Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা

Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Notes and select needs one.

Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Solutions for All Subjects, You can practice these here.

জনজাতীয় বিহুৰ পৰম্পৰা

Bihu – বিহু

Chapter: 5

(ক) সোনোৱাল কছাৰীসকলৰ বিহুৰ পৰম্পৰা

অনুশীলনী প্রশ্নোত্তৰ

১। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুক কি বিহু বুলি কয়?

উত্তৰঃ দোমাহী বিহু।

২। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুত পালন কৰা মূল অনুষ্ঠান কি?

উত্তৰঃ খ্ৰীং খ্ৰীং বাইথ’ পূজা।

৩। হায়দাং গীতত মহিলাৰ স্থান আছেনে?

উত্তৰঃ নাই।

৪। সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত কেইটা ভাগত বিভক্ত?

উত্তৰঃ সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত চাৰিটা ভাগত বিভক্ত— 

(ক) বাৰেমন্ত্ৰ।

(খ) পোহাৰি গীত। 

(গ) থিয় গীত। আৰু 

(ঘ) বৰগীত।

৫। বাৰেমন্ত্ৰ কি?

উত্তৰঃ বাৰেমন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগল কামনাৰে দিয়া আশীর্বাদ।

৬। হুঁচৰি শব্দটো কেনেকৈ নিষ্পন্ন হৈছে?

উত্তৰঃ হা + চৌ + ৰি = হুঁচৰি। ‘হা’ মানে মাটি, ‘চৌ’ মানে মংগল, ‘ৰী/ৰি’ মানে পৰম্পৰা ৰক্ষা কৰা।

৭। থিয়গীত আৰু বৰগীত কাক বোলে?

উত্তৰঃ থিয় গীত হৈছে সুখ-দুখৰ কাহিনীৰ বিৱৰণ আৰু বৰগীত হৈছে আশীৰ্বাদৰ গীত।

৮। সোনোৱাল কছাৰীসকলে হুঁচৰি গাই শেষ হ’লে হুঁচৰি কেনেকৈ উৰুৱায়?

উত্তৰঃ সোনোৱাল কছাৰীসকলে গাঁওখনত হুঁচৰি গাই শেষ হ’লে হুঁচৰি উৰুৱা অনুষ্ঠান পালন কৰে। সেইদিনা সকলোবোৰ গীত গাই সামৰণি গীতেৰে বিহু সামৰি দীঘল বাঁহৰ টকাডাল আলফুলকৈ গাঁৱৰ পশ্চিম দিশে সেৱা জনাই থৈ আহে। সেইদিনা মূল খ্ৰীখ্ৰীং বাইথ’ মন্দিৰৰ ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত থকা ন যোৰ টকা মাৰিৰে ওঠৰজনে দীঘল টকাডালত কোবাই কোবাই হুঁচৰি গায়৷ যেতিয়া দীঘল টকাডাল বিসর্জন দিয়ে তেতিয়া ন জনে সেই টকা মাৰিৰে সামৰণী গীত গাই ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত টকামাৰিবোৰ থৈ সেৱা জনায়। তাৰপিছত সকলোৱে মিলি-জুলি ভোজ-ভাত খাই ঘৰাঘৰি যায়৷

৯। টঙালি চোৱা কাক বোলে?

উত্তৰঃ সোনোৱাল কছাৰীসকলে বিহু মাৰি সংগ্ৰহ কৰা পুঁজিক টঙালি বোলে। বিহুৰ শেষত টকা-পইচা, চেলেং, গামোচা হিচাপ কৰি গাঁওখনৰ বিষয়ববীয়াসকলক সম্বর্ধনা জনায় আৰু সংগৃহীত ধনেৰে বছৰটোৰ কাম-কাজৰ আঁচনি প্ৰস্তুত কৰে।

১০। হাটবিহুৰ তাৎপর্য কি?

উত্তৰঃ হাট বিহু হৈছে মেলা বা বজাৰ বিহু। লোকবিশ্বাস মতে, এই মেলা বিহু বলি ৰজাই অনুষ্ঠিত কৰি যাক যি লাগে তাকেই দিছিল। গৰখীয়া ল’ৰাহঁতেও সেই মেলাত নাচি বাগি থাকোঁতে ভগৱানে গৰখীয়াহঁতৰ লগত বাওনা ৰূপ ধৰি দানবীৰ বলি ৰজাৰ ওচৰত তিনিখোজ মাটি বিচাৰিলে ৷ দানবীৰ বলি ৰজাই একো ভাবি নাচাই য’তে ইচ্ছা তাতেই ল’বলৈ সন্মতি দিলে৷ তেতিয়া ভগৱানে বাওনাৰ পৰা নিজ ৰূপ লৈ এখোজ স্বৰ্গত, এখোজ মর্ত্যত, এখোজ পাতালত দি বলি ৰজাক সুতলপুৰীলৈ পঠাইদিলে। সেয়েহে বিহুৰ আশীৰ্বাদত “তিনিশ তিনি কুৰি তিনিদিনৰ মূৰত বলি ৰজা দোমাহী আহে আৰু যায়” বুলি বলি ৰজাক স্মৰণ কৰা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ

১। খ্ৰীং খ্ৰীং বাইথ’ পূজা কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ প্রতি বছৰৰ শিৱৰাত্ৰিৰ পিছৰ জোনটোৰ শুক্লপক্ষৰ দ্বিতীয় সোমবাৰে খ্ৰীং খ্ৰীং বাইথ’ পূজা অনুষ্ঠিত হয়।

২। সোনোৱাল কছাৰীসকলে উত্তৰ-পূবত দিয়া পূজাৰ নাম কি?

উত্তৰঃ বাঘপূজা বা বৰগাতিয়াল পূজা।

৩। দক্ষিণ-পূৰত সোনোৱাল কছাৰীসকলে কি পূজা দিয়ে?

উত্তৰঃ গাতিগিৰি পূজা।

৪। বৰপিঠা খালে কি অসুখ দূৰ হয়?

উত্তৰঃ পেটৰ অসুখ।

৫। বাঘদেউ পূজাৰ দিনাৰ পৰা কি শাক খোৱা নিষেধ?

