Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Notes and select needs one.

Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Bihu Chapter 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solutions for All Subjects, You can practice these here.

বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Bihu – বিহু

Chapter: 1

অনুশীলনী প্রশ্নোত্তৰ

১। লোকাচাৰ বুলিলে কি বুজা?

উত্তৰঃ সমাজৰ লোকসকলে তেওঁলোকৰ দৈনন্দিন জীৱনত বিভিন্ন নিয়ম, ৰীতি-নীতি আৰু অভ্যাস অনুসৰণ কৰে। এনে অভ্যাস আৰু পৰম্পৰাগত প্ৰথাবোৰক লোকাচাৰ বোলা হয়।

২। লোকবিশ্বাস বুলিলে কি বুজা?

উত্তৰঃ লোকবিশ্বাস হ’ল জীৱন চক্ৰ, জীৱন নিৰ্বাহৰ প্ৰণালী, জাগতিক ৰহস্য, প্ৰকৃতিৰ বিভিন্ন উপাদান আদিৰ লগত জড়িত একক বা বহু চৰ্ত আৰু তাৰ পৰিণতি, কোনো পৰিণতি বিষয়ক পৰম্পৰাগত বিশ্বাস।

৩। বহাগ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ব’হাগ বিহু গো-সেৱা, মানৱ-সেৱা আৰু ইষ্ট-সেৱা— এই তিনি ধাৰাৰ সমাহাৰ বুলি ক’ব পাৰি। গৰুক দীঘলতি- মাখিয়তী পাতেৰে কোবাই নদী বা খাল-বিলৰ ন-বৰষাৰ পানীৰে গা ধুৱাই চাটৰ পৰা গালৈ লাও-বেঙেনা দলিওৱা, ন-পঘা লগোৱা, সন্ধিয়া গোহালিত যাগ দিয়া এইবোৰত গো-সেৱাৰ পৰম্পৰা বিদ্যমান। সেইদৰে গোসাঁইঘৰ বা থান-মন্দিৰত সমৱেত হৈ পূজা-পাতল, চাকি-বন্তি জ্বলাই মাহ-প্ৰসাদ আগবঢ়োৱা, পূৰ্বপুৰুষক পিণ্ড দিয়া আদি ইষ্ট-সেৱাৰ নামান্তৰ। বিহুৰ দিনা জ্যেষ্ঠজনক সেৱা-সৎকাৰ কৰি মান-কাপোৰ দিয়া, কনিষ্ঠজনক স্নেহ-আশীর্বাদেৰে বিহুৱান যচা, প্ৰণয়-প্রণয়িনী বা নৱ-দম্পতীয়ে ইজনে-সিজনক মৰম-প্রীতি যচা আদি হ’ল মানৱ-সেৱাৰ উজ্জ্বল নিদর্শন। বিহুত হুঁচৰি গোৱা প্রথাত ইষ্ট দেৱ-দেৱীৰ স্মৰণৰ লগতে গৃহস্থক আশীৰ্বাদ দি ফুৰা প্ৰথাত এই তিনি ধাৰা পূৰ্ণমাত্রে বিদ্যমান। ৰঙালী বিহুৰ আটাইতকৈ ডাঙৰ কথাটি হ’ল— কৃষিকাৰ্যৰ আৰম্ভণিতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ উদ্দেশ্যে প্রতীকী অৰ্থত ডেকা-গাভৰুৱে যৌনগন্ধী বিহুনাম-বনঘোষাৰে প্ৰণয় যচা আৰু জীৱন-লগৰী নিৰ্বাচন কৰা প্ৰথাটি। গছৰ তলৰ বিহুত বিহু গোসাঁই-গোসাঁনিক ঢোল-পেঁপা-গগনা বজাই নমাই আনি পুনৰ সাতদিনৰ পিছত ঢোল- পেঁপা-গগনা ভাঙি বিহু উৰুৱাই কৃষিকাৰ্যত মনোনিৱেশ কৰা তাহানিৰ প্ৰথাটি অৱশ্যে বৰ্তমান বৰকৈ মানি চলা দেখা নাযায়। গোটেই ব’হাগ মাহ জুৰি বিহু পালন কৰি জেঠলৈকে ব’হাগী বিদায় উৎসৱ পালন কৰাটো অসমীয়াৰ নিজা পৰম্পৰা কেতিয়াও নহয়। ই এক প্ৰকাৰৰ ধন আৰু সময়ৰ অপচয় আৰু শ্ৰমবিমুখী মনৰ পৰিচয় মাথোন।

