Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন

Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Notes and select needs one.

Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 6 উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন Solutions for All Subjects, You can practice these here.

উদ্বৃত্ত মিলন পত্ৰ আৰু ভুলৰ সংশোধন

ACCOUNTANCY

Chapter: 6

PART – I

অনুশীলনী প্রশ্নোত্তৰ

১। উদ্বৃত্ত মিলন পত্ৰৰ অৰ্থ প্ৰকল্প কৰা।

উত্তৰঃ উদ্বৃত্ত মিলন পত্ৰ হ’ল বিভিন্ন হিচাপৰ ডেবিট আৰু ক্রেডিট উদ্বৃত্তসমূহ লৈ প্ৰস্তুত কৰা তালিকা বা সূচী যাৰ জৰিয়তে খতিয়ানত সম্বলিত কৰা হিচাপৰ গাণিতিক শুদ্ধতা প্ৰমাণ কৰি চোৱা হয়। হিচাপৰ গাণিতিক শুদ্ধতা প্ৰমাণ কৰি চোৱা হয়। হিচাপৰ প্ৰক্ৰিয়াত উদ্বৃত্ত মিলন পত্ৰ এখন গুৰুত্বপূৰ্ণ তালিকা যাৰ জৰিয়তে বিভিন্ন হিচাপৰ চূড়ান্ত স্থিতি সমূহ জানিব পাৰি।

২। উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুত কৰাৰ উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰঃ উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুত কৰাৰ উদ্দেশ্য সমূহ হ’ল—

(i) খতিয়ানৰ হিচাপ সমূহৰ গাণিতিক শুদ্ধতা নিৰ্ধাৰণঃ উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুত কৰাৰ উদ্দেশ্য হ’ল যে সকলোবোৰ ডেবিট আৰু ক্রেডিট শিতানসমূহ খতিয়ানত শুদ্ধকৈ অর্ন্তভুক্ত কৰা হৈছিল নে নাই আৰু সকলো বোৰ হিচাপ শুদ্ধকৈ সম্বলিত কৰা হৈছিল নে নাই। উদ্বৃত্ত মিলন পত্ৰ হৈছে খতিয়ানৰ উদ্বৃত্ত সমূহৰ চমু বিৱৰণ। ই হৈছে বিভিন্ন হিচাপসমূহ আৰু সিহঁতৰ উদ্বৃত্তৰ এখন তালিকা। যেতিয়া ডেবিট উদ্বৃত্তৰ মুঠ পৰিমাণ ক্রেডিট উদ্বৃত্ত সমূহৰ মুঠ পৰিমাণৰ সৈতে মিলি যায়, তেন্তে এইটো গ্রহণযোগ্য যে হিচাপ সমূহৰ খতিয়ান ভূক্তকৰন আৰু সত্তলন গাণিতিক ভাবে শুদ্ধ।

(ii) হিচাপত সংঘটিত হোৱা ভুলসমূহৰ চিনাক্তকৰণত সহায় কৰেঃ যেতিয়া এখন উদ্বৃত্ত মিলন পত্র অমল হয় তেতিয়া আমি অতি কমে ও এটা ভুল হিচাপত সংঘটিত হোৱা বুলি জানিব পাৰো ৷ সাধাৰণতে তলত উল্লেখ কৰা হিচাপৰ বিভিন্ন স্তৰ সমূহত বিভিন্ন ধৰণৰ ভুলসমূহ সংঘটিত হোৱাৰ সম্ভাবনা থাকে। 

