Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II

Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Notes and select needs one.

Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 11 Accountancy Chapter 4 লেনদেন লিপিবদ্ধকৰণ – II Solutions for All Subjects, You can practice these here.

লেনদেন লিপিবদ্ধকৰণ – II

ACCOUNTANCY

Chapter: 4

PART – I

অনুশীলনী প্রশ্নোত্তৰ

১। বিশেষ জাবেদা বুলিলে কি বুজা?

উত্তৰঃ এটা সৰু ব্যৱসায় প্রতিষ্ঠানে সকলোবোৰ লেন-দেন এটা বহী অৰ্থাৎ জাবেদাত লিপিবদ্ধ কৰিব পাৰে কিন্তু ব্যৱসায়ে প্ৰসাৰ লাভ কৰিলে আৰু লেন-দেনৰ সংখ্যা বৃদ্ধি পালে প্ৰতিটো লেন-দেনক জাবেদাভূক্ত কৰাটো কঠিন হৈ পৰে। সেইবাবে লেন-দেনসমূহ কম সময়ৰ ভিতৰত যোগ্যভাৱে আৰু সঠিকভাবে লিপিবদ্ধ কৰাৰ বাবে জাবেদাক বিভাজন কৰা হয়। এই বিভাজনক বিশেষ জাবেদা বুলি কোৱা হয়।

২। বিশেষ জাবেদাক কেইটা ভাগত ভাগ কৰা যায়।

উত্তৰঃ লেন-দেনসমূহ লিপিবদ্ধ কৰাৰ উদ্দেশ্যেৰে বিশেষ জাবেদাক ছয়টা শ্ৰেণীত ভাগ কৰা হয়।

(ক) নগদ বহী বা ৰোকৰ বহী।

(খ) ক্রয় বহী।

(গ) ক্রয় ফিৰৎ বহী বা বর্হিগত ফিৰৎ বহী।

(ঘ) বিক্রয় বহী।

(ঙ) বিক্রয় ফিৰৎ বহী বা আগত ফিৰৎ বহী।

(চ) প্রকৃত জাবেদা।

(ক) নগদ বা ৰোকৰ বহীঃ নগদ ধন প্রাপ্তি আৰু নগদ ধন পৰিশোধ কৰা লেন-দেনবোৰ নগদ বহীত লিপিবদ্ধ কৰা হয়। হিচাপকালৰ সময়চোৱাৰ আৰম্ভনি নগদ ধন অথবা বেংকত জমাৰ উদ্বৃত্তৰ পৰিমানেৰে এই বহী আৰম্ভ হয়।

(খ) ক্রয় বহীঃ বাকীত ক্ৰয় কৰা পণ্যবোৰক ক্ৰয় জাবেদাত লিপিবদ্ধ কৰা হয় আনহাতে নগদ ক্ৰয় কৰা পণ্যবোৰক নগদ বহীত লিখা হয়। অন্য ক্রয়সমূহ যেনে কাৰ্য্যালয়ৰ সঁজুলি, আঁচবাব, ভবন বাকীত ক্ৰয় কৰিলে প্ৰকৃত জাবেদাত আৰু নগদ ক্ৰয় কৰিলে নগদ বহীত লিখা হয়।

(গ) ক্রয় ফিৰৎ বহীঃ ক্ৰয় কৰা পণ্য ফিৰৎ দিলে এই বহীত লিখা হয়, ক্রয় কৰা পণ্য কেতিয়াবা যোগানকাৰীক বিভিন্ন কাৰণত যেনে মনোমত গুণ, দোষমুক্ত আদি হ’লে ঘুৰাই দিয়া হয়। প্ৰতিটো ফিৰঙত একোটা দেনালিপি প্রতিলিপিসহ প্ৰস্তুত কৰি মূল লিপিখন যোগানকাৰীলৈ পঠোৱা হয় যাতে ভেওঁৰ বহীৰ আৱশ্যকীয় প্রবিষ্টি লিখিব পাৰে।

