Class 11 Accountancy Important Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি

Class 11 Accountancy Important Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.

Class 11 Accountancy Important Chapter 2 হিচাপকৰণৰ তত্ত্বমূলক ভিত্তি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ
IMPORTANT QUESTION AND ANSWER

১। GAAP শব্দটোৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ GAAP শব্দটোৰ সম্পূৰ্ণ ৰূপ হ’ল- Generally Accepted Accounting Principles.

২। Matching Concept ক’ত ব্যৱহৃত হয়?

উত্তৰঃ Matching Concept আয়ৰ লগত সেই আয়ৰ খৰচ মিলাই দেখুওৱাৰ ক্ষেত্ৰত ব্যৱহৃত হয়।

৩। কোনটো ধাৰণাৰ অধীনত বিক্ৰী হ’লে আয় স্বীকৃত কৰা হয়?

উত্তৰঃ আয় স্বীকৃতিৰ ধাৰণা অধীনত বিক্ৰী হ’লে আয় স্বীকৃত কৰা হয়।

৪। পূর্ণ প্ৰকাশ ধাৰণাৰ উদ্দেশ্য কি?

উত্তৰঃ পূর্ণ প্ৰকাশ ধাৰণাৰ উদ্দেশ্য হ’ল- প্ৰতিষ্ঠান সম্পৰ্কে সকলো প্ৰাসঙ্গিক তথ্য প্ৰকাশ কৰা।

৫। “True and Fair View” কোনটো ধাৰণাত ব্যৱহৃত হয়?

উত্তৰঃ “True and Fair View” পূৰ্ণ প্ৰকাশ ধাৰণাত ব্যৱহৃত হয়।

৬। “AS” শব্দটোৰ সম্পূৰ্ণ ৰূপ লিখা।

উত্তৰঃ “AS” শব্দটোৰ সম্পূৰ্ণ ৰূপ হ’ল- Accounting Standard.

৭। হিচাপকৰণ মান (AS) কোনে জাৰি কৰে?

উত্তৰঃ হিচাপকৰণ মান ICAI (Institute of Chartered Accountants of India) এ জাৰি কৰে।

৮। Accounting Standards ৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ Accounting Standards ৰ দুটা বৈশিষ্ট্য হ’ল–

(i) হিচাপ-নিকাচৰ পদ্ধতিত একাকাৰীতা আনে।

(ii) তেওঁলোকে বিত্তীয় তথ্যৰ স্বচ্ছতা আৰু সঠিক প্ৰকাশ নিশ্চিত কৰে।

৯। Consistency Concept ৰ উদ্দেশ্য কি?

উত্তৰঃ Consistency Concept ৰ মূল উদ্দেশ্য হ’ল হিচাপ পদ্ধতি আৰু নীতিবোৰ একেৰাহে ব্যৱহাৰ কৰা, যাতে প্ৰতিবেদনবোৰ তুলনা কৰিব পাৰে।

১০। CGST আৰু SGST-ৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ CGST আৰু SGST-ৰ মাজত পাৰ্থক্য হ’ল-

CGSTSGST
CGST কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংগ্ৰহ কৰা হয়।SGST ৰাজ্য চৰকাৰৰ দ্বাৰা সংগ্ৰহ কৰা হয়।
CGST একেখন ৰাজ্যৰ ভিতৰতে সামগ্ৰী আৰু সেৱাৰ যোগানৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।SGST সেই একেখন ৰাজ্যৰ ভিতৰতে সামগ্ৰী আৰু সেৱাৰ যোগানৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।
CGST ৰ অংশ কেন্দ্ৰ চৰকাৰে পায়।SGST ৰ অংশ ৰাজ্য চৰকাৰে পায়।

১১। GSTৰ দুটা সুবিধা লিখা।

উত্তৰঃ GSTৰ দুটা সুবিধা হ’ল-

(i) GSTয়ে কৰৰ ওপৰত কেচকেডিং প্রভাৱ আঁতৰ কৰিছে।

(ii) GSTৰ অধীনত সর্বাধিক দুই প্ৰকাৰৰ কৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে।

১২। ৰাজহ আৰু ব্যয়ৰ স্বীকৃত সময়ৰ দৃষ্টিকোণৰ পৰা হিচাপকৰণৰ দুটা ভাগ কি কি?

উত্তৰঃ ৰাজহ আৰু ব্যয়ৰ স্বীকৃত সময়ৰ দৃষ্টিকোণৰ পৰা হিচাপকৰণৰ দুটা ভাগ হ’ল-

(i) নগদ ভিত্তি।

(ii) উদ্ভুত ভিত্তি।

১৩। হিচাপকৰণৰ মানক কি?

উত্তৰঃ হিচাপকৰণৰ মানক হ’ল বিত্তীয় বিবৃতিসমূহৰ প্ৰস্তুত কৰাৰ উপযুক্ত আৰু একেধৰণৰ হিচাপকৰণৰ নিয়ম আৰু নিদের্শক বা পদ্ধতিৰ লগতে হিচাপকৰণৰ তথ্যসমূহে ব্যৱহাৰকাৰীসকলক প্ৰভাৱ কৰিব পৰা এখন লিখিত বিৱৰণী। সেইদৰে হিচাপকৰণৰ মানকে দেশৰ আইন প্ৰথা, ৰীতি আৰু ব্যৱসায়িক পৰিৱেশ ব্যৱস্থাসমূহ অতিক্ৰম নকৰে।

১৪। GST কি?

উত্তৰঃ GST হৈছে সামগ্ৰী আৰু সেৱাৰ উপভোগৰ ওপৰত আধাৰিত এক পৰোক্ষ কৰ ব্যৱস্থা।

১৫। আই.জি.এছ.টিৰ অৰ্থ কি?

উত্তৰঃ আই.জি.এছ.টিৰ অৰ্থ হৈছে একত্ৰিত সামগ্ৰী আৰু সেৱা কৰ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top