সেইবোৰ হ’ল—

(a) সহায়কাৰী বহীসমূহৰ পৰিমাণ নিৰ্ধাৰণৰ সময়ত।

(b) জাবেদাৰ পৰা প্ৰবৃষ্টি সমূহ খতিয়ানভুক্ত কৰণৰ সময়ত।

(c) হিচাপৰ সম্বলনৰ সময়ত।

(d) বিভিন্ন হিচাপৰ উদ্বৃত্ত মিলন পত্রত অনুভক্তিৰ সময়ত।

(iii) বিত্তীয় বিবৃতি প্ৰস্তুতকৰণত সহায় কৰিবৰ বাবেঃ উদ্বৃত্ত মিলন পত্ৰক হিচাপৰ তথ্য সমূহৰ আৰু বিত্তীয় বিবৃতিৰ প্ৰস্তুতকৰণৰ যোগাযোগৰ মাধ্যম হিচাপে বিবেচনা কৰিব পাৰি। বিত্তীয় বিবৃতি প্ৰস্তুত কৰাৰ বাবে খতিয়ানসমূহৰ প্ৰয়োজন নহয়। প্ৰকৃতাৰ্থত এখন শুদ্ধ উদ্বৃত্ত মিলন পত্রক বিত্তীয় বিবৃতি প্ৰস্তুতকৰণৰ প্ৰথম পদক্ষেপ বুলি গণ্য কৰা হয়। উদ্বৃত্ত মিলন পত্ৰত উল্লেখ কৰা সকলো ৰাজহ আৰু খৰচৰ হিচাপ সমূহ ব্যৱসায়ৰ ক্ৰয় বিক্রয় হিচাপ আৰু লাভ-লোকচান হিচাপ লৈ স্থানান্তৰ কৰা হয় আৰু সম্পত্তিৰ হিচাপসমূহ উদ্বৃত্ত পত্ৰলৈ স্থানান্তৰ কৰা হয়।

৩৷ উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুতকৰণৰ পদ্ধতিসমূহ কি কি?

উত্তৰঃ উদ্বৃত্ত মিলন পত্ৰপ্ৰস্তুতকৰণৰ পদ্ধতি সমূহ হ’ল—

(i) মুঠ যোগফল পদ্ধতিঃ এই পদ্ধতি অনুসৰি খতিয়ানৰ দুয়োটা দিশৰ যোগফল সমূহ বেলেগ বেলেগকৈ নিজৰ স্থান অনুসৰি উদ্বৃত্ত মিলন পত্ৰত উপস্থাপন কৰা হয়। উদ্বৃত্ত মিলন পত্ৰৰ ডেবিট স্তম্ভৰ মুঠ যোগফল ক্রেডিট স্তম্ভৰ মুঠ যোগফল ক্রেডিট স্তম্ভৰ মুঠ যোগফলৰ সৈতে সমান হ’ব লাগিব কাৰণ হিচাপসমূহে দ্বি-প্ৰবৃষ্টি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। উদ্বৃত্ত মিলন পত্ৰ প্ৰস্তুত কৰণৰ এই পদ্ধতিটো কৰ্মক্ষেত্ৰত বিশদভাৱে ব্যৱহৃত নহয় এই পদ্ধতিয়ে বিভিন্ন হিচাপ সমূহৰ উদ্বৃত্তবোৰৰ শুদ্ধতা প্ৰমাণত আৰু বিত্তীয় বিবৃতি প্ৰস্তুতকৰণত সহায় নকৰে।

(ii) উদ্বৃত্ত পদ্ধতিঃ এই পদ্ধতিটো হিচাপ বিদ্যাত বিশদভাৱে ব্যৱহৃত পদ্ধতি। এই পদ্ধতি অনুসৰি হিচাপৰ শুদ্ধতা প্ৰমাণ কৰিবলৈ খতিয়ানৰ বিভিন্ন হিচাপ সমূহৰ উদ্বৃত্ত যথাস্থানত উপস্থাপন কৰি ডেবিট আৰু ক্রেডিট স্তম্ভৰ যোগফল উলিয়াই উদ্বৃত্ত মিলন পত্র প্ৰস্তুত কৰা হয়। এই পদ্ধতিত খতিয়ানৰ উদ্বৃত্ত সমূহ ব্যৱহৃত হোৱাৰ উদ্দেশ্য হ’ল যে ব্যৱসায়ৰ সংঘটিত হোৱা বিভিন্ন লেনদেনৰ শেষ প্রভাব খতিয়ানৰ উদ্বৃত্ত সমূহ ব্যৱহৃত লোকৰ উদ্দেশ্যে হ’ল যে ব্যবসায়ত সংঘটিত হোৱা বিভিন্ন লেনদেনৰ শেষ প্রভাব খতিয়ানৰ উদ্বৃত্তৰ সহায়ত জানিব পাৰি আৰু এই পদ্ধতিয়ে বৱসায়ৰ চূড়ান্ত হিচাপ প্ৰস্তুত কৰাত সহায় কৰে। এই পদ্ধতিৰ আন এটা উল্লেখনীয় দিশ হ’ল যে সাধাৰণতে দেনাদাৰ সকলৰ হিচাপ গাইগুটিয়াকৈ নেদেখুৱাই সকলোকে বিভিন্ন দেনাদাৰ হিচাবে উপস্থাপন কৰা হয় তেনেদৰে পাওনাদাৰ সকলক গাইগুটিয়াকৈ নেদেখুৱাই সকলোকে বিভিন্ন পাওনাদাৰ হিচাবে উপস্থাপন কৰা হয়।

