Class 11 Accountancy Important Chapter 1 হিচাপকৰণৰ পৰিচয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 1 হিচাপকৰণৰ পৰিচয় Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.
Class 11 Accountancy Important Chapter 1 হিচাপকৰণৰ পৰিচয়
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.
হিচাপকৰণৰ পৰিচয়
Chapter: 1
| প্ৰথম খণ্ড: বিত্তীয় হিচাপকৰণ |
| IMPORTANT QUESTION AND ANSWER |
১। বাহ্যিক ঘটনা কাক বোলে?
উত্তৰঃ যদি এটা ঘটনাই বহিঃ ব্যক্তি আৰু এটা ব্যৱসায় সংগঠনৰ মাজত লেনদেন সংঘটিত কৰে তেনে ঘটনাক বাহ্যিক ঘটনা (external events) বোলা হয়।
২। বাহ্যিক লেনদেনৰ দুটা উদাহৰণ লিখা।
উত্তৰঃ বাহ্যিক লেনদেনৰ দুটা উদাহৰণ হ’ল―
(i) গ্রাহকক Reebok জোতা বিক্রী।
(ii) Videocon Limited এ গ্রাহকলৈ আগবঢ়োৱা সেৱা।
৩। পৰিমাপন মানে কি?
উত্তৰঃ পৰিমাপ কৰা একক হিচাপে মুদ্রামানৰ একক যেনে- টকা আৰু পইচা ব্যৱহাৰ কৰি ব্যৱসায়িক লেনদেনসমূহক বিত্তীয় পদত প্রাক্কলনসহ সংখ্যাত ব্যক্ত কৰাকেই পৰিমাপন বোলা হয়।
৪। বিশ্বাসযোগ্যতাৰ অৰ্থ কি?
উত্তৰঃ বিশ্বাসযোগ্যতাৰ অৰ্থ হ’ল- তথ্য ব্যৱহাৰ কৰোঁতাসকলে তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবৰ বাবে সক্ষম হ’ব লাগে।
৫। দ্বিপ্ৰৱিষ্টি হিচাপৰক্ষণ পদ্ধতিৰ বিষয়ে প্ৰথম কিতাপ কোনে লিখিছিল?
উত্তৰঃ দ্বিপ্ৰৱিষ্টি হিচাপৰক্ষণ পদ্ধতিৰ বিষয়ে প্ৰথম কিতাপ লুকা পেচিৱলীয়ে লিখিছিল।
৬। লুকা পেচিৱলীৰ কিতাপখনৰ নাম কি?
উত্তৰঃ লুকা পেচিৱলীৰ কিতাপখনৰ নাম হ’ল- Summa de Arithmetica, Geometria, Proportion at Proportionality.
৭। হিচাপকৰণৰ অর্থ কি?
উত্তৰঃ হিচাপকৰণ হৈছে ব্যৱসায় লেনদেনৰ চিনাক্তকৰণ, পৰিমাপন আৰু লিপিবদ্ধ কৰাৰ এক প্ৰক্ৰিয়া।
৮। আর্থিক ঘটনাসমূহৰ ভাগ কেইটা আৰু কি কি?
উত্তৰঃ আর্থিক ঘটনাসমূহৰ ভাগ দুটা আৰু সেই ভাগসমূহ হ’ল- আভ্যন্তৰীণ ঘটনা (internal event) আৰু বাহ্যিক ঘটনা (external events)।
৯। Accounting Process ৰ প্ৰথম ধাপটো কি?
উত্তৰঃ Accounting Process ৰ প্ৰথম ধাপটো হ’ল- চিনাক্তকৰণ (Identification)।
১০। বাহ্যিক ব্যৱহাৰকাৰী প্ৰধান লক্ষ্যসমূহ কি কি?
উত্তৰঃ বাহ্যিক ব্যৱহাৰকাৰী প্ৰধান লক্ষ্যসমূহ হল- বিনিয়োগ, ঋণ প্ৰদান, চৰকাৰী পৰীক্ষা আদিৰ সিদ্ধান্ত লোৱা।
১১। AAA অনুসৰি হিচাপকৰণৰ সংজ্ঞা কি?
উত্তৰঃ 1966 চনত AAA (American Accounting Association) অনুসৰি, হিচাপকৰণ হৈছে “তথ্যভিজ্ঞসিদ্ধান্ত মঞ্জুৰ কৰিবলৈ আৰু তথ্য ব্যৱহাৰ কৰোতাসকলে লোৱা সিদ্ধান্তৰ আৰ্থিক তথ্যসমূহৰ চিনাক্তকৰণ, পৰিমাপন আৰু যোগাযোগ প্রক্রিয়া”।
১২। হিচাপ-নিকাচ প্ৰক্ৰিয়াৰ পদক্ষেপসমূহ লিখা।
উত্তৰঃ হিচাপ-নিকাচ প্ৰক্ৰিয়াৰ পদক্ষেপসমূহ হ’ল-
(i) চিনাক্তকৰণ।
(ii) পৰিমাপন।
(iii) লিপিবদ্ধকৰণ।
(iv) যোগাযোগ স্থাপন।
১৩। আভ্যন্তৰীণ ব্যৱহাৰকাৰীৰ আৰু বাহ্যিক ব্যৱহাৰকাৰী মাজত দুটা পাৰ্থক্য লিখা।
উত্তৰঃ আভ্যন্তৰীণ ব্যৱহাৰকাৰীৰ আৰু বাহ্যিক ব্যৱহাৰকাৰী মাজত দুটা পাৰ্থক্য হ’ল-
(i) আভ্যন্তৰীণ ব্যৱহাৰকাৰী প্ৰতিষ্ঠানৰ ভিতৰৰ ব্যৱহাৰকাৰী (যেনে: ব্যৱস্থাপক, কৰ্মচাৰী)।, আনহাতে বাহ্যিক ব্যৱহাৰকাৰী হৈছে বাহ্যিক ব্যৱহাৰকাৰী (যেনে: বিনিয়োগকাৰী, চৰকাৰ, ঋণদাতা)।
(ii) আভ্যন্তৰীণ ব্যৱহাৰকাৰীৰ তথ্য ব্যৱহাৰ সিদ্ধান্ত লোৱাৰ বাবে, আৰু বাহ্যিক ব্যৱহাৰকাৰীৰ উদ্দেশ্য হৈছে লগত লগোৱা, ঋণ প্ৰদান আদিৰ বাবে তথ্য লাভ কৰা।
১৪। হিচাপকৰণক ‘ব্যৱসায়ৰ ভাষা’ বুলি কিয় কোৱা হয়?
উত্তৰঃ হিচাপকৰণক ব্যৱসায়ৰ আৰ্থিক তথ্যৰ বিশ্লেষণ আৰু উপস্থাপন কৰি সিদ্ধান্ত গ্ৰহণত সহায় কৰে। ই প্রতিষ্ঠানৰ প্রয়োজনীয় বিত্তীয় তথ্য আদান প্রদান কৰা এক আহিলা, সেই বাবে ইয়াক ‘ব্যৱসায়ৰ ভাষা’ বুলিও অভিহিত কৰা হয়।
১৫। আহৰণ কাক বোলে?
উত্তৰঃ ব্যৱসায়ৰ মালিকে নিজৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে নগদ ধন আৰু পণ্য ব্যৱসায়ৰ পৰা উঠাই নিয়াকে আহৰণ বোলা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

