Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি

Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি Notes and select needs one.

Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 2 হিচাপকৰণৰ তত্বমূলক ভিত্তি Solutions for All Subjects, You can practice these here.

হিচাপকৰণৰ তত্বমূলক ভিত্তি

ACCOUNTANCY

Chapter: 2

PART – I

অনুশীলনী প্রশ্নোত্তৰ

(ক) চমু প্রশ্ন উত্তৰঃ

১। হিচাপৰক্ষকৰ বাবে ব্যৱসায়ৰ অস্তিত্ব কিয় অবিৰ্তভাৱে থকাটো প্রয়োজনীয়?

উত্তৰঃ ব্যৱসায় অবিৰতভাৱে চলি থকাৰ ধাৰণা অনুমানে ব্যৱসায়ৰ সম্পত্তিবোৰ যিটো পৰিমাণৰ মূল্য যি বছৰত ব্যৱহাৰ হয় সেই বছৰৰ ৰাজহৰ বিপৰীতে ধার্য কৰিব আৰু বাকী পৰিমানখিনি সম্পত্তিটোৰ জীৱনকালৰ অৱশিষ্ট বছৰলৈ কঢ়িয়াই লৈ যাব লাগে সেই বাবে হিচাপৰক্ষকৰ বাবে ব্যৱসায়ৰ অস্তিত্ব অবিৰতভাৱে থকাটো প্রয়োজনীয়।

২। কেতিয়া ৰাজহ স্বীকৃত দিয়া হয়? সাধাৰণ নিয়মৰ ইয়াৰ কিবা ব্যতিক্রম আছে নেকি?

উত্তৰঃ ৰাজহ স্বীকৃত হয় যেতিয়া বিক্ৰী সম্পূর্ণ হয় বা সেৱা আগবঢ়োৱা হয়, নগদ প্ৰাপ্তিৰ ওপৰত নহয়, একেদৰে এটা ব্যয় স্বীকৃত হয়, যেতিয়া এটা সম্পত্তি বা সেৱা ৰাজহ উপাৰ্জন কৰোতে ব্যৱহাৰ কৰা হয়, নগদ আদায়ৰ ওপৰত নহয়।

কিন্তু এটা হিচাপ বৰ্ষৰ যেতিয়া লাভ বা ক্ষতি নিৰ্ণয় কৰা হয়, তেতিয়া আমি সেই বছৰটোত কৰা সামগ্রী উৎপাদন বা ক্ৰয়ৰ সম্পূর্ন ব্যয় লব নালাগে বৰঞ্চ যিমান টকাৰ সামগ্ৰী বিক্ৰী কৰা হ’ল, সেইখিনি সামগ্ৰীৰ মূল্যহে বিবেচনা কৰিব লাগে। ইয়াৰ কাৰণে বিক্ৰী নোহোৱা সামগ্ৰীৰ মূল্য ক্রয় বা উৎপাদন কৰা সামগ্ৰীৰ মূল্যৰ পৰা বিয়োগ কৰিব লাগে।

৩। হিচাপ লিখনৰ মূল সমীকৰণ কি?

উত্তৰঃ ব্যৱসায়ৰ সম্পত্তিৰ পৰিমান সদায়েই গৰাকীৰ আৰু বাহিৰা পাওনাদাৰৰ দাবীৰ সমান সেই কথাটো হিচাপ লিখনৰ সমীকৰণৰ দ্বাৰা প্ৰমাণ কৰা হয়, আৰু সেই সমীকৰণতো হ’ল—

সম্পত্তি দেনা + মূলধন।

(খ) দীঘলীয়া প্রশ্ন উত্তৰঃ

১। বিত্তিয় বিৱৰণী প্ৰস্তুত কৰোতে সঙ্গতি ভিত্তি কিয় প্রয়োজনীয়? ব্যাখ্যা কৰা।

উত্তৰঃ সঙ্গতি ধাৰণাত বিত্তিয় বিবৃতিসমূহে যোগান ধৰা হিচাপ লিখনৰ তথ্যসমূহৰ জৰিয়তে ব্যৱসায়ৰ কাৰ্যসন্থাৰ বিষয়ে সিদ্ধান্ত লব পাৰিব কেৱল যদিহে এইবোৰ তথ্যই বিভিন্ন সময়ৰ আৰু বিভিন্ন ব্যৱসায়ৰ লগত তুলনামূলক অধ্যয়নত ব্যৱহাৰ্য হয়। সেইদৰে আন্তঃ ব্যৱসায় আৰু আন্তঃ মিয়াদৰ তুলনা কৰাটো প্ৰয়োজন হৈ পৰে। এইটো কৰাটো সম্ভৱ যদিহে ব্যৱসায়বোৰে একেধৰনৰ আৰু সঙ্গতি থকা হিচাপ লিখন নীতি আৰু পদ্ধতি সকলো সময়তে অনুসৰণ কৰে।