(ঘ) বিক্রয় বহীঃ বাণিজ্যিক পণ্যৰ সকলোবোৰ বাকীত বিক্ৰয়ক বিক্রয় জাবেদাত লিখা হয়। নগদ বিক্রয়ক নগদ বহীত লিখা হয়। বিক্রয় জাবেদাৰ নমুনা ক্ৰয় জাবেদাৰ সতে একে ব্যৱসায়ে গ্রাহকক বিলি কৰা বিক্রয় চালান বা বিলিক মূল দলিললৈ বিক্রয় জাবেদা প্ৰবিষ্টি কৰা হয়।

(ঙ) বিক্রয় ফিৎবহীঃ গ্ৰাহকসকলে বাকীত কিনা পণ্য ফিৎ দিলে লিপিবদ্ধ কৰাৰ বাবে এই জাবেদা ব্যৱহাৰ কৰা হয়। গ্রাহকৰ পৰা পণ্য পালে, আগতে উল্লেখ কৰা দেনালিপিৰ দৰে এখন পাওনালিপি প্রস্তুত কৰে, বিক্রয় ফিবৎ বহীত লিখাৰ বাবে সাধাৰণতে পাওঁনালিপিকে মূল দলিল বুলি ধৰা হয়।

(চ) প্রকৃত জাবেদাঃ যিবিলাক লেনদেন কোনো এটা বিশেষ জাবেদাত লিখিব নোৱাৰি তেনে লেন-দেন বিলাক অন্য এটা জাবেদাত লিপিবদ্ধ কৰা হয় যিটোক প্ৰকৃত জাবেদা বুলি কোৱা হয়।

৩। নগদ বহী কি? নগদ বহী কেই প্ৰকাৰ?

উত্তৰঃ নগদ ধন প্রাপ্তি আৰু নগদ ধন পৰিশোধ কৰা লেনদেনবোৰ নগদ বহীত লিপিবদ্ধ কৰা হয়। হিচাপকালৰ সময়চোৱাৰ আৰম্ভনি নগদ ধন অথবা বেংকত জমাৰ উদ্বৃত্তৰ পৰিমানেৰে এই বহী আৰম্ভ হয়। নগদ বহীৰ বিষয়ে সকলোৱে জানে আৰু ডাঙৰ-সৰু, লাভ অৰ্জন কৰা, লাভ অৰ্জন নকৰা সকলো অনুষ্ঠান প্রতিষ্ঠানে ইয়াক প্ৰস্তুত কৰে। এই বহীয়ে জাবেদা আৰু খতিয়ন হিচাপ দুয়োটাৰে উদ্দেশ্য পূৰণ কৰে। ইয়াক আকৌ প্ৰাথমিক প্ৰবিষ্টিৰ বহী বুলিও কোৱা হয়।

নগদ বহীক তিনিটা ভাগত ভাগ কৰা হয়-

(ক) এক স্তম্ভযুক্ত নগদ বহী।

(খ) দিস্তম্ভযুক্ত নগদ বহী।

(গ) খুচুৰা নগদ বহী।

(ক) একস্তস্তযুক্ত নগদ বহীঃ নগদ বহীৰ বাওঁ ফালটোৱে নগদ ধন প্রাপ্তি আৰু নগদ বহীৰ সোঁফালটোৱে নগদ ধনৰ পৰিশোধ বুজাইছে। নগদ বহীৰ ডেবিট দিশত লিখা হিচাপসমূহক নিজ নিজ খতিয়ন হিচাপত ক্রেডিট কৰা হয় কাৰণ সিবিলাকৰ পৰা নগদ ধন পোৱা হৈছে। এনেদৰে নগদ বহীৰ ডেবিট দিশত নগদ প্রাপ্তি বুজাইছে একেধৰনে নগদ বহীৰ ক্রেডিট দিশত সকলো নগদ ধন বা চেক প্রদান বুজায়।

