Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Notes and select needs one.
Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা
Also, you can read the AHSEC book online in these sections Class 12 Bihu Chapter 5 জনজাতীয় বিহুৰ পৰম্পৰা Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Class 12 Bihu Solutions for All Subjects, You can practice these here.
জনজাতীয় বিহুৰ পৰম্পৰা
Bihu – বিহু
Chapter: 5
(ক) সোনোৱাল কছাৰীসকলৰ বিহুৰ পৰম্পৰা
অনুশীলনী প্রশ্নোত্তৰ
১। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুক কি বিহু বুলি কয়?
উত্তৰঃ দোমাহী বিহু।
২। সোনোৱাল কছাৰীসকলে ব’হাগ বিহুত পালন কৰা মূল অনুষ্ঠান কি?
উত্তৰঃ খ্ৰীং খ্ৰীং বাইথ’ পূজা।
৩। হায়দাং গীতত মহিলাৰ স্থান আছেনে?
উত্তৰঃ নাই।
৪। সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত কেইটা ভাগত বিভক্ত?
উত্তৰঃ সোনোৱাল কছাৰীসকলৰ হুঁচৰি গীত চাৰিটা ভাগত বিভক্ত—
(ক) বাৰেমন্ত্ৰ।
(খ) পোহাৰি গীত।
(গ) থিয় গীত। আৰু
(ঘ) বৰগীত।
৫। বাৰেমন্ত্ৰ কি?
উত্তৰঃ বাৰেমন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগল কামনাৰে দিয়া আশীর্বাদ।
৬। হুঁচৰি শব্দটো কেনেকৈ নিষ্পন্ন হৈছে?
উত্তৰঃ হা + চৌ + ৰি = হুঁচৰি। ‘হা’ মানে মাটি, ‘চৌ’ মানে মংগল, ‘ৰী/ৰি’ মানে পৰম্পৰা ৰক্ষা কৰা।
৭। থিয়গীত আৰু বৰগীত কাক বোলে?
উত্তৰঃ থিয় গীত হৈছে সুখ-দুখৰ কাহিনীৰ বিৱৰণ আৰু বৰগীত হৈছে আশীৰ্বাদৰ গীত।
৮। সোনোৱাল কছাৰীসকলে হুঁচৰি গাই শেষ হ’লে হুঁচৰি কেনেকৈ উৰুৱায়?
উত্তৰঃ সোনোৱাল কছাৰীসকলে গাঁওখনত হুঁচৰি গাই শেষ হ’লে হুঁচৰি উৰুৱা অনুষ্ঠান পালন কৰে। সেইদিনা সকলোবোৰ গীত গাই সামৰণি গীতেৰে বিহু সামৰি দীঘল বাঁহৰ টকাডাল আলফুলকৈ গাঁৱৰ পশ্চিম দিশে সেৱা জনাই থৈ আহে। সেইদিনা মূল খ্ৰীখ্ৰীং বাইথ’ মন্দিৰৰ ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত থকা ন যোৰ টকা মাৰিৰে ওঠৰজনে দীঘল টকাডালত কোবাই কোবাই হুঁচৰি গায়৷ যেতিয়া দীঘল টকাডাল বিসর্জন দিয়ে তেতিয়া ন জনে সেই টকা মাৰিৰে সামৰণী গীত গাই ৰাজাগুৰুৰ বৰঘৰৰ বৰচাঙত টকামাৰিবোৰ থৈ সেৱা জনায়। তাৰপিছত সকলোৱে মিলি-জুলি ভোজ-ভাত খাই ঘৰাঘৰি যায়৷
৯। টঙালি চোৱা কাক বোলে?
উত্তৰঃ সোনোৱাল কছাৰীসকলে বিহু মাৰি সংগ্ৰহ কৰা পুঁজিক টঙালি বোলে। বিহুৰ শেষত টকা-পইচা, চেলেং, গামোচা হিচাপ কৰি গাঁওখনৰ বিষয়ববীয়াসকলক সম্বর্ধনা জনায় আৰু সংগৃহীত ধনেৰে বছৰটোৰ কাম-কাজৰ আঁচনি প্ৰস্তুত কৰে।
১০। হাটবিহুৰ তাৎপর্য কি?
উত্তৰঃ হাট বিহু হৈছে মেলা বা বজাৰ বিহু। লোকবিশ্বাস মতে, এই মেলা বিহু বলি ৰজাই অনুষ্ঠিত কৰি যাক যি লাগে তাকেই দিছিল। গৰখীয়া ল’ৰাহঁতেও সেই মেলাত নাচি বাগি থাকোঁতে ভগৱানে গৰখীয়াহঁতৰ লগত বাওনা ৰূপ ধৰি দানবীৰ বলি ৰজাৰ ওচৰত তিনিখোজ মাটি বিচাৰিলে ৷ দানবীৰ বলি ৰজাই একো ভাবি নাচাই য’তে ইচ্ছা তাতেই ল’বলৈ সন্মতি দিলে৷ তেতিয়া ভগৱানে বাওনাৰ পৰা নিজ ৰূপ লৈ এখোজ স্বৰ্গত, এখোজ মর্ত্যত, এখোজ পাতালত দি বলি ৰজাক সুতলপুৰীলৈ পঠাইদিলে। সেয়েহে বিহুৰ আশীৰ্বাদত “তিনিশ তিনি কুৰি তিনিদিনৰ মূৰত বলি ৰজা দোমাহী আহে আৰু যায়” বুলি বলি ৰজাক স্মৰণ কৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


