Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Notes and select needs one.

Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solutions for All Subjects, You can practice these here.

বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Bihu – বিহু

Chapter: 1

অনুশীলনী প্রশ্নোত্তৰ

১। লোকাচাৰ বুলিলে কি বুজা?

উত্তৰঃ সমাজৰ লোকসকলে তেওঁলোকৰ দৈনন্দিন জীৱনত বিভিন্ন নিয়ম, ৰীতি-নীতি আৰু অভ্যাস অনুসৰণ কৰে। এনে অভ্যাস আৰু পৰম্পৰাগত প্ৰথাবোৰক লোকাচাৰ বোলা হয়।

২। লোকবিশ্বাস বুলিলে কি বুজা?

উত্তৰঃ লোকবিশ্বাস হ’ল জীৱন চক্ৰ, জীৱন নিৰ্বাহৰ প্ৰণালী, জাগতিক ৰহস্য, প্ৰকৃতিৰ বিভিন্ন উপাদান আদিৰ লগত জড়িত একক বা বহু চৰ্ত আৰু তাৰ পৰিণতি, কোনো পৰিণতি বিষয়ক পৰম্পৰাগত বিশ্বাস।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ব’হাগ বিহু গো-সেৱা, মানৱ-সেৱা আৰু ইষ্ট-সেৱা— এই তিনি ধাৰাৰ সমাহাৰ বুলি ক’ব পাৰি। গৰুক দীঘলতি- মাখিয়তী পাতেৰে কোবাই নদী বা খাল-বিলৰ ন-বৰষাৰ পানীৰে গা ধুৱাই চাটৰ পৰা গালৈ লাও-বেঙেনা দলিওৱা, ন-পঘা লগোৱা, সন্ধিয়া গোহালিত যাগ দিয়া এইবোৰত গো-সেৱাৰ পৰম্পৰা বিদ্যমান। সেইদৰে গোসাঁইঘৰ বা থান-মন্দিৰত সমৱেত হৈ পূজা-পাতল, চাকি-বন্তি জ্বলাই মাহ-প্ৰসাদ আগবঢ়োৱা, পূৰ্বপুৰুষক পিণ্ড দিয়া আদি ইষ্ট-সেৱাৰ নামান্তৰ। বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা-সৎকাৰ কৰি মান-কাপোৰ দিয়া, কনিষ্ঠজনক স্নেহ-আশীর্বাদেৰে বিহুৱান যচা, প্ৰণয়-প্রণয়িনী বা নৱ-দম্পতীয়ে ইজনে-সিজনক মৰম-প্রীতি যচা আদি হ’ল মানৱ-সেৱাৰ উজ্জ্বল নিদর্শন। বিহুত হুঁচৰি গোৱা প্রথাত ইষ্ট দেৱ-দেৱীৰ স্মৰণৰ লগতে গৃহস্থক আশীৰ্বাদ দি ফুৰা প্ৰথাত এই তিনি ধাৰা পূৰ্ণমাত্রে বিদ্যমান। ৰঙালী বিহুৰ আটাইতকৈ ডাঙৰ কথাটি হ’ল— কৃষিকাৰ্যৰ আৰম্ভণিতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ উদ্দেশ্যে প্রতীকী অৰ্থত ডেকা-গাভৰুৱে যৌনগন্ধী বিহুনাম-বনঘোষাৰে প্ৰণয় যচা আৰু জীৱন-লগৰী নিৰ্বাচন কৰা প্ৰথাটি। গছৰ তলৰ বিহুত বিহু গোসাঁই-গোসাঁনিক ঢোল-পেঁপা-গগনা বজাই নমাই আনি পুনৰ সাতদিনৰ পিছত ঢোল- পেঁপা-গগনা ভাঙি বিহু উৰুৱাই কৃষিকাৰ্যত মনোনিৱেশ কৰা তাহানিৰ প্ৰথাটি অৱশ্যে বৰ্তমান বৰকৈ মানি চলা দেখা নাযায়। গোটেই ব’হাগ মাহ জুৰি বিহু পালন কৰি জেঠলৈকে ব’হাগী বিদায় উৎসৱ পালন কৰাটো অসমীয়াৰ নিজা পৰম্পৰা কেতিয়াও নহয়। ই এক প্ৰকাৰৰ ধন আৰু সময়ৰ অপচয় আৰু শ্ৰমবিমুখী মনৰ পৰিচয় মাথোন।

