Class 11 Accountancy Important Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II

Class 11 Accountancy Important Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.

Class 11 Accountancy Important Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 4

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ
IMPORTANT QUESTION AND ANSWER

১। ত্ৰিস্তম্ভযুক্ত ৰোকৰ বহীৰ যিকোনো দুটা সুবিধা লিখা।

উত্তৰঃ ত্ৰিস্তম্ভযুক্ত ৰোকৰ বহীৰ যিকোনো দুটা সুবিধা হ’ল―

(i) বাট্টা গ্রহণ আৰু প্ৰদান হিচাপত লিপিবদ্ধ কৰা হয়।

(ii) নগদ হিচাপৰ জৰিয়তে নগদ প্রাপ্তি আৰু পৰিশোধ লিপিবদ্ধকৰণ।

২। খুচুৰা নগদ বহী কোনে ৰাখে?

উত্তৰঃ খুচুৰা নগদ বহী খুচুৰা ধনৰক্ষকে ৰাখে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। খুচুৰা নগদ বহী কোনটো পদ্ধতিত চলি থাকে?

উত্তৰঃ খুচুৰা নগদ বহী অগ্ৰিম প্রদত্ত পদ্ধতিত চলি থাকে।

৪। অগ্ৰিম প্রদত্ত ধনৰ অৰ্থ কি?

উত্তৰঃ অগ্ৰিম প্রদত্ত ধনৰ অৰ্থ হ’ল- খুচুৰা ধনৰক্ষকক সময়ৰ আৰম্ভণিতে আগতীয়াকৈ দিয়া নিৰ্দিষ্ট ধন।

৫। খুচুৰা নগদ বহীৰ ‘মন্তব্য’ স্তম্ভত কি লিখা হয়?

উত্তৰঃ খুচুৰা নগদ বহীৰ ‘মন্তব্য’ স্তম্ভত খৰচৰ প্ৰকৃতি লিখা হয়।

৬। জমাতিৰিক্ত (Overdraft) মানে কি?

উত্তৰঃ জমাতিৰিক্ত (Overdraft) মানে হ’ল- বেংকত জমা থকা পৰিমাণতকৈ অধিক টকা আহৰণ কৰা।

৭। চেক প্রত্যাখ্যানৰ সাধাৰণ কাৰণ কি?

উত্তৰঃ চেক প্রত্যাখ্যানৰ সাধাৰণ কাৰণ হ’ল- গ্ৰাহকৰ বেংক হিচাপত পৰ্যাপ্ত ধন নথকা।

৮। ‘আদেশ চেক’ কাক বোলে?

উত্তৰঃ যদি বাহক শব্দটো কাটি দিয়া হয় তেতিয়া চেকখনক ‘আদেশ চেক’ (Order cheque) বুলি কোৱা হয়।

৯। পৃষ্ঠাংকণ মানে কি?

উত্তৰঃ পৃষ্ঠাংকণ মানে হ’ল চেকৰ পিছফালে চহী কৰি কোনো নির্দিষ্ট ব্যক্তিক চেকৰ ধন প্রদান কৰিবলৈ দিয়া নির্দেশ।

১০। নগদ বহী কিহৰ লেনদেনসমূহ লিপিবদ্ধ কৰে?

উত্তৰঃ নগদ বহী নগদ ধন প্রাপ্তি আৰু নগদ ধন পৰিশোধৰ লেনদেনসমূহ লিপিবদ্ধ কৰে।

১১। খুচুৰা নগদ বহীত কেনে ধৰণৰ খৰচ লিপিবদ্ধ কৰা হয়?

উত্তৰঃ যাতায়াত, গাড়ীভাড়া, ডাক-টিকট, টেলিগ্ৰাম আৰু অন্যান্য সৰু খৰচ লিপিবদ্ধ কৰা হয়।

১২। খুচুৰা ধনৰক্ষকে কোন পদ্ধতিত কাম কৰে?

উত্তৰঃ খুচুৰা ধনৰক্ষকে অগ্ৰিমপ্ৰদত্ত পদ্ধতি পদ্ধতিত কাম কৰে।

১৩। অগ্ৰিমপ্ৰদত্ত ধনক ইংৰাজীত কি কোৱা হয়?

উত্তৰঃ অগ্ৰিমপ্ৰদত্ত ধনক ইংৰাজীত Imprest Amount কোৱা হয়।

১৪। প্ৰাপ্তি আৰু পৰিশোধ দুয়োটাৰ বাবে কোন কোন তিনিটা উমৈহতীয়া স্তম্ভ থাকে?

উত্তৰঃ প্ৰাপ্তি আৰু পৰিশোধ দুয়োটাৰ বাবে তাৰিখ, ভাউচাৰ নম্বৰ, আৰু বিৱৰণ উমৈহতীয়া স্তম্ভ থাকে।

১৫। নগদ পৰিশোধৰ দলিলৰ উৎস কি কি?

উত্তৰঃ নগদ পৰিশোধৰ দলিলৰ উৎস হ’ল- চালান, বিল, বচিদ আদি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top