উত্তৰঃ কচুশাক।

৬। চাটমাৰি কি?

উত্তৰঃ বাঁহ-খেৰৰ ঘৰ সাজোঁতে ৰুৱা কামিচটাৰ ধৰণে সিয়াকে চাটমাৰি বুলি কয়৷

৭। দুডলীয়া ডাল কিহৰ প্রতীক?

উত্তৰঃ দুডলীয়া ডাল প্রকৃতি পুৰুষৰ প্রতীক।

৮। জেটুলিপকা কাঁইট ক’ত ৰুইছিল?

উত্তৰঃ ঘৰৰ চাৰিওফালে ঢাপত।

৯। সোনোৱাল কছাৰীসকলে গৰু বিহুৰ দিনা বছৰটো নিৰোগী হৈ থাকিবলৈ কেইবিধ দ্ৰব্যৰে ৰন্ধা আঞ্জা খায়?

উত্তৰঃ এশ এবিধ দ্ৰবৰে।

১০। সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত কি?

উত্তৰঃ ভূমি কর্ষণেৰে উৎপাদন কৰি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু সামূহিকভাৱে সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যে নীতি-নিয়মৰ পৰামৰ্শৰে সৃষ্ট যোজনাবোৰেই সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত।

১১। পোহাৰি গীত কি?

উত্তৰঃ পোহাৰি গীত হৈছে সোনোৱাল কছাৰীসকলৰ আদি ৰজা দানবীৰ বলি ৰজাই আয়োজন কৰা পোহৰ বা মেলা বা হাটত গোৱা গীত।

১২। কি গীতৰ পিছত থিয়গীত গোৱা হয়?

উত্তৰঃ পোহাৰি গীতৰ পিছত।

১৩। বৰগীতৰ অন্তত কি গীত গোৱা হয়?

উত্তৰঃ সামৰণি গীত গোৱা হয়৷

১৪। পুৰাতনীয়া নীতি অনুসৰি হুঁচৰি উৰুৱাৰ দিনা কি কি নাচ অনুষ্ঠিত কৰে?

উত্তৰঃ হগ্রা নাচ, বহুৱা নাচ।

১৫। হাট বিহু মানে কি বিহু?

উত্তৰঃ মেলা বা বজাৰ বিহু।

১৬৷ সোনোৱাল কছাৰীসকলে বিহু মাৰি সংগ্ৰহ কৰা পুঁজিক কি বোলে?

উত্তৰঃ টঙালি।

১৭। সোনোৱাল কছাৰীসকলে কাতি বিহুক কি বোলে?

উত্তৰঃ কঙালী বিহু বা আকাশবন্তি বোলে।

১৮। কঙালী বিহুত পুৰাতনীয়া নিয়ম অনুসৰি কিহৰ ব্যৱস্থা নাই?

উত্তৰঃ ভোজভাত আৰু আনন্দ-উল্লাসৰ ব্যৱস্থা নাই।

১৯। মাঘৰ বিহুক সোনোৱাল কছাৰীসকলে কি বিহু বোলে?

উত্তৰঃ ভোগালী বিহু বোলে৷

২০। সোনোৱাল কছাৰীসকলে বিহুৰ দিনা ঘৰৰ জুইশালত আলু, মাহ, তিল আদি দিয়াৰ কাৰণ কি?

উত্তৰঃ কাৰণ অগ্নিয়েই ব্রহ্মা।

(খ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ মূল অনুষ্ঠান ক’ত আৰু কেইদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়?

উত্তৰঃ সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ মূল অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ’ পূজা বাইথ’ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

২। সোনোৱাল কছাৰীসকলৰ খ্ৰীংখ্ৰীং বাইথ’ পূজাৰ চাৰিদিনীয়া কাৰ্যসূচীত কি কি কৰা হয়?

উত্তৰঃ প্ৰথম দিনা দেওবাৰে নিশা দেৱতা আহ্বান, দ্বিতীয় দিনা সোমবাৰে নিশা খ্ৰীংখ্ৰীং বাইথ’ পূজা, তৃতীয় দিনা মংগলবাৰে হায়দাং গীত গাই লগ বিহু হুঁচৰিৰ আহ্বান জনোৱা হয়, আৰু চতুৰ্থ দিনা বুধবাৰে হাবিৰ কাষত ঠাই পৰিষ্কাৰ কৰি খোৱা- বোৱাৰ ব্যৱস্থা কৰা হয়।

৩। বৰদৈচিলাৰ ন জনী সখীয়েকৰ নাম লিখা।

উত্তৰঃ চতাই, কমলা, জয়মলা, ৰহিমলা, ৰামতী, ৰ’তী,বাঁহপাতী, বিচনদৈ আৰু সৰুমতী।

৪। লগ বিহু কি?

উত্তৰঃ সোনোৱাল কছাৰীসকলৰ খ্ৰীংখ্ৰীং বাইথ’ পূজাত বিহু মাৰিবলৈ হায়দাং গীত গোৱা দলে ভিতৰত প্ৰৱেশ কৰিলে বিহুদলে বাহিৰলৈ ওলাই আৰু বাহিৰত মটীয়া বা সেউজীয়া সাজ পিন্ধা নগৰাকী গাভৰু ন জন ডেকাই ঢোলৰ ছেৱে ছেৱে নাচি নাচি আদৰি আদি সন্মিলিতভাৱে বিহু মাৰে, ইয়াকে লগ বিহু বোলে৷

৫। সোনোৱাল কছাৰীসকলে খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ চতুৰ্থ দিনা কোন দুঠাইত পূজা দিয়ে?

উত্তৰঃ হাবিৰ মাজত উত্তৰ-পূব আৰু দক্ষিণ-পূবত।

৬। বগাতিয়াল পূজা আৰু গাতিগিৰি পূজা কি?