উদাহৰণস্বৰূপে এজন বিনিয়োগকাৰীয়ে এটা ব্যৱসায়ৰ চলিত বৰ্ষৰ বিত্তিয় ফলাফলসমূহ আগৰ বছৰৰ লগত তুলনা কৰিব বিচাৰে। তেওঁ এই বছৰৰ প্ৰকৃত লাভৰ লগত যোৱা বছৰৰ তুলনা কৰিব পাৰে। কিন্তু যদি ব্যৱসায়টোৱে দুটা বছৰত অৱক্ষয়ৰ পৰিমাণ পৃথক ধৰণে দেখুৱাৰ নীতি অৱলম্বন কৰে, তেতিয়া লাভৰ পৰিমাণ তুলনা কৰিব পৰা নাযাব। কাৰণ যোৱা দুই বছৰত মজুতৰ মূল্যায়ন কৰিবলৈ অৱলম্বন কৰা পদ্ধতি অসঙ্গতিপূর্ণ। গতিকে এইটো প্রয়োজনীয় যে বিত্তিয় বিৱৰণী প্ৰস্তুত কৰাৰ সময়ত সঙ্গতি নীতি অনুসৰণ কৰিব লাগে যাতে দুটা বিত্তিয় বৰ্ষৰ ফলাফলসমূহ তুলনা কৰিব লাগে যাতে দুটা বিত্তিয় বৰ্ষৰ ফলাফলসমূহ তুলনা কৰিব পাৰে। সঙ্গতিয়ে ব্যক্তিগত পক্ষপাতিতা আতৰ কৰি ফলাফলসমূহ সমাধা কৰাত সহায় কৰে যিবোৰ তুলনা কৰিব পাৰি। লগতে দুটা ব্যৱসায়ৰ বিত্তিয় ফলাফলসমূহ তুলনামূলক অধ্যয়ন অর্থপূৰ্ণ হ’ব যদিহে বিত্তিয় বিবৃতি সমূহ তৈয়াৰ কৰোতে একেধৰণৰ হিচাপ লিখন পদ্ধতি আৰু নীতি অনুসৰণ কৰে।

সেইদৰে সঙ্গতি নীতিয়ে হিচাপে লিখন পদ্ধতি আৰু নীতিৰ পৰিৱৰ্তনত বাধা আৰোপ নকৰে। প্ৰয়োজনীয় পৰিৱৰ্তনসমূহ ব্যৱসায়টোৰ বিত্তিয় ফলাফলত সম্ভৱতঃ প্ৰভাৱ কৰা কাৰণৰ সৈতে বিত্তিয় বিবৃতিত দেখুৱাব লাগে।

২। ‘আগতে লাভ আশা নকৰিবা, কিন্তু সকলোবোৰ লোকচানৰ ব্যৱস্থা কৰিবা’ ধাৰণাৰ আলোচনা কৰা।

উত্তৰঃ ৰক্ষনশীলতা ধাৰণাই হিচাপৰ বহীসমূহত লেনদেন সমূহ নথীভূক্ত কৰাৰ পথ নির্দেশক হিচাপে কাম কৰে আৰু ই ‘সতর্কতা নীতিৰ’ ওপৰত নিৰ্ভৰ কৰে। এই নীতি অনুসৰি ব্যৱসায়টোৰ লাভ নিৰ্ণয় কৰোতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে যাতে লাভসমূহ বেছিকৈ নেদেখুৱায়। যদি প্ৰকৃততে হোৱা লাভ বেছিকৈ দেখুৱায় তেতিয়া মূলধনৰ পৰা লাভৰ অংশ বিতৰণ কৰিব লাগিব যিটো সঠিক নহয় আৰু ইয়াৰ বাবে ব্যৱসায়টোৰ মূলধন হ্রাস পাব।

সঙ্গতি নীতি অনুসৰি যেতিয়ালৈকে লাভ আদায় কৰা নহয় তেতিয়ালৈকে ইয়াক নথীভুক্ত কৰিব নালাগে। কিন্তু ভৱিষ্যতে হ’ব পৰা সম্ভাৱনীয় ক্ষতি বা লোকচানসমূহ হিচাপৰ বহীত লিখিব লাগিব। উদাহৰণস্বৰূপে সামৰণী মজুতৰ ক্ৰয় মূল্য বা বজাৰমূল্য যিটোৱে কম হয় সেই মূল্যত মূল্যায়ন কৰা হয়, অনুদ্ধাৰণীয় ঋণৰ ভৱিষ্যৎ ব্যৱস্থা, দেনাদাৰৰ ওপৰত বাট্টা, সুনাম, কৃতিস্বত্ব, আদি জাতীয় অম্পলনীয় সম্পদসমূহ হিচাপৰ বহীৰ পৰা বাদ দিয়া আদি ৰক্ষণশীলতা নীতিৰ কিছুমান উদাহৰণ। সেইদৰে যদি ক্ৰয় কৰা সামগ্ৰীৰ মূল্য বজাৰত হ্রাস হয় তেতিয়া মজুত সামগ্ৰীৰ মূল্য ক্ৰয় দামতে স্থিৰ কৰা হয় কিন্তু যদি ক্ৰয় কৰা সামগ্ৰীৰ বিক্ৰী নোহোৱালৈকে ইয়াক মূল্য বৃদ্ধিৰ ফলত হোৱা লাভ নথীভুক্ত কৰা নহয় ৰক্ষনশীলতা নীতি অনুসৰি সকলোবোৰ সম্ভাব্য লোকচান হিচাপত ধৰিব লাগে কিন্তু সম্ভাব্য লাভ হিচাপত ধৰিব নালাগে যেতিয়ালৈকে ইয়াক প্ৰাপ্তি কৰা নহয়। যদিও এই নীতিয়ে হিচাপৰক্ষকসকলৰ মনত এটা নিৰাশাবাদী মনোভাৱ প্ৰতিফলন কৰে, তথাপি ব্যৱসায়টোৰ সম্পত্তি নিবিচাৰকৈ বিতৰণ কৰিবলৈ যোৱাৰ বিপৰীতে পাওনাদাৰসকলৰ স্বাৰ্থৰ সুৰক্ষা প্ৰদান কৰে। ঠিক একেদৰে নভবা নিচিন্তাকৈ সম্পত্তি সমূহৰ মূল্য কমাই দেখুওৱা নীতিৰ পৰিহাৰ কৰিব লাগে কাৰণ ই গোপন লাভৰ কাৰণ হব পাৰে যাক গোপন পুঁজি বোলা হয়।

