Class 11 Accountancy Chapter 1 হিচাপকৰণৰ পৰিচয় Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 1 হিচাপকৰণৰ পৰিচয় Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 1 হিচাপকৰণৰ পৰিচয় Notes and select needs one.
Class 11 Accountancy Chapter 1 হিচাপকৰণৰ পৰিচয়
Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 1 হিচাপকৰণৰ পৰিচয় Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 1 হিচাপকৰণৰ পৰিচয় Solutions for All Subjects, You can practice these here.
হিচাপকৰণৰ পৰিচয়
ACCOUNTANCY
Chapter: 1
PART – I
অনুশীলনী প্রশ্নোত্তৰ
১। হিচাপ বিদ্যাৰ সংজ্ঞা দিয়া।
উত্তৰঃ স্বাৰ্থজড়িত তথ্য ব্যৱহাৰ কৰোঁতাসকললৈ এটা সংগঠনৰ আৰ্থিক ঘটনাৰ লগত জড়িত তথ্যসমূহৰ চিনাক্তকৰণ, পৰিমাপন, লিপিবদ্ধকৰণ আৰু যোগাযোগৰ প্ৰক্ৰিয়াই হৈছে হিচাপবিদ্যা। 1941 চনত American Institute of Certified Public Accountants চমুকৈ AICPA এ হিচাপবিদ্যাৰ সংজ্ঞা এনেদৰে দিছে – অংশৰঃ হলেও বিত্তীয় প্ৰকৃতিৰ আৰ্থিক লেনদেন আৰু ঘটনাসমূহ মুদ্ৰা মূল্যত আৰু তাৎপৰ্যপূৰ্ণ প্ৰণালীত লিপিবদ্ধ কৰা, শ্রেনীবদ্ধ কৰা, সংক্ষিপ্ত কৰা আৰু তাৰ ফলাফল ব্যাখ্যা কৰা কলাই হৈছে হিচাপবিদ্যা। 1966 চনত আমেৰিকাৰ হিচাপবিদ্যা সংস্থাই হিচাপবিদ্যাৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে তথ্যভিজ্ঞ সিদ্ধান্ত মঞ্জুৰ কৰিবলৈ আৰু তথ্য ব্যবহাৰ কৰোতাসকলে লোৱা সিদ্ধান্তৰ আৰ্থিক তথ্যসমূহৰ চিনাক্তকৰণ, পৰিমাপন আৰু যোগাযোগ প্ৰক্ৰিয়াই হৈছে হিচাপবিদ্যা।
২। হিচাপবিদ্যাৰ প্ৰক্ৰিয়াসমূহ লিখা?
উত্তৰঃ হিচাপবিদ্যাৰ প্ৰক্ৰিয়াসমূহ হৈছে—
(ক) আর্থিক ঘটনা।
(খ) হিচাপবিদ্যাৰ তথ্য যোগাযোগকৰণ।
(গ) সিদ্ধান্ত কৰোতা (আভ্যন্তৰীন আৰু বাহ্যিক তথ্য ব্যবহাৰ কৰোতা।
৩। হিচাপবিদ্যাৰ আৰ্থিক ঘটনাসমূহ কি কি?
উত্তৰঃ ব্যৱসায় সংগঠনসমূহ আৰ্থিক ঘটনাসমূহৰ লগত জড়িত হৈ থাকে। মূদ্ৰামূলৰে পৰিমাপ কৰিব পৰা লেনদেন সমূহৰে গঠিত ব্যৱসায় সংগঠনৰ প্ৰতি সংঘটিত পৰিণতিৰ স্বৰূপে হোৱা ঘটনাকেই আর্থিক ঘটনা বোলা হয়। উদাহৰণস্বৰূপে, যন্ত্রপাতি ক্রয়, স্থাপন আৰু ইয়াক উৎপাদন কাৰ্যত ব্যবহাৰ কৰিবৰ বাবে সক্ষম কৰি তোলা আদি একো একোটা ঘটনা যত একাধিক বিত্তীয় লেনদেন যেনে— যন্ত্ৰ কিনা, যন্ত্ৰৰ পৰিবহন, যন্ত্ৰৰ স্থাপনৰ ঠাই নিৰ্দ্ধাৰণ, স্থাপন কৰোতৈ হোৱা ব্যয় আৰু চলাচলৰ যোগ্যতা পৰীক্ষা আদি অন্তর্ভুক্ত হৈ থাকে।
৪। হিচাপ বিদ্যাৰ মুখ্য উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ তথ্যজ্ঞানৰ প্ৰণালী হিচাপে হিচাপবিদ্যাৰ মূল উদ্দেশ্য হৈছে স্বাৰ্থজড়িত আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োদলৰ তথ্য ব্যবহাৰ কৰোঁতাসকলক উপযোগী তথ্যৰ যোগান ধৰা। হিচাপ বিদ্যাৰ প্ৰাথমিক উদ্দেশ্যসমূহৰ ভিতৰত নিম্নলিখিত বিষয়সমূহ অন্তর্ভূক্ত হৈ থাকে।
(ক) ব্যৱসায়ৰ লেনদেনসমূহৰ নথিসংৰক্ষণঃ সকলোবোৰ বিত্তীয় লেনদেন প্রণালীবদ্ধভাবে হিচাপৰ বহীসমূহত লিখি সংৰক্ষণ কৰিবৰ বাবে হিচাপবিদ্যা ব্যবহাৰ কৰা হয়।
(খ) লাভ লোকচানৰ পৰিমাণ গণনাঃ ব্যবসায়ৰ মালিকসকলে এটা পৰ্যায়কালৰ অন্তত ব্যৱসায়ৰ কাম-কাজৰ প্ৰকৃত ফলাফল অর্থাৎ ব্যবসায়টোৱে লাভ অৰ্জন কৰিছে নে লোকচান ভৰিছে তাৰ বিষয়ে এটা অনুমান কৰিবলৈ ইচ্ছা কৰে। গতিকে, হিচাপবিদ্যাৰ আন এটা উদ্দেশ্য হৈছে এটা বিত্তীয় পর্যায়কালৰ ভিতৰত ব্যবসায়টোৰে লাভ অৰ্জন কৰিছে নে লোকচান ভৰিছে তাক নিৰ্ধাৰণ কৰা।
(গ) বিত্তীয় অৱস্থাৰ বৰ্ণনাঃ প্ৰতিটো হিচাপ বৰ্ষৰ অন্তত এটা ব্যবসায় প্ৰতিষ্ঠানৰ সম্পত্তি আৰু দেনাসমূহৰ সহায়ত হিচাপবিদ্যাৰ জৰিয়তে ব্যবসায় প্রতিষ্ঠানটোৰ বিত্তীয় অবস্থা নিৰূপন কৰিবলৈ লক্ষ্য স্থিৰ কৰা হয়।
৫। তলত দিয়া প্ৰতিটো হিচাপসম্পৰ্কীয় পদৰ উদাহৰণ দি ব্যাখ্যা কৰাঃ
স্থায়ী সম্পত্তিঃ আয়, লাভ, ৰাজহ, খৰচ, অদৃশ্য সম্পত্তি হ্রস্বকালীন দেনা, মূলধন, চলিত সম্পত্তি, নামিক সম্পত্তি, তৰল সম্পত্তি।
উত্তৰঃ স্থায়ী সম্পত্তিঃ ব্যবসায় প্রতিষ্ঠানে স্থায়ীভাবে যি বিলাক সম্পত্তি সংগ্ৰহ কৰি লাভ অৰ্জনৰ বাবে ব্যবহাৰ কৰে তাকেই স্থায়ী সম্পত্তি বোলে৷ ঘৰমাটি, যন্ত্রপাতি, আচবাব আদিয়েই হল স্থায়ী সম্পত্তি। চূড়ান্ত হিচাপ প্ৰস্তুত কৰোতে স্থায়ী সম্পত্তিৰ ওপৰত ধৰা অপচয় লাভ লোকচানৰ হিচাপত দেখুৱাই উদ্ধৃত পত্ৰত মুঠ সম্পত্তিৰ পৰা অবচয় বাদ দি নেট সম্পত্তি দেখুওৱা হয়।
চলিত সম্পত্তিঃ চলিত সম্পত্তিৰ ভিতৰত নগদ টকা, দেনাদাৰ সম্ভাৰ আদিয়েই পৰে। এইবিলাক সম্পত্তি অতি সোনকালে নগদ টকালৈ ৰূপান্তৰ কৰি দেয় পৰিশোধ কৰিব পাৰি। স্থায়ী আৰু চলিত সম্পত্তিৰ Tangible সম্পত্তি বুলিও কয়।