উত্তৰঃ বৰগাতিয়াল পূজা হৈছে সকলোকে ৰক্ষা কৰা বাহিৰৰ চাৰিসীমাৰ গৰাকী পূজা আৰু গাতিগিৰি পূজা হৈছে প্ৰতিখন গাঁৱৰ চাৰিসীমাৰ গৰাকী পূজা।

৭। খ্ৰীং খ্ৰীং বাইথ’ পূজাত অনুষ্ঠিত কৰা কণী যুঁজত কোন দল জিকিলে বিপদ আৰু কোন দল জিকিলে মংগল?

উত্তৰঃ বাঘ বা বৰগাতিয়াল জিকিলে বছৰটোৰ বাবে বিপদ আৰু গাতিগিৰি দল জিকিলে মংগল।

৮। সোনোৱাল কছাৰীসকলে বাঘদেউ পূজাৰ দিনাৰ পৰা কি কি খোৱা আৰম্ভ কৰে?

উত্তৰঃ ঢেঁকীয়া, কলপচলা, শাক।

৯। বাঘদেউ পূজাৰ পৰা আগন্তুক ব’হাগ বিহুলৈ সোনোৱাল কছাৰীসকলে কিহৰ আখৰা কৰে?

উত্তৰঃ হুঁচৰি, ঢোলৰ ছেও, বিহুনামৰ আখৰা কৰে।

১০। চাটমাৰি কিহেৰে তৈয়াৰ কৰা হয়?

উত্তৰঃ লাও, বেঙেনা, থেকেৰা, হালধি, টাংলতি, মাখিয়তী, বগা বাহেক আদি সংগ্ৰহ কৰি চাটমাৰি তৈয়াৰ কৰা হয়।

১১। চাটমাৰিৰ বাবে কেইডাল শলিমাৰি ল’ব লাগে আৰু ইয়াৰ অৰ্থ কি?

উত্তৰঃ চাটমাৰিৰ বাবে ন ডাল শলিমাৰি ল’ব লাগে। ইয়াৰ অৰ্থ হৈছে গীত, মাত, বাদ্যযন্ত্র নমাই অনা বৰদৈচিলাৰ ন জনী সখীয়েক।

১২। সন্ধিয়া সময়ত যাগ দিয়াৰ অৰ্থ কি?

উত্তৰঃ সন্ধিয়া সময়ত যাগ দিয়াৰ অৰ্থ হ’ল অপদেৱতা ঘৰত প্ৰৱেশ কৰাত বাধা দিয়া আৰু মাখি-মহ আঁতৰ কৰা।

১৩। খ্ৰীংখ্ৰীং বাইথ’ মন্দিৰৰ ৰাজাগুৰুৰ ঘৰলৈ যাওঁতে ক’ত ক’ত পূজা দিয়া হয়?

উত্তৰঃ বৰঘৰৰ উধান, বৰঘৰৰ দুৱাৰ মুখত পানীপোতাত, চালত, ঢেঁকীশালত, গোহালিত।

১৪। বাৰেমন্ত্ৰৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ বাৰেমন্ত্ৰৰ এটা উদাহৰণ হ’ল—

“এ গিৰিহঁতৰ ভাল.……….।

শুক্রমণি কৌটাল,

বালিত সুৱৰ্ণ (বালিৰ মতিভ্ৰম),

ঢাৰি নিৰ্ডাৰি,

আগত ভঁৰাল, পাছত গোহালি,

কোলাত পো, কোলাত জী লৈ

নন্দে বন্দে বুকু জুৰাই

খাই থাকিব লাগে।।”

১৫। সোনোৱাল কছাৰীসকলৰ ব’হাগ বিহুৰ পৰম্পৰা সম্পর্কে লিখা।

উত্তৰঃ সোনোৱাল কছাৰীসকলে ব’হাগ বিহুক দোমাহী বিহু বোলে। প্রতি বছৰৰ শিৱৰাত্ৰিৰ পিছৰ জোনটোৰ শুক্লপক্ষৰ দ্বিতীয় সোমবাৰে খ্ৰীংখ্ৰীং বাইথ’ পূজা অনুষ্ঠিত হয়। এই পূজাতেই আগন্তুক ব’হাগ বিহুৰ পূজা-সেৱা, কৃষ্টি-সংস্কৃতি আদি মাংগলিক অনুষ্ঠানেৰে উদ্বোধন কৰা হয়। ব’হাগ বিহুৰ মূল অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ’ পূজা বাইথ’ মন্দিৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্রথম দিনা দেওবাৰে নিশা দেৱতা আহ্বান, দ্বিতীয় দিনা সোমবাৰে নিশা খ্ৰীংখ্ৰীং বাইথ’ পূজা, তৃতীয় দিনা মংগলবাৰে হায়দাং গীত গাই লগ বিহু হুঁচৰিৰ আহ্বান জনোৱা হয়, কিন্তু সামৰণি মৰা নহয়। তৃতীয় দিনা দিনত মূল মন্দিৰত হায়দাং গীত গাই বাহিৰলৈ ওলাই আহি মন্দিৰৰ দুৱাৰমুখত বাহিৰত দুফাকি বিহুনাম গাই বিহু মাৰে। ঠিক সমান্তৰালকৈ একে সময়তে ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰত ৰাজাগুৰুক সেৱা জনাই শুদ্ধ বগা সাজি পিন্ধি ৯ গৰাকী গাভৰু আৰু ন গৰাকী ডেকাই মিলি হাত চাপৰিৰে বিহু মাৰে। সেই ন গৰাকী গাভৰু হৈছে গীত-মাত-বাদ্য যন্ত্র আদি নমাই অনা বৰদৈচিলাৰ ন জনী সখীয়েক—চতাই, কমলা, জয়মলা, ৰহিমলা, ৰামতী,ৰ’তী,বাঁহপাতী, বিচনদৈ আৰু সৰুমতী৷ যেতিয়া হায়দাং গীত গোৱা দলটি ভিতৰত প্ৰৱেশ কৰিব তেতিয়া বিহুদলটি বাহিৰলৈ ওলাই আহে আৰু বাহিৰত মটীয়া বা সেইজীয়া সাজ পিন্ধা ন গৰাকী গাভৰু ন জন ডেকাই ঢোলৰ ছেৱে ছেৱে নাচি নাচি আদৰি আনি সন্মিলিতভাৱে বিহু মাৰে— এয়ে লগ বিহু।

