Class 11 Accountancy Chapter 8 বিনিময় পত্র

Class 11 Accountancy Chapter 8 বিনিময় পত্র Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 8 বিনিময় পত্র Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 8 বিনিময় পত্র Notes and select needs one.

Class 11 Accountancy Chapter 8 বিনিময় পত্র

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 8 বিনিময় পত্র Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 8 বিনিময় পত্র Solutions for All Subjects, You can practice these here.

বিনিময় পত্র

ACCOUNTANCY

Chapter: 8

PART – I

অনুশীলনী প্রশ্নোত্তৰ

১। বিনিময় পত্ৰ বুলিলে কি বুজা? আৰু এই পত্ৰত পক্ষ কেইটা উল্লেখ কৰা।

উত্তৰঃ পঞ্চম ধাৰা ‘হস্তান্থৰযোগ্য দলিল আইন, 1881ৰ মতে বিনিময় পত্ৰ হৈছে “এখন প্রস্তুত কাৰকৰ স্বাক্ষৰযুক্ত চৰ্তবিহীন আদেশ পত্ৰ যাৰ জৰিয়তে কোনো নির্দিষ্ট ব্যক্তি বা নির্দিষ্ট ব্যক্তিৰ আদেশ মতে নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰদানৰ এটা চৰ্তবিহীন প্রতিশ্রুতি।”

এখন বিনিময় পত্ৰৰ তিনিটা পক্ষ্য থাকে-

(i) বিল কাৰকঃ এজন বিক্রেতা বা পাওনাদাৰৰ যিয়ে দেনাদাৰৰ পৰা টকা পায়, তেওঁ গ্রাহক বা দেনাদাৰৰ ওপৰত এখন বিনিময় পত্ৰ প্ৰস্তুত কৰিব পাৰে।

(ii) বিল গ্রহীতাঃ এজন ব্যক্তি যাৰ ওপৰত বিলখন প্ৰস্তুত কৰা হৈছে। বিল গ্রহীতাজন হৈছে সামগ্ৰীৰ ক্ৰেতা বা দেনাদাৰ যাৰ ওপৰত বিলখন প্ৰস্তুত কৰা হয়।

(iii) প্ৰাপকঃ প্ৰাপক হৈছে সেইজন ব্যক্তি যিজনক বিলৰ টকা পৰিশোধ কৰা হয়। যদি বিল কাৰক জনে নির্দিষ্ট তাৰিখলৈ বিলখন নিজৰ লগত ৰাখে তেন্তে তেওঁ নিজে বিলৰ প্ৰাপক হয়।

২। বিনিময় বিলৰ বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ বিনিময় পত্ৰৰ সংজ্ঞাৰ পৰা তলত দিয়া বিনিময় পত্ৰৰ বৈশিষ্টবোৰ নিৰ্ধাৰণ কৰিব পাৰি-

(i) এখন বিনিময় পত্র লিখিত হ’ব লাগিব।

(ii) টকা পৰিশোধ কৰাৰ ই এটা আদেশ।

(iii) এই আদেশ চৰ্তবিহীন।

(iv) বিনিময় পত্ৰত প্ৰস্তুত কাৰকৰ স্বাক্ষৰ থাকিব লাগিব।

(v) পৰিশোধ কৰিবলগীয়া টকা নিৰ্দিষ্ট পৰিমাণৰ হ’ব লাগিব।

(vi) পৰিশোধ কৰিবলগীয়া তাৰিখো নিৰ্দিষ্ট হ’ব লাগিব।

(vii) বিনিময় পত্ৰখন এজন নির্দিষ্ট ব্যক্তিক পৰিশোধ কৰিব লাগিব।

(viii) বিনিময় পত্ৰখনত আইনৰ প্ৰয়োজন মতে মোহৰ থাকিব লাগিব।

৩। হুণ্ডি বুলিলে কি বুজা?