৩। সমতুল্য ধাৰণা কি, কিয় এটা ব্যবসায়ে এই ধাৰণা অনুসৰণ কৰিব লাগে, আলোচনা কৰা।

উত্তৰঃ এটা নিৰ্দিষ্ট বছৰত হোৱা লাভ বা লোকচান নিৰ্ণয় সেই বছৰটোত হোৱা আয়ৰ পৰা ব্যয়সমূহ বিয়োগ কৰা প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে। সমতুল্য ধাৰণাটো এই বিষয়টোৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। এটা হিচাপ বৰ্ষত হোৱা ব্যয়সমূহ সেই বছৰটোত অৰ্জন কৰা আয়ৰ লগত সমকক্ষ হব লাগে। অর্থাৎ ইয়াৰ পৰা আমি বুজিব পাৰো যে আয় অৰ্জন কৰিবলৈ হোৱা আয় আৰু ব্যয় সমূহ সেই হিচাপ বৰ্ষৰ হব লাগে।

ব্যৱসায়ত ৰাজহ স্বীকৃত হয় যেতিয়া বিক্ৰী সম্পূর্ণ হয় বা সেৱা আগবঢ়োৱা হয়, নগদ প্ৰাপ্তিৰ ওপৰত নহয়। একেদৰে এটা ব্যয় স্বীকৃত হয়, যেতিয়া এটা সম্পত্তি বা সেৱা ৰাজহ উপাৰ্জন কৰোতে ব্যৱহাৰ কৰা হয়, নগদ আদায়ৰ ওপৰত নহয়। অর্থাৎ আমি এতিয়া উপলব্ধি কৰিব পাৰো যে নগদ প্রাপ্তি নকৰাকৈ আয় কৰিব পাৰো আৰু নগদ আদায় নিদিয়াকৈ হায় কৰিব পাৰো। উদাহৰণস্বৰূপে দৰমহা, ভাড়া, বীমা আদি ব্যয়সমূহ কেতিয়া আদায় দিছে তাৰ ওপৰত নহয, বৰঞ্চ কোনটো সময়ৰ লগত জড়িত আছে তাৰ ওপৰত নিৰ্ণয় কৰি স্বীকৃত দিয়া হয়, একেদৰে, স্থায়ী সম্পত্তিটো ব্যৱহাৰ কৰি থকা সময়লৈকে ভাগ কৰি দিয়া হয়।

এতিয়া আমি বুজিবলৈ চেষ্টা কৰো কি দৰে সামগ্ৰীৰ ব্যয় বিক্ৰী ৰাজহৰ লগত সমতুল্য হয়। এটা হিচাপ বৰ্ষৰ যেতিয়া লাভ বা ক্ষতি নিৰ্ণয় কৰা হয়, তেতিয়া আমি সেই বছৰটোত কৰা সামগ্রী উৎপাদন বা ক্ৰয়ৰ সম্পূৰ্ণ ব্যয় লব নালাগে বৰঞ্চ যিমান টকাৰ সামগ্ৰী বিক্ৰী কৰা হ’ল, সেইখিনি সামগ্ৰীৰ মূলহে বিবেচনা কৰিব লাগে। ইয়াৰ কাৰনে বিক্ৰী নোহোৱা সামগ্ৰীৰ মূল্য ক্রয় বা উৎপাদন কৰা সামগ্ৰীৰ মূল্যৰ পৰা বিয়োগ কৰিব লাগে। গতিকে সমতুল্য ধাৰণাৰ পৰা আমি এইটো বুজিব পাৰো যে এটা নিৰ্দিষ্ট হিচাপ বৰ্ষৰ লাভ-ক্ষতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত সেই বছৰটোত অৰ্জন কৰা ৰাজহকহে স্বীকৃতি দিব, ইয়াক প্ৰাপ্তি কৰা বা নকৰাৰ ওপৰত নহয়, ঠিক একেদৰে সকলো ব্যয়ক পৰিশোধ কৰা বা নকৰাৰ ওপৰত স্বীকৃতি নিদিয়ে, যদিহে ব্যয়সমূহ নিৰ্দিষ্ট বৰ্ষৰ লগত জড়িত নহয়। এইবোৰ কাৰনে এটা ব্যৱসায়ে এই ধাৰণা অনুসৰণ কৰিব লাগে।

৪। ‘মুদ্ৰা পৰিমাপক ধাৰণা’ বুলিলে কি বুজা এটা বছৰৰ মুদ্ৰাৰ মূল্যৰ লগত আন এটা বছৰৰ মুদ্ৰা মূল্য তুলনা কৰোতে কোনটো গুণে ইয়াত অসুবিধা দিব পাৰে?

উত্তৰঃ ধনৰ মাধ্যমত প্ৰকাশৰ ধাৰণাই ব্যৱসায়ত হোৱা কেৱল তেনেধৰনৰ লেনদেন সমূহহে ব্যৱসায়ৰ বহীত লিপিবদ্ধ কৰে যিবোৰে কেৱল ধনৰ মাধ্যমত প্ৰকাশ কৰে, যেনে— সামগ্ৰীৰ বিক্ৰী, ব্যয় পৰিশোধ বা আয়ৰ প্ৰাপ্তি ইত্যাদি। যিবোৰ লেন-দেন ধনৰ মাধ্যমত প্ৰকাশ নকৰে বা নোৱাৰে, উদাহৰণ স্বৰূপে, পৰিচালকৰ নিযুক্তি, মানৱ সম্পদৰ সামৰ্থ আদি ধনৰ মাধ্যমত প্ৰকাশ কৰিব নোৱাৰা ঘটনা বা লেন-দেনসমূহ ব্যৱসায়ৰ হিচাপৰ বহীত কোনো স্থান নাই।