গৰুক গা ধুওৱা, দীঘলতী পাতেৰে কোবোৱা আৰু হালধি- বেঙেনা-লাওৰ মালা পিন্ধোৱা ৰীতিটো অসমৰ উজনি কি নামনি, জনজাতি কি অজনজাতি সৰ্বত্ৰতে আৰু সকলো সমাজতে বিদ্যমান। নানাধৰণৰ বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰাৰ উপৰি এই বনৌষধিৰে মহ-ডাঁহ দূৰ কৰি, চুট খৰেখোৱা ৰোগ আদি আৰোগ্য কৰি কৃষিজীৱী লোকৰ গো-পালনৰ ইতিবাচক দিশৰ লগতে গো-পূজা (পশু প্রেম) আদি ধর্মীয় কৃত্যও সম্পাদনা কৰিছে বুলি ধাৰণা কৰিব পাৰি।

৪। কাতি বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পণ্ডিতসকলে ধাৰণা কৰে যে বৈদিক যুগত (ঐতৰেয় ব্ৰাহ্মণ নামৰ বৈদিক গ্ৰন্থমতে) ধন-সম্পত্তি আৰু প্ৰজনন বৃদ্ধিৰ বাবে আহিন-কাতিৰ দোমাহীত অশ্বিন দেৱতাৰ পূজাৰ লগতে অতিৰাত্ৰ যজ্ঞ সম্পন্ন কৰি নিশা জুইৰ চাৰিওফালে ঘূৰি ঘূৰি সোমৰস পান কৰা পৰম্পৰাৰ আধাৰতে অসমত প্রচলিত কাতি বিহু বা কাতি গাছাৰ দিনাখন শইচৰ পথাৰত চাকি-শলিতা দিয়াৰ লোকাচাৰটি ঠন ধৰি উঠিছে৷ সেইদৰে তুলসী তলত চাকি-শলিতা দি মাহ-প্ৰসাদেৰে নৈৱেদ্য আগবঢ়োৱা আৰু কাতিৰ গোটেই মাহটো জুৰি দীঘল বাঁহ পুতি তাতে আকাশ-বন্তি লগোৱা পৰম্পৰাটিও ব্রাহ্মণ্য হিন্দুধৰ্মীয় ৰীতিৰে এক জ্বলন্ত স্বাক্ষৰ।

উজনি অসমত অন্যান্য বিহুৰ দৰে কাতি বিহুৰ লগত সম্পর্কিত লোকাচাৰসমূহতো এক সুষম ৰূপ পৰিলক্ষিত হয়। টাই-আহোমৰ সংস্কৃতিৰে প্ৰভাৱান্বিত বিভিন্ন অসমীয়া ভাষী হিন্দু সম্প্ৰদায়ৰ মাজত যি ৰূপত কাতি বিহু উদ্যাপিত হয় প্রায় তাৰ অবিকল ৰূপতে সোনোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, মৰাণ, মিচিং আদি জনগোষ্ঠীৰ মাজতো অতি অনাড়ম্বরভাবে (কঙালী ৰূপত) কাতি বিহুৰ দিনাখন ধাননি পথাৰত শইচৰ শ্ৰীবৃদ্ধি কামনাৰে আৰু চোতালৰ তুলসী জুপিত ইষ্টদেৱতাৰ বন্দনাৰে এগছিকৈ চাকি-শলিতা লগোৱা হয়। মহাপুৰুষীয়াসকলে সিদিনাখন গোসাঁই ঘৰত শৰাই এভাগিৰে গৃহস্থৰ মংগল চিত্তি না-প্ৰসংগৰ আয়োজন কৰে। বিষ্ণুলোক প্রাপ্তিৰ উদ্দেশ্যে দুই-এঘৰে কাতিৰ গোটেই মাহ জুৰি আকাশ বন্তিও লগায়।

