Class 11 Accountancy Important Chapter 5 বেংক মিলকৰণ বিবৃতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 5 বেংক মিলকৰণ বিবৃতি Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.
Class 11 Accountancy Important Chapter 5 বেংক মিলকৰণ বিবৃতি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.
বেংক মিলকৰণ বিবৃতি
Chapter: 5
| প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ |
| IMPORTANT QUESTION AND ANSWER |
১। নগদ বহীৰ বেংক স্তম্ভৰ উদ্বৃত্ত আৰু পাছবুকৰ উদ্বৃত্তৰ মিলৰ বাবে কি বিবৃতি প্ৰস্তুত কৰা হয়?
উত্তৰঃ নগদ বহীৰ বেংক স্তম্ভৰ উদ্বৃত্ত আৰু পাছবুকৰ উদ্বৃত্তৰ মিলৰ বাবে বেংক মিলকৰণ বিবৃতি প্ৰস্তুত কৰা হয়।
২। বেংক মিলকৰণ বিবৃতি প্ৰস্তুত কৰিবলৈ নগদ খৰচৰ চালান লাগে নে?
উত্তৰঃ বেংক মিলকৰণ বিবৃতি প্ৰস্তুত কৰিবলৈ নগদ খৰচৰ চালান নালাগে।
৩। চেক প্ৰদানৰ পাছত পাওনাদাৰে বেংকত দাখিল নকৰিলে কি হয়?
উত্তৰঃ চেক প্ৰদানৰ পাছত পাওনাদাৰে বেংকত দাখিল নকৰিলে দুয়োখন বহীৰ উদ্বৃত্তত অমিল হয়।
৪। দূৰণীবটীয়া চেক সংগ্ৰহৰ বাবে সময় লাগিলে কি উদ্বৃত্ত বেছি হয়?
উত্তৰঃ দূৰণীবটীয়া চেক সংগ্ৰহৰ বাবে সময় লাগিলে নগদ বহীৰ উদ্বৃত্ত বেছি হয়।
৫। জমাতিৰিক্তক ইংৰাজীত কি বোলা হয়?
উত্তৰঃ জমাতিৰিক্তক ইংৰাজীত Overdraft বোলা হয়।
৬। বেংক বিবৃতিত Dr. বা OD চিহ্নই কি বুজায়?
উত্তৰঃ বেংক বিবৃতিত Dr. বা OD চিহ্নই জমাতিৰিক্ত বুজায়।
৭। পাছবুক অনুসৰি জমাতিৰিক্তক কি বুলি জনা যায়?
উত্তৰঃ পাছবুক অনুসৰি জমাতিৰিক্তক ডেবিট উদ্বৃত্ত বুলি জনা যায়।
৮। বেংক মিলকৰণ বিবৃতিত জমাতিৰিক্তক কেনেকুৱা পৰিমাণ হিচাপে গণ্য কৰা হয়?
উত্তৰঃ বেংক মিলকৰণ বিবৃতিত জমাতিৰিক্তক ঋণাত্মক পৰিমাণ হিচাপে গণ্য কৰা হয়।
৯। উদ্বৃত্ত মিলন পত্র প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য কি?
উত্তৰঃ উদ্বৃত্ত মিলন পত্র প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হ’ল― খতিয়নৰ গাণিতিক শুদ্ধতা নিৰ্ধাৰণ।
১০। উদ্বৃত্ত মিলন পত্রৰ দুয়ো পক্ষ সমান হ’লে কি হয়?
