Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি

Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি Notes and select needs one.

Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 7 অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি Solutions for All Subjects, You can practice these here.

অৱক্ষয়, ভবিষ্য ব্যৱস্থা আৰু সঞ্চিত পূঁজি

ACCOUNTANCY

Chapter: 7

PART – I

অনুশীলনী প্রশ্নোত্তৰ

১। অবক্ষয় কি?

উত্তৰঃ যদি এটা ব্যৱসায় প্রতিষ্ঠানে সম্পত্তি ক্ৰয় কৰি উৎপাদন কাৰ্য্যত ব্যৱহাৰ কৰে লগে লগেই এই যন্ত্রপাতিৰ মূল্য কমিব ধৰে। যদিও এই যন্ত্রপাতি উৎপাদনত ব্যৱহাৰ কৰা নহয় তথাপি সময় অতিবাহিত হোৱাৰ লগে লগেই বা নতুন মডেল আগমনৰ বাবে এই যন্ত্রপাতিৰ মূল্য কমি যায়। ইয়ে দেখুৱাই দিয়ে যে স্থায়ী সম্পত্তিবোৰৰ মূল্য ক্ৰমে কমি গৈ থাকে যাক অবক্ষয় বুলি কোৱা হয়।

২। অবক্ষয়ৰ কাৰণবোৰ কি কি?

উত্তৰঃ অবক্ষয়ৰ কাৰণবোৰ হ’ল—

(ক) ব্যবহাৰ বা সময় অতিবাহিত হোৱাৰ বাবে ক্ষয় হোৱাঃ ক্ষয় হোৱা মানে ক্রমে ক্রমে হ্রাস হোৱা। ব্যসায়ে আয় উপাৰ্জন কৰিবলৈ কাৰ্য্যত ব্যৱহাৰ কৰোতে সম্পতি যি উদ্দেশ্য বা কামত ব্যৱহৃত হয় সেই ক্ষমতা ক্রমে কমি যায়। আনহাতে সম্পত্তিৰ বাহ্যিক অবয়ব ক্রমে নষ্ট হয়।

(খ) আইনগত অধিকাৰ শেষ হোৱাৰ বাবেঃ এনে শ্ৰেণীৰ কিছুমান সম্পত্তি আছে যিবোৰ সম্পত্তি চুক্তিৰ দ্বাৰা ব্যৱসায়ত নিৰ্দিষ্ট সময়ৰ বাবে ব্যৱহাৰৰ অধিকাৰ পোৱা হয়, সেই সময় শেষ হোৱাৰ লগে লগেই এইবোৰৰ মূল্য নোহোৱা হয়।

(গ) অপ্রচলনঃ স্থায়ী সম্পত্তি অবক্ষয় হোৱাৰ আন এটা কাৰণ হ’ল অপ্ৰচলন। সাধাৰণ ভাষাত অপ্ৰচলনৰ অৰ্থ হ’ল সময়ৰ বাহিৰ হোৱা। নতুন উন্নত ধৰণৰ সম্পত্তিৰ উদ্ভাৱনৰ ফলত। বৰ্তমানৰ সম্পত্তিবোৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে।

(ঘ) অস্বাভাৱিক কাৰণঃ কিছুমান অস্বাভাৱিক কাৰণতো সম্পত্তিৰ মূল্য হ্ৰাস হয় বা ব্যৱহাৰ যোগ্যতা কমি যায়। যেনে জুই, বানপানী। দুর্ঘটনাজনিত লোকচানবোৰ স্থায়ী আৰু সঘনে নহয়।

৩। অবক্ষয়ৰ পৰিমাণক প্ৰভাৱ পেলাব পৰা মূল উপদানবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ অবক্ষয়ৰ পৰিমাণ নিৰাপন তিনিটা উপদানৰ ওপৰত নিৰ্ভৰ কৰে আৰু এইবোৰ হ’ল—