নামনি অসমৰ বৰ্ণহিন্দু আৰু জনজাতীয় মূলৰ হিন্দুভাবাপন্ন জনগোষ্ঠীসমূহৰ মাজতো আহিন- কাতিৰ সংক্ৰান্তিৰ আগসন্ধিয়া পালন কৰিবলগীয়া পৰ্বটিৰ নামকৰণকে ধৰি অন্যান্য আনুষংগিক লোকাচাৰৰো বিস্তৰ সাদৃশ্য পৰিলক্ষিত হয়। বড়ো, ৰাভা, হাজং, কোচ-ৰাজবংশী আটায়ে উজনিৰ কাতি বিহুৰ সৈতে সম্পৰ্ক থকা পর্বটিক ‘কাতি গাছা’ বা ‘কাতি দ’ল’ বুলিহে কয়। কাতি মাহত জ্বলোৱা পবিত্র ‘গাছা’ (তুলনীয় সংস্কৃত: গচ্ছ, অসমীয়া: গছা/গছি) অথবা কাতি মাহত ধাননি পথাৰৰ ‘গাছা’ (তুলনীয় সংস্কৃতঃ গচ্ছ/গুচ্ছ, অসমীয়া: ন-গোছা)ৰ সৈতে পালনীয় বিধি-ব্যৱস্থা এই অৰ্থতে ‘কাতিগাছা’ শব্দটিৰ ব্যুৎপত্তি সাধন হ’ব পাৰে। বড়োসকলৰ স্বকীয় উচ্চাৰণ অনুযায়ী এইটোৱে ‘খাথ্রি গাছা’ হৈছে। সেইদৰে কাতি মাহত অস্থায়ীভাৱে দ’লসদৃশ কৰি (তুলনীয় সংস্কৃতঃ দেৱকুল/ দৌল, অসমীয়া: দেউল/দ’ল) বাঁহৰ খোখা বা মাৰিত কলৰ দোনা (খোল) বা ঔ-খোলত তেল-শলিতা দি বস্তি প্ৰজ্বলন কৰা পৰ্বটিৰ পৰাই ‘কাতিদ’ল’ শব্দটিৰ ব্যুৎপত্তি হ’ব পাৰে। কম-বেছি পৰিমাণে নামনি অসমৰ সমূহ জনগোষ্ঠীয়ে ঔ-খোলতে ‘কাতিগাছা’ৰ চাতিগাছা (চাকিগছি) লগায়। ইয়াৰ অভাৱ হ’লেহে কলৰ খোলত নতুবা মাটিৰ চাকিত তেল-শলিতা দিয়ে।

নামনি অসমতো ধাননি পথাৰ আৰু ঘৰৰ লগতে তুলসীৰ গুৰিতো এগছিকৈ চাকি লগায়। ইয়াৰ বাহিৰেও কুঁৱাৰ পাৰ, ভঁৰাল ঘৰ, গোহালি ঘৰ, দেওশাল, তাঁতশাল আৰু পদূলি মুখতো এগছিকৈ চাকি লগোৱা দেখা যায়। চাকি লগাওঁতে লক্ষ্মীদেৱীক প্রার্থনা জনায় বাবে ইয়াক ‘লখী বাতি’ বুলিও কয়।