উত্তৰঃ উদ্বৃত্ত মিলন পত্রৰ দুয়ো পক্ষ সমান হ’লে প্ৰতিটো ডেবিটৰ বিপৰীতে সমান পৰিমাণৰ ক্রেডিট অন্তর্ভুক্ত হৈছে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। সময়ৰ ব্যৱধানত অন্তর্ভুক্ত হোৱা যিকোনো পাঁচটা উপাদানসমূহ আলোচনা কৰা।
উত্তৰঃ সময়ৰ ব্যৱধানত অন্তর্ভুক্ত হোৱা যিকোনো পাঁচটা উপাদানসমূহ হ’ল―
(i) চেক প্রদান কৰা হৈছে কিন্তু পৰিশোধৰ বাবে বেংকত দাখিল কৰা হোৱা নাই। যেতিয়া প্রতিষ্ঠানটোৱে যোগানকাৰী বা পাওনাদাৰসকলক চেক প্রদান কৰে তেতিয়া লগে লগে নগদ বহীৰ ক্রেডিট পক্ষত ভর্তি কৰে। কিন্তু পাওনাদাৰে এই চেক পৰিশোধৰ বাবে লগে লগে বেংকত দাখিল নকৰিবও পাৰে। বেংকে প্রতিষ্ঠানটোৰ হিচাপ তেতিয়াহে ডেবিট কৰিব যেতিয়া প্ৰকৃততে চেকৰ টকা পৰিশোধ কৰে। গতিকে চেক প্রদান কৰা তাৰিখ আৰু পৰিশোধৰ বাবে দাখিল কৰা তাৰিখৰ মাজত সময়ৰ ব্যৱধান হয় যাৰ ফলত দুইখন বহীৰ উদ্বৃত্তৰ অমিল হয়।
(ii) বেংকত চেক জমা দিয়া হৈছে কিন্তু এতিয়ালৈকে সংগ্ৰহ কৰা হোৱা নাই। যেতিয়া প্রতিষ্ঠানটোৱ গ্ৰাহকৰ (দেনাদাৰৰ) পৰা চেক পায় তেতিয়া সেই চেক লগে লগে নগদ বহীৰ ডেবিট পক্ষত ভর্তি কৰে। ইয়াৰ ফলত নগদ বহীৰ মতে বেংক উদ্বৃত্ত বাঢ়ি যায়। কিন্তু প্রকৃততে যেতিয়া চেকৰ টকা সংগ্ৰহ কৰা হয় তেতিয়াহে বেংকে গ্রাহকজনৰ হিচাপ ক্রেডিট কৰিব। সাধাৰণতে দূৰণীবটীয়া আৰু বেলেগ বেলেগ শাখাৰ বেংকৰ চেকৰ ধন সংগ্ৰহৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। ইয়াৰ ফলত নগদ বহীৰ মতে বেংক উদ্বৃত্ত আৰু বেংক পাছবুকৰ উদ্বৃত্তৰ মাজত পাৰ্থক্য দেখা যায়।
(iii) গ্ৰাহকৰ হৈ বেংকৰ দ্বাৰা প্ৰত্যক্ষ ডেবিট প্রবিষ্টি কেতিয়াবা বেংকে বিভিন্ন সেৱাৰ বাবে প্রতিষ্ঠানটোৱে নজনাকৈ ইয়াৰ হিচাপৰ পৰা টকা আদায় কৰে। প্রতিষ্ঠানটোৱে বেংক বিবৃতিৰ পৰা এই সম্পর্কে পিছতহে জানিব পাৰে। এনেকুৱা আদায়ৰ উদাহৰণ হ’ল- চেক সংগ্ৰহৰ ভৰণি, আনুষঙ্গিক ভৰণি, জমাতিৰিক্তৰ ওপৰত সুদ ইত্যাদি। ইয়াৰ ফলত নগদ বহীৰ উদ্বৃত্ততকৈ পাছবুকৰ উদ্বৃত্ত কম হোৱা দেখা যায়।
(iv) বেংক হিচাপত প্রত্যক্ষভাৱে টকা জমা কেতিয়াবা কিছুমান দেনাদাবে (গ্রাহকে) পোনপটীয়াভাৱে প্রতিষ্ঠানৰ বেংক হিচাপত টকা জমা কৰে। কিন্তু বেংক বিবৃতি নোপোৱালৈকে প্রতিষ্ঠানটোৱে কোন উৎসৰ পৰা এই জমা পালে তাৰ বিষয়ে জানিব নোৱাৰে। এই ক্ষেত্রত বেংকে প্রাপ্তিৰ বাবে প্রতিষ্ঠানটোৰ বেংক হিচাপত প্রবিষ্টি দিয়ে কিন্তু ইয়াৰ বাবে প্রতিষ্ঠানটোৰ নগদ বহীত কোনো প্রবিষ্টি দিয়া নহয়। ইয়াৰ ফলস্বৰূপে বেংক পাছবুকে দেখুওৱা উদ্বৃত্ত প্রতিষ্ঠানটোৰ নগদ বহীৰ উদ্ধৃত্ততকৈ বেছি হয়।
(v) বেংকে সংগ্রহ কৰা সুদ আৰু লভ্যাংশ বেংকে যেতিয়া গ্রাহকৰ হকে সুদ আৰু লভ্যাংশ সংগ্রহ কৰে তেতিয়া লগে লগে গ্রাহকৰ হিচাপ ক্রেডিট কৰে। কিন্তু প্রতিষ্ঠানটোৱে এই লেনদেন নগদ বহীত তেতিয়াহে লিপিবদ্ধ কৰিব যেতিয়া বেংক বিবৃতিৰ পৰা এই প্রবিষ্টিৰ কথা জানিব পাৰিব। তেতিয়ালৈকে নগদ বহীৰ উদ্বৃত্ত আৰু পাছবুকৰ উদ্বৃত্তৰ মাজত অমিল পৰিলক্ষিত হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