গৰুক গা ধুওৱা, দীঘলতী পাতেৰে কোবোৱা আৰু হালধি- বেঙেনা-লাওৰ মালা পিন্ধোৱা ৰীতিটো অসমৰ উজনি কি নামনি, জনজাতি কি অজনজাতি সৰ্বত্ৰতে আৰু সকলো সমাজতে বিদ্যমান। নানাধৰণৰ বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰাৰ উপৰি এই বনৌষধিৰে মহ-ডাঁহ দূৰ কৰি, চুট খৰেখোৱা ৰোগ আদি আৰোগ্য কৰি কৃষিজীৱী লোকৰ গো-পালনৰ ইতিবাচক দিশৰ লগতে গো-পূজা (পশু প্রেম) আদি ধর্মীয় কৃত্যও সম্পাদনা কৰিছে বুলি ধাৰণা কৰিব পাৰি।

৪। কাতি বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পণ্ডিতসকলে ধাৰণা কৰে যে বৈদিক যুগত (ঐতৰেয় ব্ৰাহ্মণ নামৰ বৈদিক গ্ৰন্থমতে) ধন-সম্পত্তি আৰু প্ৰজনন বৃদ্ধিৰ বাবে আহিন-কাতিৰ দোমাহীত অশ্বিন দেৱতাৰ পূজাৰ লগতে অতিৰাত্ৰ যজ্ঞ সম্পন্ন কৰি নিশা জুইৰ চাৰিওফালে ঘূৰি ঘূৰি সোমৰস পান কৰা পৰম্পৰাৰ আধাৰতে অসমত প্রচলিত কাতি বিহু বা কাতি গাছাৰ দিনাখন শইচৰ পথাৰত চাকি-শলিতা দিয়াৰ লোকাচাৰটি ঠন ধৰি উঠিছে৷ সেইদৰে তুলসী তলত চাকি-শলিতা দি মাহ-প্ৰসাদেৰে নৈৱেদ্য আগবঢ়োৱা আৰু কাতিৰ গোটেই মাহটো জুৰি দীঘল বাঁহ পুতি তাতে আকাশ-বন্তি লগোৱা পৰম্পৰাটিও ব্রাহ্মণ্য হিন্দুধৰ্মীয় ৰীতিৰে এক জ্বলন্ত স্বাক্ষৰ।

উজনি অসমত অন্যান্য বিহুৰ দৰে কাতি বিহুৰ লগত সম্পর্কিত লোকাচাৰসমূহতো এক সুষম ৰূপ পৰিলক্ষিত হয়। টাই-আহোমৰ সংস্কৃতিৰে প্ৰভাৱান্বিত বিভিন্ন অসমীয়া ভাষী হিন্দু সম্প্ৰদায়ৰ মাজত যি ৰূপত কাতি বিহু উদ্যাপিত হয় প্রায় তাৰ অবিকল ৰূপতে সোনোৱাল কছাৰী, ঠেঙাল কছাৰী, দেউৰী, মৰাণ, মিচিং আদি জনগোষ্ঠীৰ মাজতো অতি অনাড়ম্বরভাবে (কঙালী ৰূপত) কাতি বিহুৰ দিনাখন ধাননি পথাৰত শইচৰ শ্ৰীবৃদ্ধি কামনাৰে আৰু চোতালৰ তুলসী জুপিত ইষ্টদেৱতাৰ বন্দনাৰে এগছিকৈ চাকি-শলিতা লগোৱা হয়। মহাপুৰুষীয়াসকলে সিদিনাখন গোসাঁই ঘৰত শৰাই এভাগিৰে গৃহস্থৰ মংগল চিত্তি না-প্ৰসংগৰ আয়োজন কৰে। বিষ্ণুলোক প্রাপ্তিৰ উদ্দেশ্যে দুই-এঘৰে কাতিৰ গোটেই মাহ জুৰি আকাশ বন্তিও লগায়।