নামিক সম্পত্তিঃ এইবিলাক কাল্পনিক সম্পত্তি। অতীতৰ পৰা গোটখাই থকা লোকচান, মূলধনীকৰণ কৰা ব্যয়, অংশ বিলিকৰোতে দিয়া বাট্টা আদিক কৃত্রিম সম্পত্তি বোলে। এটা সময়ত এইবিলাক সম্পত্তি উদ্ধৃত পত্ৰৰ পৰা উঠাই দিয়া হয়।
অদৃশ্য সম্পত্তিঃ এইবিলাক সম্পত্তি চকুৰে দেখা পোৱা নাযায়। ব্যবসায়ৰ সুনাম নাইবা ট্রেডমার্ক আদি এই শ্ৰেণীৰ সম্পত্তি।
তৰল সম্পত্তিঃ নগদ টকা, বিক্ৰী কৰিব লগা অংশ আদিক তৰল সম্পত্তি বোলে। এই বিলাক সম্পত্তি অতি সোনকালে ৰূপান্তৰ কৰি ব্যৱহাৰ কৰিব পাৰি।
লাভঃ এটা হিচাপ বৰ্ষৰ ভিতৰত সম্বন্ধ থকা ব্যয়ৰ পৰিমানতকৈ উক্ত সময়ছোৱাত হোৱা ৰাজহৰ অধিক তথা ৰাহি পৰিমাণকে লাভ বোলা হয়। লাভে ব্যবসায়ৰ মালিকৰ বিনিয়োগৰ পৰিমানো বৃদ্ধি কৰে।
ৰাজহঃ গ্ৰাহকক পণ্য বিক্ৰী কৰি বা সেয়া প্ৰদান কৰি ব্যৱহায়ে অৰ্জন কৰা ধনৰ পৰিমাণকে বিক্ৰী ৰাজহ বোলা হয়। সকলোবোৰ ব্যৱসায়ৰ বাবে সাধাৰণভাবে লাভাংশ, স্বত্বকৰ, প্ৰাপ্ত ঘৰভাড়া ইত্যাদি। ৰাজহক আয়ো বোলা হয়।
খৰচঃ ৰাজহ উপাৰ্জন কৰিবৰ বাবে ব্যৱসায়ে বহন কৰা ব্যয়কে খৰচ বোলা হয়। সাধাৰণতে খৰচসমূহ এটা বিত্তীয় বছৰত ব্যৱহাৰ সম্পত্তিৰ ব্যয় বা ব্যৱহৃত সেৱাৰ ব্যয়ৰ দ্বাৰা পৰিমাপ কৰা হয়। খৰচৰ সাধাৰণ পদসমূহ হৈছে অৱক্ষয়, ঘৰভাড়া, মজুৰি, দৰমহা, সুত তাপন ব্যয়, পোহৰ আৰু পানী, টেলিফোন খৰচ ইত্যাদি।
মূলধনঃ ব্যৱসায়ৰ মালিকে ব্যবসায়ত বিনিয়োগ কৰা ধনৰ পৰিমানকে মূলধন বোলা হয়। ইয়াক নগদ টকা আকাৰত বা সম্পত্তি আকাৰত মালিকে ব্যবসায় প্রতিষ্ঠানলৈ…..।
৬। হিচাববিদ্যাৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ তথ্যজ্ঞাপন প্রণালী হিচাপে হিচাপবিদ্যাৰ মূল উদ্দেশ্য হৈছে স্বাৰ্থজড়িত আভ্যন্তৰীন আৰু বাহ্যিক দুয়োদলৰ তথ্য ব্যৱহাৰ কৰোতাসকলক উপযোগী তথ্যৰ যোগান ধৰা ৷ হিচাপ বিদ্যাৰ প্ৰাথমিক উদ্দেশ্যসমূহৰ ভিতৰত নিম্নলিখিত বিষয়সমূহ অন্তর্ভুক্ত হৈ থাকে।
হিচাপবিদ্যাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হল—
(ক) ব্যবসায়ৰ লেনদেনসমূহৰ নথিসংৰক্ষণঃ সকলোবোৰ বিত্তীয় লেনদেন প্ৰণালীভাৱে হিচাপৰ বহীসমূহত লিখি সংৰক্ষণ কৰিবৰ বাবে হিচাপবিদ্যা ব্যবহাৰ কৰা হয়। এজন অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন বিষয়া বা পৰিচালকে প্রতিদিনে বিভিন্ন পৰিমাণৰ বিভিন্ন ধৰণৰ ব্যৱসায়ত সংঘটিত হোৱা লেনদেনসমূহক, যেনে— পণ্য ক্রয়, বিক্রি, প্রাপ্তি, পৰিশোধ, আদি যথাযথভাবে মনত ৰাখিব নোৱাৰে। সেয়ে সকলোবোৰ ব্যবসায়িক সেনদেনৰ উপযুক্ত আৰু সম্পূৰ্ণ নথি নিয়মীয়াকৈ সংৰক্ষণ কৰিব লাগে। তদুপৰি লিপিবদ্ধ কৰি ৰখা তথ্যই সত্যতা সাব্যস্ত কৰে আৰু প্ৰমাণক হিচাপে কাম কৰে।
(খ) লাভ লোকচানৰ পৰিমাণ গণনাঃ ব্যবসায়ৰ মালিকসকলে এটা পৰ্যায়কালৰ অন্তত ব্যবসায়ৰ কাম-কাজৰ প্ৰকৃত ফলাফল অর্থাৎ ব্যৱসায়টোৱে লাভ অৰ্জন কৰিছে নে লোকচান ভৰিছে তাৰ বিষয়ে এটা অনুমান কৰিবলৈ ইচ্ছা কৰে। গতিকে হিচাপবিদ্যাৰ আন এটা উদ্দেশ্য হৈছে এটা বিত্তীয় পর্যায়কালৰ ভিতৰত ব্যবসায়টোৱে লাভ অৰ্জন কৰিছে নে লোকচান ভৰিছে তাক নিৰ্ধাৰন কৰা। এই লাভ বা লোকচানৰ পৰিমাণ উক্ত সময়ছোৱাৰ বাবে ব্যবসায়ৰ আয় আৰু ব্যয়ৰ পৰিমাণৰ সহায়ত লাভ লোকচান।
৭। হিচাপবিদ্যাৰ ইতিহাস আৰু ক্ৰমোন্নতি উল্লেখ কৰা।
উত্তৰঃ হিচাপবিদ্যাই, বৈশিষ্ট্যপূৰ্ণ ঐতিহ্য সংৰক্ষণ কৰিছে। হিচাপবিদ্যাৰ ইতিহাস সভ্যতাৰ সমানেই পুৰণি। হিচাপবিদ্যাৰ বীজ যিমানদূৰ সম্ভৱ বেবিলন আৰু ইজিপ্তত খ্রীষ্টপূর্ব প্রায় 4000 বছৰৰ আগতেই সিঁচা হৈছিল। সেই সময়ত বেবিলন আৰু ইজিপ্তত বোকা মাটিৰ ফলকত মজুৰি আৰু কৰ পৰিশোধ সম্বন্ধীয় লেনদেনসমূহ লিপিবদ্ধ কৰা হৈছিল। ইতিহাসৰ সাক্ষ্যই প্ৰকাশ কৰে যে মিচৰবাসীসকলে সোণ আৰু অন্যান্য মূল্যৱান সম্পত্তি সংৰক্ষণ কৰা কোষাগাৰ সমূহত (treasuries) কিছুমান আৰ্হিৰ হিচাপ বিদ্যা ব্যৱহাৰ কৰিছিল৷ কোষাগাৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়াই তেঁওলোকৰ উৰ্দ্ধৰ্তন বিষয়া বুজিৰ (Wazir) তথা মুখ্যমন্ত্ৰীলৈ প্রতিদিনে প্রতিবেদন প্ৰেৰণ কৰিব লাগিছিল। ইয়াৰ পৰাই মাহিলি প্রতিবেদন ৰজালৈ প্ৰেৰণ কৰা হৈছিল। বাণিজ্যিক চহৰ হিচাপে জনাজাত বেবিলনত প্ৰতাৰণা আৰু দক্ষতাহীনতাৰ বাবে হোৱা ব্যৱসায়ৰ লোকচানসমূহ প্ৰকাশ কৰিবৰ বাবে হিচাপবিদ্যাক ব্যৱহাৰ কৰা হৈছিল, গ্ৰীচৰ কোষাগাৰসমূহত সংগ্ৰহ কৰা ৰাজহসমূহৰ বিভাজন মুঠ প্ৰাপ্তিৰ পৰিমাণ, মুঠ পৰিশোধৰ পৰিমাণ সংৰক্ষণ আৰু চৰকাৰী বিত্তীয় লেনদেনসমূহৰ উদ্ধও নিৰ্ধাৰণৰ বাবে হিচাপবিদ্যাক ব্যৱহাৰ কৰা হৈছিল। ৰোমানসকলে স্মাৰক বা দৈনিক বহী ব্যৱহাৰ কৰিছিল য’ত প্ৰাপ্তি আৰু পৰিশোধসমূহ লিপিবদ্ধ কৰা হৈছিল। তাৰ পৰাই মাহিলি ভিত্তিত উক্তলেনদেনসমূহ খতিয়নলৈ স্থানান্তৰ কৰা হৈছিল (খ্রীষ্টপূর্ব 700-400 খ্রীষ্টাব্দ)। চীনদেশত খ্ৰীষ্টপূর্ব ২০০০ চনৰ আগৰে পৰাই কৃত্রিমতাৰেপূর্ণ চৰকাৰী হিচাপবিদ্যা ব্যবহাৰ কৰিছিল। ভাৰতবৰ্ষতো হিচাপবিদ্যাৰ ব্যৱহাৰ 2300 বছৰৰ আগৰ পৰাই হৈ আছিল বুলি অনুমান কৰা হয়, চন্দ্ৰগুপ্তৰ ৰাজ্যৰ মন্ত্ৰী কৌটিল্যই লিখা কিতাপ অর্থশাস্ত্ৰত হিচাপসম্পৰ্কীয় তথ্যপাতিসমূহ কেনেকৈ সংৰক্ষণ কৰিব লাগে সেই বিষয়ে বর্ণনা কৰিছে।