সোনোৱাল কছাৰীসকলে চতুর্থ দিনা বুধবাৰে হাবিৰ কাষত ঠাই পৰিষ্কাৰ কৰি খোৱা-বোৱাৰ ব্যৱস্থা কৰে। হাবিৰ মাজত উত্তৰ-পূব আৰু দক্ষিণ-পূবত দুঠাইত পূজা দিয়ে। উত্তৰ-পূবত বাঘপূজা বা বৰগাতিয়াল পূজা, দক্ষিণ-পূবত গাতিগিৰি পূজা। বৰগাতিয়াল পূজা হৈছে সকলোকে ৰক্ষা কৰা বাহিৰৰ চাৰিসীমাৰ গৰাকী পূজা আৰু গাতিগিৰি পূজা হৈছে প্ৰতিখন গাঁৱৰ চাৰিসীমাৰ গৰাকী পূজা।

বাঘদেউ পূজাৰ পৰা আগন্তুক ব’হাগ বিহুলৈকে হুঁচৰি, ঢোলৰছেও, বিহুনামৰ আখৰা কৰে— সেয়ে দোমাহী। চ’তৰ শেষ দিনা গৰু বিহু, তাৰ আগদিনা উৰুকা। উৰুকাৰ দিনা লাও, বেঙেনা, থেকেৰা, হালধি, টংলতি, মাখিয়তী, বগা বাহেক আদি সংগ্ৰহ কৰি সন্ধিয়া চাটমাৰি তৈয়াৰ কৰি লাও, থেকো, বেঙেনা, হালধি চকলা-চকলকৈ কাটি চাটমাৰিত সী ল’ব লাগে। চাট মাৰিৰ অৰ্থ বাঁহ-খেৰৰ ঘৰ সাজোঁতে ৰুৱা কামিচটাৰ ধৰণে সিয়াৰ বাবে চাটমাৰি বোলে। চাটমাৰিৰ শলিমাৰি ন ডাল ল’ব লাগে ইয়াৰ অৰ্থ গীত, মাত, বাদ্য যন্ত্র নমাই অন্য বৰদৈচিলাৰ ন জনী সখীয়েক। ৪+৩+২ = ৯ ইয়াৰ ৪ ডলীয়া হৈছে চাৰি মুঠি জীৱ, ৩ ডলীয়া খ্ৰীং ৰাজা- গজাই- মনাই বা তিনি বিহু। দুডলীয়া ডাল প্রকৃতি পুৰুষৰ প্ৰতীক৷

উৰুকাৰ নিশা চাটমাৰি তৈয়াৰ কৰি গা ধোৱাৰ কাৰণে হালধি খুন্দি মাটিমাহ মিহলি কৰি অলপ মিঠাতেল দি চেপি ৰস উলিয়াই মাহ-হালধি গা ধোৱাবৰ বাবে যতনাই থৈ ৰসখিনি পাত্ৰত ভালকৈ ৰাখি সেই দিনাৰ কাম শেষ কৰি থ’ব লাগে ৷ 

চ’তৰ শেষ দিনা পোহৰ নৌহওঁতেই উঠি ঘৰ মচি এমুঠিমান চাউলৰ পিঠা খুন্দিব লাগে। সেই পিঠাখিনি আগদিনা হালধি চেপি থোৱা ৰসত মিহলি কৰিব লাগে। গৃহস্থই গা ধুই তিতা কাপোৰেৰেই বৰঘৰ, দুৱাৰমুখ, পানী পোতা, ঘৰৰ চালত, ভঁৰালত, গোহালিত তামোল-পাণ আগবঢ়াই ঘৰৰ বাহিৰ-ভিতৰ সকলোতে পিঠা মিহলি হালধি ৰসখিনি টংলতি, মাখিয়তী, বগা, বাহেকেৰে ছটিয়াই চাটমাৰি লৈ গৰুৰ কপালত, দুই আগ তপিনাত, পিছ তপিনাত হালধিৰ ফোঁট দি ঘাই গৰুটো বন্ধা পঘাড়াল খুলি গা ধোৱাৰ ঠাইলৈ লৈ যাব লাগে। সেইদিনা গৰু খেদি নিওঁতে এচাৰি ব্যৱহাৰ কৰিব নেলাগে। টংলতি নাইবা মাখিয়তীৰে খেদি নিব লাগে। গা ধোৱা ঠাইত দাৰে মাটি চফা কৰি পাঁচযোৰা পাত পাৰি চাউল, নিমখ, কটা তামোল-পাণ দি মাজৰ ভাগ পানীত উটাই দিব লাগে। ভাগকেইটা হৈছে গাতিগিৰি, গো কালিকা, জল কুবেৰ, গৰখীয়া, অস্ত্ৰ। অস্ত্ৰৰ ভাগত দাখন ধুই থ’ব লাগে। এইবোৰ কৰাৰ পাছত আশীৰ্বদীয়াই হৰিধ্বনি দিয়াৰ লগে লগে ঘাই গৰুটোৰ ঠেঙৰ তলেদি পুৰণা পঘাডাল পাৰ কৰি “বাঁহৰ দং এৰাদি পুৰণা ব্যাধি আঁতৰ হওঁক” বুলি চাটমাৰিডাল লৈ ‘লাও খা, বেঙেনা খা, থেকেৰা খা, হালধি খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হ’বি বৰ গৰু” বুলি গৰুৰ গাত চাটমাৰিৰ দ্ৰব্য মাৰি দুডলীয়া শলিমাৰিডাল সলনা- সলনি কৰি ঘৰলৈ আহোঁতে বাটত যি পায় তাকে বুটলি ছিঙি এশ এবিধ বস্তু মিহলাই বছৰটোৰ নিৰাপদৰ ঔষধ তৈয়াৰ কৰে। 