(iii) মুঠ যোগফল উদ্বৃত্ত পদ্ধতিঃ এই পদ্ধতিটো হৈছে মুঠ যোগফল পদ্ধতি আৰু উদ্বৃত্ত পদ্ধতিৰ সংমিশ্রন। এই পদ্ধতি অনুসৰি টকাৰ পৰিমাণ লিখিবৰ বাবে চাৰিটা স্তম্ভ ব্যৱহাৰ কৰা হয়। ইয়াৰে দুটা স্তম্ভ বিভিন্ন হিচাপৰ মুঠ ডেবিট আৰু ক্ৰেডিটৰ পৰিমাণ লিখাৰ বাবে ব্যৱহাৰ কৰা হয় আৰু আন দুটা স্তম্ভ সেই হিচাপসমূহৰ ডেবিট উদ্বৃত্ত আৰু ক্ৰেডিট সমূহ লিখাৰ বাবে ব্যৱহাৰ কৰা হয়।

৪। সাধাৰণতে ব্যৱসায়ৰ সংঘটিত ভুলবিলাকক কেইটা শ্ৰেণীত ভাগ কৰা যায়?

উত্তৰঃ ব্যৱসায়ৰ ভুলৰ প্ৰকৃতি অনুসৰি ভুল সমূহক তলত উল্লেখ কৰা চাৰিভাগত ভাগ কৰিব পাৰি—

(i) কর্মাত্মক ভুলঃ এই ধৰণৰ ভুল সমূহ হৈছে, লেনদেন ভুলকৈ খতিয়ানভূক্তকৰণ, ভুলকৈ যোগফল নিৰ্ধাৰণ কৰাত বা হিচাপৰ উদ্বৃত্ত নিৰ্ধাৰণ কৰাত, সহায়কাৰী বহীত ভুলকৈ লিপিবদ্ধ কৰা বা প্ৰথমিক বহীত ভুলকৈ টকাৰ পৰিমাণ লিপিবদ্ধ কৰা ইত্যাদি। উদাহৰণ—স্বৰূপে, ৰাজহংস ট্রেডাৰ্ছে নগদ ২৫০০০ টকা মেচাৰ্চ ৰামক দিলে। এই লেনদেনটো শুদ্ধভাৱে নগদ বহীত লিপিবদ্ধ কৰা হ’ল৷ কিন্তু যেতিয়া খতিয়ান ভূক্ত কৰা হ’ল মেচাৰ্চ ৰামৰ হিচাপত মাত্ৰ নগদ ২৫০০ টকাৰে ডেবিট কৰা হ’ল।