উত্তৰঃ যদি সামগ্ৰীৰ ক্রয়-বিক্রয় বাকীত কৰা হয়, তেন্তে নগদ পৰিশোধ ভৱিষ্যতৰ কোনো এদিনত কৰা হয় এনেকুৱা এটা পৰিস্থিতি, ব্যৱসায়টোৱে গ্ৰহকক পৰিশোধ কৰিবলগীয়া দিনটোলৈ মুক্তি দিয়ে। কিন্তু আন কিছুমান পৰিস্থিতিত পৰিশোধ কৰাত সন্দেহ থকা বা নির্দিষ্ট সময়ত পৰিশোধ নকৰা ভয় আঁতৰাবলৈ এখন বাকীত দলিল ব্যৱহাৰ কৰা হয়। এই দলিলক হুণ্ডি বুলি কোৱা হয়।

৪। প্রতিশ্রুতি পত্ৰ কাক বোলে আৰু এই পত্ৰৰ পক্ষবোৰৰ নাম লিখা।

উত্তৰঃ ‘হস্তান্তৰযোগ্য দলিল আইন, ৰ মতে প্রতিশ্রুতি পত্ৰ হৈছে, “কোনো নির্দিষ্ট ব্যক্তি বা সেই ব্যক্তিৰ আদেশ মতে অন্য ব্যক্তিক বা বাহকক নির্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰদানৰ চৰ্ত্তবিহীন প্রতিশ্রুতি সন্নিবিষ্ট লিখিত আৰু প্ৰস্তুতি কাৰকৰ স্বাক্ষৰযুক্ত পত্ৰক প্ৰতিশ্ৰুতি পত্ৰ বোলে।”

এখন প্ৰতিশ্ৰুতি পত্ৰৰ দুটা পক্ষ থাকে-

(i) প্রস্তুতকাৰক বা ধাৰকঃ এইজন হৈছে যিজন ব্যক্তিয়ে নির্দিষ্ট পৰিমাণৰ টকা পৰিশোধ কৰাৰ বাবে প্ৰতিশ্ৰুতি পত্ৰ প্ৰস্তুত কৰে। তেওঁক প্ৰতিজ্ঞাকাৰী বুলি কোৱা হয়।

(ii) প্ৰাপকঃ প্রাপক হৈছে সেইজন ব্যক্তি যিজনক টকা-পৰিশোধৰ বাবে প্রতিশ্রুতি পত্ৰখন প্ৰস্তুত কৰা হয় তেওঁক পাওনাদাৰ বুলি কোৱা হয়।

৫। প্ৰতিশ্ৰুতি পত্ৰৰ প্ৰয়োজনীয় বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ প্ৰতিশ্ৰুতি পত্ৰৰ সংজ্ঞাটোৰ পৰা তলত দিয়া বৈশিষ্ট্যসমূহ নিৰ্ধাৰণ কৰিব পাৰি।

(i) এই পত্র লিখিত হ’ব লাগিব।

(ii) এই পত্ৰত টকা পৰিশোধ কৰাৰ চৰ্ত্তবিহীন প্রতিশ্রুতি থাকিব লাগিব।

(iii) পৰিশোধ কৰিবলগীয়া টকা নিৰ্দিষ্ট পৰিমাণৰ হ’ব লাগিব।

(iv) ইয়াত প্ৰস্তুত কৰ্তাই স্বাক্ষৰ কৰিব লাগিব।

(v) এই পত্ৰৰ টকা নিৰ্দিষ্ট ব্যক্তিক পৰিশোধ কৰিব লাগিব।

(vi) এই পত্ৰত শুদ্ধভাৱে টিকট লগোৱা থাকিব লাগিব।

৬। বিনিময় পত্ৰৰ সুবিধাসমূহ কি কি?