ধনৰ মাধ্যমত প্ৰকাশৰ ধাৰণাৰ আন এটা গুৰুত্বপূৰ্ণ দিশটো হ’ল যে লেন-দেনসমূহৰ নথিপত্ৰবোৰ গোটত লিখি ৰখা নহয়, ইয়াক কেৱল আর্থিক গোটতহে লিপিবদ্ধ কৰা হয়, উদাহৰণস্বৰূপে, এটা নিৰ্দিষ্ট দিনত 2 একৰৰ এটুকুৰা মাটিত এটা কাৰখানা আছে, 20 টনৰ কেঁচা সামগ্রী আছে। এই সম্পত্তিবোৰ বিভিন্ন এককত প্ৰকাশ কৰিছে, কিন্তু এইবোৰ ব্যৱসায়টোৰ মুঠ সম্পত্তিৰ বিষয়ে কোনো ধনৰ অৰ্থপূৰ্ণ তথ্যৰ সম্ভেদ দিব নোৱাৰে। গতিকে এইবোৰ হিচাপ লিখনৰ উদ্দেশ্যত টকা বা পইচাৰ মূল্যত দেখুওৱা হয়, এনে অৱস্থাত কাৰখানাৰ মূল্য 2 কোটি টকা, সামগ্রী 15 লাখ টকা। গতিকে ব্যৱসায়টোৰ মুঠ সম্পত্তি টকাৰ মূল্যত দেখুওৱা হৈছে।

ধনৰ মাধ্যমত প্ৰকাশৰ অনুমান সীমাবদ্ধতাৰ পৰা মুক্ত নহয়। মূল্যৰ সলনি হোৱাৰ লগে লগে, সময়ৰ লগত টকাৰ মূল্য আগতে যিমান আছিল এবছৰ পিছত একে হৈ থকা নাই।

গতিকে, উদ্ধৃত পত্ৰত যেতিয়া বিভিন্ন সময়ত কিনা বিভিন্ন সম্পত্তিৰ মূল্যবোৰ যোগ কৰো, ধৰা হওঁক 1999 চনত কিনা 2 কোটি টকা মূল্যৰ ভৱন, 2008 চনত কিনা । কোটি টকাৰ যন্ত্রপাতি আদি বাৰে মিহলি মূল্যবোৰ যোগ কৰো, যিবোৰ একেলগে কৰিব নোৱাৰে। যিহেতু টকাৰ মূল্যৰ তাৰতাম্য হিচাপৰ বহীত প্রতিফলন কৰিব নোৱাৰে, হিচাপৰ তথ্যসমূহে ব্যৱসায়টোৰ কাৰ্যৰ প্ৰকৃত আৰু সঠিক প্রতিচ্ছবি প্ৰকাশ কৰিব নোৱাৰে।

৫। হিচাপ লিখনৰ ধাৰণা আৰু হিচাপৰ মানকক সাধাৰনতে বিত্তিয় হিচাপ লিখনৰ মূল উপাদান হিচাপে বিবেচনা কৰা হয়। তোমাৰ মন্তব্য দিয়া।

উত্তৰঃ হিচাপ লিখন বিশেষকৈ বিত্তিয় লেনদেন আৰু ঘটনা নথিভূক্ত, শ্রেণীভূক্ত আৰু সংক্ষিপ্তকৰণ তথা ইয়াৰ ফলাফলসমূহৰ ব্যাখ্যাৰ লগত জড়িত। হিচাপীয় তথ্যসমূহ অর্থপূর্ণ হোৱাৰ বাবে এই তথ্যবোৰ বিশ্বাসযোগ্য তথা তুলনামূলক হোৱাটো প্রয়োজনীয়। এইটো সম্ভৱ যদিহে বিত্তিয় প্রতিবেদনে যোগান ধৰা তথ্যসমূহ উপযুক্ত হিচাপ লিখনৰ ধাৰণা আৰু হিচাপৰ মানকৰ ওপৰত কৰা হয়। এই কাৰণে এইবোৰক বিত্তিয় হিচাপ লিখনৰ মূল উপাদান হিচাপে বিবেচনা কৰা হয়।

হিচাপ লিখনৰ মূল ধাৰণাবোৰ বিত্তিয় হিচাপ লিখনৰ তত্ব আৰু প্ৰয়োগৰ মৌলিক আৰু মূল ধাৰণা হিচাপে বিবেচনা কৰা হয় আৰু বৃত্তিগত হিচাপ লিখনৰ দ্বাৰা বিকাশ ঘটাই সকলোবোৰ হিচাপ লিখনৰ কাৰ্যত কাৰ্যকৰী নিয়ম হিচাপে ব্যৱহাৰ কৰা হয়। হিচাপ লিখনৰ মূল ধাৰণাবোৰ বিত্তিয় হিচাপ লিখনৰ তত্ত্ব আৰু ব্যৱহাৰৰ মৌলিক ধাৰণা বা মূল অনুমান হিচাপে উল্লেখ কৰে আৰু হিচাপ লিখনৰ কাৰ্যসমূহৰ মৌলিক নিয়ম।

হিচাপৰ মানক হ’ল বিত্তিয় বিবৃতিসমূহৰ তৈয়াৰীৰ উপযুক্ত আৰু একেধৰণৰ হিচাপীয় নিয়ম আৰু নিদেৰ্শক বা পদ্ধতিৰ লগতে হিচাপ লিখনৰ তথ্যসমূহে ব্যৱহাৰকাৰীসকলক প্ৰভাৱ কৰিব পৰা এখন লিখিত বিৱৰণী। সেইদৰে হিচাপৰ মানকে দেশৰ আইন প্ৰথা, ৰীতি আৰু ব্যৱসায়িক পৰিৱেশ ব্যৱস্থাসমূহ অতিক্ৰম নকৰে।