(ii) বিচ্যুতিজনিত ভুলঃ বিচ্যুতিজনিত ভুল সাধাৰণতে লেনদেনবোৰ প্ৰাথমিক বহীত প্ৰবৃষ্টি দিয়াৰ সময়ত বা প্ৰবৃষ্টি সমূহ খতিয়ানভূক্ত কৰাৰ সময়ত সংঘটিত হয়। যেতিয়া এটা লেনদেন সম্পুর্ণ ভাবে প্রাথমিক বহীত লিপিবদ্ধ কৰাৰ পৰা বাদ পৰি যায় তেতিয়া ইয়াক সম্পূর্ণ বিচ্যুতিজনিত হোৱা ভুল বুলি জনা যায়৷ উদাহৰণ স্বৰূপে, মোহনৰ ওচৰত ১০০০০ টকাৰ সামগ্ৰী বাকীত বিক্ৰী কৰা বিক্ৰীয় বহীত লিপিবদ্ধকৰা নহ’ল। যেতিয়া এটা লেনদেন আংশিকভাৱে হিচাপৰ বহীত লিপিবদ্ধ কৰা নহয় তেনে ভুলক আংশিক বিচ্যুৎজনিত হোৱা ভুল বুলি বিবেচিত কৰা হয়। ওপৰত উল্লেখ কৰা উদাহৰণটোৰ যদি বাকীত বিক্ৰীৰ পৰিমাণ বিক্রী বহীত লিপিবদ্ধ কৰা হ’ল কিন্তু মোহনৰ হিচাপত বিক্ৰী বহীৰ পৰা খতিয়ানভুক্তকৰণ নহল। এই ধৰণৰ ভুলক আংশিক বিচ্যুতিজনিত ভুল বুলি বিবেচিত হয়।

(iii) নীতিগত ভুলঃ হিচাপৰ প্ৰবৃষ্টিসমূহ সৰ্বসাধাৰণৰ দ্বাৰা গৃহীত হিচাপৰ নীতি অনুসৰি লিপিবদ্ধ কৰা হয়। যদিহে হিচাপৰ নীতিবোৰ উলংঘা বা এৰাই চলা হয় তেতিয়া সংঘটিত হোৱা ভুলবোৰক হিচাপৰ নীতিগত ভুল বুলি বিবেচিত হয়। নীতিগত ভুল সাধাৰণতে ব্যৱসায়ৰ আয় আৰু ব্যয় অশুদ্ধকৈ মূলধনী আৰু ৰাজহ হিচাপে শ্ৰেণী বিভাগ কৰাত সংঘটিত হয়। আয় আৰু ব্যয়ৰ সঠিক শ্রেণীবিভাজন অতি গুৰুত্বপূর্ণ যিহেতু এই শ্রেণীবিভাজনে ব্যৱসায়ৰ বিত্তীয় বিবৃত্তিত প্ৰভাৱ পেলায়। এই ভুলৰ ফলস্বৰূপে আয় বা ব্যয় আৰু সম্পত্তি বা দেনা কম বেছি হাৰত লিপিবদ্ধ হ’ব পাৰে। উদাহৰণ স্বৰূপে ঘৰ সম্প্ৰসাৰণৰ ব্যয় মূলধনী ব্যয় হিচাপে ডেবিট কৰা হয় কিন্তু ইয়াৰ পৰিৱৰ্তে যদি সম্প্ৰসাৰণৰ ব্যয় মেৰামতি হিচাপত ডেবিট কৰা হয় তেতিয়া এই ব্যয়ক ৰাজহ ব্যয় হিচাপে বিবেচিত হ’ব। এইটোৱে হৈছে নীতিগত ভুল।

(iv) পৰিপূৰক ভুলঃ যেতিয়া দুটা বা তাতোধিক ভুল একেলগে সংঘটিত হয় আৰু যাৰ সমুদায় প্ৰভাৱ হিচাপসমূহৰ ডেবিট আৰু ক্রেডিট দিশত নপৰে, তেনে ভুলবোৰক পৰিপূৰক ভুল বুলি কোৱা হয়। এই ভুলবোৰে উদ্বৃত্ত মিলন পত্ৰৰ যোগফলত প্ৰভাৱ নেপেলায়। উদাহৰণ স্বৰূপে, যদি ক্রয় বহী বেছিকৈ ১০০০০ টকাৰ ডেবিট কৰা হয় তেতিয়া ক্রয় বহী ১০০০০ টকাৰে অধিক ডেবিট দেখুৱাব আৰু বিক্ৰী ফিৰৎ বহী যদি কমকৈ ১০০০০ টকা কমকৈ দেখুৱাব আৰু এই ভুলেই হৈছে পৰিপূৰক ভুল যিহেতষতু এটা ভুলৰ প্ৰভাৱে আনটো ভুলৰ প্ৰভাবৰ পৰিপূৰক হৈছে।

৫। ভুলৰ অস্তিস্ত আৰু অৱস্থান নিৰূপনৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি?