ঘৰলৈ আহি চাটমাৰিসমূহ ঘৰৰ চালত গুঁজি থৈ ঘৰটোৰ সকলো চুকতে এচপৰা মাটি দি ‘ন বছৰ ন ঘৰ কাৰো নহয় মোৰ ঘৰ” বুলি বাকী থকা হালধি পানীখিনি বাৰীত ছটিয়াই দিয়ে। ইয়াৰ পাছত গা ধুই কাপোৰ-কানি সলনি কৰি ঘৰৰ ভিতৰ সোমাই পৰিয়ালৰ সকলোৱে মিলি জা-জলপান খোৱাৰ ব্যৱস্থা কৰা হয়। তাৰ আগতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে আৰু জ্যেষ্ঠজনে বছৰটো মংগল হ’বৰ বাবে আশীৰ্বাদ দিয়ে। তাৰ পিছত মৃতকক দিয়া ঠাইত জলপান অলপ আগবঢ়াই সকলোৱে মিলি জলপান খাই শেষ কৰি বছৰটোৰ শুভাশুভ নিৰ্ণয়ৰ বাবে কণী যুঁজ কৰে। কণী যুঁজৰ অন্তত জ্যেষ্ঠসকলে নামঘৰলৈ গৈ বছৰটোৰ মংগলার্থে সেৱা জনাই ঘৰলৈ আহি নিশাৰ মাংগলিক সেৱাৰ বাবে সামগ্রী সংগ্ৰহ কৰি ঘৰৰ দুৱাৰ মুখৰ ওপৰত কাঁইটীয়া জেটুলিপকাৰ ঠাল আৰে। ইয়াৰ কাৰণ হৈছে হায়দাং গীতত ‘বাঁহৰ ডাঙৰ লাই জেটুলি”। অর্থাৎ অতীতত ঘৰৰ চাৰিওফালে ঢাপত জেটুলিপকা কাঁইট ৰুইছিল। এইবিধ কাঁইটৰ গুৰিটো বিচাৰি পোৱা টান।

ভূমি কর্ষণেৰে উৎপাদন কৰি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু সামূহিকভাৱে সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যে নীতি-নিয়মৰ পৰামৰ্শৰে সৃষ্ট যোজনাবোৰেই সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত। 

সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত চাৰিটা ভাগত বিভক্ত— 

(ক) বাৰেমন্ত্ৰ।

(খ) পোহাৰি গীত।

(গ) থিয় গীত। আৰু 

(ঘ) বৰগীত।

সোনোৱাল কছাৰীসকলে গাঁওখনত হুঁচৰি গাই শেষ হ’লে হুঁচৰি উৰুৱা অনুষ্ঠান পালন কৰে। সেই দিনা সকলোবোৰ গীত গাই সামৰণি গীতেৰে বিহু সামৰি দীঘল বাঁহৰ টকাডাল আলফুলকৈ গাঁৱৰ পশ্চিম দিশে সেৱা জনাই থৈ আহে। সেইদিনা মূল খ্ৰীংখ্ৰীং বাইথ’ মন্দিৰৰ ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত থকান যোৰ টকা মাৰিৰে ওঠৰজনে দীঘল টকাডালত কোবাই কোবাই হুঁচৰি গায়। যেতিয়া দীঘল টকাডাল বিসর্জন দিয়ে তেতিয়া ন জনে সেই টকা মাৰিৰে সামৰণি গীত গাই ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত টকামাৰিবোৰ থৈ সেৱা জনায়। তাৰপিছত সকলোৱে মিলি-জুলি ভোজভাত খাই ঘৰাঘৰি যায়।

১৬। বাঘপূজা আৰু গাতিগিৰি পূজা সম্পর্কে লিখি ইয়াৰ লগত জড়িত লোকবিশ্বাসবোৰ কেনেধৰণৰ লিখা।

উত্তৰঃ সোনোৱাল কছাৰীসকলে চতুর্থ দিনা বুধবাৰে হাবিৰ কাষত ঠাই পৰিষ্কাৰ কৰি খোৱা-বোৱাৰ ব্যৱস্থা কৰে। হাবিৰ মাজত উত্তৰ-পূব আৰু দক্ষিণ-পূবত দুঠাইত পূজা দিয়ে। উত্তৰ-পূবত বাঘপূজা বা বৰগাতিয়াল পূজা, দক্ষিণ-পূবত গাতিগিৰি পূজা। বৰগাতিয়াল পূজা হৈছে সকলোকে ৰক্ষা কৰা বাহিৰৰ চাৰিসীমাৰ গৰাকী পূজা আৰু গাতিগিৰি পূজা হৈছে প্ৰতিখন গাঁৱৰ চাৰিসীমাৰ গৰাকী পূজা।

দুয়োটা পূজাতে কোন কোন যাব তাক নির্বাচন কৰি দুয়োটা দলকে তিনিটাকৈ কণী দি কণী যুঁজ কৰিবলৈ দিয়া হয়। বাঘ বা বৰগাতিয়াল জিকিলে বছৰটোৰ বাবে বিপদ; গাতিগিৰি দল জিকিলে মংগল। সেইদিনাৰ পৰাই কণী যুঁজ আৰম্ভ হয়। বাঘ পূজা বা বগাতিয়ালৰ দলটিয়ে পূজা দি মুকলিলৈ আহোঁতে হাবিৰ মাজৰ পৰা এজনে বাঘৰ দৰে গোঁজৰণি মাৰি ভয় খুৱায়৷ তেতিয়া বাকীবোৰে গছৰ ডাল লৈ মাটিত কোবাই বাঘক ভয় খুৱায়। ইয়াৰ কাৰণ মহাদেৱে খেতি কৰোতে খেতি ভাল দেখি ঘৰলৈ নহাৰ কাৰণে পাৰ্বতীয়ে বাঘ স্ৰজি মাহদেৱক ভয় খুৱাবলৈ দিয়া বাঘে নাঙলৰ সীৰলুত লুকাই গোঁজৰণি মাৰোঁতে মহাদেৱে নাঙলৰ ডিলা সোলোকাই মাটিত কোবই বাঘ খেদিছিল বুলি লোকপ্রবাদ আছে। 