নামনি অসমৰ বৰ্ণহিন্দু আৰু জনজাতীয় মূলৰ হিন্দুভাবাপন্ন জনগোষ্ঠীসমূহৰ মাজতো আহিন- কাতিৰ সংক্ৰান্তিৰ আগসন্ধিয়া পালন কৰিবলগীয়া পৰ্বটিৰ নামকৰণকে ধৰি অন্যান্য আনুষংগিক লোকাচাৰৰো বিস্তৰ সাদৃশ্য পৰিলক্ষিত হয়। বড়ো, ৰাভা, হাজং, কোচ-ৰাজবংশী আটায়ে উজনিৰ কাতি বিহুৰ সৈতে সম্পৰ্ক থকা পর্বটিক ‘কাতি গাছা’ বা ‘কাতি দ’ল’ বুলিহে কয়। কাতি মাহত জ্বলোৱা পবিত্র ‘গাছা’ (তুলনীয় সংস্কৃত: গচ্ছ, অসমীয়া: গছা/গছি) অথবা কাতি মাহত ধাননি পথাৰৰ ‘গাছা’ (তুলনীয় সংস্কৃতঃ গচ্ছ/গুচ্ছ, অসমীয়া: ন-গোছা)ৰ সৈতে পালনীয় বিধি-ব্যৱস্থা এই অৰ্থতে ‘কাতিগাছা’ শব্দটিৰ ব্যুৎপত্তি সাধন হ’ব পাৰে। বড়োসকলৰ স্বকীয় উচ্চাৰণ অনুযায়ী এইটোৱে ‘খাথ্রি গাছা’ হৈছে। সেইদৰে কাতি মাহত অস্থায়ীভাৱে দ’লসদৃশ কৰি (তুলনীয় সংস্কৃতঃ দেৱকুল/ দৌল, অসমীয়া: দেউল/দ’ল) বাঁহৰ খোখা বা মাৰিত কলৰ দোনা (খোল) বা ঔ-খোলত তেল-শলিতা দি বস্তি প্ৰজ্বলন কৰা পৰ্বটিৰ পৰাই ‘কাতিদ’ল’ শব্দটিৰ ব্যুৎপত্তি হ’ব পাৰে। কম-বেছি পৰিমাণে নামনি অসমৰ সমূহ জনগোষ্ঠীয়ে ঔ-খোলতে ‘কাতিগাছা’ৰ চাতিগাছা (চাকিগছি) লগায়। ইয়াৰ অভাৱ হ’লেহে কলৰ খোলত নতুবা মাটিৰ চাকিত তেল-শলিতা দিয়ে।

নামনি অসমতো ধাননি পথাৰ আৰু ঘৰৰ লগতে তুলসীৰ গুৰিতো এগছিকৈ চাকি লগায়। ইয়াৰ বাহিৰেও কুঁৱাৰ পাৰ, ভঁৰাল ঘৰ, গোহালি ঘৰ, দেওশাল, তাঁতশাল আৰু পদূলি মুখতো এগছিকৈ চাকি লগোৱা দেখা যায়। চাকি লগাওঁতে লক্ষ্মীদেৱীক প্রার্থনা জনায় বাবে ইয়াক ‘লখী বাতি’ বুলিও কয়।