1494 চনত ভেনিচত সদাগৰ শ্ৰেণীৰ চেন্টফ্রান্সিচৰ মতাৱলম্বী কেথিলিক সম্প্রদায়ভুক্ত লোক লুকা পেচিৱলীৰ (Luca Pacioli) কিতাপ “Summa de Arithmetica Geometria, Proportion at Proportionality (Review of Arithmetic & Geometric Proportions)” অর্থাৎ পাটিগণিত আৰু জামিতিৰ সমানুপাতিৰ পুৰনীক্ষণক দ্বিপ্ৰৱিষ্টি হিচাপৰক্ষণ পদ্ধতিৰ প্ৰথম কিতাপ হিচাপে বিবেচনা কৰা হয়। এই কিতাপখনৰ এটা অংশত ব্যৱসায়ৰ জ্ঞান আৰু হিচাপৰক্ষণৰ বিষয়ে অন্তর্ভূক্ত কৰিছে। তথাপি, পেচিৱলীয়ে দ্বি-প্ৰবিষ্ঠি পদ্ধতিৰ আৱিষ্কাৰক বুলি তেওঁ দাবী কৰা নাই, কিন্তু তেওঁ ইয়াৰ জ্ঞানহে বিস্তাৰ কৰিছিল, তেওঁৰ পুথিখনত বৰ্তমানৰ জনপ্ৰিয় হিচাপৰক্ষণৰ পদ ডেবিট (Debit/Dr.) আৰু ক্ৰডিট (Credit/er) ব্যৱহাৰ কৰিছিল, ইটালীৰ পৰিভাৰিক শব্দাৱলীত এই ধাৰণাসমূহ ব্যৱহাৰ কৰা হৈছিল, ডেবিট শব্দটো ইটালীৰ debito শব্দ যিটো লেটিন শব্দ debita আৰু debco ৰ পৰা অনা হৈছে আৰু এই শব্দৰ অৰ্থ হৈছে মালিকক দিব লগীয়া ধাৰ ৷ সেই দৰে ক্রেডিট শব্দটো ইটালীৰ Credito শব্দ যিটো লেটিন শব্দ Credo ৰ পৰা অনা হৈছে Credo শব্দৰ অৰ্থ হৈছে মালিকৰ ওপৰত বা মালিকৰ দ্বাৰা দিবলগীয়া ধনৰ ওপৰত থকা আস্থা বা বিশ্বাস।
৮। আর্থিক ঘটনা বুলিলে কি বুজা।
উত্তৰঃ ব্যৱসায় সংগঠনসমূহ আৰ্থিক ঘটনাসমূহৰ লগত জড়িত হৈ থাকে। মুদ্ৰামূলৰে পৰিমাপ কৰিব পৰা লেনদেনসমূহৰে গঠিত ব্যৱসায় সংগঠনৰ পৰিণতিৰ স্বৰূপে হোৱা ঘটনাকেই আর্থিক ঘটনা বোলা হয়। উদাহৰণ স্বৰূপে যন্ত্রপাতি ক্রয়, স্থাপন আৰু ইয়াক উৎপাদন কার্যত ব্যৱহাৰ কৰিবৰ বাবে সক্ষম কৰি তোলা আদি একো একোটা ঘটনা য’ত একাধিক, বিত্তীয় লেনদেন যেনে— যন্ত্র কিনা, যন্ত্ৰৰ পৰিবহন, যন্ত্ৰৰ স্থাপনৰ ঠাই নিৰ্দ্ধাৰণ স্থাপন কৰোঁতে হোৱা ব্যয় আৰু চলাচলৰ যোগ্যতা পৰীক্ষা (trial) আদি অন্তর্ভুক্ত হৈ থাকে।
৯। চমুকৈ লিখা চিনাক্তকৰণ পৰিমাপন, লিপিবদ্ধকৰণ আৰু যোগাযোগস্থাপন।
উত্তৰঃ চিনাক্তকৰণঃ চিনাক্তকৰণ বুলিলে কোনবোৰ লেনদেন হিচাপৰ বহীত লিপিবদ্ধ কৰা হব তাক নিৰ্দ্ধাৰণ কৰাকে বুজায়। ই হৈছে লিপিবদ্ধ কৰিবলগীয়া ঘটনাৰ চিনাক্তকৰণ, চিনাক্তকৰণৰ বাবে ব্যৱসায়ৰ কাম-কাজবোৰ নিৰীক্ষণ কৰিব লাগে আৰু সেইবোৰ ঘটনা নির্বাচন কৰিব লাগে যিবোৰ বিত্তীয় প্ৰকৃতিৰ আৰু ব্যৱসায় সংগঠনৰ লগত জড়িত হয়। সেয়ে ব্যৱসায়িক লেনদেনসমূহ আৰু আন আর্থিক ঘটনাসমূহৰ ভিতৰৰ কোনবৰ ঘটনা হিচাপৰ বহীত লিপিবদ্ধ কৰিব লাগে তাক নিৰ্ধাৰণ কৰিবৰ বাবে ইহঁতৰ মূল্য নির্ণয় কৰিব লাগে। উদাহৰণ স্বৰূপে মানব সম্পদ মূল্য পৰিচালনাৰ নীতি তথা কর্মপন্থা বা কৰ্মচাৰীৰ নিয়োগ আদি জৰুৰী বিষয়। কিন্তু ইয়াৰ কোনোটা কেই হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয়। তথাপি, যেতিয়া এটা কোম্পানীয়ে নগদত বা বাকীত পন্য বেচা কিনা কৰে বা দৰমহা পৰিশোধ কৰে, তেতিয়া ইয়াক হিচাপৰ বহীত লিপিবদ্ধ কৰা হয়।
পৰিমাপনঃ পৰিমাপ কৰা একক হিচাপে মুদ্ৰামানৰ একক যেনে – টকা আৰু পইচা ব্যৱহাৰ কৰি ব্যৱসায়িক লেনদেনসমূহক বিত্তীয় পদত প্রাক্কলন্যাস সংখ্যাত ব্যক্ত কৰাকেই পৰিমাপন বোলা হয়। যদি কোনো এটা ঘটনা মুদ্রামান পদত ব্যক্ত কৰিব পৰা নাযায় তেনে ঘটনা বিত্তীয় বিচাপ বহীসমূহত লিপিবদ্ধ কৰিবৰ বাবে বিবেচনা কৰা নহয়, সেয়ে গুৰুত্বপূৰ্ণ পদ যেনে— এজন নতুন পৰিচালন সঞ্চালকৰ (Managing Director) নিযুক্তি, চুক্তি স্বাক্ষৰ কৰা বা কৰ্মচাৰীৰ পৰিবৰ্তন আদি হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয়।
লিপিবদ্ধকৰণঃ আর্থিক ঘটনাসমূহ এবাৰ চিনাক্ত কৰা আৰু বিত্তীয় পৰিভাষাত পৰিমাপন কৰাৰ পিছত ইহঁতক হিচাপৰ বহীত আর্থিক পদত আৰু সময় অনুক্ৰমে লিপিবদ্ধ কৰিব লাগে। লিপিবদ্ধকৰণ এনে ধৰনেৰে কৰিব লাগে যাতে প্রয়োজনীয় বিত্তীয় তথ্যসমূহ সুপ্রতিষ্ঠিত প্রথা অনুসৰি সংক্ষিপ্ত কৰা হয় আৰু যেতিয়াই প্রয়োজন হয় তেতিয়াই ইহঁতক সহজে পাব পৰা অৱস্থাত ৰাখিব লাগে।