(খ) দিস্তম্ভযুক্ত নগদ বহী (2015): এনে নগদ বহীত প্ৰতিটো দিশত টকাৰ পৰিমানৰ বাবে দুটাকৈ স্তম্ভ ৰখা হয়, প্ৰকৃততে আজিকালি বেংক লেনদেনৰ সংখ্যা বহুত পৰাপক্ষত বহুতো প্রতিষ্ঠানে সকলো প্রাপ্তি আৰু পৰিশোধ বেংকৰ দ্বাৰা হয়। এনে নগদ বহীত নগত আৰু বেংকৰ দ্বাৰা হোৱা লেনদেনবোৰক দুটা পৃথক পৃথক স্তম্ভত লিখা হয়।

(গ) খুচুৰা নগদ বহী (2015): প্ৰতিটো সংগঠনেই যাতায়ত; গাড়ীভাড়া, ডাকটিকিট, টেলিগ্রাম আৰু অন্যান্য খৰচ আদিৰ দৰে অসংখ্য সৰু সৰু পৰিমানৰ ধন পৰিশোধ কৰা হয়। এই বিলাক সাধাৰণতে বাৰে বাৰে হৈ থকা ধৰণৰ। যদি এই সকলোবিলাক পৰিশোধ ধনৰক্ষকে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু মূল নগদ বহীত লিখিব লগা হয় গোটেই পদ্ধতিটোৱে জটিল হৈ পৰিব ধনৰক্ষকজনৰ ওপৰত অত্যাধিক কামৰ বোজা পৰিব আৰু নগদ বহীটোৱে বৃহৎ আকাৰৰ হৈ পৰিব। এই বিলাকৰ পৰা হাত সৰাৰ বাবে ডাঙৰ সংগঠনবোৰে সাধাৰণতে অতিৰিক্তভাৱে আন এজন ধনৰক্ষকক যোগদান কৰায় আৰু এই ধৰণৰ লেন-দেনসমূহ লিপিবদ্ধ কৰাৰ বাবে এজন পৃথক নগদ বহীৰ ব্যৱস্থা কৰে। খুচুৰা ধনৰক্ষকে ৰখা এনে নগদ বহীক খুচুৰা নগদ বহী বোলে।

৪। হিচাপৰ সন্তলন বুলিলে কি বুজা?

উত্তৰঃ নিৰ্দিষ্ট সময়ৰ অন্তত, সাধাৰণতে এটা হিচাপবৰ্ষৰ অন্তত খতিয়নৰ থকা প্ৰতিটো হিচাপৰ প্ৰকৃত টকাৰ পৰিমান নিৰ্দ্ধাৰণ কৰাৰ উদ্দেশ্য হিচাপসমূহ সত্তলন কৰা হয়। হিচাপৰ সন্তুলন মানে হ’ল দুয়োটা দিশৰ যোগফল নিৰ্দ্ধাৰণ কৰি দিশ দুটাৰ পাৰ্থক্যখিনিক যিটো দিশৰ যোগফল নিৰ্দ্ধাৰণ কৰি দিশ দুটাৰ পাৰ্থক্য খিনিক যিটো দিশৰ যোগফল কম সিফালে লিখা হয়। যাতে দুয়ো দিশৰ যোগফল সমান হয়। দুয়োটা দিশৰ পাৰ্থক্যৰ পৰিমাণ লিখা হয় আৰু দিশটোৰ বিৱৰণী স্তম্ভ উদ্বৃত্ত, আগলৈ লিখিব লাগে। উদ্বৃত্তৰ পৰিমানখিনি পিছৰ হিচাপ কাললৈ লৈ যোৱা হয় যিহেতু চূড়ান্ত মীমাংসা বা বন্ধ নহোৱালৈকে ই এঠা চলি থকা হিচাপ। যদি ডেবিট দিশৰ টকাৰ পৰিমাণ ক্রেডিট দিশতকৈ বেছি। এই দুটাৰ পাৰ্থক্যখিনিক ডেবিট দিশত লিখিব লাগে, আৰু ইয়াক যথাক্রমে ডেবিট আৰু ক্রেডিট উদ্বৃত্ত বোলা হয়। ব্যয়, লোকচান আৰু লাভ হিচাপসমূহৰ উদ্বৃত্ত নিৰ্ণয় কৰা নহয় কিন্তু ক্রয় বিক্রয় আৰু লাভ লোকচান হিচাপলৈ স্থানান্তৰ কৰি ইহঁতক বন্ধ কৰা হয়।