আনহাতে নামনি অসমৰ জনগোষ্ঠীভেদে ‘কাতিগাছা’ৰ লগত জড়িত কেতবোৰ লোকাচাৰ আৰু লোকবিশ্বাসৰ স্বকীয়তাও মন কৰিবলগীয়া। বড়োসকলে কাতি গাছাৰ দিনাখন অকুমাৰী বা আবিয়ৈ গাভৰুৰ জৰিয়তে মিঠাতেল সনা চিৰিপাটেৰে ধাননিডৰাৰ ওপৰেদি আলফুলে হেঁচুকি দিয়াই থোক ভৰি ধান লাগিবলৈ এটা বিশেষ লোকাচাৰ পালন কৰে, যিটো অন্যান্য জনগোষ্ঠীৰ মাজত অনুপস্থিত। সেইদৰে কোচ ৰাজবংশীসকলৰ কাতিগাছাৰ গধূলি তুলসী এজুপিৰ তলত আগলতি কলপাত পাৰি তাতে সেন্দূৰৰ ফোঁট দি এযুৰি তামোল-পাণসহ নকৈ কাটি অনা বান্নিসোটা (বাঢ়নীটাৰ) থিয়কৈ বহুৱাই বন্তি প্ৰজ্জ্বলনেৰে সেৱা-ভক্তি কৰা লোকাচাৰটি অন্যত্ৰত বিৰল। খুব সম্ভৱ গৃহদেৱীৰ প্ৰতীক হিচাপে ইয়াক লোৱা হৈছে। অকল এয়াই নহয় কোচ ৰাজবংশীসকলৰ মাজত প্ৰচলিত কাতি গাছাৰ লগত পালনীয় লোকাচাৰৰো স্বকীয়তা আছে। “খেতিপথাৰত পানী ৰৈ থাকিলে বাহিৰ কৰি দিয়ে।” সেইদিনাই মহিলাসকলে খেতিপথাৰৰ চাৰিওফালে ‘সোণ-ৰূপৰ পানী’ ছটিয়াই দিয়ে। এওঁলোকে ভাবে যে শালিধান গৰ্ভৱতী অৱস্থাত আছে। যদি সোণ-ৰূপৰ পানীৰে ছটিয়াই দিয়া যায়, তেনেহ’লৈ ধানবোৰ শুদ্ধ হ’ব। ৰাভাসকলে কাতিগাছা নোযোৱালৈকে ঔটেঙা নাখায়, খালে মাছলৈ যাওঁতে শিঙি মাছে বিন্ধে নতুবা গৃহস্থৰ ধাননিডৰা অচিনাক্ত পোকে তহিলং কৰে বুলি পূৰ্বাপৰ মানি আহিছে।

নামনি অসমৰ অন্যান্য বৰ্ণহিন্দুসকলেও ইয়াৰ থলুৱা জনজাতীয় মূলৰ জনগোষ্ঠীসকলৰ দৰেই কাতি বিহু (কাইতান দোমাহী)ৰ দিনাখন সন্ধিয়া পৰত ধাননি পথাৰত, শাক-পাচলিৰ বাৰীত, গৃহস্থৰ গোহালি, ৰান্ধনী ঘৰ, বৰ-ঘৰ, ভঁৰাল ঘৰ আদি সৰ্বত্ৰতে চাকি-বন্তি দিয়াৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে।

৫। মাঘ বিহুৰ লগত জড়িত লোকাচাৰ আৰু লোকবিশ্বাসৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ বিহু মূলতঃ কৃষিকেন্দ্ৰিক উৎসৱ। কৃষিজীৱীসকলৰ মাজত সুফলা শইচ চপোৱাৰ সমান আনন্দ শইচ ৰোপণ কৰা বা শইচৰ শ্ৰীবৃদ্ধি ঘটা কাৰ্যতকৈ স্বাভাৱিকতে বেছি। সেইবাবে খেতি চপোৱা উৎসৱৰ আড়ম্বৰতা বেছি। অসমৰ সকলো জনজাতীয় আৰু অজনজাতীয় গোষ্ঠীভুক্ত সমাজত সেয়ে এনেকুৱা উছৱত খোৱা-বোৱা আৰু ৰং-ৰহইচৰ মাত্রা অলপ হ’লেও বেছি। এনে সময়তে আত্মীয়-কুটুম্বৰ উপস্থিতিত পূৰ্বপুৰুষ বা গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বা আলপৈচান ধৰাৰ অৱকাশ ওলায়৷ টাই আহোমসকলৰ বানফি, ডামফি আদি অনুষ্ঠানৰ দৰে বড়োসকলৰ গৌথৈনি বাওনায়, সোণোৱাল কছাৰীসকলৰ মৰাক দিয়া বা পিৰ দিয়া আদি পর্ব এই উদ্দেশ্যে অনুষ্ঠিত হৈ আহিছে। সেইদৰে মাঘ বিহুৰ সৈতে অংগাংগীভাৱে গুৰু-গোসাঁইৰ সেৱা-ভক্তি কৰাৰ প্ৰক্ৰিয়াও কোনো কোনো মহাপুৰুষীয়া বা শৰণীয়া জনজাতীয় সমাজত পোৱা যায় ৷ মিচিংসকলৰ মাজত প্ৰচলিত ‘মাগ চাকি লগোৱা’ পৰ্ব এই শ্ৰেণীৰ ৷