পার্বতীয়ে সৃষ্টি কৰা বাঘে গৰু গাই মাৰি শেষ কৰাৰ কাৰণে গৰখীয়াহঁতে পাৰ্বতীক স্তুতি কৰাত পাৰ্বতীয়ে সন্তুষ্ট হৈ বৰ দিলে যে, ন গুণ গুৰ, এগুণ লোণ দি বাঘৰ জিভাৰ আকৃতিৰ পিঠা তৈয়াৰ কৰি গৰুক খুৱাব আৰু নিজেও খাব। তেতিয়া বাঘে গাতিগিৰিৰ হাকে ডাকে নচলাটোহে খাব। সেয়ে গৰু বিহুত গৰুক বৰপিঠা খুৱায়। মানুহেও বিহুৰ কেইদিনত ন গুণ গুৰ, এগুণ লোণ দিয়া পিঠা খাব লাগে। কাৰণ গিয়াতিৰ ঘৰত ফুৰোঁতে এঘৰত জলপান, এঘৰত সান্দহ, এঘৰত চিৰা-দৈ, এঘৰত ভাত খাই ফুৰোঁতে পেটৰ অসুখ হ’ব পাৰে। তেতিয়া বৰপিঠা খালে পেটৰ অসুখ দূৰ হয়। সেই বাঘদেউ পূজাৰ দিনাৰ পৰাই ঢেঁকীয়া, কলপচলা, শাক খোৱা আৰম্ভ কৰে। সেই দিনাৰ পৰা কচুশাক খোৱাটো নিষেধ।

বাঘদেউ পূজাৰ পৰা আগন্তুক ব’হাগ বিহুলৈকে হুঁচৰি, ঢোলৰছেও, বিহুনামৰ আখৰা কৰে— সেয়ে দোমাহী। চ’তৰ শেষ দিনা গৰু বিহু, তাৰ আগদিনা উৰুকা। উৰুকাৰ দিনা লাও, বেঙেনা, থেকেৰা, হালধি, টংলতি, মাখিয়তী, বগা বাহেক আদি সংগ্ৰহ কৰি সন্ধিয়া চাটমাৰি তৈয়াৰ কৰি লাও, থেকেৰা, বেঙেনা, হালধি চকলা-চকলকৈ কাটি চাটমাৰিত সী ল’ব লাগে। চাট মাৰিৰ অৰ্থ বাঁহ-খেৰৰ ঘৰ সাজোঁতে ৰুৱা কামিচটাৰ ধৰণে সিয়াৰ বাবে চাটমাৰি বোলে ৷ চাটমাৰিৰ শলিমাৰি ন ডাল ল’ব লাগে ইয়াৰ অৰ্থ গীত, মাত, বাদ্য যন্ত্র নমাই অনা বৰদৈচিলাৰ ন জনী সখীয়েক। ৪+৩+২=৯ ইয়াৰ ৪ ডলীয়া হৈছে চাৰি মুঠি জীৱ, ৩ ডলীয়া খ্ৰীং ৰাজা-গজাই-মনাই বা তিনি বিহু। দুডলীয়া ডাল প্ৰকৃতি পুৰুষৰ প্ৰতীক।

চাটমাৰিৰ চাৰিডলীয়া ডালত প্রতি ডালতে এবিধকৈ শালিব লাগে ৷ তিনিডলীয়া ডালত চাৰিওবিধ শালিব লাগে, দুডলীয়া ডালতো চাৰিওবিধ শালিব লাগে। চাৰিডলীয়া আৰু তিনিডলীয়া ডালৰ বস্তু গৰুৰ গাত মাৰিব লাগে, দুডলীয়া ডাল গৰুৰ গাত মাৰিব নেলাগে। দুডলীয়াডাল কোনো মিতিৰ কুটুম্ব নাইবা বংশ পৰিয়াল সম্বন্ধ নথকা মানুহৰ লগত সলনা- সলনি কৰিব লাগে। দুডলীয়া ডালৰ আগটো ঘৰতে মুচৰি নিব লাগে নহ’লৈ খৰধৰ কৰোতে গৰুৰ গালৈ মাৰিব পাৰে। একে বংশ বা মিতিৰৰ লগত সলনা-সলনি কৰিলে একে বংশ বা মিতিৰৰ লগত বিয়া হয়। গৰুৰ গালৈ মাৰিলে অসবর্ণ বিবাহ হয় বুলি বিশ্বাস। একেটা চুবুৰিতে গা ধুৱালে নিজৰ ককাই-ভাইহঁত মিলিহে এটা চুবুৰি হয়। সেয়ে কেইবাটাও চুবুৰি বা গাঁওখনে মিলি গৰু গা ধুৱালে নিশ্চয় সম্বন্ধ নথকা লোক পাব আৰু বহল সমাজৰ অংশীদাৰ হ’ব পাৰিব। মিতিৰৰ সৈতে বিবাহ হ’লে ভৱিষৎ একপুৰুষ নহয় এক পুৰুষত বিকলাংগ নাইবা মানসিক ভাৰসাম্য নথকা সন্তান জন্ম হয় বুলি বিশ্বাস। অসবর্ণ বিবাহ হ’লে কেতিয়াবা সকাম-নিকাম, কৃষ্টি-সংস্কৃতি আদিত ক্ষেত্ৰত জাত-পাতৰ কথা আহি পৰিলে ঘৰখনত মনোমালিন্য ঘটিব পাৰে। দুডলীয়া ডাল সলনি নকৰিলে বিয়া-বাৰু নোহোৱাকৈ থাকি যাব পাৰে।

১৭। বাৰেমন্ত্ৰ আৰু পোহাৰি গীত কি উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত চাৰিটা ভাগত বিভক্ত—

(ক) বাৰেমন্ত্ৰ। 

(খ) পোহাৰি গীত। 

(গ) থিয় গীত। আৰু 

(ঘ) বৰগীত।

(ক) বাৰেমন্ত্ৰঃ বাৰেমন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগল কামনাৰে দিয়া আশীৰ্বাদ৷

এ গিৰিহঁতৰ ভাল……।

শুক্রমণি কৌটাল,

বালিত সুৱৰ্ণ (বলিৰ মতিভ্ৰম),

ঢাৰি নিৰ্ডাৰি,

আগত ভঁৰাল, পাছত গোহালি,

কোলাত পো, কোলাত জী লৈ

নন্দে বন্দে বুকু জুৰাই

খাই থাকিব লাগে।।

(খ) পোহাৰি গীত: পোহাৰিগীত হৈছে সোনোৱাল কছাৰীসকলৰ আদি ৰজা দানবীৰ বলি ৰজাই আয়োজন কৰা পোহৰ বা মেলা বা হাটত গোৱা গীতৰ বাবে ইয়াক পোহাৰি গীত বুলি কোৱা হয়।

ঘোষাঃ

অ’ হুৰে হুৰে বাই চালত কাপোৰ উৰে।

এ’ হুৰে হুৰে গীতক ঐ কোনে সৰজায়?