উত্তৰঃ তলৰ সুবিধাসমূহৰ বাবে বাকীৰ দলিল হিচাবে ব্যৱসায়ত বিনিময় পত্ৰৰ প্ৰায়েই বাৱহাৰ হয়।

(i) সম্পর্ক গঠনৰ ভিত্তিঃ বিনিময় পত্ৰ হৈছে এনে এখন হস্তান্তৰযোগ্য দলিল যিয়ে বিক্ৰেতা আৰু ক্ৰেতাৰ নিৰ্দিষ্ট ভিত্তিৰ ওপৰত লেন-দেন সমূহ বাকীত সংঘটিত হোৱাত সহায় কৰে।

(ii) চৰ্ত্ত আৰু পৰিস্থিতিৰ নিশ্চয়তাঃ পাওনাদাৰে টকা কেতিয়া পাব সময়টো নির্দিষ্টকৈ জানে আৰু সেয়েহে দেনাদাৰে টকা পৰিশোধ কৰিব লগা তাৰিখলৈ মুক্তভাবে থাকিব পাৰে।

(iii) বাকী লেন-দেনৰ বিশ্বাসযোগ্য দলিলঃ এখন বিনিময় পত্রই এজন বিক্রেতাক বাকীত সামগ্ৰী বিক্ৰয় কৰাত সহায় কৰে।

(iv) যথোপযুক্ত প্রমাণকঃ বিনিময় পত্ৰ হৈছে বাকীত হোৱা লেন-দেনৰ আইনগত প্ৰমাণক যাৰ জৰিয়তে ব্যৱসায়ত ক্রেতাই বিক্ৰেতাৰ পৰা সামগ্ৰী সমূহ বাকীত ক্রয় কৰে আৰু তেওঁ বিক্ৰেতাৰ ওচৰত দায়বদ্ধ হৈ থাকে।

(v) সহজ স্থানান্তৰ যোগ্যতাঃ বিনিময় পত্র পাওনাদাৰলৈ পৃষ্ঠাংকৰনৰ জৰিয়তে প্ৰদান কৰি ঋন সহ পৰিশোধ কৰিব পাৰে।

৭। বিলৰ বাটাকৰণ বুলিলে কি বুজা।

উত্তৰঃ যদি বিলৰ ধাৰকৰ টকাৰ প্ৰয়োজন হয়, তেন্তে তেওঁ বিল পৰিশোধ কৰা তাৰিখৰ আগত বেংকত বিলখন বাটাকৰণৰ বাবে উপস্থাপন কৰিব পাৰে। তেতিয়া বেংকে বিলখন বাটাৰ বিনিময়ত বিলৰ টকা পৰিশোধ কৰিব পাৰে। এই ধৰণে বিনিময় পত্ৰ বেংকত ভঙোৱাকৈ বিলখনৰ বাটাকৰণ বোলা হয়। বিল পৰিশোধৰ তাৰিখত বেংক বিল গ্রহীতাৰ পৰা মূল্য আদায় কৰে।

৮। বিনিময় পত্ৰ আৰু প্ৰতিশ্ৰুতি পত্ৰৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ এখন বিনিময় পত্ৰ আৰু প্ৰতিশ্ৰুতি পত্ৰৰ মাজৰ পাৰ্থক্য হল—

ভিত্তিবিনিময় পত্রপ্রতিশ্রুতি পত্র
1. প্রস্তুতকর্তাইয়াক পাওনাদাৰে প্ৰস্তুত কৰেইয়াক দেনাদাৰে প্ৰস্তুত কৰে।
2. আদেশ বা প্রতিশ্রুতিইয়াত টকা পৰিশোধ কৰাৰ এটা আদেশ থাকে।ইয়াত টকা পৰিশোধ কৰাৰ এটা প্রতিশ্রুতি থাকে।
3. পক্ষইয়াত তিনিটা পক্ষ থাকেইয়াত দুটা পক্ষ থাকে।
4. গ্রহণ যোগ্যতাইয়াৰ গ্ৰহণ যোগ্যতা প্রয়োজনীয়ইয়াৰ গ্ৰহণযোগ্যতা প্রয়োজনীয় নহয়।
5. প্রাপকপ্ৰস্তুত কৰ্তা আৰু প্ৰাপক একেজন ব্যক্তি হ’ব পাৰেইয়াত প্ৰস্তুতকৰ্তা জন প্রাপক হ’ব নোৱাৰে।

৯। বিলৰ পৃষ্ঠাংকনকৰণ বুলিলে কি বুজা?