যোগাযোগ স্থাপনঃ আৰ্থিক ঘটনাসমূহ চিনাক্তকৰণ, পৰিমাপন আৰু লিপিবদ্ধ এনেদৰে কৰা হয় যাতে প্রাসঙ্গিক তথা উপযুক্ত তথ্য সৃষ্টি কৰা হয় আৰু কোনো নিৰ্দিষ্ট আৰ্হিত পৰিচালক মণ্ডলী আৰু অন্যান্য আভ্যন্তৰীণ আৰু বাহ্যিক তথ্য ব্যৱহাৰ কৰোঁতাসকললৈ তেনে তথ্য অৱগত কৰোৱা হয়। তথ্যসমূহ হিচাপসম্পৰ্কীয় প্রতিবেদনৰ জড়িয়তে নিয়মীয়াকৈ অৱগত কৰোৱা হয়। এই প্রতিবেদনসমূহে সৰবৰাহ কৰা তথ্যসমূহ বিভিন্ন ধৰণৰ তথ্য ব্যৱহাৰ কৰোঁতা সকলৰ বাবে উপযোগী হয়। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ বিত্তীয় সম্পাদিত কাৰ্য্য আৰু বিত্তীয় অৱস্থা নিৰ্ধাৰণ কৰা, ব্যৱসায়িক কাম-কাজৰ পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰা আৰু সময়ে সময়ে কৰা প্ৰয়োজনীয় সিদ্ধান্তসমূহৰ প্ৰতি এই তথ্য ব্যৱহাৰ কৰোঁতাসকল আগ্ৰহী হয়। হিচাপসম্পৰ্কীয় তথ্যজ্ঞাপন প্রণালী এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে সঠিক তথ্য সঠিক ব্যক্তিক সৰবৰাহ কৰিব পৰা যায়। তথ্য ব্যৱহাৰ কৰোঁতাসকলৰ প্ৰয়োজন অনুসৰি প্ৰতিবেদনসমূহ দৈনিক, সপ্তাহিক, মাহেকীয়া বা তিনিমহীয়া হ’ব পাৰে, তথ্যজ্ঞাপন প্ৰক্ৰিয়াৰ এটা প্রধান উপাদান হৈছে প্রাসঙ্গিক তথ্যসমূহ উপস্থাপন কৰাত গাণনিকৰ যোগ্যতা আৰু দক্ষতা।
১০। হিচাপ বিদ্যাৰ পৰোক্ষ স্বাৰ্থ থকা যিকোনো পাঁচবিধ তথ্য ব্যৱহাৰ কৰোঁতা তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ হিচাপবিদ্যা হৈছে এটা ব্যৱসায় প্ৰতিষ্ঠানৰ প্ৰয়োজনীয় বিত্তীয় তথ্য আদান-প্ৰদান কৰা এক আহিলা আৰু সেয়ে ইয়াক ব্যৱসায়ৰ ভাষা বুলিও অভিহিত কৰা হয়। গুৰুত্বপূর্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰোঁতাসকল ব্যক্তিসকলক দুটা প্রধান ভাগত ভাগ করা হয়। এটা হৈছে আভ্যন্তৰীন তথ্য ব্যৱহাৰ কৰোঁতাসকল আৰু আনটো হৈছে বাহ্যিক তথ্য বাৱহাৰ কৰোঁতাসকল, আভ্যন্তৰীণ তথ্য বাৱহাৰ কৰোঁতাসকলৰ ভিতৰত মুখ্য কাৰ্যবাহী বিষয়া, বিত্তীয় বিষয়া উপসভাপতি, ব্যৱসায় গোটৰ পৰিচালকসকল, যন্ত্রপাতিৰ পৰিচালকসকল, গুদামঘৰ পৰিচালকসকল, ৰৈখিক তত্ত্বাবধায়কসকল, আদি থাকে। বাহ্যিক তথ্য ব্যৱহাৰ কৰোঁতাসকলৰ ভিতৰত (বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানসমূহ ঋণপত্ৰধাৰক সকল আৰু অন্যান্য ধাৰ দিওঁতাসকল), কৰ কৰ্তৃপক্ষ সমূহ (কোম্পানী সংক্রান্ত বিভাগ, কোম্পানীসমূহৰ পঞ্জীয়ক, ভাৰতবৰ্ষৰ প্ৰতিভুতি আৰু বিনিময় বোর্ড), শ্রমিক সংঘ, বণিক সংঘ, ষ্টক বিনিময় বজাৰ আৰু গ্ৰাহক ইত্যাদি থাকে, যিহেতু হিচাপবিদ্যাৰ প্ৰাথমিক কাম হৈছে, সিদ্ধান্ত গ্রহণত উপযোগী তথ্যৰ যোগান ধৰা সেয়ে ই শেষ প্ৰান্তত উপনীত হোৱাৰ এক আহিলাহে, হিচাপ সম্পৰ্কীয় তথ্যৰ প্ৰাপ্যতাৰ দ্বাৰা অন্তিম স্তৰ তথা সিদ্ধান্ত গ্ৰহণত উপনীত হোৱাত সহায় হয়। তোমালোকে এই অধ্যায়ৰ শেষফালে হিচাপসম্পৰ্কীয় তথ্য আৰু ইহঁতৰ ব্যৱহাৰ কৰোঁতাসকলৰ বিষয়ে অধ্যায়ন কৰিব পাৰিবা।
১১। তথ্য ব্যৱহাৰ কৰোতাসকলে কিয় হিচাপ সম্পৰ্কীয় তথ্য বিচাৰে?
উত্তৰঃ (i) ব্যৱসায়ৰ মালিক তথা অংশপত্ৰধাৰসকলে তেওঁলোকৰ বিনিয়োগৰ ওপৰত সন্তোষজনক প্রতিদান পাইছেনে নাই তাক জানিবৰ বাবে আৰু তেওঁলোকৰ কোম্পানি তথা ব্যৱসায়ৰ বিত্তীয় স্বচ্ছলতাৰ মূল্য নির্ণয় কৰিবৰ বাবে তেওঁলোকে বিত্তীয় তথ্য ব্যৱহাৰ কৰে।
(ii) সঞ্চালক তথা পৰিচালকসকলে তেওঁলোকৰ উদ্যমত সম্পাদিত কাৰ্যৰ মূল্য নিৰ্ধাৰণৰ বাবে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে দুয়োবিধ তুলনা কৰিবৰ উদ্দেশ্যে ইহঁতক ব্যৱহাৰ কৰে। তেওঁলোকে তেওঁলোকৰ কোম্পানীৰ বিত্তীয় বিশ্লেষণ শিল্পৰ সংখ্যাৰ লগত তুলনা কৰি কোম্পানীৰ সবলতা আৰু দুৰ্বলতা নিৰ্ধাৰণ কৰিব পাৰে৷
(iii) ধাৰ দিওঁতা পাওনাদাৰসকলে তেওঁলোকৰ প্ৰাপ্যধন ঘূৰাই পাব আৰু তেওঁলোকে বিশেষকৈ ইয়াৰ তৰলতা, যাৰ দ্বাৰা কোম্পানী তথা সংগঠনে তেওঁলোকৰ দেনাসমূহ দেয় হোৱাৰ লগে লগেই পৰিশোধ কৰিব পাৰে, তাক জানিবলৈ সেই দিশৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে ৷
(iv) সম্ভাৱ্য বিনিয়োগকাৰীসকলে কোম্পানী তআথ-সংগঠনত তেওঁলোকৰ ধন বিনিয়োগ কৰিব নে নকৰে তাৰ মূল্য নির্ণয় কৰাত হিচাপসম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰে।
(v) চৰকাৰ আৰু নিয়ন্ত্ৰণকাৰী কর্তৃপক্ষ যেনে— কোম্পানীসমূহৰ পঞ্জীয়ক, শুল্ক বিভাগ বীমা নিয়ন্ত্ৰণকাৰী উন্নয়ন প্ৰাধিকৰণ (IRDA), ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) আদিয়ে বিনিয়োগকাৰী পাওনাদাৰৰ (দাৰ দিওঁতা) স্বাৰ্থৰ প্ৰতিৰক্ষা কৰিবৰ বাবে, বিভিন্ন ধৰণৰ কৰ যেনে— মূল্য সংযোজিত কৰ (Value Added Tax) আয়কৰ (Income Tax) বাণিজ্য শুল্ক (Custom Duty) আৰু আবকাৰী শুল্ক (Excise Duty) পৰিশোধ কৰিবৰ বাবে তথ্য বিচাৰে আৰু সময়ে সময়ে 1956 চনত ভাৰতীয় কোম্পানী আইন আৰু ভাৰতীয় প্ৰতিভৃতি আৰু বিনিময় বোর্ডে (SBI) ধার্য কৰা আইনগত দায়িত্ব সন্তোষজনকভাবে মানি চলিছে নে নাই তাক জানিবৰ বাবেও হিচাপসম্পৰ্কীয় তথ্য বিচাৰে।
১২। হিচাপবিদ্যাৰ শাখাসমূহ কি কি?