(ক) সম্পত্তিৰ ব্যয়ঃ এবিধ সম্পত্তিৰ ব্যয়ৰ ভিতৰত চালান ব্যয় আৰু অন্যায় ব্যয় ধৰা হয়। যিবোৰ ব্যয় সম্পত্তিৰ ব্যৱহাৰৰ উপযোগী বা কার্যক্ষম অৱস্থা পাবৰ বাবে প্ৰয়োজন হয়। কিনা দামৰ ওপৰিও ইয়াৰ ভাড়া পৰিবণ ব্যয়, পৰিবহণ বীমা আদি। পুৰণি সম্পত্তি কিনিলে ইয়াৰ কিনা দামৰ লগত যন্ত্ৰটোত হোৱা মেৰামতি খৰচ যোগ দিব লাগে। এই সমস্ত ব্যয় ইয়াৰ ব্যৱহাৰযোগ্য জীৱন কালৰ ভিতৰত অবলেষণ কৰিব লাগিব।

(খ) অনুমানিক প্রকৃত অবশেষ মূল্যঃ সম্পত্তিৰ প্ৰকৃত অবশেষ মূল্য হৈছে ইয়াৰ জীৱন কালৰ শেষৰ অনুমানিক আদায়ীকৃত বা বিক্রী মূল্য। এই অবশেষ মূল্য সম্পত্তি বিক্ৰীৰ পৰা পোৱা টকাৰ পৰা বিক্ৰীৰ বাবে হোৱা সকলো খৰচ বাদ দি উলিওৱা হয়।

(গ) অবক্ষয়যোগ্য ব্যয়ঃ সম্পত্তি এটাৰ অবক্ষয়যোগ্য ব্যয় হ’ল ইয়াৰ মুঠ ব্যয়ৰ পৰা অবশেষ মূল্য বাদ দি পোৱা মূল্য। অবক্ষয় ব্যয় হৈছে সেইটো ব্যয় যিটো অনুমানিক ব্যৱহাৰযোগ্য জীৱন কালত ভাগ কৰি অবক্ষয় ব্যয় হিচাপ দেখুওৱা হৈছে। এইটো উল্লেখযোগ্য যে ব্যৱহাৰযোগ্য জীৱন কালৰ যি মুঠ অবক্ষয়ৰ পৰিমাণ সেইটো অবক্ষয়যোগ্য ব্যয়ৰ সমান হব লাগিব।

৪। অবক্ষয় ধার্য কৰাৰ প্ৰয়োজন কি?

উত্তৰঃ আইনৰ বাধ্যকতা আৰু বাস্তৱ ব্যৱসায়ীক বিবেচনাৰ পৰাই অবক্ষয় হিচাপত দেখুওৱা প্রয়োজন। সেয়েহে, খৰচ হিচাপে অবক্ষয়ে ব্যৱসায়ত এটা বিশেষ ভূমিকা লৈছে।

(ক) আয় আৰু ব্যয়ৰ সামঞ্জস্য ঘটোৱাঃ স্থায়ী সম্পত্তি ব্যৱসায়ৰ কাম কাজৰ বাবে আহৰণ মানেই হৈছে ইয়াক লাভ উপাৰ্জনৰ বাবে ব্যৱহাৰ কৰা। প্ৰতিটো সম্পত্তি ক্ষয় হবই আৰু সেয়েহে ইয়াৰ মূল্যও কমি যায়। সেয়েহে দৰমহা পৰিবহণ ব্যয় আদি ব্যৱসায়ৰ সাধাৰণ ব্যয়ৰ দৰে অবক্ষয়কো ব্যয় হিচাপে ধৰাটো দৰকাৰ।

(খ) কৰৰ বাবেঃ কৰ নিৰূপণৰ বাবে অবক্ষয় এবিধ বাদ দিব লগা খৰচ। বৰ্তমান ব্যৱসায়ৰ বাবে অবক্ষয়ৰ পৰিমাণ উলিয়াবলৈ কৰৰ নিয়ম একে নহলেও কোনো কথা নাই।

