Class 11 Accountancy Important Chapter 8 বিত্তীয় বিবৃতি – I

Class 11 Accountancy Important Chapter 8 বিত্তীয় বিবৃতি – I Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters AHSEC Class 11 Accountancy Important Chapter 8 বিত্তীয় বিবৃতি – I Solutions in Assamese and select need one. Class 11 Accountancy Additional Solutions Assamese Medium Download PDF. HS 1st Year Accountancy Important Question Answer in Assamese.

Class 11 Accountancy Important Chapter 8 বিত্তীয় বিবৃতি – I

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Accountancy Important Notes in Assamese are part of All Subject Solutions. Here we have given HS 1st Year Accountancy Important Solutions Assamese Medium for All Chapters, You can practice these here.

Chapter: 8

দ্বিতীয় খণ্ড: বিত্তীয় হিচাপকৰণ
IMPORTANT QUESTION AND ANSWER

১। ক্ষয়ীকৰণত সম্পত্তিৰ মূল্য শেষ হয়, অৱক্ষয়ত নহয় — এই দুয়োটাৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ ক্ষয়ীকৰণত সম্পত্তিৰ মূল্য সম্পূৰ্ণ শেষ হয়, অৱক্ষয়ত লাহে লাহে কমে।

২। ক্ৰয় কৰা কৃতিস্বত্বৰ মূল্য কেই বছৰৰ ভিতৰত অৱলোপন কৰিব লাগে?

উত্তৰঃ ক্ৰয় কৰা কৃতিস্বত্বৰ মূল্য ১০ বছৰৰ ভিতৰত অৱলোপন কৰিব লাগে।

৩। যাৱতীয় সম্পত্তি আৰু সেইবোৰৰ ব্যৱহাৰৰ লগত জড়িত ব্যয়ক কি বোলা হয়?

উত্তৰঃ যাৱতীয় সম্পত্তি আৰু সেইবোৰৰ ব্যৱহাৰৰ লগত জড়িত ব্যয়ক ব্যয় বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। যিটো ব্যয় একাধিক বছৰৰ উপকাৰৰ বাবে কৰা হয় তাক কি বোলা হয়?

উত্তৰঃ যিটো ব্যয় একাধিক বছৰৰ উপকাৰৰ বাবে কৰা হয় মূলধন ব্যয় বোলা হয়।

৫। ‘Amortisation’ সাধাৰণতে ক’ত ব্যৱহৃত হয়?

উত্তৰঃ ‘Amortisation’ সাধাৰণতে অস্পর্শনীয় সম্পত্তিত ব্যৱহৃত হয়।

৬। ‘Amortisation’ কি?

উত্তৰঃ ‘Amortisation’ হ’ল― অস্পর্শনীয় সম্পত্তিৰ ব্যয় অৱলোপন।

৭। ক্ষয়ীকৰণ আৰু অৱক্ষয়ৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ ক্ষয়ীকৰণ সময় আৰু ব্যৱহাৰসংক্রান্ত, আনহাতে, অৱক্ষয় বাহ্যিক পৰিৱৰ্তনৰ ফল।

৮। ৰাজহ বিষয়সমূহ সাধাৰণতে কোনটো হিচাপত দেখুওৱা হয়?

উত্তৰঃ ৰাজহ বিষয়সমূহ সাধাৰণতে ক্রয়-বিক্রয় আৰু লাভ-লোকচান হিচাপত দেখুওৱা হয়।

৯। মূলধনী লাভ আৰু ৰাজহ লাভৰ ওপৰত কৰ কেনেকুৱা হয়?

উত্তৰঃ মূলধনী লাভ আৰু ৰাজহ লাভৰ ওপৰত কৰ পৃথকভাৱে আৰোপ হয়।

১০। চলিত ব্যয় ৰাজহতকৈ বেছি হ’লে তাক কি কোৱা হয়?

উত্তৰঃ চলিত ব্যয় ৰাজহতকৈ বেছি হ’লে লোকচান কোৱা হয়।

১১। কার্যকৰী লাভ মানে কি?