ICAI এ হিচাপ লিখনৰ পেচাদাৰীসকলক হিচাপৰ মানক গ্ৰহণ কৰাটো বিচাৰে যাতে বিত্তিয় প্রতিবেদন উপস্থাপনৰ ঐক্যতা আনিব পাৰে। প্ৰাৰম্ভিক অৱস্থাত মানকসমূহ অনুমোদন প্ৰকৃতিৰ আছিল। মানকৰ প্ৰয়োজনীয়তাৰ বিষয়ে এবাৰ সতর্কতা সৃষ্টি কৰাৰ পিছত, সকলো ধৰণৰ কোম্পানীয়ে ইয়াক গ্ৰহণ নকৰে তেতিয়া গ্ৰহণ নকৰাৰ কাৰণ আৰু ইয়াৰ বিত্তিয় প্ৰভাৱ কিদৰে পৰিব সেই বিষয়ে উল্লেখ কৰিব লাগিব।

৬। তলৰ কৰ্ম তালিকা সম্পূৰ্ণ কৰা।

(ক) যেতিয়া এটা ব্যবসায়ে বিশ্বাস কৰে যে কিছুমান দেনাদাৰে সময়মতে পইচা নিদিব, ইয়াক আমি সম্ভাৱনীয় ক্ষতি হিচাপে বহীত লিখিব লাগিব। এইটো এটা ______ ধাৰণাৰ উদাহৰণ।

উত্তৰঃ ৰক্ষনশীলতা ধাৰণা।

(খ) ______ধাৰণাৰ উদাহৰণেৰে ব্যৱসায় এটা ইয়াৰ মালিকৰ পৰা যে পৃথক আৰু প্রভেদ যোগ্য ইয়াক প্ৰমাণ কৰিব পাৰে।

উত্তৰঃ ব্যৱসায়ৰ অস্তিত্বৰ ধাৰণা।

(গ) ______ ধাৰণা অনুসৰি এটা ব্যৱসায় প্রতিষ্ঠান ভবিষ্যতে কেতিয়াও বিক্ৰী কৰা নহয়।

উত্তৰঃ অবিৰত চলিত থকা ধাৰণা।

(ঘ) যিখিনি ব্যৱসায়ৰ আছে যিখিনি ব্যৱসায়টোৱে দিয়ে, এই মিলনক _____ ধাৰণা বুলি বর্ণনা কৰিব পাৰি।

উত্তৰঃ দুটা দিশৰ ধাৰণা।

(ঙ) _____ ধাৰণা অনুসৰি যদি এটা বছৰত সৰল ৰৈখিক পদ্ধতি অনুসৰণ কৰি অৱক্ষয় ধার্য কৰা হয়, তেতিয়া একেই পদ্ধতি অহা বছৰতো অনুসৰণ কৰিব।

উত্তৰঃ সঙ্গতি ধাৰণা।

(চ) এটা ব্যৱসায় বেচিকৈ চাহিদা থকা মজুত ৰাখি যাব পাৰে। এতেকে, এই মজুতৰ বজাৰ মূল্য বৃদ্ধি হব পাৰে। _____ বাৰে সাধাৰণ হিচাপ লিখনৰ প্ৰক্ৰিয়াই ইয়াক উপেক্ষা কৰে।

উত্তৰঃ ব্যয় বা মূল্যৰ ধাৰণা।

(ছ) এটা ব্যৱসায়ৰ পৰিচালক বিশেষভাৱে আযোগ্য, কিন্তু ব্যৱসায়ৰ হিচাপ ৰক্ষকে ______ ধাৰণা অনুসৰি ইয়াক হিচাপৰ বহী প্ৰস্তুত কৰাৰ সময়ত বিবেচনা নকৰে।

উত্তৰঃ উদ্দেশ্য জনিত ধাৰণা।

৭। হিচাপকৰণৰ নীতি মানে কি?

উত্তৰঃ হিচাপকৰণৰ মূল উদ্দেশ্য হ’ল ব্যৱসায় প্রতিষ্ঠানৰ ফলাফল আৰু আর্থিক অৱস্থাৰ প্রতিফলন নির্ণয় কৰা, গতিকে ব্যৱসায় উদ্দেশ্য আৰু তত্ব ভিত্তিক ধাৰণাসমূহৰ ওপৰত ভিত্তি কৰি হিচাপ লেখক সকলে হিচাপ লিখনৰ বাবে কিছুমান নিয়ম নিদেশনা আৰু পদ্ধতি আমি উদ্ভাৱনা কৰিছে হিচাপকৰণৰ সময়ত মানি চলিব লগা এই নিয়ম, নির্দেশনা আৰু পদ্ধতিসমূহকে হিচাপ কৰণৰ নীতি বুলি কোৱা হয়। ব্যৱসায়িক ভাষাত এই নীতিসমূহ সদৃশ অর্থ প্ৰকাশ কৰি সককোৱে বুজি পোৱা হ’ব লাগে।

৮। হিচাপৰ মানক মানে কি?

উত্তৰঃ হিচাপকৰণক ব্যৱসায়ৰ ভাষা বোলা হয়। ভাষাৰ ব্যৱহাৰ কৰোতে যিদৰে ব্যাকৰণ ব্যৱহাৰ কিৰব লাগে ঠিক সেইদৰে এজন হিচাপৰক্ষকে হিচাপসমূহ লিপিবদ্ধ কৰোতে আৰু বিভিন্ন প্রতিবেদন প্রস্তুত কৰোতে কিছুমান নিয়ম নীতি অনুসৰণ কৰিব লাগে। যেতিয়া এই নীতি আৰু নিৰ্দ্দেশনা সমূহ বৃত্তিধাৰী সমিতিয়ে আইনভুক্ত কৰি বাধ্যতামূলক কৰে তেতিয়া এই নীতি আৰু নিৰ্দ্দেশনাসমূহ হিচাপৰ ‘মানক’ হিচাপে গণ্য কৰা হয়।

৯। হিচাপৰ মাণকসমূহৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ হিচাপৰ মানকসমূহৰ প্ৰয়োজনীতা তলত উল্লেখ কৰা হ’ল—

