Class 11 Accountancy Important Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I

Class 11 Accountancy Important Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.

Class 11 Accountancy Important Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 3

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ
IMPORTANT QUESTION AND ANSWER

১। হিচাপৰ প্ৰকাৰ দুটা ব্যৱস্থা কি কি?

উত্তৰঃ হিচাপৰ প্ৰকাৰ দুটা ব্যৱস্থা হ’ল―

(i) পৰম্পৰাগত ব্যৱস্থা।

(ii) আধুনিক বা আমেৰিকান ব্যৱস্থা।

২। হিচাপৰ প্ৰমাণকবোৰক কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ হিচাপৰ প্ৰমাণকবোৰক নগদ প্রমাণক, ডেবিট প্রমাণক, ক্রেডিট প্রমাণক, জাবেদা প্রমাণক ইত্যাদি বিভিন্ন ভাগত ভগাব পাৰি।

৩। কৃত্রিম ব্যক্তিগত হিচাপ কাক কোৱা হয়? উদাহৰণ দিয়া।

উত্তৰঃ প্রকৃতিৰ ওপৰত মানৱ জাতিয়ে সৃষ্টি কৰা অনুষ্ঠান-প্রতিষ্ঠান বা সংস্থাবোৰক কৃত্রিম ব্যক্তিগত হিচাপ কোৱা হয়। যেনে- ষ্টেট বেংক অৱ ইণ্ডিয়া, দিশপুৰ মহাবিদ্যালয়, বিলায়েন্স ইণ্ডিয়া লিমিটেড, আদি।

৪। ভুক্তিকৰণ বুলিলে কি বুজা?

উত্তৰঃ জাবেদা প্রবিষ্টিক নিজ নিজ হিচাপসমূহলৈ স্থানান্তৰিত কৰা প্ৰক্ৰিয়াটোক ভুক্তিকৰণ (posting) বোলা হয়।

৫। যিখন বহীত লেনদেন প্ৰথমবাৰৰ বাবে লিখা হয় তাক কি বোলা হয়?

উত্তৰঃ যিখন বহীত লেনদেন প্ৰথমবাৰৰ বাবে লিখা হয় তাক জাবেদা বা প্রাথমিক প্ৰবিষ্টিৰ বহী বোলা হয়।

৬। জাবেদাত লেনদেন লিখিবলৈ কি প্ৰয়োজন হয়?

উত্তৰঃ জাবেদাত লেনদেন লিখিবলৈ উৎস দলিলৰ প্ৰয়োজন হয়।

৭। জাবেদাত কি দুটা অংশ লিখা হয়?

উত্তৰঃ জাবেদাত ডেবিট আৰু ক্রেডিট দুটা অংশ লিখা হয়।

৮।  কিহক হিচাপকৰণ পদ্ধতিত মুখ্য বহী বুলি কোৱা হয়?

উত্তৰঃ খতিয়নক হিচাপকৰণ পদ্ধতিত মুখ্য বহী বুলি কোৱা হয়।

৯। খতিয়নত হিচাপবোৰ কেনেকুৱা ক্রমতে খোলা হয়?

উত্তৰঃ লাভ লোকচান হিচাপ আৰু উদ্ধৃত মিলন পত্ৰত দেখুওৱা একেটা ক্রমতে।

১০। খতিয়নৰ আৰম্ভণিতে কি ব্যৱস্থা ৰাখিব লাগে?

উত্তৰঃ খতিয়নৰ আৰম্ভণিতে সূচাকাংক ব্যৱস্থা ৰাখিব লাগে।

১১। ডাঙৰ প্রতিষ্ঠানত সহজে হিচাপ চিনাক্ত কৰিবলৈ কি কৰা হয়?

উত্তৰঃ প্ৰতিটো হিচাপক সাংকেতিক চিহ্ন (Code No.) দিয়া হয়।

১২। খতিয়ন হিচাপবোৰ কেইটা ভাগত বিভক্ত কৰা হয়?

উত্তৰঃ খতিয়ন হিচাপবোৰ পাঁচটা ভাগত বিভক্ত কৰা হয়।

১৩। খতিয়নৰ পাঁচটা ভাগৰ ভিতৰত প্রথম ভাগৰ নাম কি?

উত্তৰঃ খতিয়নৰ পাঁচটা ভাগৰ ভিতৰত প্রথম ভাগৰ নাম হ’ল― সম্পত্তি।

১৪। উৎস দলিল কি?

উত্তৰঃ চালান, বিল, কেচ মেমো, প্রমাণক আদি যিবোৰে লেনদেনৰ ভিত্তি আৰু প্ৰমাণ হিচাপে কাম কৰে তাক উৎস দলিল বোলে।

১৫। হিচাপৰ বহীত লিপিবদ্ধ হোৱা লেনদেনৰ প্ৰমাণ ক’ত পোৱা যায়?

উত্তৰঃ হিচাপৰ বহীত লিপিবদ্ধ হোৱা লেনদেনৰ প্ৰমাণ উৎস দলিলত পোৱা যায়।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top