৫। নগদ বহীৰ সন্তলন বুলিলে কি বুজা?

উত্তৰঃ নগদ বহীৰ বাওঁফালে নগদ প্রাপ্তি আৰু সোঁফালে নগদ পৰিশোধৰ সকলোবোৰ লেন-দেন তাৰিখৰ ক্ৰমে অনুসৰি ভৰ্ত্তি কৰা হয়। নগদ বহীৰ ব্যৱস্থা থাকিলে খতিয়নত নগদ টকাৰ হিচাপ এটা পৃথককৈ ৰখা নহয়। হিচাপ এটাক সন্তুলন কৰাৰ দৰেই নগদ বহীক সম্বলন কৰা হয়। কিন্তু নগদ বহীৰ ক্ষেত্ৰত ই সদায় বেডিট উদ্বৃত্ত দেখুৱাই কাৰণ নগদ পৰিশোধ নগদ প্রাপ্তিতকৈ কেতিয়াওবেছি হব নোৱাৰে আৰু সময়ছোৱাৰ আৰম্ভণিত নগদ ঢকা হাতে জমা থাকে।

৬। বিশেষ উদ্দেশ্যৰ বহী বনোৱাৰ আৱশ্যকতা ব্যাখ্যা কৰা।

উত্তৰঃ ব্যৱসায়ৰ লেন-দেনসমূহ প্রথমে জাবেদাত লিপিবদ্ধ কৰা হয় আৰু পিছত খতিয়নলৈ স্থানান্তৰ কৰা হয়। কিন্তু এটা সৰু ব্যৱসায় প্রতিষ্ঠানে সকলোবোৰ লেন-দেন এটা বহী অৰ্থাৎ জাবেদাত লিপিবদ্ধ কৰিব পাৰে কিন্তু ব্যৱসায়ে প্ৰসাৰ লাভ কৰিলে আৰু লেন-দেনৰ সংখ্যা বৃদ্ধি পালে প্ৰতিটো লেন-দেনক জাবেদাভুক্ত কৰাটো কঠিন হৈ পৰে। সেইবাবে লেন-দেনসমূহক কম সময়ৰ ভিতৰত আৰু সঠিকভাৱে লিপিবদ্ধ কৰাৰ বাবে জাবেদাক বিভাজন কৰি বিশেষ জাবেদা কৰা হয়। ব্যৱসায়ৰ বহু লেন-দেনসমূহ সহজেই বিশেষ জাবেদাত লিপিবদ্ধ কৰিব পাৰি অৰ্থাৎ একেধৰণৰ সকলোবোৰ নগদ লেন-দেন এটা বহীত, সকলোবোৰ বাকীত বিক্রয়ক বা বাকীত ক্রয়ক এটা বহীত লিপিবদ্ধ কৰিব পাৰি। এইবোৰ কাৰণত ই প্ৰস্তুত কৰা হয়।

৭। ক্ৰয় বহী বুলিলে কি বুজা?