(ক) বিকল্পৰ সীমাবদ্ধতাঃ বিত্তীয় বিবৃতিসমূহ প্ৰস্তুত কৰণ আৰু সেইবোৰ অবগত কৰাৰ ক্ষেত্ৰত কিছুমান প্রতিবন্ধক ৰখা হৈছে। বিত্তীয় বিবৃতিসমূহ তৈয়াৰ কৰাৰ সময়ত হিচাপৰক্ষকে পণ্যসামগ্ৰীৰ মূল্য বিভিন্ন ধৰণে নিৰ্ণয় কৰিব পাৰো অথবা অবক্ষয়ৰ বাবে বিভিন্ন পদ্ধতি আৰু বিভিন্ন হাৰ লব পাৰে, গতিকে ব্যৱসায়ৰ তথ্যসমূহ প্রকাশ কৰোতে নিৰ্দ্দিষ্ট কিছুমান নীতি অনুসৰণ কৰিব লাগে।

(খ) সদৃশ প্ৰণালী অনুসৰণঃ ব্যৱসায় ভেদে একে ধৰণৰ হিচাপ কৰণ প্ৰণালী অনুসৰণ কৰিলে বিভিন্ন ব্যৱসায়ৰ মাজত হিচাপৰ ব্যৱহাৰকাৰীসকলে বিভিন্ন তথ্যসমূহ তুলনা কৰি চাব পাৰে।

(গ) তথ্যসমূহৰ নিৰ্ভৰশীলতাঃ বিভিন্ন ব্যৱসায়ে একে ধৰণৰ হিচাপৰক্ষণ নীতি অনুসৰণ কৰিলে ব্যৱসায়ীসকলৰ বাবে তথ্যসমূহৰ নিৰ্ভৰশীলতা বৃদ্ধি পায় গতিকে আর্থিক তথ্য ব্যৱসায়িক সিদ্ধান্ত গ্রহণত সুবিধা হয়।

(ঘ) গোলকীকৰণ আৰু আন্তর্জাতিক প্রভাৱঃ ব্যৱসায়ৰ গোলকীকৰণ আৰু আন্তর্জাতকীকৰণৰ ফলত হিচাপকৰণ নীতি আৰু সেইবোৰ উপস্থাপন আন্তর্জাতিকভাবে আৰু গোলকীয়ভাৱে গ্রহণযোগ্য পদ্ধতি উদ্ভাৱন আৰু প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে। অন্যাৰ্থত এনেবোৰ ব্যৱসায় পদ্ধতি যে হিচাপ মানক সৃষ্টি কৰাত অধিক প্রয়োজন হৈছে।

১০। হিচাপকৰণৰ মূল নীতি সমূহৰ নাম লিখা।

উত্তৰঃ হিচাপকৰণৰ মূল নীতিসমূহৰ নাম তলত উল্লেখ কৰা হ’ল—

(ক) অতীত ব্যয় নীতি।

(খ),দুটা দিশৰ নীতি।

(গ) আয়ৰ পৰিচিতি নীতি।

(ঘ)ভেৰি ফাইবিলিটি অবজেক্‌টিভ অব এভিডেন্স।

(ঙ) সম্পূৰ্ণ প্ৰকাশৰ নীতি।

(চ) সামঞ্জস্যৰ নীতি।

১১। হিচাপ কৰণৰ দুটা দিশৰ নীতি আলোচনা কৰা।

উত্তৰঃ হিচাপ কৰণৰ দুটা দিশ নীতি অনুসৰি প্ৰতিটো লেন-দেনৰ দুটা দিশ থাকে গতিকে প্ৰতিটো লেন-দেনত অতি কমেও দুটা হিচাপ জড়িত হৈ থাকে। এই নীতি অনুসৰি ব্যৱসায়ৰ সকেলাবোৰ লেন-দেনৰ পৰা দুটা হিচাপ লিখি ৰখা হয়। এই দুটা দিশৰ এটা দিশক পোৱা দিশ আৰু আনটো দিশক দিয়াৰ দিশ বোলা হয়। পোৱাৰ দিশক ডেবিট আৰু দিয়া দিশক ক্রেডিট বোলা হয়। এই নীতি অনুসৰি ব্যৱসায় প্ৰতিটো লেন-দেন হিচাপ সমীকৰণ সৃষ্টি কৰে যাৰ ফলত সমীকৰণটোৰ দুয়োটা দিশতে অনুৰূপ বৃদ্ধি বা হ্রাস অথবা কোনোৱা এটা দিশত হ্রাস বা বৃদ্ধি হব পাৰে৷

হিচাপৰক্ষণৰ সমীকৰণটো তলত দেখুওৱা হ’ল — পৰিসম্পদ = দেনা + মূলধন

১২৷ হিচাপকৰণৰ সম্পূৰ্ণ প্ৰকাশৰ নীতিটো পৰ্য্যলোচনা কৰা।

উত্তৰঃ হিচাপকৰণ এই নীতি, অনুসৰি ব্যৱসায়ৰ বিত্তীয় বিৱৰণীসমূহে ব্যৱসায়ৰ সকলো ধৰণৰ তথ্য সম্পূর্ণভাৱে প্ৰকাশ কৰিব লাগে, কোনো তথ্য গোপন কৰিব নালাগে, বব্যসায়ৰ-বিত্তীয় বিৱৰণীসমূহে দৰকাৰী আৰু নিৰ্ভৰ যোগ্য তথ্য প্রকাশ কৰিব লাগে, যাতে সি সকলে এই তথ্যসমূহ ব্যৱহাৰ কৰি তেওঁ লোকৰ কোনো সন্দেহ নাথাকে। তথ্যসমূহৰ প্ৰকাশ চূড়ান্ত হিচাপ, তালিকা বিবৃত্তি, উপৰঞ্চি তালিকা, টোকা আদিৰ সহায়ত কৰা হয়। প্রয়োজন সাপেক্ষে উদ্বৃত্ত পত্ৰ তৈয়াৰ কৰাৰ পাছতো যদি কোনো দৰকাৰী ঘটনা সংঘটিত হয়, যিটোৱে ব্যৱসায়ৰ বিত্তীয় অৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে তেনেধৰণৰ ঘটনাসমূহ টোলৰ জৰিয়তে, চূড়ান্ত হিচাপত প্ৰকাশ কৰিব লাগে। বিত্তীয় বিবৃত্তি প্রকাশিত তথ্যসমূহ সম্পূর্ণ নিৰপেক্ষ সৰল পক্ষপাত হীন হব লাগে, যাতে এই বিবৃতিসমূহ ব্যৱহাৰকাৰী সকলে ব্যৱসায়টোৰ আৰ্থিক কাৰ্য্যসম্পাদন আৰু অৱস্থাৰ বিষয়ে শুদ্ধ আৰু উচিত মূল্যায়ন কৰিব পাৰে।

