৰক ভুল কেতিয়া সংঘটিত হয়?
উত্তৰঃ দুটা বা তাতোধিক ভুল একেলগে সংঘটিত হৈ যাৰ অৱশেষ প্রভাৱ শূন্য হয়।
৯। 1500 টকাৰ পাৰ্থক্য থাকিলে আৰু ই 2 দ্বাৰা ভাগ হয়, তেন্তে ভুল প্ৰৱিষ্টি কিমান টকাৰ হ’ব পাৰে?
উত্তৰঃ 1500 টকাৰ পাৰ্থক্য থাকিলে আৰু ই 2 দ্বাৰা ভাগ হয়, তেন্তে ভুল প্ৰৱিষ্টি 750 টকাৰ হ’ব পাৰে।
১০। উদ্বৃত্ত মিলন পত্ৰক প্ৰভাৱিত কৰা ভুল সাধাৰণতে কেইটা হিচাপক প্ৰভাৱিত কৰে?
উত্তৰঃ উদ্বৃত্ত মিলন পত্ৰক প্ৰভাৱিত কৰা ভুল সাধাৰণতে কেৱল এটা হিচাপক প্ৰভাৱিত কৰে।
১১। যদি উদ্বৃত্ত মিলন পত্ৰত কোনো হিচাপ বাদ পৰে, তেন্তে ই কি ধৰণৰ ভুল?
উত্তৰঃ যদি উদ্বৃত্ত মিলন পত্ৰত কোনো হিচাপ বাদ পৰে, তেন্তে ই উদ্বৃত্ত মিলন পত্ৰক প্ৰভাৱিত কৰা ভুল।
১২। মোহাৰি বা ওপৰে ওপৰে লিখি ভুল শুধৰণি কৰিলে কি হয়?
উত্তৰঃ মোহাৰি বা ওপৰে ওপৰে লিখি ভুল শুধৰণি কৰিলে হিচাপৰ তথ্যৰ গ্ৰহণযোগ্যতা হ্রাস পায়।
১৩। যদি ভুল চূড়ান্ত কৰাৰ আগতে ধৰা নপৰে, তেন্তে কোনটো হিচাপ বন্ধ কৰিব নোৱাৰি?
উত্তৰঃ যদি ভুল চূড়ান্ত কৰাৰ আগতে ধৰা নপৰে, তেন্তে স্থগিত হিচাপ বন্ধ কৰিব নোৱাৰি।
১৪। লাভ-লোকচান সংযোজন হিচাপ ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি?
উত্তৰঃ লাভ-লোকচান সংযোজন হিচাপ ব্যৱহাৰ কৰাৰ উদ্দেশ্য হ’ল― পৰৱৰ্তী বছৰৰ আয় বিবৃতিত ভুলৰ প্ৰভাৱ এৰাই চলা।
১৫। এই নিয়মবোৰ কিহৰ জৰিয়তে আগতিয়াকৈ জানিব পাৰি?
উত্তৰঃ এই নিয়মবোৰ হিচাপ বিদ্যাৰ জৰিয়তে আগতিয়াকৈ জানিব পাৰি।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.