উত্তৰঃ বাকীত ক্ৰয় কৰা পণ্যবোৰক ক্ৰয় জাবেদাত লিপিবদ্ধ কৰা হয় আনহাতে নগদ ক্রয় কৰা পণ্যবোৰক নগদ বহীত লিখা হয়। অন্য ক্রয়সমূহ যেনে কাৰ্য্যালয়ৰ সঁজুলি, আঁচবাব, ভবন বাকীত ক্ৰয় কৰিলে নগদ বহীত লিখা হয়। এনে লেনদেনসমূহ বহীত লিপিবদ্ধ কৰাৰ বাবে ব্যৱসায় পণ্য যোগানকাৰীৰ পৰা পোৱা চালান বা বিলক মূল দলিল হিচাপে গণ্য কৰে। চালানত উল্লেখ থকা টকাৰ প্ৰকৃত পৰিমাণেৰে এই বিলাক লিখা হয়। এই বহীত বাণিজ্যিৎক বাট্টা আৰু চালানৰ অন্যান্য বিশদবিলাক লিখিব নালাগে।

৮। বিক্রয় বহী বুলিলে কি বুজা?

উত্তৰঃ বাণিজ্যিক পণ্যৰ সকলোবোৰ বাকীত বিক্রয়ক বিক্রয় জাবেদাত লিখা হয়। নগদ বিক্রয়ক বিক্রয় জাবেদাত লিখা হয়। বিক্রয় জাবেদা বিক্ৰীৰ তাৰিখ, চালান নম্বৰ গ্ৰাহকৰ নাম আৰু চালানৰ ধনৰ পৰিমাণ আদি লিখা হয় বিক্রয় লেনদেনৰ পৰিশোধৰ চৰ্তকে ধৰি আন বিলাক চালানত বিশদভাবে পোৱা হয়। প্রকৃততে প্রত্যেকটো বিক্ৰয়ৰ বাবে দুখন বা তাতোধিক প্ৰতিলিপিৰে একোখন চালান প্ৰস্তুত কৰা হয়। বিক্রয় চালানৰ এনে এক প্ৰতিলিপিৰ সহায়ত হিচাপৰক্ষকে বিক্রয় জাবেদাত লিখে।

৯। প্রকৃত জাবেদাত কোনবোৰ লেন-দেনসমূহ লিপিবদ্ধ কৰা হয়।

উত্তৰঃ তলত দিয়া লেনদেনসমূহ প্রকৃত জাবেদাত লিখা হয়-

(ক) আৰম্ভণি প্রবিষ্টিঃ নুতুন হিচাপ বৰ্ষৰ  আৰম্ভনীত নতুন হিচাপ বহী খুলি সম্পত্তি, দেনা আৰু মূলধনৰ আৰম্ভণি উদ্বৃত্ত লিখাৰ বাবে এই জাবেদাত আৰম্ভনী প্ৰবিষ্টি দিয়া হয়।

(খ) সংযোজন প্রবিষ্টিঃ উদ্ভৱ হোৱা ভিত্তিত খতিয়ন হিচাপসমূহ সম্পূৰ্ণ কৰাৰ বাবে হিচাপ বৰ্ষৰ অন্তত এই প্ৰবিষ্টি লিখা হয়। উদাহৰণ স্বৰূপে অপ্রদত্ত ভাড়া, অগ্রিম প্রদত্ত বীমা।

(গ) সংশধনী প্রবিষ্টিঃ লেনদেনসমূহ প্রাথমিক প্রবিষ্টিৰ বহী আৰু সিবিলাকক খতিয়ন হিচাপভূক্ত কৰাৰ সময়ত হোৱা ভুলৰ সংশোধনৰ বাবে এই জাবেদা ব্যৱহাৰ কৰা হয়।

(ঘ) স্থানান্তৰ প্ৰবিষ্টিঃ হিচাপ বৰ্ষৰ অন্তত আহৰণ হিচাপক মূলধন হিচাপলৈ স্থানান্তৰ কৰা হয়। ব্যয়ক হিচাপ আৰু ৰাজহ হিচাপসমূহক উদ্বৃত্ত নিৰ্ণয় কৰা সময়ত কিছুমান বিশেষ লেন-দেন লিখাৰ বাবে সন্তুলন নকৰি খোলা ৰখা হয়।

