Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি

Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি Notes and select needs one.

Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 5 বেংক মিলকৰণ বিবৃতি Solutions for All Subjects, You can practice these here.

বেংক মিলকৰণ বিবৃতি

ACCOUNTANCY

Chapter: 5

PART – I

অনুশীলনী প্রশ্নোত্তৰ

১। বেংক মিলকৰণ বিবৃতি কি?

উত্তৰঃ যেতিয়া এখন প্ৰতিষ্ঠানৰ নগদ বহীৰ বেংক স্তম্ভৰ উদ্বৃত্ত আৰু পাছবুকৰ মতে থকা উদ্বৃত্তৰ তুলনা কৰা হয় তেতিয়া সাধাৰণতে অমিল দেখা পোৱা যায়। গতিকে প্ৰথমতে এই অমিলৰ কাৰণ সমূহ বাছি উলিয়াই পিছত দুয়োখন বহীৰ উদ্বৃত্তৰ মিলকৰণৰ বাবে যি বিবৃতি প্ৰস্তুত কৰা হয় তাকেই বেংক মিলকৰণ বিবৃতি বুলি কোৱা হয়।

২। জমাতিৰিক্ত কি?

উত্তৰঃ পাছবুক বা বেংক বিবৃতিত দেখুওৱা বা উদ্বৃত্তৰ পৰিমাণ নগদ বহীৰ উদ্বৃত্তৰ লগত মিলিব লাগে। কিন্তু বাস্তৱ ক্ষেত্ৰত দুয়োখন বহীৰ উদ্বৃত্তৰ মাজত অমিল দেখা পোৱা যায়। গতিকে আমি এই পার্থক্যৰ কাৰণসমূহ নিৰ্দ্ধাৰণ কৰিব লগা হয় এইটো পৰ্য্যবেক্ষণ কৰিব লগে যাতে বেংক বিবৃতি বা পাছবুকৰ ক্ৰেডিট স্তম্ভত সকলো জমা আৰু ডেবিট স্তম্ভত সকলো আহৰণ লিপিবদ্ধ কৰা হয়। এইদৰে যদি জমাৰ পৰিমাণ আহৰণতকৈ বেছি হয় ই ক্রেডিট উদ্বৃত্ত দেখুৱায় আৰু যদি জমাৰ পৰিমাণ আহৰণতকৈ কম হয় ই ডেবিট উদ্বৃত্ত দেখুৱায় আৰু ইয়াক জমাতিৰিক্ত বুলি কোৱা হয়।

৩। সময়ৰ ব্যৱধানৰ বাবে হোৱা পাৰ্থক্যৰ কাৰণ সমূহ উল্লেখ কৰা?

উত্তৰঃ যেতিয়া এটা ব্যৱসায়ে নগদ বহীৰ উদ্বৃত্তৰ লগত পাছবুকৰ উদ্বৃত্তৰ তুলনা কৰে তেতিয়া প্ৰায়ে উদ্বৃত্তৰ পাৰ্থক্য পৰিলক্ষিত হয় যিতো নেকি লেনদেন বিলক লিপিবদ্ধ কৰোতে হোৱা সময়ৰ ব্যৱধানৰ বাবে সংঘটিত হয় উদ্বৃত্তৰ পাৰ্থক্য পৰিশোধ বা প্রাপ্তিৰ বাবে হব পাৰে ৷

সময়ৰ ব্যৱধানত অন্তৰ্ভুক্ত হোৱা উপাদানসমূহ হ’ল—

(i) চেক প্ৰদান কৰা হৈছে কিন্তু পৰিশধৰ বাবে বেংকত দাখিল হোৱা নাইঃ যেতিয়া প্ৰতিষ্ঠানটোৱে যোগান ধৰোতা বা পাওনাদাৰসকলক চেক প্রদান কৰে তেতিয়া লগে লগে নগদ বহীৰ ক্ৰেডিট পক্ষত ভৰ্ত্তি কৰে। কিন্তু পাওতাই এই চেক লগে লগে পৰিশোধৰ বাবে বেংকত দাখিল নকৰিবও পাৰে। বেংকে প্রতিষ্ঠানটোৰ হিচাপ তেতিয়াহে ডেবিট কৰিব যেতিয়া প্ৰকৃততে চেকৰ টকা পৰিশোধ কৰে। গতিকে চেক প্ৰদান কৰা তাৰিখ আৰু পৰিশোধৰ বাবে দাখিল কৰা তাৰিখৰ মাজত সময়ৰ ব্যৱধান হয় যাৰ ফলত দুখন বহীৰ উদ্বৃত্তৰ অমিল হয়।