অসমৰ প্ৰায়বিলাক ভৈয়ামৰ জনজাতিৰ মাজতে গৰখীয়াসকলক মান দিয়া, মাহ-কৰাই খুওৱা নতুবা হাঁহ-পাৰৰ ভোগ দিয়া ব্যৱস্থাও আছে। মাঘ বিহুৰ সৈতে কিছুমান ধর্মীয়কৃত্য সম্পৃক্ত হৈ আছে। মাঘ বিহুৰ মুখ্য পৰ্বই হ’ল বিভিন্ন বিশ্বাসৰ বশৱৰ্তী হৈ অনুষ্ঠিত কৰা মেজি পোৰা কাৰ্য।

মাঘ বিহুৰ লগত নানাধৰণৰ লোকবিশ্বাস জড়িত হৈ আছে। উজনি অসমৰ মিচিং, সোণোৱাল কছাৰী, মৰাণ প্রভৃতি জনগোষ্ঠীয়ে মেজি পোৰা জুইতে কাঠ আলু, মোৱা আলু আদি পুৰি খায়। নহ’লে পৰজন্মত হেনো বৰা গাহৰিৰূপে জন্ম ল’ব লাগে। উৰুকাৰ ৰাতি কাউৰীয়ে কা কৰাৰ আগেয়ে আটায়ে ঢাৰি-পাটী এৰিব লাগে; নহ’লে হেনো বাদুৱা (অস্পৃশ্য) হয়। এয়া বড়ো কছাৰীসকলৰ জনবিশ্বাস। তেওঁলোকে প্রথম বিহুটো গৰুৰ নামত উছৰ্গা কৰে আৰু বাখ্ৰি (ভঁৰাল), ইছিং (ৰান্ধনিশাল) আদি লিপা-মচা কৰি ঘৰ শুদ্ধি কৰি লয়৷

মাঘ বিহুৰ মেজিৰ আধাপোৰা খৰি আৰু ছাইৰ কেতবোৰ যাদুধৰ্মীয় প্রকার্য আছে। গো-গাইৰ বেমাৰ নহ’বলৈ মেজিৰ ছাইৰে সেইদিনা গো-গাইক ফোঁট পিন্ধোৱা হয়। শইচডৰাত মুখ নালাগিবৰ বাবে মেজিৰ আধাপোৰা খৰি আনি পথাৰত পুতি থোৱা হয়। মাঘ বিহুৰ দিনা ম’হ যুঁজ, কণী যুঁজ আদিত ভাগ ল’লে বা উপভোগ কৰিলে মানুহৰ মূৰ ঘূৰণি বেমাৰ ভাল হয়।

৬। চমু উত্তৰ লিখা:

(ক) মৗছৌমি ছান কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ বড়ো জনগোষ্ঠীয়ে।

(খ) বড়োসকলৰ মানুহ বিহুৰ দিনা পালন কৰা এটি লোকাচাৰ উল্লেখ কৰা।

উত্তৰঃ মানুহ বিহুৰ দিনা ব্ৰহ্মপুৱাতে বড়োসকলৰ কোনোবা এজন বাঁহীবাদকে ছিফুঙত খেৰাই পূজাৰ ছত্ৰাৱলী সুৰৰ ৰাগিনী বজাই নৱবৰ্ষক সম্ভাষণ জনায়।

(গ) বৈখাশুনি গীদু বা বাথুনাম কোন জনগোষ্ঠীৰ?

উত্তৰঃ বড়ো জনগোষ্ঠীৰ।

(ঘ) ৰাভাসকলে বিছুৱা উৎসৱ কেইদিনীয়াকৈ পালন কৰে?