উত্তৰঃ অর্থনৈতিক অগ্রগতি আৰু কাৰিকৰী দিশত উন্নতি বিধানসমূহৰ ফলস্বৰূপে কামকাজৰ পৰিসৰ বৃদ্ধি আৰু কোম্পানী আৰ্হিৰ ব্যৱসায় সংগঠনৰ আবির্ভাব হয়, ই পৰিচালনাৰ কাম কাজ অধিকতৰ জটিল কৰি তুলিলে আৰু হিচাপ সম্পৰ্কীয় তথ্যৰ প্ৰাধান্যও বৃদ্ধি কৰিলে। ইয়াৰ ফলতেই হিচাপবিদ্যাৰ বিশেষ শাখাসমূহৰ অভ্যূত্থান হয়।
এই শাখাসমূহৰ বিষয়ে চমুকৈ তলত ব্যাখ্যা কৰা হ’ল—
(i) বিত্তীয় হিচাপবিদ্যা (Financial Accounting): হিচাপবিদ্যাৰ এই শাখাটোৰ উদ্দেশ্য হৈছে বিত্তীয় লেনদেনসমূহৰ টোকা ৰখা যাতে—
(a) এটা হিচাপ তথ্য বিত্তীয় বৰ্ষৰ ভিতৰত ব্যৱসায়টোৱে অৰ্জন কৰা লাভ বা বহনকৰা লোকচানৰ পৰিমান নিৰ্ধাৰণ কৰিব পাৰি।
(b) এটা হিচাপবৰ্ষৰ অন্তত ব্যৱসায়ৰ বিত্তীয় অৱস্থা নিৰ্ধাৰণ কৰিব পাৰি।
(c) পৰিচালনা আৰু আন স্বাৰ্থজড়িত পক্ষসমূহে বিচৰা বিত্তীয় তথ্যসমূহৰ যোগান ধৰিব পাৰি।
(ii) উৎপাদন ব্যয় হিচাপবিদ্যা (Cost Accounting): উৎপাদন ব্যয় হিচাপবিদ্যাৰ উদ্দেশ্য হৈছে ব্যয়সমূহ বিশ্লেষণ কৰি তাৰ পৰা ব্যৱসায় প্রতিষ্ঠানখনে উৎপাদন কৰা বিভিন্ন দ্ৰব্যৰ উৎপাদন ব্যয় নিৰ্ধাৰণ কৰা আৰু দ্ৰব্যৰ মূল্য স্থিৰ কৰা। ই উৎপাদন ব্যয় নিয়ন্ত্রণতো সহায় কৰে আৰু ব্যয় সম্পর্কীয় প্রয়োজনীয় তথ্য পৰিচালকসকলক তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণৰ বাবে ই যোগান ধৰে।
(iii) পৰিচালনা হিচাপবিদ্যা (Management Accounting): পৰিচালনা হিচাপবিদ্যাৰ উদ্দেশ্য হৈছে যুক্তিসন্মত কর্মপন্থা সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণত পৰিচালক সকলক সহায় কৰা আৰু সিদ্ধান্ত আৰু কৰ্মত পৰা ইয়য়াৰ প্ৰভাৱসমূহ পুনৰ মূল্যায়ণ কৰা।
১৩। হিচাপসম্পৰ্কীয় তথ্যৰ গুণগত বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ হিচাপসম্পৰ্কীয় তথ্যৰ গুণগত বৈশিষ্ট্যসমূহঃ গুণগত বৈশিষ্ট্যসমূহ হিচাপসম্পৰ্কীয় তথ্যৰ আৰোপিত গুণ যি ইয়াৰ বোধগম্যতা আৰু উপকাৰিতা বৃদ্ধি কৰাত সহায় কৰে। সিদ্ধান্ত গ্ৰহণৰ বাবে হিচাপ সম্পৰ্কীয় তথ্য উপযোগী হ’ব নে নহয় তাৰ মূল্য নিৰ্ধাৰণ কৰোঁতে তথ্যসমূহে বিশ্বাসযোগ্যতা, প্রাসঙ্গিকতা, বোধগম্যতা আৰু তুলনাযোগ্যতা বৈশিষ্টসমূহ অৰ্জন কৰিব লাগে।
বিশ্বাসযোগ্যতাঃ বিশ্বাসযোগ্যতাৰ অৰ্থ হৈছে তথ্য ব্যৱহাৰ কৰোঁতা সকলে তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবৰ বাবে সক্ষম হ’ব লাগে। হিচাপ সম্পৰ্কীয় তথ্যৰ বিশ্বাসযোগ্যতা সংঘটিত পৰিমাপিত আৰু প্ৰকাশিত লেনদেন বা ঘটনাই কি তথ্য সৰবৰাহ কৰিছে তাৰ বিনিময়ৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰা হয়, এটা বিশ্বাসযোগ্য তথ্য ভূল আৰু পক্ষপাতিত্বতাৰ পৰা মুক্ত হয় আৰু ই কি প্রতিনিধিত্ব কৰিবলৈ গৈছে তাক বিশ্বাসযোগ্যতায় প্ৰদৰ্শন কৰিব পাৰে। বিশ্বাসযোগ্যতা প্রতিপন্ন কৰিবলৈ প্ৰকাশিত তথ্যসমূহ বিশ্বাসযোগ্য হ’ব লাগিব আৰউ পৰিমাপনৰ বাবে একে পদ্ধতি প্রয়োগ কৰি স্বতন্ত্র ব্যক্তিৰ দ্বাৰা ইয়াৰ সত্যতা প্রতিপন্ন কৰিব লাগে আৰু লগতেই নিৰপেক্ষ আৰু বিশ্বস্ত হ’ব লাগে।
প্রাসঙ্গিকাতঃ প্রাসঙ্গিকতা হ’বলৈ হ’লে তথ্যসমূহ সময়মাত উপলব্ধ তথ্য প্রাপ্তিসাধ্য, পূর্বানুমান আৰু সংশ্লিষ্ট আৰু প্ৰয়োজনীয় তথ্যপ্রদানত সহায় কৰিব লাগে আৰু তথ্য ব্যৱহাৰকাৰীৰ সিদ্ধান্তগ্রহণত—
(a) অতীত, বর্তমান বা ভৱিষ্যতৰ ঘটনাৰ ফলাফলৰ বিষয়ে পূর্বানুমান কৰোঁতে সহায় কৰিব লাগে।
(b) তেওঁলোকৰ অতীতৰ পুণৰ মূল্যায়ণসমূহ নিশ্চিত বা সংশোধনৰ দ্বাৰা প্ৰভাৱ পোলাব লাগে।
ৰোধগম্যতাঃ বোধগম্যতা বুলিলে হিচাপসম্পৰ্কীয় তথ্যৰ ব্যাখ্যা ইহঁতক যি অৰ্থত প্ৰস্তুত কৰি সিদ্ধান্ত গ্ৰহণ কৰোতাসকললৈ প্ৰেৰণ কৰা হৈছে সেই একে অৰ্থতে তেওঁলোকেও তাৰ ব্যাখ্যা দাঙি ধৰিব লাগে। যিবিলাক শুনে এটা বাৰ্তাত ভাল আৰু বেয়াকৈ প্ৰকাশ কৰাৰ পাৰ্থক্য নিৰ্ধাৰণ কৰিব পাৰে তেনেবোৰ গুণবাৰ্তাটোৰ বোধগম্যতাৰ মূল্য ভিত্তিস্বৰূপ হয়। এটা বাৰ্তা কাৰ্যকৰীভাৱে প্ৰেৰণ কৰা হৈছে বুলি তেতিয়া কোৱা হয় যেতিয়া বাৰ্তাৰ প্ৰাপকে কৰা ব্যাখ্যাৰ লগত প্ৰেৰকে পঠোৱা বাৰ্তাৰ অৰ্থ একে হয়। গাণনিকসকলে তুলনামূলক তথ্য অতিস্পষ্ট ধৰণেৰে প্রাসঙ্গিকতা আৰু বিশ্বাসযোগ্যতা বিসর্জন নিদিয়াকৈ উপস্থাপন কৰিব লাগে।