উত্তৰঃ যদি এখন উদ্বৃত্ত মিলন পত্র অমিল হয় তেতিয়া হিচাপ ৰক্ষকজনে হিচাপত হোৱা ভুলৰ অস্তিত্ব আৰু অৱস্থান নিৰূপনৰ বাবে তলত দিয়া পদক্ষেপ সমূহ গ্ৰহণ কৰিব লাগে।

(i) উদ্বৃত্ত মিলন পত্ৰৰ ডেবিট আৰু ক্রেডিট দিশৰ যোগফল পুনৰ পৰীক্ষা কৰা।

(ii) উদ্বৃত্ত মিলন পত্ৰত উল্লেখ কৰা হিচাপৰ বিভিন্ন শিতান আৰু ধনৰ পৰিমাণ খতিয়ানত উল্লেখ কৰা বিভিন্ন হিচাপৰ শিতান আৰু ধনৰ পৰিমাণৰ সেতে মিলাই চাব লাগে যাতে যিকোনো পৰিমাণৰ ধনৰ পাৰ্থক্য বা হিচাপৰ বিচ্যুতি জনিত ভুল ধৰা পৰে।

(iii) খতিয়ানৰ হিচাপ সমূহৰ উদ্বৃত্ত গাইগুটীয়াকৈ পুণৰ পৰীক্ষা কৰিব লাগে।

(iv) প্ৰাথমিক বহীৰ প্ৰবৃষ্টিসমূহ খতিয়ানভূক্ত কৰাৰ শুদ্ধতা পুনৰ পৰীক্ষা কৰিব লাগে।

৬। স্থগিত হিচাপ কি?

উত্তৰঃ যদিও ডেবিট বা ক্রেডিট দিশত থকা ভুলৰ বাবে উদ্বৃত্ত মিলন পত্র অমিল হয়, তথাপি হিচাপ ৰক্ষকজনে বিত্তীয় বিবৃতি প্ৰস্তুতকৰণৰ বাবে হিচাপৰ প্ৰক্ৰিয়াতো আগুৱাই নিব লাগিব। তেতিয়া হিচাপ ৰক্ষকজনে যিটো দিশত কম পৰিমাণৰ টকা দেখুৱাই সেইটো নতুন হিচাপ খুলি স্থানান্তৰ কৰি উদ্বৃত্ত মিলন পত্ৰখন সমান কৰে। এই হিচাপটোক স্থগিত হিচাপ বুলি কোৱা হয়।

৭। শুদ্ধ উত্তৰটো বাচি উলিওৱা—

(i) উদ্বৃত্ত মিলন পত্ৰৰ সমতা প্ৰভাৱিত হয়-

(a) এটা দিশৰ ভুলৰ দ্বাৰা।

(b) দুটা দিশৰ ভুলৰ দ্বাৰা।

(c) a আৰু b দুয়োটা।

(d) এটাও নহয়।

উত্তৰঃ (a) এটা দিশৰ ভুলৰ দ্বাৰা।

(ii) তলৰ কোনটো নীতিগত ভুল নহয়-

(a) আচবাব ক্ৰয়ৰ লেনদেন ক্রয় হিচাপত ডেবিট কৰা।

(b) ক্ৰয় কৰা পূৰণি যন্ত্রপাতিৰ সম্পূৰ্ণ মেৰামতিৰ বাবদ খৰচ হোৱা টকা মেৰামতিৰ হিচাপত ডেবিট কৰা।

(c) মনোজৰ পৰা পোৱা নগদ টকা সৰোজৰ হিচাপত খতিয়ানভূক্ত কৰা।

(d) পুৰণি গাড়ী বিক্ৰী কৰি বিক্ৰয় হিচাপ ক্রেডিট কৰা।

উত্তৰঃ (b) ক্ৰয় কৰা পূৰণী যন্ত্রপাতিৰ সম্পূৰ্ণ মেৰামতিৰ বাবদ খৰচ হোৱা টকা মেৰামতিৰ হিচাপত ডেবিট কৰা।