উত্তৰঃ তিনিদিনীয়াকৈ পালন কৰে।

(ঙ) বিছুৱা উৎসৱৰ প্ৰথম দিনটো ৰাভাসকলে কেনেদৰে উদযাপন কৰে?

উত্তৰঃ বিছুৱা উৎসৱৰ প্ৰথম দিনটো ৰাভাসকলে মূল বিছুৱা (মানুহ বিহু) হিচাপে উদযাপন কৰে।

(চ) ইবাঁকু বিচু কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ দেউৰী জনগোষ্ঠীয়ে।

(ছ) দেউৰীসকলে কোনটো বাৰত দেৱালয়ত বিহু পাতে?

উত্তৰঃ বুধবাৰত।

(জ) দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত এটি লোকাচাৰ উল্লেখ কৰা।

উত্তৰঃ নকৈ চুৰিয়া পিন্ধোৱা৷

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নোত্তৰ

১। সংস্কৃতি কি?

উত্তৰঃ কোনো এটা জনগোষ্ঠী, জাতি বা সম্প্ৰদায়ৰ সামাজিক আচৰণৰ বহিঃপ্রকাশেই হ’ল সংস্কৃতি।

২। ধৰ্মৰ ভেঁটি কিহৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰঃ ধৰ্মৰ ভেঁটি মূলতঃ লোকবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।

৩। আদিম কৃষিজীৱী লোকসকলে কিহক আধাৰ কৰি লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে?

উত্তৰঃ আদিম কৃষিজীৱী লোকসকলে তেওঁলোকৰ ধৰ্মীয় প্ৰকাৰ্যত অনুকৃতিমূলক বা যাদুধৰ্মীয় লোকবিশ্বাসক আধাৰ কৰি নানা লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে।

৪। বহাগ বিহুক কি কি তিনি ধাৰাৰ সমাহাৰ বুলিব পাৰি?

উত্তৰঃ গো-সেৱা, মানৱ-সেৱা আৰু ইষ্ট-সেৱা।

৫। ‘মানছিনি ছান’ কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ বড়ো জনগোষ্ঠীয়ে।

৬। উত্তৰাধিকাৰী সূত্রে বড়োসকলে পোৱা মংগোলীয় দস্তুৰ কি?

উত্তৰঃ সকলো মাংগলিক কাৰ্যতে পূৰ্ব-পুৰুষক স্মৰণ কৰা।

৭। ‘বাথুনাম’ৰ আন এটা নাম কি?

উত্তৰঃ বৈখাগুনি গীদু।

৮। বৈছাগুত গৃহস্থই নৃত্য-দলক কিহৰে আপ্যায়িত কৰে?

উত্তৰঃ মদ বা অন্যান্য জলপানেৰে।

৯। কোন কোন মাহৰ সংক্ৰান্তিত ‘বিছুৱা’ উৎসৱ পালিত হয়?

উত্তৰঃ চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিত।

১০। তিৱাসকলৰ বিহুৰ প্ৰিয় খাদ্য কি?

উত্তৰঃ কুকুৰাৰ মঙহ, কচু শাকৰ আঞ্জা।

১১। কোন মাহৰ সংক্ৰান্তিত কাৰবিসকলে গৰু বিহু পাতে?

উত্তৰঃ চ’ত মাহৰ সংক্ৰান্তিত৷

১২। ব’হাগ বিহুৰ মূল পৰ্ব কি?

উত্তৰঃ ব’হাগ বিহুৰ মূল পৰ্ব হ’ল মানুহ বিহু।

১৩। মানুহ বিহু কিমান দিনৰ পৰা কিমান দিনলৈ চলে?

উত্তৰঃ তিনিৰ পৰা সাতদিনলৈ চলে।

১৪। দেউৰীসকলে নিজ-নিজ ঘৰত পতা পূজা কি নামেৰে পৰিচিত?

উত্তৰঃ ‘ঘৰদেও’বা ‘সুবচনী পূজা’।

১৫। ‘দেওশালৰ পূজা’ কোন জনগোষ্ঠীয়ে পালন কৰে?

উত্তৰঃ দেউৰী জনগোষ্ঠীয়ে।

১৬। দেউৰীসকলৰ দেৱালয়ৰ বিহু-পূজা উৎসৱ কেইদিন থাকে?