তুলনাযোগ্যতাঃ এক নিৰ্দ্দিষ্ট সময়ত আৰু নিৰ্দ্দিষ্ট পৰিস্থিতিত বা এটা বিশেষ গোটক বিৱৰণ দিলেই বিত্তীয় তথ্যসমূহ যথেষ্ট প্রাসঙ্গিক আৰু বিশ্বাসযোগ্য নহয়। কিন্তু এইটো সমানে গুৰুত্বপূর্ণ যে সাধাণৰ উদ্দেশ্যৰ বিত্তীয় বিবৃতিসমূহৰ জৰিয়তে তথ্য ব্যৱহাৰ কৰোঁতাসকলে ব্যৱসায় গোটটোৰ বিভিন্ন সময়ৰ আৰু আন ব্যৱসায় গোটৰ লগত বিভিন্ন দিশৰ তুলনা বিবৃতিসমূহ এটা সাধাৰণ কালৰ হ’ব লাগে আৰু পৰিমাপনৰ উমৈহতীয়া একক আৰু প্ৰকাশৰ আৰ্হিও একে হ’ব লাগে।
১৪। হিচাপবিদ্যাৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ শতিকাজুৰি অৰ্থনৈতিক উন্নয়ণ আৰু সমাজৰ চাহিদা ক্রমবর্ধমান হাৰত বৃদ্ধি হোৱা বাবে হিচাপবিদ্যাৰ ভূমিকাও পৰিৱৰ্তন হৈ আহিছে। ই এটা প্ৰতিষ্ঠাৰ তথ্যৰ স্তপ যি পৰিমাপন, শ্ৰেণীবিভাগ আৰু সংক্ষিপ্তকৰণৰ জৰিয়তে বর্ণনা আৰু বিশ্লেষণ কৰে আৰু সেই তথ্যসমূহ বিত্তীয় অৱস্থা আৰু প্ৰতিষ্ঠানৰ কাৰ্যকৰী ফলাফল দেখুৱা বিবৃতি আৰু প্ৰতিবেদন আকাৰত সংক্ষিপ্ত কৰে। সেয়ে ইয়াক ব্যৱসায়ৰ ভাষা হিচাপে গণ্য কৰা হয়। তথ্য ব্যৱহাৰ কৰোঁতাসকলক বিভিন্ন প্ৰকাৰে সহায় কৰা সংখ্যাত্মক বিত্তীয় তথ্যৰ যোগান ধৰি ই সেৱাপ্ৰদানৰ কাম সম্পন্ন কৰে। তথ্য প্ৰদান কৰা প্ৰণালী হিচাপে হিচাপবিদ্যাই প্ৰতিষ্ঠানৰ আৰ্থিক তথ্যসমূহ সংগ্ৰহ কৰি বিভিন্ন শ্ৰেণীৰ স্বাৰ্থজড়িত পক্ষলৈ প্ৰদান কৰে। তথাপি অতীতৰ লেনদেনৰ লগত জড়িত হিচাপসম্পৰ্কীয় তথ্য আৰু ইহঁতে সংঘ্যাত্মক আৰু বিত্তীয় প্ৰকৃতিৰ হলেও ইহঁতে গুণাত্মক আৰু অনাবিত্তীয় তথ্যৰ যোগান ধৰিব নোৱাৰে। হিচাপিবদ্যাৰ এই সীমাবদ্ধতাসমূহ হিচাপ সম্পৰ্কীয় তথ্য ব্যৱহাৰ কৰোঁতে বিবেচনাত ল’ব লাগে।
১৫। হিচাপবিদ্যাৰ বিভিন্ন ভূমিকা উল্লেখ কৰা?
উত্তৰঃ ভাষা হিচাপেঃ ইয়াক ব্যৱসায়ৰ ভাষা হিচাপে উপলব্ধি কৰা হয়। ইয়াক ব্যৱসায় প্ৰতিষ্ঠানৰ তথ্য প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।
ঐতিহাসিক নথি হিচাপেঃ ইয়াক এটা প্ৰতিষ্ঠানৰ সংঘটিত হোৱা বিত্তীয় লেনদেনৰ প্ৰকৃত পৰিমাণৰ সময় অনুক্ৰমে লিপিবদ্ধ কৰি নথি হিচাপে বিবেচনা কৰা হয়।
চলিত আর্থিক বাস্তৱতা হিচাপেঃ এখন প্ৰতিষ্ঠানৰ শুদ্ধ আৰু প্ৰকৃত আয়ৰ পৰিমাণ নিৰ্ধাৰণৰ আহিলা হিচাপে ইয়াক বিবেচনা কৰা হয়, যেনে—সময় অতিবাহিত হোৱা বাবে সম্পদৰ পৰিবৰ্তন।
সংবাদ পদ্ধতি হিচাপেঃ ইয়াক যোগাযোগৰ প্ৰণালীৰ জড়িয়তে তথ্যৰ উৎসৰ (গাণনিকজন) লাগত তথ্য গ্ৰহণ কৰোঁতাসকলক (বাহ্যিক তথ্য ব্যৱহাৰ কৰোঁতা) সংযোগ কৰাৰ প্ৰক্ৰিয়া হিচাপে অৱলোকন কৰা হয়।
পণ্য হিচাপেঃ গাণনিক ইচ্ছা কৰিলে আৰু প্ৰদান কৰিবৰ বাবে সক্ষম হলে সমাজত চাহিদা থকা বিশিষ্ট তথ্য প্ৰদানৰ সেৱা হিচাপে ইয়াক বিবেচনা কৰা হয়।
১৬। চমুকৈ লিখাঃ
অস্তিত্ব তথা সত্বা (Entity): অস্তিত্ব বা সত্বা হৈছে এটা বিষয় যাৰ ব্যক্তিগত বিদ্যমানতা আছে। ব্যবসায়িক সত্বা হৈছে বিশেষভাৱে চিনাক্ত কৰিব পৰা ব্যৱসায়িক প্রতিষ্ঠান যেনে— চুপাৰ বজাৰ, হায়াৰ জুৱেলাৰ্চ, ITC, Ltd. আদি হিচাপৰক্ষণ পদ্ধতি সদায় এক বিশেষ ব্যৱসায়িক সত্বাৰ বাবে পৰিকল্পনা কৰা হয়। ব্যৱসায়িক সত্বাক হিচাপ সম্পৰ্কীয় সত্বাও বোলা হয়।
লেনদেন (Transaction): দূটা বা ততোধিক সত্বাৰ মাজত কিছু মূল্যৰ বিনিময়ত সংঘটিত হোৱা ঘটনা, ই পণ্য ক্রয়, নগদ টকাৰ প্ৰাপ্তি, পাওনাদাৰ কৰা পৰিশোধ, খৰচ পৰিশোধ, আদি হ’ব পাৰে, ই নগদ লেনদেন বা বাকীৰ লেনদেন হ’ব পাৰে।
সম্পত্তি (Assets): সম্পত্তি হৈছে এটা প্রতিষ্ঠানৰ আৰ্থিক সম্পদ যাক কার্যকৰীভাৱে মুদ্ৰামানত প্ৰকাশ কৰিব পাৰি। সম্পত্তি হৈছে ব্যৱসায়ৰ কাম-কাজত ব্যবহাৰ কৰা পদৰ মূল্য।
উদাহৰণস্বৰূপেঃ চুপাৰ বজাৰে কিছুমান ট্রাক গাড়ী খাদ্য বস্তু বিতৰণ কৰিবৰ বাবে ৰাখিছে। ট্রাকসমূহে প্ৰতিষ্ঠনলৈ আর্থিক সুবিধা প্ৰদান কৰিছে। এই পদটো চুপাৰ বজাৰৰ উদ্ধৃত পত্ৰৰ সম্পত্তি দিশত দেখুৱা হয়। সম্পত্তিসমূহ বহুলভাবে দুভাগত ভগোৱা হয় স্থায়ী আৰু চলিত স্থায়ী সম্পত্তিসমূহ দীর্ঘকালীন ভিত্তিত ৰখা হয় যেনে— ভূমি, ভৱন, যন্ত্রপাতি, কলকজ্জ, আচবাব পত্র ইত্যাদি। এই সম্পত্তিসমূহ ব্যবসায়ৰ স্বাভাৱিক কার্য সম্পাদনৰ ব্যৱহাৰ কৰা হয়।