গুটি:

মহাদেউ পার্বতী আয়ে সৰজায়,

কুবেৰ কালিকা সিয়ে সজায়,

থলৰ ডাঙৰীয়া সিয়ে সৰজায়,

গাঁৱৰ চাৰি বুঢ়া সিয়ে সৰজায়,

খ্ৰীংৰাজা দেওতা সিয়ে সৰজায়,

নামঘৰৰ ডাঙৰীয়া সিয়ে সৰজায়,

গজাই ডাঙৰীয়া সিয়ে সৰজায়,

চাৰিশাল গোসাঁনী সিয়ে সৰজায়,

আই সৰস্বতী সিয়ে সৰজায় ৷

পোহাৰি গীতবোৰ হৈছে কৃষিকৰ্ম কৰি সামূহিকভাৱে মিলা-প্ৰীতিৰে শান্তিৰে কাল যাপন কৰাৰ উদ্দেশ্যে পৰামৰ্শ দিয়া ‘পটন্তৰ’। উদাহৰণস্বৰূপে—

ঘোষাঃ

অ’ হুৰে হুৰে ৰাই চালত কাপোৰ উৰে।

এ হুৰে হুৰে গীত ঐ কোনে সৰজায় ?

গুটি:

(১) লাওতে দিব হেঁদালি জিকাত দিব জেং,

দিব থব পাম বুলি কৰে বোং বোং।

লাও আৰু জিকাই পুত্র-কন্যাক বুজাইছে। লাও আৰু জিকা ৰুই যদি হেঁদালি বা জেং দিব নোৱাৰে, তেন্তে তাৰ পৰা ফল নাপায়। ঠিক সেইদৰে পুত্র-কন্যা জন্ম দি যদি উপযুক্ত সুবিধা দিব নোৱাৰে তেন্তে পুত্র-কন্যাৰ পৰা কোনো উপকৃত নহ’ব।

(২) নৰানিৰ কুচিয়া তৰানিত চৰে,

নেজত ধৰি পালে কেমেৰ কৰে।

যেতিয়া পথাৰত নৰা থাকে তেতিয়া কুচিয়া গাঁতত থাকে। ইয়াত নৰা হৈছে শালি ধান আৰু তৰা হৈছে আহু ধান৷ যেনেকৈ কুচিয়া নেজত ধৰিলে ৰাখিব নোৱাৰি, মূৰত বা ডিঙিত ধৰিলেহে ৰাখিব পাৰি, ঠিক তেনেকৈ খেতি যদি আগতীয়াকৈ নকৰি শেষত কৰে, তেন্তে তাৰ পৰা সুফল নেপায়। ভগৱানে অভাৱ দূৰীকৰণাৰ্থে দুবিধ খেতি দিছে। যদি শালিধান আগন্তুক বছৰৰ বাবে পর্যাপ্ত নহয়, তেন্তে সোনকালে হোৱাকৈ অভাৱ পূৰণৰ বাবে আহুধানৰ ব্যৱস্থা দিছে।

১৮। কাতি বিহু সোনোৱাল কছাৰীসকলৰ বাবে কিয় বিশেষ কৃষিভিত্তিক লোক উৎসৱ? বহলাই লিখা।

উত্তৰঃ সোনোৱাল কছাৰীসকলে কাতি বিহুক কঙালী বিহু বা আকাশবন্তি বোলে৷ ধৰণীত যেতিয়া সৃষ্টিৰ সংখ্যা বৃদ্ধি হৈছিল তেতিয়া বসুমতীয়ে সৃষ্টিৰ ভাৰ বব নোৱাৰি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ওচৰত সৃষ্টি হ্ৰাস কৰণাৰ্থে আবেদন জনালে। সৃষ্টিকর্তা ব্রহ্মাই পালন কৰোতা বিষ্ণুক এই বিষয়ে অনুসন্ধান কৰিবলৈ দায়িত্ব দিলে। ব্ৰহ্মাৰ আজ্ঞা পাই বিষ্ণু সৃষ্টিৰ ফালে ৰাওনা হয়। বিষ্ণুৰ আগমনৰ কথা কৃষকসকলে গম পাই বিষ্ণু আৰু তুলসীৰ সম্বন্ধ জানি তুলসী গছ ৰুই বিষ্ণু জ্ঞান কৰি মিঠাতেলৰ বন্তি জ্বলাই উজাগৰে অনাহৰে থাকি ভক্তিভাৱে প্ৰাৰ্থনা জনাই পথাৰতো গেঁৰ মেলা ধানত বিষ্ণুৰ পৰশ পাবৰ বাবে আশা কৰি লক্ষ্মীদেৱীক জগাই তুলিবৰ বাবে বন্তি জ্বলাই মাহ-প্ৰসাদ, পাণ-তামোল আগবঢ়াই কৃষিমুঠি বৃদ্ধি কৰিবৰ বাবে প্ৰাৰ্থনা জনায়৷ বিষ্ণুৱে তেওঁৰ প্ৰতি উজাগৰে অনাহাৰে থাকি ভক্তি প্ৰদৰ্শন কৰাত সন্তুষ্ট হৈ পুনৰ নিজ স্থানলৈ গুচি গ’ল৷ উজাগৰে অনাহাৰে সেৱা কৰাৰ বাবেই কঙালী বিহু বোলে৷ এই বিহুত পুৰাতনীয়া নিয়ম অনুসৰি ভোজভাত আৰু আনন্দ উল্লাসৰ ব্যৱস্থা নাই। কেৱল বন্তি জ্বলাওঁতে পদূলিমুখত, ঘৰৰ দুৱাৰমুখত, ভঁৰালৰ মুখত, গোহালিৰ মুখত কলৰ পুলি ৰুই বন্তি জ্বলাই লক্ষ্মী আগমনৰ কামনা কৰে আৰু সেই কলৰ পুলি কাতি বিহুৰ পিছত অন্য ঠাইলৈ নি ৰুই কৃষি সম্প্ৰসাৰণৰ ব্যৱস্থা কৰে। গতিকে কাতি বিহু সোনোৱাল কছাৰীসকলৰ বাবে বিশেষ কৃষিভিত্তিক লোক উৎসৱ।