আনহাতে নামনি অসমৰ জনগোষ্ঠীভেদে ‘কাতিগাছা’ৰ লগত জড়িত কেতবোৰ লোকাচাৰ আৰু লোকবিশ্বাসৰ স্বকীয়তাও মন কৰিবলগীয়া। বড়োসকলে কাতি গাছাৰ দিনাখন অকুমাৰী বা আবিয়ৈ গাভৰুৰ জৰিয়তে মিঠাতেল সনা চিৰিপাটেৰে ধাননিডৰাৰ ওপৰেদি আলফুলে হেঁচুকি দিয়াই থোক ভৰি ধান লাগিবলৈ এটা বিশেষ লোকাচাৰ পালন কৰে, যিটো অন্যান্য জনগোষ্ঠীৰ মাজত অনুপস্থিত। সেইদৰে কোচ ৰাজবংশীসকলৰ কাতিগাছাৰ গধূলি তুলসী এজুপিৰ তলত আগলতি কলপাত পাৰি তাতে সেন্দূৰৰ ফোঁট দি এযুৰি তামোল-পাণসহ নকৈ কাটি অনা বান্নিসোটা (বাঢ়নীটাৰ) থিয়কৈ বহুৱাই বন্তি প্ৰজ্জ্বলনেৰে সেৱা-ভক্তি কৰা লোকাচাৰটি অন্যত্ৰত বিৰল। খুব সম্ভৱ গৃহদেৱীৰ প্ৰতীক হিচাপে ইয়াক লোৱা হৈছে। অকল এয়াই নহয় কোচ ৰাজবংশীসকলৰ মাজত প্ৰচলিত কাতি গাছাৰ লগত পালনীয় লোকাচাৰৰো স্বকীয়তা আছে। “খেতিপথাৰত পানী ৰৈ থাকিলে বাহিৰ কৰি দিয়ে।” সেইদিনাই মহিলাসকলে খেতিপথাৰৰ চাৰিওফালে ‘সোণ-ৰূপৰ পানী’ ছটিয়াই দিয়ে। এওঁলোকে ভাবে যে শালিধান গৰ্ভৱতী অৱস্থাত আছে। যদি সোণ-ৰূপৰ পানীৰে ছটিয়াই দিয়া যায়, তেনেহ’লৈ ধানবোৰ শুদ্ধ হ’ব। ৰাভাসকলে কাতিগাছা নোযোৱালৈকে ঔটেঙা নাখায়, খালে মাছলৈ যাওঁতে শিঙি মাছে বিন্ধে নতুবা গৃহস্থৰ ধাননিডৰা অচিনাক্ত পোকে তহিলং কৰে বুলি পূৰ্বাপৰ মানি আহিছে।

নামনি অসমৰ অন্যান্য বৰ্ণহিন্দুসকলেও ইয়াৰ থলুৱা জনজাতীয় মূলৰ জনগোষ্ঠীসকলৰ দৰেই কাতি বিহু (কাইতান দোমাহী)ৰ দিনাখন সন্ধিয়া পৰত ধাননি পথাৰত, শাক-পাচলিৰ বাৰীত, গৃহস্থৰ গোহালি, ৰান্ধনী ঘৰ, বৰ-ঘৰ, ভঁৰাল ঘৰ আদি সৰ্বত্ৰতে চাকি-বন্তি দিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।

৫। মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ বিহু মূলতঃ কৃষিকেন্দ্ৰিক উৎসৱ। কৃষিজীৱীসকলৰ মাজত সুফলা শইচ চপোৱাৰ সমান আনন্দ শইচ ৰোপণ কৰা বা শইচৰ শ্ৰীবৃদ্ধি ঘটা কাৰ্যতকৈ স্বাভাৱিকতে বেছি। সেইবাবে খেতি চপোৱা উৎসৱৰ আড়ম্বৰতা বেছি। অসমৰ সকলো জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীভুক্ত সমাজত সেয়ে এনেকুৱা উছৱত খোৱা-বোৱা আৰু ৰং-ৰহইচৰ মাত্রা অলপ হ’লেও বেছি। এনে সময়তে আত্মীয়-কুটুম্বৰ উপস্থিতিত পূৰ্বপুৰুষ বা গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বা আলপৈচান ধৰাৰ অৱকাশ ওলায়৷ টাই আহোমসকলৰ বানফি, ডামফি আদি অনুষ্ঠানৰ দৰে বড়োসকলৰ গৌথৈনি বাওনায়, সোণোৱাল কছাৰীসকলৰ মৰাক দিয়া বা পিৰ দিয়া আদি পর্ব এই উদ্দেশ্যে অনুষ্ঠিত হৈ আহিছে। সেইদৰে মাঘ বিহুৰ সৈতে অংগাংগীভাৱে গুৰু-গোসাঁইৰ সেৱা-ভক্তি কৰাৰ প্ৰক্ৰিয়াও কোনো কোনো মহাপুৰুষীয়া বা শৰণীয়া জনজাতীয় সমাজত পোৱা যায় ৷ মিচিংসকলৰ মাজত প্ৰচলিত ‘মাগ চাকি লগোৱা’ পৰ্ব এই শ্ৰেণীৰ ৷