(গ) শুদ্ধ আৰু ভাল বিত্তীয় অৱস্থা দেখাবলৈঃ যদিহে সম্পত্তিৰ বাবে অবক্ষয় ধৰা নহয়, তেন্তে সম্পত্তিবোৰ মূল্য বেছিকৈ দেখুৱা হব আৰু উদ্বৃত্ত পত্রই শুদ্ধ বিত্তীয় অবস্থা দেখুৱাব নোৱাৰিব। তাৰোপৰি প্ৰতিস্থিত হিচাপ ব্যৱস্থা বা আইনৰ ব্যৱস্থায়ো এইটো অনুমতি নিদিয়ে।

(ঘ) আইন অনুসৰিঃ কৰ আইনৰ ওপৰিও একে কিছুমান বিশেষ আইন আছে যিবোৰ কিছুমান ব্যৱসায় সংগঠনক অবক্ষয় ধাৰ্য্য কৰিবলৈ পৰোক্ষভাৱে বাধ্য কৰে।

৫। অবক্ষয়ৰ পৰিমাণ উলিওৱা পদ্ধতিবোৰ কি কি?

উত্তৰঃ অবক্ষয়ৰ পৰিমাণ উলিওৱাৰ পদ্ধতিবোৰ হ’ল—

(ক) সৰল ৰৈখিক পদ্ধতিঃ অবক্ষয় ধার্য কৰাৰ এই পদ্ধতিটো অতি পুৰণি আৰু অতি বহুলভাৱে ব্যৱহৃত। গোটেই ব্যৱৱহাৰযোগ্য জীৱনকালত সম্পত্তিটো সমানে ব্যৱহাৰ হয়। এই ধাৰণাৰ ওপৰত ই প্ৰতিস্থিত। এই কাৰনেই সৰল ৰৈখিক পদ্ধতি কোৱা হয় যে, যদি বছৰবোৰৰ পৰিৱৰ্তে অবক্ষয়ৰ পৰিমাণবোৰ এখন লেখ কাগজত উপস্থাপন কৰা হয় তেতিয়া আমি এডাল সৰল ৰেখা পাম। ইয়াক স্থিৰ বিস্তি পদ্ধতি বুলিও কোৱা হয়।

সম্পত্তিৰ ব্যয় – অবশিষ্ট মূল্য

一一一一一一一一一一一一一

সম্পত্তিৰ অনুমানিক জীৱনকাল

(খ) অবলেষিত মূল্য পদ্ধতিঃ এই পদ্ধতি অনুসৰি অবক্ষয় লিখিত মূল্যৰ ওপৰত ধাৰ্য্য কৰা হয়। যিহেতু লিখিত মূল্য বাৰ্ষিক অবক্ষয় বাদ দি ধৰা হয়, সেয়েহে ইয়াক ক্রমহ্রাসমান উদ্বৃত্ত পদ্ধতি বুলিও জনা যায়। এই পদ্ধতিত প্রতি হিচাপ বৰ্ষত আৰম্ভণিতে সম্পত্তিৰ লিখিত মূল্যৰ ওপৰত শতাংশ ধৰি অবক্ষয়ৰ পৰিমাণ উলিওৱা হয়। সেয়েহে, অবক্ষয়ৰ পৰিমাণ প্ৰতি বছৰে কমি গৈ থাকে।

৬। অবক্ষয় নিৰূপণ কৰা সৰল ৰৈখিক পদ্ধতি আৰু অৱলেপন মূল্য পদ্ধতিৰ মাজৰ পার্থক্য দেখুওৱা।