উত্তৰঃ কার্যকৰী লাভ মানে হ’ল― সাধাৰণ কাৰ্যৰ দ্বাৰা অৰ্জিত লাভ।

১২। চৰকাৰী প্রত্যাভূতিত আৰু কোম্পানীৰ অংশীদাৰী ধন নিয়োগ কৰাক কি বোলা হয়?

উত্তৰঃ চৰকাৰী প্রত্যাভূতিত আৰু কোম্পানীৰ অংশীদাৰী ধন নিয়োগ কৰাক বিনিয়োগ বোলা হয়।

১৩। স্বত্বাধিকাৰীয়ে ধন উলিওৱা কাৰ্যক কি বোলা হয়?

উত্তৰঃ স্বত্বাধিকাৰীয়ে ধন উলিওৱা কাৰ্যক আহৰণ বোলা হয়।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ডেবিট দিশৰ যিকোনো পাঁচটা বিষয়সমূহ লিখা।

উত্তৰঃ ডেবিট দিশৰ যিকোনো ছয়টা বিষয়সমূহ হ’ল―

(i) দৰমহা: ব্যৱসায় চলাই নিবৰ কাৰণে প্রশাসনীয় আৰু গুদাম ঘৰৰ কৰ্মচাৰীসকলক যি পাবিশ্রমিক দিয়া হয় তাকে দৰমহা হিচাপে ধৰা হয়। কর্মচাৰীসকললৈ আগবঢ়োৱা অন্যান্য সা-সুবিধা যেনে ভাড়াবিহীন থকা ঘৰ, আহাৰ, চিকিৎসা সেৱা, ইউনিফর্ম ইত্যাদি দৰমহা হিচাপত ধৰা হয়। দৰমহা হিচাপ লাভ-লোকচান হিচাপৰ ডেবিট পক্ষত লিখা হয়।

(ii) ঘৰভাড়া প্রদান: অফিচ্ আৰু গুডামৰ ঘৰভাড়া, পৌৰনিগমৰ কৰ আদি এই ব্যয়ৰ অন্তর্ভুক্ত আৰু ইয়াক লাভ-লোকচান হিচাপৰ ডেবিট পক্ষত লিখিব লাগে। কাৰখানা ঘৰৰ ভাড়া প্রত্যক্ষ ব্যয়। সেয়েহে কাৰখানা ঘৰৰ ভাড়া ক্রয় বিক্রয় হিচাপৰ ডেবিট ফালে লিখিব লাগে।

(iii) সুদ প্রদান: ঋণ, বেংক অধিবিকর্ষ, বিনিময় বিল নবীকৰণ আদিৰ ওপৰত দিবলগীয়া সুদ ব্যৱসায়ৰ বাবে পৰোক্ষ ব্যয়। এই ব্যয় লাভ লোকচান হিচাপৰ ডেবিট পক্ষত লিখা হয়।

(iv) কমিছন বা দস্তুৰি প্ৰদান: ব্যৱসায়ে পৰিশোধ কৰা বা পৰিশোধ কৰিবলগীয়া দস্তুৰি ব্যৱসায়ৰ বাবে ব্যয়। এই ব্যয় লাভ-লোকচান হিচাপৰ ডেবিট ফালে লিখিব লাগে।

(v) মেৰামতি: মেৰামতি আৰু লঘুনবীকৰণৰ বাবে প্রতিস্থানটোক কার্যক্ষম কৰি ৰাখিবৰ বাবে প্রকল্প আৰু যন্ত্রপাতি, আচবাব, সা-সবঞ্জাম, লগোৱা কার্য আদিৰ বাবে কৰা ব্যয় এই শিতানত পৰে। মেৰামতি খৰচ লাভ-লোকচান হিচাপৰ ডেবিট পক্ষত লিখিব লাগে।

(vi) সানমিহলি খৰচ: খবচবোৰ বিভিন্ন শিৰোনামাত ভাগ কৰি দেখুওৱা হয় যদিও, কিছুমান ক্ষুদ্র পৰিমাণৰ খৰচ একেলগ কৰি সানমিহলি খৰচ মানৰ হিচাপত ৰখা হয়। এনে খৰচ লাভ-লোকচান হিচাপত ডেবিট কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top