Class 11 Accountancy Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I

Class 11 Accountancy Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I Question Answer in Assamese Medium, AHSEC Class 11 Accountancy Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Notes and select needs one.

Class 11 Accountancy Chapter 3 লেনদেন লিপিবদ্ধকৰণ – I

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Solutions for All Subjects, You can practice these here.

লেনদেন লিপিবদ্ধকৰণ – I

ACCOUNTANCY

Chapter: 3

PART – I

অনুশীলনী প্রশ্নোত্তৰ

(ক) চমু প্রশ্ন উত্তৰঃ 

১। উৎস দলিল বা প্ৰমাণক বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায়িক লেনদেনবোৰ সাধাৰণতে উপযুক্ত নথিপত্র যেনে— কেচ মেমো, চালান, বিক্রয় বিল জমা প্ৰ-পত্ৰ ইত্যাদিৰে প্ৰমাণিত। এখন নথিপত্র যিয়ে এটা লেন-দেন হৈ যোৱা বুলি প্ৰমাণিত কৰে সেইখনক উৎস দলিল বা প্রমাণক বুলি কোৱা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। লেন-দেনৰ সকলোবৰ হিচাপক কেইটা শ্ৰেণীত ভাগ কৰা হয় আৰু এইবোৰ কি নিয়ম মানি চলে?

উত্তৰঃ লেন-দেনসমূহ লিপিবদ্ধ কৰাৰ উদ্দেশ্যেৰে সকলোবোৰ হিচাপক পাঁচটা শ্ৰেণীত ভাগ কৰা হয়— 

(ক) সম্পত্তি।

(খ) দেনা।

(গ) মূলধন।

(ঘ) খৰচ/লোকচান। আৰু

(ঙ) আয়/লাভ।

বিভিন্ন শ্ৰেণীৰ হিচাপৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মবোৰ সংক্ষিপ্তভাৱে তলত দিয়া হ’ল—

(ক) সম্পত্তি হিচাপত হোৱা পৰিৱৰ্তন লিপিবদ্ধ কৰিবলৈ—

(i) সম্পত্তিৰ বৃদ্ধি ডেবিট।

(ii) সম্পত্তিৰ হ্ৰাস ক্রেডিট।

(খ) দেনা হিচাপত হোৱা পৰিৱৰ্তন লিপিবদ্ধ কৰিবলৈ—

(i)দেনাৰ বৃদ্ধি ক্রেডিট।

(ii) দেনাৰ হ্ৰাস ডেবিট।

(গ) মূলধন হিচাপত হোৱা পৰিৱৰ্তন লিপিবদ্ধ কৰিবলৈ—

(i) মূলধনৰ বৃদ্ধি ক্রেডিট।

(ii) মূলধনৰ হ্ৰাস ডেবিট।

(ঘ) খৰচ (লোকচান) হিচাপত হোৱা পৰিৱৰ্তন লিপিবদ্ধ কৰিবলৈ—

(i) খৰচ (লোকচান) বৃদ্ধি ডেবিট।

(ii) খৰচ (লোকচান) হ্রাস ক্রেডিট।

(ঙ) আয় (লাভ) হিচাপত হোৱা পৰিৱৰ্তন লিপিবদ্ধ কৰিবলৈ—

(i) আয় (লাভ) বৃদ্ধি ক্রেডিট।

(ii) আয় (লাভ) হ্রাস ডেবিট।

৩। জাবেদা বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায়ৰ উৎস দলিলৰ পৰা লেনদেন সমূহ প্রথমতে যি বহীত লিপিবদ্ধ কৰা হয় তাক জাবেদা বুলি কোৱা হয়।

জাবেদাক প্রথমিক প্রবিষ্টি বহী বুলিও কোৱা হয়।

৪। খতিয়ন বুলিলে কি বুজা?

উত্তৰঃ ব্যৱসায়ৰ লেনদেনবোৰ প্ৰথমতে জাবেদাত লিপিবদ্ধ কৰা হয় আৰু পিছত তাৰ পৰা বিভিন্ন হিচাপবোৰ লৈ আন এটা বহীত স্থানান্তৰিত কৰা হয় এই বহীক খতিয়ন বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top