১৩। হিচাপকৰণৰ বাস্তৱধৰ্মিতা নীতিটো আলোনা কৰা।

উত্তৰঃ হিচাপকৰণৰ বাস্তৱধৰ্মিতা নীতি অনুসৰি হিচাপকৰণক হিচাপ কৰণত সকলো ধৰণৰ বাস্তৱিক তথ্যহে প্ৰকাশ কৰিব লাগে। অবাস্তব বা অনাৱশ্যক তথ্যসমূহ পৰিহাৰ কৰিব লাগে। হিচাপৰ বিত্তীয় বিৱৰণী ব্যৱহাৰী সকলে যিবোৰ ঘটনা বা বিষয় বস্তু ব্যৱসায়ৰ বাবে প্রাসঙ্গিক বুলি বিবেচনা কৰে তেনেবোৰ ঘটনাক বা বিষয় বস্তুকহে বুলি গণ্য কৰা হয়। কোনো এটা বিষয় বস্তু বৃহৎ ব্যৱসায়ৰ বাবে তাৎপৰ্য্যপূৰ্ণ নহব পাৰে আৰু ইয়াক বিত্তীয় বিৱৰণীত অন্তফূক্ত নকৰিবও পাৰে কিন্তু সৰু ব্যৱসায়ৰ কাৰণে ই সত্য নহবও পাৰে। গতিকে বাস্তৱধৰ্মিতাৰ ধাৰণা ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হয়। যিবোৰ ঘটনাবা বিষয়বস্তুৱে ব্যৱহাৰকাৰী সকলেৰ সিদ্ধান্তৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। তেনেবোৰ ঘটনা বা বিষয় বস্তুক বাস্তধর্মী বুলি বিবেচনা কৰিব পাৰি।

১৪। হিচাপকৰণৰ সঙ্গতি নীতিটো আলোচনা কৰা।

উত্তৰঃ সঙ্গতি নীতি অনুসৰি ব্যৱসায়ত ব্যৱহৃত হিচাপকৰণৰ নীতসমূহ কোনো এটা নির্দিষ্ট ঘটনা বা বিষয়বস্তুৰ কাৰণে ক্রমাগত ভাৱে এক হব লাগে। হিচাপককৰণৰ নীতিসমূহ বছৰে বছৰে সলনি কৰিব নালাগে। ব্যৱসায়টো অনির্দিষ্ট কালালৈ চলি থাকিব বুলি ধৰি লৈ একেধৰণৰ হিচাপকৰণ নীতি অৱলম্বন কৰিলে হিচাপ বিভিন্ন প্রতিবেদন আৰু তথ্য সমূহ বিভিন্ন বছৰৰ লগত তুলনা মূলক অধ্যয়ন কৰাত সুবিধা হয়। হিচাপকৰণৰ নীতিসমূহ প্ৰতি বছৰে সলনি কৰিলে ব্যৱসায়ৰ ফলাফল সমূহৰ সাদৃশ্য নাথাকিব। গতিকে ব্যৱসায়ৰ হিচাপ প্রতিবেদন সমূহৰ তুলনামূলক অধ্যয়ন আৰু বিশ্লেষণ সম্ভৱ নহব। উদাহৰণস্বৰূপে সামৰণী মাহত পণ্যৰ মূল্যায়ন যদি এটা বছৰত ক্রয় মূল্যত আৰু আন এটা বছৰত বিক্ৰী মূল্যত কৰা হয় তেনেহলে ব্যৱসায়ৰ ফলাফলৰ সাদৃশ্য নাথাকিব। সেয়েহে ব্যৱসায় প্রতিষ্ঠানসমূহে সম্পত্তি, মূলধন, আয়-ব্যয় আদিৰ হিচাপ কৰণত নীতি আৰু ব্যৱহাৰিক দিশৰ সঙ্গতি ৰক্ষা কৰিব লাগে।