চলিত সম্পত্তিসমূহ হ্রস্বকালীন ভিত্তিত সংৰক্ষণ কৰা হয়। যেনে- দেনাদাৰ (প্ৰাপ্য তথা পাবলগীয়া ধন), প্রাপ্য বিনিময় পত্র (প্রাপ্য পত্র) অস্থায়ী বিক্রীযোগ্য প্রতিভূতি, নগত টকা আৰু বেংকত থকা জমাধন।
দেনাসমূহ (Liabilities): দেনাসমূহ হৈছে এখন প্রতিষ্ঠানে ভৱিষ্যতৰ কোনো সময়ত পৰিশোধ কৰিবলগীয়া ধাৰ (debt) বা ঋণগ্ৰস্ততাৰ স্বীকাৰ। ই ব্যৱসায় প্রতিষ্ঠানৰ সম্পত্তিৰ ওপৰত থকা পাওনাদাৰৰ দাবীকে সূচায়। সৰু আৰু ডাঙৰ ব্যৱসায় প্রতিষ্ঠানসমূহে এটা সময়ত টকা ধাৰ কৰাটো বা বাকীত পণ্য ক্রয় কৰাটো প্ৰয়োজন হৈ পৰে। উদাহৰণ স্বৰূপে চুপাৰ বজ্ৰাৰে ২০০৮ চনৰ ৩১ মাৰ্চত Fast Food Product ৰ পৰা 10,000 টকাৰ পণ্য বাকী টকা কিনলে। যদি ২০০৮ চনৰ ৩১ মার্চ তাৰিখত চুপাৰ বজাৰৰ উদ্ধৃত পত্ৰ প্ৰস্তুত কৰা হয় তেনেহলে Fast Food Products ক পাওনাদাৰ হিচাপে উদ্বৃত পত্ৰৰ দেনাদিশত দেখুওৱা হয়। যদি চুপাৰ বজাৰে Delhi Stode Co-Operative Bank পৰা তিনি বছৰৰ এটা ঋণ লয় তেতিয়া ইয়াকো চুপাৰ বজাৰৰ উদ্বৃত্ত পত্ৰত দেনা হিচাপে দেখুৱা হ’ব, দেনাসমূহ দীর্ঘকালীন দেনা আৰু হ্রস্বকালীন দেনাসমূহ সাধাৰণতে এবছৰতকৈ পিছত পৰিশোধ কৰিব লাগে। উদাহৰণস্বৰূপে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা সীমিত কালৰ ঋণ বা কোম্পানীয়ে বিলি কৰা ঋণপত্র বা বন্ড (bond)।
হ্রস্বকালীন দেনাসমূহ হৈছে এবছৰ ভিতৰত পৰিশোধ কৰিবলগীয়া আইনগত বাধ্যবাধকতা বা দেনা। ইয়াৰ উদাহৰণ হৈছে— পাওনাদাৰ, প্ৰাদয় বিল, বেংকৰ জমাতি ৰিক্ত (Overdraft) আদি।
মূলধন (Capital): ব্যৱসায়ৰ মালিকে ব্যৱসায়ত বিনিযোগ কৰা ধনৰ পৰিমাণকে মূলধন বোলা হয়। ইয়াক লগদ টকা আকাৰত বা সম্পত্তি আকাৰত মালিকে ব্যৱসায় প্রতিষ্ঠানলৈ আনে। মূলধন হৈছে এক ঋণগ্ৰস্থতা আৰু ব্যৱসায়ৰ সম্পত্তিৰ ওপৰত থকা এক দাবী, সেয়ে ইয়াক উদ্বৃত পত্ৰৰ দেনাদিশত মূলধন হিচাপে দেখুৱা হয়।
বিক্ৰী (Sales): গ্রাহকক পণ্য বিক্ৰী কৰি বা সেৱা প্ৰদান কৰি পোৱা ৰাজহকে বিক্ৰী বোলা হয়। বিক্ৰী নগদ বিক্রী বা বাকী বিক্ৰী হৱ পাৰে।
পণ্যক্রয় (Purchase): বিক্ৰী বা ব্যৱহাৰ কৰিবৰ বাবে ব্যৱসায়ে নগদ টকাৰ বাবে বাকীত সংগ্ৰহ কৰাৰ পণ্যৰ মুঠ পৰিমাণকে ক্রয় বোলা হয়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত অতিৰিক্ত প্ৰক্ৰিয়াকৃত কৰি বা নকৰাকৈ বিক্ৰীৰ বাবে পণ্যদ্ৰব্য ক্ৰয় কৰা হয়। এটা উৎপাদনকাৰী প্ৰতিষ্ঠানত কেঁচামাল ক্ৰয় কৰা হয়। পুনৰ প্ৰক্ৰিয়াকৃত কৰি প্ৰস্তুত দ্রব্য উৎপাদন কৰা হয় আৰু পিছত এই দ্রব্য বিক্ৰী কৰা হয়। পণ্যক্রয় নগদ ক্রয় বা বাকী ক্ৰয় হব পাৰে।
লাভ (Profit): এটা হিচাপ বৰ্ষৰ ভিতৰত সম্বন্ধ থকা ব্যয়ৰ পৰিমাণতকৈ উক্ত সময়ছোৱাত হোৱা ৰাজহৰ অধিক তথা ৰাহি পৰিমাণকে লাভ বোলা হয়। লাভে ব্যৱসায়ৰ মালিকৰ বিনিয়োগৰ পৰিমানো বৃদ্ধি কৰে।
উপার্জন (Gain): উপাৰ্জন হৈছে ব্যৱসায়ৰ লগত আনুষাঙ্গিক হিচাপে থকা ঘটনা বা লেনদেনৰ পৰা উদ্ভৱ হোৱা লাভ, যেনে— স্থায়ী সম্পত্তিৰ বিক্ৰী, মোকদমাত জয়লাভ কৰা, সম্পত্তিৰ মূল্যবৃদ্ধি হোৱা ইত্যাদি।
প্রমাণক (Voucher): কোনো লেনদেনৰ সমৰ্থনৰ দলিলী সাক্ষ্যকে প্রমাণক বোলা হয়। উদাহৰণ – যেতিয়া আমি নগদ টকাৰে পণ্য কিনি তেতিয়া নগদ ৰচিদ পাওঁ। যদি বাকীত কিনো তেতিয়া এখন বিজক (Invoice) পাওঁ আৰু যেতিয়া নগদ ধন পৰিশোধ কৰো তেতিয়া আমি প্রাপ্তি ৰচিদ (Money Receipts) পাওঁ ইত্যাদি। এই নগদ ৰচিদ, বিজক, প্রাপ্তি ৰচিদ আদিয়েই হৈছে প্ৰমাণক।
দেনাদাৰসল (Debtors): দেনাদাৰসকল হৈছে ব্যক্তি তথা আন প্রতিষ্ঠান যি বাকীত পণ্য, কিনা আৰু সোৱ গ্ৰহণৰ বাবে আন এখন প্রতিষ্ঠানক ধন দিবলগীয়া হৈ থাকে। বছৰৰ সামৰণী তাৰিখত তেনে ব্যক্তি বা প্রতিষ্ঠানসমূহে দিবলগীয়া থকা মুঠ পৰিমাণক দেনাদাৰ হিচাপে উদ্বৃত্ত পত্ৰৰ সম্পত্তি দিশত দেখুৱা হয়।
পাওনাদাৰ সকল (Creditors): পাওনাদাৰ সকল হৈছে ব্যক্তি তথা প্রতিষ্ঠান যি আন ব্যক্তি বা প্রতিষ্ঠানক বাকীত পণ্য আৰু সেৱা প্ৰদান কৰা বাবে পণ্য বা সেৱা গ্ৰহণকাৰী উক্ত প্ৰতিষ্ঠানৰ পৰা টকা পাবলগীয়া হৈ থাকে, এনে ব্যক্তি তথা প্রতিষ্ঠানে পাবলগীয়া বছৰৰ সামৰণী, তাৰিখত থকা টকাৰ পৰিমাণক বিভিন্ন পাওনাদাৰ নামেৰে উদ্বৃত্ত পত্ৰৰ দেনা দিশত দেখুওৱা হয়।