(ঙ) অন্যান্য প্রবিষ্টিঃ ওপৰৰ দিয়া প্ৰবিষ্টিসমূহৰ উপৰিও তলত দিয়া লেনদেনসমূহ প্রকৃত জাবেদাত লিখা হয়।

1. চেক প্রত্যাখান।

2. মালিকে নিজৰ ব্যৱহাৰৰ বাবে পণ্য আহৰণ কৰিলে।

3. নমুনা হিচাপে বিতৰণ কৰিলে।

4. অগ্নি, চুৰিৰ বাবে হোৱা পণ্যৰ লোকচান।

১০। বিপৰীত প্ৰবিষ্টি কি?

উত্তৰঃ বেংকত নগদ টকা জমা দিলে বা বেংকৰ পৰা টকা আহৰণ কৰিলে দুয়োবিধ লেনদেন নগদ বহীত লিখিব লাগে। ইয়াক এই কাৰণে কৰা হয় যে লেনদেনৰ দুয়োটা দিশেই একমাত্র নগদ বহীত লিখিব লাগে বেংকত নগদ টকা জমা দিলে, জমা দিয়া পৰিমাণটো বাওঁফালে বেংক স্তম্ভত লিখিব লাগে আৰু এক সময়তে একে পৰিমান সোঁফালে নগদ স্তম্ভত লিখিব লাগে। ইয়াৰ বিপৰীতে, প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ বাবে নগদ টকা বেংকৰ পৰা আহৰণ কৰিলে ওপৰত কোৱাৰ বিপৰীত ধৰণৰ পৰিবিষ্ট হয়। এনেবোৰ প্ৰবিষ্ঠিৰ খতিয়ন পৃষ্ঠাৰ স্তম্ভত ‘C’ শব্দটো লিখিব লাগে। ‘C’ মানে হ’ল বিপৰীত যাক নগদ বহীৰ খতিয়ন পৃষ্ঠা স্তম্ভত লিখা হয় আৰু ইয়াৰ বাবে খতিয়ন হিচাপত হস্তান্তৰ কৰিব নালাগে।

১১। শুদ্ধ উত্তৰ বাচি উলিওৱাঃ

(ক) এটা ব্যৱসায়ে নগদ বহী ৰাখিলে ই

1. প্রকৃত জাবেদা।

2. ক্রয় বহী।

3. বিক্রয় বহী।

4. খতিয়ানত বেংক আৰু নগদ টকাত হিচাপ ৰাখিব নালাগে।

উত্তৰঃ 4. খতিয়ানত বেংক আৰু নগদ টকাত হিচাপ ৰাখিব নালাগে।

(খ) দ্বি-স্তম্ভযুক্ত নগদ বহীত লিখা হয়

1. সকলো লেন-দেন।

2. নগদ আৰু বেংকৰ লেন-দেন।

3. নগদ লেন-দেন।

4. বাকীত হোৱা লেন-দেন।

উত্তৰঃ 2. নগদ আৰু বেংকৰ লেন-দেন।

(গ) পণ্য নগদ ক্ৰয় কৰিলে ইয়াক লিখা হয়

1. ক্রয় বহী।

2. বিক্রয় বহী।

3. নগদ বহী।

4. ক্রয় ফিৰৎ বহী।

উত্তৰঃ 1. ক্ৰয় বহী।

(ঘ) নগদ বহীত কি লেন-দেন লিখা নহয়

1. নগদ প্ৰকৃতিৰ।

2. বাকী প্ৰকৃতিৰ।

3. নগদ আৰু বাকী প্ৰকৃতিৰ।

4. এইবোৰৰ এটাও নহয়।

উত্তৰঃ 2. বাকী প্ৰকৃতিৰ।

(ঙ) কোনবোৰ লেন-দেনবোৰ মুঠ যোগফলক ক্ৰয় হিচাপত ভৰ্ত্তি কৰিব নালাগে?