উত্তৰঃ বিনিময় পত্ৰৰ যিকোনো ধাৰকে যদিহে বিনিময় পত্ৰত ‘পৃষ্ঠাংকন কৰিব নোৱাৰা’ শব্দটো সন্নিবিষ্ট কৰা নাথাকে। তেতিয়া পাওনাদাৰলৈ বিলখন পৃষ্ঠাংকন কৰিব পাৰি। সাধাৰণতে বিলৰ ধাৰকে বিলৰ সিপিঠিত স্বাক্ষৰ আৰু পৃষ্ঠাংকন গ্রহীতাৰ নাম লিখি পৃষ্ঠাংকন কার্য সম্পন্ন কৰে। এইদৰে বিনিময় পত্র স্বাক্ষৰ কৰি হস্তান্তৰ কৰাকে বিনিময় পত্ৰৰ পৃষ্ঠাংকন কৰা বোলে।

১০। বিল প্রত্যাখ্যান বুলিলে কি বুজা?

উত্তৰঃ বিল গ্রহীতাই দেয় তাৰিখত বিলৰ টকা সম্পূর্ণ পৰিশোধ নকৰিলে বিলখন প্রত্যাখ্যান হোৱা বুলি কোৱা হয়। এই পৰিস্থিতিত বিলখন মূল্যহীন হৈ পৰে আৰু ইয়াৰ দায়িত্বৰ সমাপ্তি ঘটে।

১১। লেখ্য প্ৰমাণৰ মাচুল বুলিলে কি বুজা?

উত্তৰঃ বিল প্রত্যাখ্যান হলে তাৰবাবে লেখ্য প্ৰমাণৰ মাচুল বুলি এক ধৰণৰ খৰচ দিব লগা হয়। লেখ্য প্ৰমাণক বুলি চৰকাৰে নিযুক্তি দিয়া এজন ব্যক্তি বা উকিলৰ দ্বাৰা কোনো বিল প্রত্যাখ্যান হলে লিখাই লব লাগে। সেই লেখ্য প্রমাণক বিষয়াজনে বিল প্রত্যাখ্যান হোৱাত আৰু বিলৰ স্বীকৃতি দাতাৰ ওচৰত উপস্থাপনৰ বাবে যি মাচুল আদায় কৰে তাকে লেখ্য মাচুল বোলে।

১২। বিলৰ নৱিকৰণ বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া বিলৰ গ্ৰাহকজনে ম্যাদ পূর্ণ হলেও টকা পৰিশোধ কৰিব নোৱাৰে তেতিয়া বিলৰ গ্ৰহীতাই বিল প্ৰস্তুত কাৰকক পুৰণি বিলৰ সলনি কৰি নতুন চৰ্ত্তমতে নতুন বিল প্রস্তুত কৰাৰ বাবে অনুৰোধ কৰে। অৱশ্যে এই ক্ষেত্ৰত পুৰণি বিলৰ টকাৰ লগত বৰ্দ্ধিত সময়ৰ বাবে সুদ দিব লগা হয় নাইবা কেতিয়াবা তেওঁ বিলৰ টকাৰ আংশিক পৰিশোধ কৰে আৰু বাকী থকা অংশৰ নতুন বিল বৰ্দ্ধিত সময়ৰ বাবে প্ৰস্তুত কৰে ইয়াক বিলৰ নবিকৰণ বোলে।

১৩। বিলৰ অৱসৰ সাধন কাক বোলে?

উত্তৰঃ যেতিয়া বিল প্ৰাপক আৰু গ্ৰহীতাৰ সন্মতি ক্রমে বিলৰ পৰিশোধৰ দিনৰ আগতে অৱসৰ সাধনৰ ব্যৱস্থা কৰা হয় তাকে বিলৰ অবসৰ সাধন বোলা হয়। যেতিয়া বিল গ্রহীতাৰ হাতত যথেষ্ট পৰিমাণৰ টকা থাকে তেতিয়া বিলগ্রহীতাই প্রাপকক নিৰ্ধাৰিত দিনৰ আগতে বিলৰ টকা পৰিশোধৰ ব্যৱস্থা কৰি দিয়ে। ইয়াকেই বিলৰ অৱসৰ সাধন বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top