(ii) বেংকত চেক জমা দিয়া হৈছে কিন্তু এতিয়ালৈকে সংগ্ৰহ হোৱা নাইঃ যেতিয়া প্রতিষ্ঠানটোৰ গ্ৰাহকৰ পৰা চেক পায় তেতিয়া সেই চেক লগে লগে নগদ বহীৰ ডেবিট পক্ষত ভৰ্তি কৰে। ইয়াৰ ফলত নগদ বহীৰ মতে বেংক উদ্বৃত্ত বাঢ়ি যায়। কিন্তু প্ৰকৃততে যেতিয়া চেকৰ টকা সংগ্ৰহ কৰা হয় তেতিয়াহে বেংক গ্রাহকজনৰ হিচাপ ক্রেডিট কৰিব। সাধাৰণতে দূৰণীবতীয়া আৰু বেলেগ বেলেগ শাখাৰ বেংকৰ চেকৰ ধন সংগ্ৰহৰ ক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হয়। ইয়াৰ ফলত নগদ বহীৰ মতে বেংক উদ্বৃত্ত আৰু বেংক পাছবুকৰ উদ্দ্বৃত্তৰ মাজত পাৰ্থক্য দেখা যায়।

(iii) গ্ৰাহকৰ বাবে বেংকৰ দ্বাৰা প্ৰত্যক্ষ ডেবিট প্রবিষ্টিঃ কেতিয়াবা বেংক বিভিন্ন সেৱাৰ বাবে প্ৰতিষ্ঠানটোৱে নজনকৈ ইয়াৰ হিচাপৰ পৰা টকা আদায় কৰে। প্ৰতিষ্ঠানটোৱে বেংক বিবৃতিৰ পৰা এই সম্পর্কে জানিব পাৰে। ইয়াৰ ফলত নগদ বহীৰ উদ্ধৃতকৈ পাছবুকৰ উদ্বৃত্ত কম হোৱা দেখা যায়।

(iv) বেংক হিচাপত প্ৰত্যক্ষভাৱে টকা জমাঃ কেতিয়াবা কিছুমান দেনাদাৰে পোনপটীয়াভাৱে প্ৰতিষ্ঠানৰ বেংক হিচাপত টকা জমা কৰে। কিন্তু বেংক বিবৃতি নোপোৱালৈকে প্রতিষ্ঠানটোৱে কোনো উৎসৰ পৰা এই জমাৰ বিষয়ে জানিব নোৱাৰে ৷ এই ক্ষেত্ৰত বেংকে প্ৰাপ্তিৰ বাবে প্ৰতিষ্ঠানটোৰ বেংক হিচাপত প্ৰবিষ্টি দিয়ে কিন্তু ইয়াৰ বাবে প্রতিষ্ঠানটোৰ নগদ বহীত কোনো প্রবিষ্টি দিয়া নহয়। ইয়াৰ ফলস্বৰূপে বেংক পাছবুকে দেখুওৱা উদ্বৃত্ত নগদ বহীৰ উদ্বৃত্ততকৈ বেছি হয়।

(v) বেংক সংগ্ৰহ কৰা সুত আৰু লাভাংশঃ বেংকে যেতিয়া গ্ৰাহকৰ হকে সুত আৰু লাভাংশ সংগ্ৰহ কৰে তেতিয়া লগে লগে গ্ৰাহকৰ হিচাপ ক্রেডিট কৰে। কিন্তু প্রতিষ্ঠানটোৰ এই লেনদেন নগদ বহীত তেতিয়াহে লিপিবদ্ধ কৰিব যেতিয়া বেংক বিবৃতিৰ পৰা এই প্ৰৱিষ্টিৰ কথা জানিব পাৰিব।

গ্ৰাহকৰ বাবে বেংকৰ প্ৰত্যক্ষভাৱে টকাৰ পৰিশোধঃ কেতিয়াবা বেংকৰ গ্ৰাহকসকলে তেওঁলোকৰ হৈ তৃতীয় পক্ষক নিৰ্দিষ্ট দিনত নিয়মীয়াকৈ ধন পৰিশোধৰ বাবে বেংকক স্থায়ী নির্দেশ দিয়ে।

(vii) জমা কৰা চেক প্রত্যাখ্যানঃ যদি বেংকত জমা দিয়া চেক প্রত্যাখ্যান হয় বা দেনাদাৰৰ পৰা গ্ৰহণ কৰা প্ৰাপ্য বিল বাট্টাকৃত কৰাৰ পিছত প্ৰদেয় তাৰিখত প্রত্যাখ্যান হয় তেতিয়া বেংক গ্ৰাহকৰ হিচাপ ডেবিট কৰে। যিহেতু এই খবৰ প্ৰতিষঠানটোৰ নগদ বহীত কোনো প্ৰৱিষ্টি দিয়া নহয় এই কাৰণত দুখন বহীত অমিল পৰিলক্ষিত হয়।

৪। ভুলৰ কাৰণে হোৱা ব্যৱধানৰ কাৰণ সমূহ উল্লেখ কৰা?