উত্তৰঃ সম্পূৰ্ণ সাদিন থাকে।

১৭। ‘পাউগা মৰোৱা প্ৰথা’ কোন জনগোষ্ঠীৰ অন্যতম লোকাচাৰ?

উত্তৰঃ দেউৰী জনগোষ্ঠীৰ।

১৮। মৰাণসকলৰ মতে বিহুৰ উৰুকা কোন বাৰে হয়?

উত্তৰঃ মঙলবাৰে ৷

১৯৷ বৃহস্পতিবাৰে মৰাণসকলৰ কি বিহু হয়?

উত্তৰঃ মানুহ বিহু।

২০। ‘ধর্ম হুঁচৰি’ কাক বোলে?

উত্তৰঃ মৰাণসকলৰ মাজত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে প্রতি তিনি, পাঁচ, সাত অথবা ন বছৰৰ মূৰে মূৰে (অযুগ্ম বৰ্ষত) এখনি হুঁচৰি অনুষ্ঠান পতা হয়। এই হুঁচৰিখনকে ‘ধৰ্ম হুঁচৰি’ বোলে।

২১৷ ‘ধৰ্ম হুঁচৰি গীত’ কাৰ কাহিনী গীতেৰে জোৰা হয়?

উত্তৰঃ ফুলকোঁৱৰ – মণিকোঁৱৰৰ৷

২২৷ ‘ধৰ্ম হুঁচৰি’ৰ বৈশিষ্ট্য কি?

উত্তৰঃ ইয়াত মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰে।

২৩। ধর্ম-হুঁচৰিৰ বিশেষ তাৎপর্য কি?

উত্তৰঃ ধৰ্ম-হুঁচৰিৰ বিশেষ তাৎপর্য হ’ল হুঁচৰি দলে হুঁচৰিৰ শেষত গৃহস্থক যি আশীর্বাদ দিয়ে সেয়ে ফলিয়ায়।

২৪৷ ‘বিউ চাকি’ কোন জনগোষ্ঠীৰ মাংগলিক অনুষ্ঠান?

উত্তৰঃ মিচিং জনগোষ্ঠীৰ।

২৫। ছেংনাং বিহু কোনে পালন কৰে?

উত্তৰঃ টাইমূলীয় লোকসকলে।

২৬। ছেংনাং বিহু কেইদিন ধৰি পালন কৰা হয়?

উত্তৰঃ সাতদিন।

২৭। টাইমূলীয়া লোকসকলৰ মতে বিহুনাচ-গীতৰ স্ৰষ্টা কোন?

উত্তৰঃ দৈয়াং দেও অৰ্থাৎ ধনকলীয়া আৰু নাংদাম অৰ্থাৎ কলীমতী।

২৮। হাজংসকলে ব’হাগ বিহুক কি বোলে?

উত্তৰঃ সংৰাণি বা বিষুবা।

২৯। ৰাখল পূজা কেতিয়া পালন কৰা হয়?

উত্তৰঃ চ’তৰ সংক্ৰান্তিত।

৩০। ‘বুঢ়া-বুঢ়ীৰ মেলা’ বা ‘চড়ক পূজা’ৰ অন্যতম প্রধান উপাস্য দেৱ-দেৱী কোন?

উত্তৰঃ মহাদেৱ আৰু পাৰ্বতী।

৩১। বিষুৱা তিথিৰ তাৎপর্য কি?

উত্তৰঃ পোহনীয়া জীৱ-জন্তুৰ বিশেষকৈ গো-গাইৰ সুৰক্ষা আৰু সমৃদ্ধি কামনা।

৩২। বড়ো, ৰাভা, হাজং, কোচ-ৰাজবংশী আটায়ে উজনিৰ কাতি বিহুৰ সৈতে সম্পর্ক থকা পর্বটিক কি বুলি কয়?

উত্তৰঃ ‘কাতি গাছা’ বা ‘কাতি দ’ল’।

৩৩। ‘চটাই’ পোতা কোন জনগোষ্ঠীৰ বিশেষ নিয়ম?