১৫। হিচাপ লিখনৰ মৌলিক অভিধাৰণাৰ মুদ্ৰাৰ দ্বাৰা পৰিমাপক অভিধাৰণাটো আলোচনা কৰা।

উত্তৰঃ ব্যৱসায়ৰ যিবোৰ ঘটনা বা লেন-দেন ধনৰ মাধ্যমত প্ৰকাশ কৰিব বা জুখিব পাৰি তেনে ঘটনা সমূহহে হিচাপ বহীত লিপিবদ্ধ কৰা হয়। যিবোৰ ঘটনা ধনৰ মাধ্যম প্ৰকাশ কৰিব বা জুখিব নোৱাৰি তেনেবোৰ ঘটনা লিপিবদ্ধ কৰা নহয়। ধন হ’ল সম্পদ বা সামগ্রী বিনিময়ৰ মাধ্যম। গতিকে যিকোনো আদান-প্রদান ধনৰ মাধ্যমত প্ৰকাশ কৰিব পৰা বা জুখিব পৰা হব লাগিব। বস্তুৰ আয়তন পৰিমাণ বা আকাৰ আদি হিচাপ বহীত লিপিবদ্ধ কৰিব নোৱাৰি। কিন্তু এইবোৰ ধনৰ মূল্যত সলনি কৰি লৈ হিচাপ বহীত লিপিবদ্ধ কৰা হয়। ব্যৱসায়ত এনেকুৱা কিছুমান লাগতিয়াল তথ্য আৰু ঘটনা সম্পাদন হব পাৰে যিবোৰ ব্যৱসায়ৰ বাবে অপৰিহাৰ্য্য কিন্তু সেইবোৰ ধনৰ মাধ্যমত প্ৰকাশ কৰিব বা জুখিব নোৱাৰি তেনেবোৰ ঘটনা বা তথ্য হিচাপ বহীত লিখিব নোৱাৰি। যেনে কৰ্মচাৰী সকলৰ মাজত উদ্ভৱ হোৱা। কাজিয়া, মাঠল কৰ শাৰীৰিক অসুস্থতা, কৰ্মচাৰীৰ আন্দোলন ইত্যাদি।

১৬। হিচাপকৰণৰ ৰক্ষণশীলতা নীতিটো আলোচনা কৰা।

উত্তৰঃ হিচাপকৰণৰ ৰক্ষণশীলতাৰ নীতি অনুসৰি ব্যৱসায়ৰ কাৰণে যিবোৰ ঘটনা অশুভ সেইবোৰৰ বিষয়ে প্রথমে হিচাপত ধৰিব লাগে আৰু যিবোৰ ঘটনা বা বিষয় ন্যভ সেইবোৰ যেতিয়া ঘটিব তেতিয়াহে হিচাপত ধৰিব লাগে। এই নীতিতোৰ গুৰুত্ব হল এনে যে ব্যৱসায়ৰ সকলো সম্ভাব্য লোকচান হিচাপত আগতীয়াকৈ ধৰিব লাগে কিন্তু অসম্ভাব্য লাভ হিচাপত ধৰিব নালাগে। সাধাৰণতে লেনদেনসমূহ লিপিবদ্ধ কৰিবৰ কাৰণে এটাতকৈ অধিক বিকল্প পদ্ধতি থাকিলে ৰক্ষণশীলতাৰ নীতিটো প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে সামৰণী মজুত পণ্যৰ মূল্য ঠিক কৰোতে ক্রয় মূল্য বা বজাৰ দৰ যিটোৱে কম হয় সেইটো মূল্যত ঠিক কৰা হয়। তর্থাৎ কিনাদামতকৈ বজাৰ দৰ বৃদ্ধি হলেও আমি কিনাদামতে ই সামৰণী মজুত পণ্যৰ মূল্য নিৰ্দ্ধাৰ্ধণ কৰো। আকৌ যদি ক্রয় মূল্যতকৈ বজাৰ দৰ কম হয় তেতিয়া আমি বজাৰ দৰত ইয়াৰ মূল্য নিৰ্দ্ধাৰণ কৰো। ৰক্ষণশীলতাৰ নীতিটোয়ে ব্যৱসায়ৰ সঠিক মূল্যয়নত বিফল হোৱা বুলি ধৰা হয়। কাৰণ এই নীতিটো অনুসৰি ব্যৱসায়ৰ আয় আৰু সম্পত্তি সমূহৰ সম্ভাব্য মূল্য হিচাপত কমকে ধৰা হয়। এই পদ্ধতিটো সম্পূৰ্ণ প্ৰকাশৰ নীতিৰ পৰিপন্থী আন হাতে সম্পত্তিৰ অতিৰিক্ত মূল্যায়নে আৰু অনাউপার্জিত লাভৰ অন্তর্ভুক্তিয়ে ব্যৱসায়ৰ আৰ্থিক অৱস্থাত ভুল তথ্য প্রতিফলন কৰে। গতিকে হিচাপৰক্ষকসকলে জ্ঞাতার্থে কোনো আয় বা সম্পত্তিৰ মূল্যায়ন ভুলকৈ দেখুৱাব নালাগে।

১৭। হিচাপকৰণৰ অতীত ব্যয় নীতিটো আলোচনা কৰা।

উত্তৰঃ হিচাপকৰণৰ অতীত ব্যয় নীতি অনুসৰি ব্যসয়াৰ সকলোবোৰ লেন-দেন প্রাপ্তি কৰা মূল্যত লিখিব লাগে। ব্যৱসায়ত ব্যৱহাৰৰ কাৰণে ক্ৰয় কৰা পৰিসম্পদ সমূহ আদায় দিয়া মূল্যত অথবা ইয়াৰ প্ৰাপ্তি মূল্য ব্যয় বুলি কোৱা হয়। ব্যৱসায়ত ব্যৱহাৰ কৰিবলৈ উপযোগী কৰি তুলিবৰ কাৰণে পৰিসম্পদৰ ওপৰত যি পৰিমাণৰ ধন ব্যয় কৰা হয়, সেই পৰিমাণক প্রকৃত মূল্য বা অতীত ব্যয় বুলি কোৱা হয়। সম্পত্তিৰ মূল্যসমূহ বছৰৰ পিছত বছৰ ধৰি একেই ৰখা হয়৷ ইয়াৰ ফলত সম্পত্তি সমূহৰ বজাৰ মূল্যৰ পৰিবৰ্তন হলেও তাৰ প্ৰভাৱ বা সংযোজন সম্পত্তিৰ ওপৰত কৰা নহয়। অতীত ব্যয়ৰ ওপৰত ভিত্তিকৰি সম্পত্তি আৰু দেনাসমূহৰ মূল্য একে ধৰণে ৰাখি এইবোৰ হিচাপৰ বিবৃত্তিত উপস্থাপন কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top