লোকচান (Loss): এটা পৰ্যায়কালৰ ব্যয় ইয়াৰ সম্বন্ধ থকা ৰাজহৰ পৰিমাণতকৈ বেছি হলে তেনে বেছি পৰিমাণকে লোকচান বোলা হয়। ই মালিকৰ প্ৰাপ্যৰ পৰিমাণ কমাই দিয়ে। ই কোনো সুবিধা আহৰণ নকৰাকৈ নগদ টকা বা নগদ টকাৰ মূল্যত লোকচান হোৱাকে সূচায়। উদাহৰণঃ নগদ টকা বা পণ্যচুৰি বা জুইৰ দ্বাৰা হোৱা দূৰ্ঘটনা আদি, ই স্থায়ী সম্পত্তি বিক্রী কৰোতে হোৱা লোকচানকো সামৰি লয়।
ৰাজহ (Revenues): গ্রহকক পণ্য বিক্ৰী কৰি বা সেৱা প্ৰদান কৰি ব্যৱসায় অৰ্জন কৰা ধনৰ পৰিমাণকে বিক্ৰী ৰাজহ বোলা হয়। সকলোবোৰ ব্যৱসায়ৰ বাবে সাধাৰণভাৱে ব্যৱহাৰ কৰা ৰাজহৰ আন পদসমূহ হৈছে দস্তুৰি। সুত, লাভাংশ, স্বত্বকৰ, প্রাপ্ত ঘৰভাড়া ইত্যাদি। ৰাজহক আয়ো (Income) বোলা হয়।
খৰচ (Expenditure): ৰাজহ উপাৰ্জন কৰিবৰ বাবে ব্যবসায় বহন কৰা ব্যয়কে খৰচ বোলা হয়। সাধাৰণতে খৰচসমূহ এটা বিত্তীয় বছৰত ব্যৱহৃত সম্পত্তিৰ ব্যয় বা ব্যৱহৃত সেৱাৰ ব্যয়ৰ দ্বাৰা মজুৰি, দৰমহা, সুত, তাপন্য ব্যয়, পোহৰ আৰু পানীৰ, টেলিফোন খৰচ ইত্যাদি।
ব্যয় (Expenditure): কোনো সুবিধা, সেৱা, বা সম্পত্তি প্ৰাপ্তিৰ বাবে খৰচ কৰা ধন বা উদ্ভব কৰা দেনাকে ব্যয় বোলা হয়। ঘৰভাড়া পৰিশোধ, দৰমহা, পণ্য ক্রয়, যন্ত্রপাতি ক্রয়, আচবাব পত্র ক্রয় আদি ব্যয়ৰ উদাহৰণ। যদি ব্যয়ৰ সুবিধা এটা বছৰৰ ভিতৰতে শেষ হৈ যায় তেনেহলে ইয়াক খৰচ বোলা হয়। ইয়াক ৰাজহ ব্যয়ো বোলা হয়। আনহাতে, ব্যয়ৰ সুবিধা এবছৰতকৈ বেছিদিনৰ বাবে আহৰণ কৰিলে ইয়াক সম্পত্তি হিচাপে গন্য কৰা হয়। ইয়াক মূলধনী ব্যয়ো বোলা হয়। এনে ব্যয়ৰ উদাহৰণ হৈছে যন্ত্রপাতি, আচবাব পত্ৰ আদি ক্রয়।
মজুত পণ্য (Stock): মজুত পণ্য হৈছে ব্যৱসায়ৰ হাতত থকা পণ্য, অতিৰিক্ত আৰু (Spares) অন্যান্য দ্রব্যসমূহ। ইয়াকে হাতত থকা মজুত পণ্য বোলা হয়। ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্ৰত মজুত পণ্য হৈছে এটা বিত্তীয় বছৰৰ অন্তত বিক্ৰী নোহোৱাকৈ থাকি যোৱা সামগ্ৰীৰ পৰিমান। ইয়াকে সামৰণী মজুত পণ্য বোলা হয়। উৎপাদনকাৰী ব্যৱসায়ী বা কোম্পানীৰ ক্ষেত্ৰত বিত্তীয় বছৰৰ সামৰণী তাৰিখত সামৰণী মজুত পণ্যৰ ভিতৰত হাতত থকা কেঁচামাল (Raw Materials) অর্ধ প্রস্তুত পণ্য (Semi Finished Goods) আৰু প্ৰস্তুত দ্ৰব্য (Finished Goods) সোমাই থাকে। সেইদৰে আৰম্ভণী মজুত পণ্য হৈছে বিত্তীয় বছৰৰ আৰম্ভনিতে হাতত থকা মজুত পণ্যৰ পৰিমাপ।
বাট্টা (Discount) (2015): বাট্টা হৈছে বিক্ৰী বা পণ্যৰ মূল্যৰ পৰা দিয়া ৰেহাই। ইয়াক দুই ধৰণেৰে আগবঢ়োৱা হয়। পণ্য বিক্ৰী কৰোঁতে সম্মত শতকৰা হাৰত পণ্যৰ লিখিত মূল্যৰ ওপৰত বিযোগ কৰি আগবঢ়োৱা ৰেহাই হৈছে এক প্ৰকাৰৰ বাট্টা। এনে বাট্টাক ব্যৱসায়িক বাট্টা বোলা হয়। ইয়াক সাধাৰণতে পণ্য উৎপাদনকাৰীয়ে পাইকাৰী ব্যৱসায়িক আৰু পাইকাৰী ব্যৱসায়ীয়ে খুচুৰা ব্যৱসায়ীলৈ আগবঢ়ায় বাকী ভিত্তিত পণ্য বিক্ৰী কৰাৰ পিছত দেয়ধন নির্দ্দিষ্ট সময়ৰ আগত বা নিৰ্দ্দিষ্ট সময়ত ধন পৰিশোধ কৰিলে দেয়ধনৰ নিৰ্দ্দিষ্ট পৰিমাণ ৰেহাই দিয়া হয়। এই ৰেহাই দিবলগীয়া ধন পৰিশোধ কৰা সময়ত অনুমোদন কৰা হয়। সেয়ে ইয়াক নগদ বাট্টা বোলা হয়। নগদ বাট্টাই দেনদাৰ সকলক সোনকালে ধন পৰিশোধ কৰিবৰ বাবে উৎসাহিত কৰে।
পণ্য (Goods): ব্যৱসায় গোটে বেচাকিনা কৰা দ্ৰব্য অৰ্থাৎ যি চৰ্তত ইয়াক কিনা আৰু বেচা বা উৎপাদন আৰু বিক্ৰী কৰা হয় তেনে দ্রব্যকে পণ্য বোলা হয়। যিবোৰ দ্ৰব্য তথা পণ্য ব্যৱসায়ত ব্যৱহাৰ কৰিবৰ বাবে কিনা হয় সিহঁতক পণ্য বোলা নহয়। উদাহৰণ এজন আচবাবপত্ৰৰ ব্যৱসায়ীয়ে চকী, মেজ কিনিলে তাক পণ্য বুলি গণ্য কৰা হয় কিন্তু আন ব্যৱসায়ীৰ বাবে ই আচবাবপত্ৰ হ’ব আৰু ইয়াক সম্পত্তি হিচাপে গণ্য কৰা হ’ব। সেইদৰে এজন লেখন সামগ্ৰীৰ ব্যৱসায়ীৰ বাবে লেখন সামগ্রী হৈছে পণ্য, আনহাতে আন ব্যবসায়ীৰ বাবে লেখনসামগ্ৰীৰ এক খৰচ হিচাপে গণ্য কৰা হয়। ইহঁতক পণ্য ক্রয় বুলি বিবেচনা কৰা নহয়।
Exercise or questions answers