(iii) তলৰ কোনটো কৰ্মাত্মক ভুল নহয়-

(a) বিক্রয় বহী বেছিকৈ লিখা।

(b) ৰমেশলৈ বাকীত বিক্ৰী কৰা 5000 টকা তেওঁৰ হিচাপত ক্রেডিট কৰা হ’ল।

(c) যন্ত্রপাতিৰ হিচাপৰ ভুল উদ্বৃত্ত।

(d) নগদ বহীত নগদ বিক্রী লিপিবদ্ধ নকৰা।

উত্তৰঃ (c) যন্ত্রপাতিৰ হিচাপৰ ভুল উদ্বৃত্ত।

(iv) তলৰ কোন কেইটা ভুল স্থগিত হিচাপৰ জৰিয়তে শুধৰণি কৰা হব-

(a) বিক্ৰী ফিৰৎ বহী 1000 টকাৰে কমকৈ লিখা হৈছে।

(b) মধুৰ পৰা পোৱা 1000 টকাৰ বিক্ৰী ফিৰৎ লিপিবদ্ধ কৰা হোৱা নাছিল।

(c) মধুৰ পৰা পোৱা 1000 টকাৰ বিক্ৰী যদুৰ বহীত লিখা।

(d) যদি এখন উদ্বৃত্ত মিলন পত্র মিলি যায়, তেন্তে ই বুজায় যে।

উত্তৰঃ (a) বিক্ৰী ফিৰৎ বহী 1000 টকাৰে কমকৈ লিখা হৈছে।

(v) যদি এখন উদ্বৃত্ত মিলন পত্র মিলি যায়, তেন্তে ই বুজায় যে-

(a) হিচাপৰ বহীত কোনো ভুল নাই।

(b) হিচাপৰ বহীত দ্বৈত দিশৰ ভুল থাকিব পাৰে।

(c) হিচাপৰ বহীত এটা দিশৰ ভুল থাকিব পাৰে।

(d) হিচাপৰ বহীত দ্বৈত দিশৰ ভুল আৰু এটা দিশৰ ভুল এই দুয়োটা ভুল থাকিব পাৰে।

উত্তৰঃ (b) হিচাপৰ বহীত দ্বৈত দিশৰ ভুল থাকিব পাৰে।

(vi) যদি ভুলবোৰৰ শুধৰণিৰ পিছতো স্থগিত হিচাপৰ উদ্বৃত্ত থাকি যায়, তেন্তে ই বুজাই যে- 

(a) কেৱল বহী সমূহত ধৰা পেলাবলগীয়া কিছুমান এটা দিশৰ ভুল আছে।

(b) ধৰা পেলাবলগীয়া আৰু কোনো ভুল নাই।

(c) কেবল এটা দিশৰ ধৰা পেলাবলগীয়া ভুল কিছুমান আছে।

(d) এটা আৰু দুটা দিশৰ দুয়োবিধ ধৰা পেলাবলগীয়া কিছুমান ভুল আছে।

উত্তৰঃ (c) কেবল এটা দিশৰ ধৰা পেলাবলগীয়া ভুল কিছুমান আছে।

(vii) যদি নতুন যন্ত্রপাতি বহুৱাৰ বাবদ খৰচ কৰা মজুৰি, মজুৰি হিচাপত ডেবিট কৰা হয়। এইটো এটা-

(a) কমাত্মক ভুল।

(b) নীতিগত ভুল।

(c) পৰিপূৰক ভুল।

(d) বিচ্যুতিজনিত ভুল।

উত্তৰঃ (b) নীতিগত ভুল।

(viii) উদ্বৃত্ত মিলন পত্ৰ হৈছে-

(a) এটা হিচাপ।

(b) এখন বিবৃতি।

(c) এটা সহায়কাৰী বহী।

(d) এটা মুখ্য বহী।

উত্তৰঃ (d) এটা মুখ্য বহী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top