উত্তৰঃ সৰল ৰৌখিক পদ্ধতি আৰু অবলেপন মূল্য পদ্ধতিৰ পাৰ্থক্যবোৰ হ’ল—

পাৰ্থক্যৰ ভেটিসৰল ৰৌকিক পদ্ধতিঅবলেপন মূল্য পদ্ধতি
1. অবক্ষয়ৰ ধাৰ্য্য কৰা ভেটি(i) মূল ব্যয়(i) লিখিত মূল্য
2. বছৰি ধাৰ্য্য কৰা অবক্ষয়ৰ পৰিমাণ(ii) স্থিৰ থাকে(iii) প্ৰতিবছৰে কমি গৈ থাকে।
3. অবক্ষয় আৰু মেৰামতিৰ বাবদ লাভ-লোকচান হিচাপ কাৰ্য্য কৰা ব্যয়।(iii) বছৰি অসমান(iii) প্ৰতি বছৰে সমান থাকে
4. আয়কৰ আইনৰ দ্বাৰা স্বীকৃতি(iv) স্বীকৃতি দিয়া নাই(iv) স্বীকৃতি দিছে
5. সুবিধাজনক(v) যিবোৰ সম্পত্তিৰ মেৰামতি ব্যয় কম, অপ্ৰচলনৰ সম্ভাৱনা কম, অবশেষ মূল্য পূর্বনিদ্ধাৰিত কালৰ ওপৰত নিৰ্ভৰ কৰে, তেনেবোৰ সম্পত্তিৰ বাবে ই সুবিধাজনক(v) যিবোৰ সম্পত্তিক কাৰিকৰী পৰিবৰ্তনে প্রভাব পেলায় আৰু সময় অতিবাহিত হোৱাৰ লগে লগে বেছিকৈ মেৰামতি ব্যয় কৰিব লগা হয়। তেনেবোৰ সম্পত্তিৰ বাবে ই সুবিধাজনক।

৭। ভৱিষ্যৎ ব্যৱস্থা বুলিলে কি বুজা আৰু ইয়াৰ চাৰিটা উদাহৰণ দিয়া।

উত্তৰঃ কিছুমান ব্যয় বা খৰচ আছে যিবোৰ চলিত হিচাপ বৰ্ষৰ লগত জড়িত। কিন্তু, যিহেতু পৰিশোধ কৰা হোৱা নাই সেয়েহে ইয়াৰ সঠিক পৰিমাণ কব নোৱাৰি। সেয়েহে শুদ্ধ লাভ নিৰূপণ কৰিবৰ বাবে এনেবোৰ বিষয়ৰ কাৰণে যিবোৰ ব্যৱস্থা কৰা হয় সেইবোৰক ভৱিষ্যৎ ব্যৱস্থা বুলি কোৱা হয়।

ভৱিষ্য ব্যৱস্থাৰ উদাহৰণ হ’ল—

(i) অবক্ষয়ৰ বাবে ভৱিষ্যৎ ব্যৱস্থা।

(ii) কৰৰ বাবে ভৱিষ্যৎ ব্যৱস্থা।

(iii) দেনাদাৰৰ বাট্টাৰ বাবে ভৱিষ্যৎ ব্যৱস্থা।

(iv) মেৰামতি আৰু নবীকৰণৰ বাবে ভৱিষ্যৎ ব্যৱস্থা।

৮। পুঁজি বুলিলে কি বুজা?

উত্তৰঃ লাভৰ কিছু অংশ আচুতীয়াকৈ ৰাখি ব্যৱসায়ত জমা ৰখা হয়, যাতে কিছুমান ভৱিষ্যতৰ নিৰ্দিষ্ট প্রয়োজন পুৰণ কৰিব পাৰি। এইবোৰক পুঁজি বুলি কোৱা হয়।

বিভিন্ন পুঁজিবোৰ হ’ল—

(i) সাধাৰণ পুঁজি।

(ii) কৰ্মচাৰীৰ ক্ষতি পুৰণ পুঁজি।

(iii) ফটকা বিনিয়োগ পুঁজি।

(iv) মুলধনী পুঁজি।

(v) লাভ্যাংশ সমকাৰী পুঁজি।

৯। ভবিষ্য ব্যৱস্থা আৰু পুঁজিৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ ভবিষ্য ব্যৱস্থা আৰু পুঁজিৰ মাজৰ মূল পার্থক্যবোৰ তলত আলোচনা কৰা হ’ল—