১৯। সোনোৱাল কছাৰীসকলৰ মাঘ বিহুৰ পৰম্পৰা সম্পর্কে লিখা।

উত্তৰঃ সোনোৱাল কছাৰীসকলে মাঘৰ বিহুক ভোগালী বিহু বোলে৷ কাতি বিহুৰ বিৱৰণত উল্লেখ কৰাৰ দৰে বিষ্ণুৱে যেতিয়া বসুমতীৰ আবেদনৰ বিষয়ে কোনো ব্যৱস্থা নলৈ মান-সন্মান লৈ নিজ বাসস্থানত থাকিবলৈ লয়, তেতিয়া বসুমতীয়ে ভাৰ বব নোৱাৰি পুনৰ ব্ৰহ্মাৰ ওচৰত আবেদন জনোৱাত সেইবাৰ ব্ৰহ্মা নিজে সৃষ্টিৰ ফালে ৰাওনা হ’ল। ব্ৰহ্মাই চিন্তা কৰিলে হাতেৰে ৰুই ভৰিৰে উভালিলে পাপ হ’ব৷ গতিকে সংহাৰ ৰূপ ধৰি নাশ নকৰি লঘোণে ৰাখি তিলতিলকৈ নাশ কৰাই ভাল হ’ব ভাবি কুবেৰক ভঁৰালৰ দুৱাৰ বন্ধ কৰি দিবৰ বাবে আদেশ দিলে। কুবেৰে তাকেই কৰিলে, কিন্তু ভঁৰালৰ বাহিৰত থকা বস্তুসমূহ পাহৰি গ’ল৷ এনে সময়তে এটা গাহৰিয়ে আলু খান্দি খাই থকা দেখি সকলোৱে গাহৰিৰ খাদ্য পৰীক্ষা কৰি খাদ্যবস্তু বুলি জানিব পাৰি আলুকে ব্ৰহ্মাপূজাৰ সামগ্ৰী হিচাপে ল’লে। ইফালে মাহনিত মাহবোৰ দেখি মাহৰ ওচৰলৈ যোৱাত মাহে কুবেৰৰ অভিশাপ লাগিব বুলি মাহ দিবলৈ অমান্তি হোৱাত মাহক মৰিয়াই মৰিয়াই মাহ উলিওৱা দেখি তিলেও ভয়তে বেট মেলিলে। তাকে কয় “মাহৰ মাৰ দেখি তিলে-বেট মেলিলে”। সেয়ে তিল এনেয়ে আনিব নাপায়। মাহ থকা ঘৰে মাহ দি তিল আনে, আলু থকা ঘৰে আলু দি তিল আনে, গাখীৰ থকা ঘৰে গাখীৰ দি তিল আনে। এনেকৈয়ে বিনিময় প্রথাৰ সৃষ্টি হয়। কুবেৰে বাজেয়াপ্ত কৰিব বুলি উৰুকাৰ দিনা বৰ্তমানেও লাগনি গছ, বৰঘৰ, ভঁৰাল, গোহালি আদি বান্ধি ৰাখে৷ বিহুৰ দিনা ৰাতিপুৱা সোনকালে উঠি ধানখেৰৰ ছাই, উধানৰ মাটি বা কোহিৰ ছাই, মিঠাতেল মিহলি কৰি গোহালিৰ গৰুবোৰক কপালত এটা, আগ তপিনাত দুটা, পাছ তপিনাত দুটা— মুঠ পাঁচটা ফোঁট দি ব্ৰহ্মাই শিৱজ্ঞান কৰি শিৱৰ কপিলা বৃষভ সজাই সেইদিনাৰ পৰা গৰু মেলি দিয়ে যাতে সেই কপিলা বাহনত উঠি শিৱই পদার্পণ কৰিব পাৰে।

পুৰাতন নিয়ম অনুসৰি সোনোৱাল কছাৰীসকলে বিহুৰ দিনা ঘৰৰ জুইশালত আলু, মাহ, তিল আদি দিয়ে। ইয়াৰ কাৰণ অগ্নিয়েইব্ৰহ্মা। পৰৱৰ্তী কালত তেওঁলোকে সামূহিকভাৱে মেজি জ্বলায় যদিও খ্রীংখ্ৰীং বাইথ’ পূজাৰ মন্দিৰৰ বাহিৰৰ শালৰ সোঁ মাজত একুৰা ডাঙৰ জুই জ্বলায়। সেই জুইৰ পৰাই তেত্ৰিছ কোটি দেৱতাৰ নৈবেদ্যত শলিতা জ্বলোৱাৰ বাবে মন্দিৰ থকা গাঁৱৰ বাহিৰেও বহুতো সোনোৱাল কছাৰী গাঁৱত মেজি নজ্বলায়।

কুবেৰৰ বন্ধোন অনুসৰিয়েই বৰ্তমানেও মাঘ মাহত ভঁৰাল নোখোলে নাইবা জপোৱা ধান নুলিয়ায়। ফাগুন মাহত পূজা-সেৱা কৰিহে জপোৱা ধান উলিয়ায়। বর্তমানেও মাঘ মাহ শেষ হোৱালৈকে প্ৰয়োজন হোৱা ধান নুখুন্দাকৈ ডাঙৰি বন্ধা ধৰণেৰেই ৰাখি থয়। সেই নজপোৱা ধানৰ পৰাই সকলোৱে ভোজ-ভাত খায়৷ সেয়ে ভোগালী বিহু।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top