অসমৰ প্ৰায়বিলাক ভৈয়ামৰ জনজাতিৰ মাজতে গৰখীয়াসকলক মান দিয়া, মাহ-কৰাই খুওৱা নতুবা হাঁহ-পাৰৰ ভোগ দিয়া ব্যৱস্থাও আছে। মাঘ বিহুৰ সৈতে কিছুমান ধর্মীয়কৃত্য সম্পৃক্ত হৈ আছে। মাঘ বিহুৰ মুখ্য পৰ্বই হ’ল বিভিন্ন বিশ্বাসৰ বশৱৰ্তী হৈ অনুষ্ঠিত কৰা মেজি পোৰা কাৰ্য।

মাঘ বিহুৰ লগত নানাধৰণৰ লোকবিশ্বাস জড়িত হৈ আছে। উজনি অসমৰ মিচিং, সোণোৱাল কছাৰী, মৰাণ প্রভৃতি জনগোষ্ঠীয়ে মেজি পোৰা জুইতে কাঠ আলু, মোৱা আলু আদি পুৰি খায়। নহ’লে পৰজন্মত হেনো বৰা গাহৰিৰূপে জন্ম ল’ব লাগে। উৰুকাৰ ৰাতি কাউৰীয়ে কা কৰাৰ আগেয়ে আটায়ে ঢাৰি-পাটী এৰিব লাগে; নহ’লে হেনো বাদুৱা (অস্পৃশ্য) হয়। এয়া বড়ো কছাৰীসকলৰ জনবিশ্বাস। তেওঁলোকে প্রথম বিহুটো গৰুৰ নামত উছৰ্গা কৰে আৰু বাখ্ৰি (ভঁৰাল), ইছিং (ৰান্ধনিশাল) আদি লিপা-মচা কৰি ঘৰ শুদ্ধি কৰি লয়৷

মাঘ বিহুৰ মেজিৰ আধাপোৰা খৰি আৰু ছাইৰ কেতবোৰ যাদুধৰ্মীয় প্রকার্য আছে। গো-গাইৰ বেমাৰ নহ’বলৈ মেজিৰ ছাইৰে সেইদিনা গো-গাইক ফোঁট পিন্ধোৱা হয়। শইচডৰাত মুখ নালাগিবৰ বাবে মেজিৰ আধাপোৰা খৰি আনি পথাৰত পুতি থোৱা হয়। মাঘ বিহুৰ দিনা ম’হ যুঁজ, কণী যুঁজ আদিত ভাগ ল’লে বা উপভোগ কৰিলে মানুহৰ মূৰ ঘূৰণি বেমাৰ ভাল হয়।

৬। চমু উত্তৰ লিখা:

(ক) মৗছৌমি ছান কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ বড়ো জনগোষ্ঠীয়ে।

(খ) বড়োসকলৰ মানুহ বিহুৰ দিনা পালন কৰা এটি লোকাচাৰ উল্লেখ কৰা।

উত্তৰঃ মানুহ বিহুৰ দিনা ব্ৰহ্মপুৱাতে বড়োসকলৰ কোনোবা এজন বাঁহীবাদকে ছিফুঙত খেৰাই পূজাৰ ছত্ৰাৱলী সুৰৰ ৰাগিনী বজাই নৱবৰ্ষক সম্ভাষণ জনায়।

(গ) বৈখাশুনি গীদু বা বাথুনাম কোন জনগোষ্ঠীৰ?

উত্তৰঃ বড়ো জনগোষ্ঠীৰ।

(ঘ) ৰাভাসকলে বিছুৱা উৎসৱ কেইদিনীয়াকৈ পালন কৰে?

উত্তৰঃ তিনিদিনীয়াকৈ পালন কৰে।

(ঙ) বিছুৱা উৎসৱৰ প্ৰথম দিনটো ৰাভাসকলে কেনেদৰে উদযাপন কৰে?

উত্তৰঃ বিছুৱা উৎসৱৰ প্ৰথম দিনটো ৰাভাসকলে মূল বিছুৱা (মানুহ বিহু) হিচাপে উদযাপন কৰে।

(চ) ইবাঁকু বিচু কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ দেউৰী জনগোষ্ঠীয়ে।

(ছ) দেউৰীসকলে কোনটো বাৰত দেৱালয়ত বিহু পাতে?

উত্তৰঃ বুধবাৰত।

(জ) দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত এটি লোকাচাৰ উল্লেখ কৰা।

উত্তৰঃ নকৈ চুৰিয়া পিন্ধোৱা৷

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top