(i) মূল প্রকৃতিঃ ভবিষ্য ব্যবস্থা লাভৰ বিপৰীত ব্যয় হিচাপে দেখুওৱা হয়। আনহাতে, পুঁজি লাভৰ উপযোজনহে মাথোন।

(ii) উদ্দেশ্যঃ চলিত কালৰ লগত জড়িত কিছুমান জ্ঞাত দেনা বা ব্যয়ৰ বাবে ভবিষ্য ব্যৱস্থা কৰা হয়। যদিও, সঠিক পৰিমাণ জনা নাযায়। 

আনহাতে, পুঁজি বিত্তীয় অবস্থা শক্তিশালী কৰিবলৈ গঠন কৰা হয়।

(iii) উদ্বৃত্ত পত্ৰত উপস্থাপনঃ ভবিষ্য ব্যৱস্থা দুই ধৰণে দেখুওৱা হ’ল।

(a) সম্পত্তিৰ শিতানত নিৰ্দিষ্ট স্থায়ী সম্পত্তিৰ পৰা বাদ দি দেখুওৱা হয়। আৰু

(b) দেনাৰ শিতানত চলিত দেনাৰ লগত আনহাতে পুঁজি দেনাৰ শিতানত মূলধনৰ পিছত দেখুওৱা হয়।

(iv) কৰযোগ্য লাভৰ ওপৰত প্রভাবঃ কৰযোগ্য লাভ উলিওৱাৰ আগতে ভৱিষ্য ব্যৱস্থা কৰা হয়। সেয়েহে ই কৰযোগ্য লাভৰ পৰিমাণ কমায়। আনহাতে, পুঁজি কৰ বাদ দিয়াৰ পিছত যি লাভ থাকে তাৰ ওপৰতহে গঠন কৰা হয়। সেয়ে ই কৰযোগ্য লাভৰ ওপৰত প্ৰভাব নেপেলায়।

(v) বাধ্যবাধকতাঃ সংৰক্ষণশীলতাৰ নীতি অনুসৰি শুদ্ধ লাভ বা লোকচান উলিয়াবলৈ ভবিষ্য ব্যবস্থা কৰাটো প্রয়োজন। লাভ নহলেও ভবিষ্য ব্যৱস্থা কৰিব লাগে। আনহাতে ব্যৱস্থাপনাৰ ইচ্ছাৰ ওপৰত পুঁজি গঠন কৰাটো নিৰ্ভৰ কৰে।

(vi) লভ্যাংশ পৰিশোধৰ বাবে ব্যৱহাৰঃ ভবিষ্য ব্যৱস্থা লভ্যাংশ বিতৰণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। আনহাতে সাধাৰণ পুঁজি লভ্যাংশ বিতৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

১০। পুঁজি কেই প্ৰকাৰ আৰু কি কি?

উত্তৰঃ ব্যৱসায়ৰ লাভৰ পৰা আচুতীয়াকৈ ৰাকি পুঁজি গঠন কৰা হয়।

এই পুঁজি দুই ধৰণৰ—

(i) সাধাৰণ পুঁজিঃ যেতিয়া পুঁজি গঠনৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য নাথাকে তেনে পুঁজিকে সাধাৰণ পুঁজি বোলা হয়। ইয়াক মুক্ত পুঁজি বুলিও জনা যায়। সেয়েহে ব্যৱস্থাপনাই ইয়াক যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি।

(ii) বিশেষ পুঁজিঃ বিশেষ পুঁজি এনে এক পুঁজি যিবোৰ বিশেষ উদ্দেশ্যৰ বাবে গঠন কৰা হয় আৰু সেই বিশেষ উদ্দেশ্যতহে ব্যৱহাৰ কৰিব পাৰি।