1. আচবাব ক্রয়।

2. নগদ আৰু বাকীত ক্রয়।

3. ক্রয় ফিৰৎ।

4. মনোহাৰী ক্রয়।

উত্তৰঃ 1. আচবাব ক্রয়।

(চ) নগদ বহীৰ বেংক হিচাপত নগদ টকা জমা

1. জমাতিৰিক্ত।

2. বেংক হিচাপত নগদ টকা জমা।

3. বেংকৰ পৰা টকা আহৰণ।

4. এটাও নহয়।

উত্তৰঃ 2. বেংক হিচাপক নগদ টকা জমা।

(ছ) ক্ৰয় ফিৎ বহীৰ এটা সময়কালৰ যোগফলক ক’ত ভৰ্ত্তি কৰা হয়

1. ক্রয় হিচাপ।

2. লাভ-লোকচান হিচাপ।

3. ক্ৰয় ফিৎ হিচাপ।

4. আচবাব হিচাপ।

উত্তৰঃ 2. লাভ-লোকচান হিচাপ।

(জ) হিচাপৰ সন্তুলন মানে

1. ডেবিট দিশৰ যোগফল।

2. ক্রেডিট দিশৰ যোগফল।

3. ডেবিট আৰু ক্রেডিট দিশৰ যোগফলৰ পাৰ্থক্য।

4. এটাও নহয়।

উত্তৰঃ 3. ডেবিট আৰু ক্রেডিট দিশৰ যোগফলৰ পাৰ্থক্য।

১২। তলত দিয়া বিবৃতিসমূহ ‘’সত্য’ নে ‘অসত্য’ কোৱাঃ

(ক) জাবেদা দ্বিতীয়তে প্ৰবিষ্টি কৰা বহী

1. জাবেদা দ্বিতীয়তে প্ৰৰিষ্টি কৰা বহী।

উত্তৰঃ অসত্য।

2. এটা ডেবিট হিচাপ আৰু এটাতকৈ বেছি ক্রেডিট হিচাপ থকা প্ৰবিষ্টিক যৌগিক প্রবিষ্টি বোলে।

উত্তৰঃ সত্য।

3. সম্পত্তি বাকীত বিক্ৰী কৰিলে বিক্রয় জাবেদাত লিখা হয়।

উত্তৰঃ অসত্য।

4. নগদ আৰু বাকীত ক্ৰয় কৰিলে ক্রয় জাবেদাত লিখা হয়।

উত্তৰঃ অসত্য।

5. নগদ বিক্রীত বিক্রয় জাবেদাত লিখা হয়।

উত্তৰঃ সত্য।

6. নগদ বহীত প্রাপ্তি আৰু পৰিশোধৰ লগত জড়িত লেন-দেনসমূহ লিখা হয়।

উত্তৰঃ সত্য।

7. খতিয়ন এটা সহায়কাৰী বহী।

উত্তৰঃ অসত্য।

8. খুচুৰা নগদ বহীত ডাঙৰ পৰিশোধবিলাক লিখা হয়।

উত্তৰঃ অসত্য।

9. নগদ প্রাপ্তি হলে নগদ বহীৰ ডেবিট দিশত দেখুৱাব লাগে।

উত্তৰঃ সত্য।

10. নগদ বহীৰ ডেবিট আৰু ক্রেডিট দুয়োটা দিশত লিখা লেন-দেনসমূহক বিপৰীত প্ৰবিষ্টি বুলি কোৱা হয়।

উত্তৰঃ সত্য।

11. হিচাপৰ সম্ভলন মানে হ’ল ডেবিট আৰু ক্রেডিট পক্ষৰ যোগফল কৰা।

উত্তৰঃ সত্য।

12. যন্ত্র বাকীত ক্ৰয় কৰিলে ক্রয় জাবেদাত লিখা হয়।

উত্তৰঃ অসত্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top