উত্তৰঃ বেংক পাছবুক লিখোতে কৰা ভুল বা ব্যৱসায়ৰ নগদ বহীৰ প্ৰবিষ্টি কৰোতে হোৱা ভুলৰ বাবে মাজে সময়ে দুখন বহীৰ উদ্বৃত্তৰ মাজত অমিল হোৱা দেখা যায়। ইয়াৰ কাৰণে নগদ বহীৰ মতে বেংক উদ্বৃত্ত আৰু বেংক বিবৃতিয়ে দেখুওৱা উদ্বৃত্তৰ মাজত পার্থক্য দেখা যায়।

(i) প্রতিষ্ঠানটোৱে লেনদেন লিপিবদ্ধ কৰোতে সংঘটিত হোৱা ভুলঃ লেনদেন বোৰ ভুলকৈ প্ৰৱিষ্টি কৰিলে বা লেনদেন হিচাপৰ পৰা বাদ পৰি গলে নগদ বহীৰ উদ্বৃত্ত আৰু পাছবুকৰ উদ্বৃত্তৰ মাজত অমিল হোৱা দেখা যায়। সাধাৰণতে চেক প্রদান, চেক বেংকত জমা, যোগফলৰ ভুল ইত্যাদি লেনদেনৰ ক্ষেত্ৰত এনে অমিল পৰিলক্ষিত হয়।

(ii) বেংক লেনদেন লিপিবদ্ধ কৰোতে হোৱা ভুলঃ লেনদেন বোৰ ভুলকৈ প্ৰবিষ্টি কৰিলে বা কোনো লেনদেন হিচাপৰ পৰা বাদ পৰি গলে নগদ বহীৰ উদ্বৃত্ত আৰু পাছবুকৰ উদ্বৃত্তৰ মাজত অমিল হোৱা দেখা যায়। সাধাৰণতে চেক জমা, যোগফলৰ ভুল ইত্যাদি লেনদেন সম্পর্কিত বেংক পাছবুক লিখোতে বা প্ৰৱিষ্ঠি কৰোতে হোৱা ভুলৰ বাবে এনে অমিল দেখা যায়।

৫। অংশোধিত নগদ উদ্ধত্তৰ সৈতে বেংক মিলকৰন বিবৃত্তিৰ প্ৰস্তুতি নকৰাকৈ প্ৰক্ৰিয়া সম্বন্ধে ব্যাখ্যা কৰা।

উত্তৰঃ সংশোদিত নগদ উদ্বৃত্তৰ সৈতে বেংক মিলকৰণ বিবৃতিৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়া মতে বেংক মিলকৰণ বিবৃতি প্ৰস্তুত কৰিবলৈ হ’লে নগদ বহীৰ উদ্ধৃতৰ পৰা অথবা পাছবুকৰ উদ্বৃত্তৰ পৰা আৰম্ভ কৰা হয়। নগদ বহী অনুসৰি ডেবিট উদ্বৃত্ত থাকিলে বেংকত জমা থকা ধনৰ পৰিমাণ বুজায়। এই উদ্বৃত্ত পাছবুকৰ মতে ক্রেডিট উদ্দ্বৃত্ত বুজায়। যেতিয়া ব্যৱসায় প্রতিষ্ঠানটোৰ আহৰণতকৈ জমাৰ পৰিমাণ বেছি হয় তেতিয়া এই উদ্বৃত্ত দেখা যায়। ই নগদ বহী অনুসৰি অনুকুল উদ্বৃত্ত অথবা পাছবুক অনুসৰি অনুকুল উদ্বৃত্ত সুচায়। আনহাতে নগদ বহীৰ মতে ক্রেডিট উদ্বৃত্তই জমাতিৰিক্ত সূচায়। আন অর্থত বেংকত জমা থকা টকাতকৈ অধিক টকা বেংকৰ পৰা আহৰন কৰিলে জমাতিৰিক্ত বুজায়। ইয়াক নগদ বহীমতে প্রতিকূল উদ্বৃত্ত অথবা পাচবুক মতে প্রতিকূল উদ্বৃত্ত সূচায়।

৬। সংযোজিত নগদ বহীৰ উদ্বৃত্তৰ সহায়ত বেংক মিলকৰণ বিবৃতিৰ প্ৰস্তুতি ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া আমি পাছবুক আৰু নগদ বহীৰ উদ্বৃত্তৰ অমিলৰ বিভিন্ন কাৰণ সমূহ বিশ্লেষণ কৰি চাও, আমি বিভিন্ন প্ৰৱিষ্টি দেখা পাওঁ যিবোৰ মাত্ৰ পাছবুকতহে লিপিবদ্ধ কৰা হৈছে। প্ৰথমতে এই ধৰণৰ প্ৰৱিষ্টিবোৰ নগদ বহীত সংযোজিত উদ্বৃত্ত উলিয়াবৰ বাবে প্ৰৱিষ্টি কৰা হয় আৰু তাৰ পিছত বেংক মিলকৰণ প্ৰস্তুত কৰা হয়। এই পদ্ধতিয়ে আমিলৰ বাবে দায়ী প্ৰৱিষ্টিৰ সংখ্যা কমাব আৰু স্থিতি পত্ৰত বেংকত জমা থকা শুদ্ধ উদ্বৃত্তৰ পৰিমাণ দেখুৱাব। প্ৰকৃততে এইটো অনুশীলনৰ সময়ত হোৱা সময়ৰ ব্যৱধান জনিত কাৰণৰ অমিল বুলি বিবেচনা কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top