বিশেষ পুঁজিবোৰ তলত আলোচনা কৰা হল—

(a) লভ্যাংশ সমকাৰী পুঁজিঃ এই পুঁজি লভ্যাংশৰ হাৰ স্থিৰ ৰাখিবলৈ গঠন কৰা হয়।

(b) কৰ্মচাৰী ক্ষতিপুৰণ পুঁজিঃ এই পুঁজি দুৰ্ঘটনাৰ সময়ত কৰ্মচাৰীক দিব লগা ক্ষতিপুৰণৰ বাবে গঠন কৰা হয়।

(c) বিনিয়োগ সুৰক্ষা পুঁজিঃ বজাৰ উত্থান-পতনৰ বাবে বিনিয়োগ মূল্য কমি গলে ইয়াক ব্যৱহাৰ কৰা হয়।

(d) ঋণপত্ৰ পৰিশোধ পুঁজিঃ ঋণপত্ৰ পৰিশোধ কৰিবৰ বাবে টকা যোগান ধৰিবলৈ ইয়াক গঠন কৰা হয়।

১১ ৷ ৰাজহ পুঁজি আৰু মূলধনী পুঁজিৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ ৰাজহ পুঁজি আৰু মুলধনী পুঁজিৰ মাজৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হল।

(i) সৃষ্টিৰ উৎসঃ ৰাজহ পুঁজি ৰাজহ লাভৰ পৰা গঠন কৰা হয়। এই লাভ স্বাভাৱিক ব্যৱসায়ীৰ কাম কাজৰ পৰা উদ্বৃত্ত হয়। ইয়াক লভ্যাংশ বিতৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আনহাতে মূলধনী পুঁজি মূলধনী লাভৰ পৰা সৃষ্টি কৰা হয়। ইয়াক লভ্যাংশ বিতৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এই লাভ স্বাভাৱিক ব্যৱসায়ৰ কাম-কাজৰ পৰা উদ্ভৱ নহয়। সেয়ে ইয়াক লভ্যাংশ বিচৰণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি কিন্তু ৰাজহলাভৰ পৰা মুলধনী পুঁজি গঠন কৰিব পাৰি।

(ii) উদ্দেশ্যঃ ৰাজহ পুঁজি বিত্তীয় অৱস্থা শক্তিশালী কৰিবলৈ অদৃশ্য সম্ভাব্য ব্যয় কৰিবলৈ বা অন্য বিশেষ উদ্দেশ্যৰ বাবে গঠন কৰা হয়। আনহাতে মুলধনী পুঁজি আইনগত প্ৰয়োজন বা হিচাপ লিখনৰ ব্যৱস্থাৰ বাবে গঠন কৰা হয়।

(iii) ব্যৱহাৰঃ বিশেষ পুঁজি কেবল বিশেষ উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ হয়। সাধাৰণ পুঁজি যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰি। আনকি লভ্যাংশ বিতৰণৰ বাবেও ইয়াক ব্যৱহাৰ কৰিব পাৰি। আনহাতে মুলধনী পুঁজি কেৱল আইনে ধৰি দিয়া বিশেষ উদ্দেশ্যহে ব্যৱহাৰ কৰিব পাৰি।

১২। গোপন পুঁজিৰ ধাৰণাটো ব্যাখ্যা কৰা?

উত্তৰঃ গোপন পুঁজি এনে এবিধ পুঁজি যিটো উদ্বৃত্ত পত্ৰত দেখুওৱা নহয়। ই প্রকাশ্য লাভৰ পৰিমাণ কমায় আৰু কৰৰ পৰিমাণো কমায়। দুর্দশাৰ সময়ত গোপন পুঁজি লাভৰ লগত যোগ কৰি বৰ্দ্ধিত লাভ দেখুৱাবলৈ ব্যৱহাৰ কৰিব পাৰি। ব্যৱসায়ীয়ে প্ৰয়োজনতকৈ বেছি অবক্ষয় দেখুৱাই গোপন পুঁজিৰ সৃষ্টি কৰিব পাৰি। যিহেতু এই পুঁজিৰ বিষয়ে বাহিৰৰ ব্যক্তিয়ে গম নাপায়। সেয়েহে ইয়াক গোপন পুঁজি বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top