উত্তৰঃ তিৱাসকলৰ।

৩৪। ‘মাগ চাকি লগোৱা’ পর্ব কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত?

উত্তৰঃ মিচিং।

(খ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। বিহু কিয় অসমৰ সকলো জনগোষ্ঠীৰে জাতীয় উৎসৱ?

উত্তৰঃ আদিম কৃষিজীৱী লোকসকলে তেওঁলোকৰ ধৰ্মীয় প্ৰকাৰ্যত অনুকৃতিমূলক বা যাদুধর্মীয় লোকবিশ্বাসক আধাৰ কৰি নানা লোকাচাৰ আৰু লোকবিশ্বাস পালন কৰি আহিছে। তেনে বিশ্বাস আৰু লোকাচাৰসমূহ অসমৰ সকলো জনগোষ্ঠীৰ মাজত কিছু ভিন্ন ৰূপত হ’লেও উদ্যাপিত কৃষিভিত্তিক আৰু ঋতুকালীন বিহু লোক উৎসৱৰ মাজেদি অতি সুন্দৰ ৰূপত প্ৰকাশিত হয়। সেইবাবেই বিহু অসমীয়া আৰু অসমৰ সকলো জনগোষ্ঠীৰে জাতীয় উৎসৱ।

২। ‘বৈখাগুনি গীদু’ কি?

উত্তৰঃ দক্ষিণ গোৱালপাৰাৰ বড়োসকলে মানুহ বিহুৰ দিনা ৰাজহুৱা বাথৌ মন্দিৰত গোট খাই, খাম-ছিফুং আদি বাদ্যযন্ত্ৰক ফুল আৰু নতুন গামোচাৰে মেৰিয়াই পূজা দিয়ে আৰু ইজনে সিজনক আবিৰৰ ফোঁট পিন্ধাই ইষ্ট দেৱতা লাঙাৰ বেদীত হৈধ্বনি দি নৃত্য-গীতৰ পাতনি মেলে আৰু ঘৰে ঘৰে আশীৰ্বাদ দি ধান-চাউল সংগ্ৰহ কৰি ফুৰে। এই সময়ত গোৱা গীতেই হ’ল ‘বৈখাগুনি গীদু’ বা ‘বাথুনাম’।

৩। বড়োসকলে কিহৰ নামত সাদিনলৈকে বৈছাগু পালন কৰে?

উত্তৰঃ গৰুৰ নামত, গোসাঁইৰ নামত, মানুহৰ নামত, আত্মীয়-কুটুম্ব আৰু কুকুৰা-গাহৰি আদি পোহনীয়া জীৱ-জন্তুৰ নামত৷

৪। ‘ভোন’ কাক বোলে?

উত্তৰঃ কাৰবিসকলে গৰু বিহুৰ আগদিনাখন গাঁৱৰ মানুহবোৰে, বিশেষকৈ গৰখীয়া ল’ৰাবোৰে গৰু খেদি নিবৰ বাবে প্ৰয়োজন হোৱা বুটু হিয়াপ/ বুটি আহম (মাখিয়তী জাতীয়), পিইৰ (দীঘলতি জাতীয়), বেংজাৰি (নৰসিংহ), মিৰচাংতি (নাহৰ), বুটু ভলংলং আৰং (এবিধ নেফাফু জাতীয় গছ) আদিৰ ডাল-পাত-ফুল সংগ্ৰহ কৰি একেলগে মুঠা বান্ধি থৈ দিয়ে ৷ ইয়াকে ‘ভোন’ বুলি কয়৷

৫। কাৰবিসকলৰ গৰুক গা ধুওৱা পৰ্বত বিশেষভাৱে কোনে আগভাগ লয়?

উত্তৰঃ বৰ গৰখীয়া (কিঠে খোখথ্রে) আৰু সৰু গৰখীয়া (অছ’খোখথ্রে)।

৬। মিচিংসকলে ব’হাগ বিহুৰ উপৰি উদযাপন কৰা দুটা উৎসৱৰ নাম লিখা।

উত্তৰঃ আলি-আয়ে-লিগাং আৰু পঃৰাগ।

৭। ‘বিউ চাকি’ অনুষ্ঠানত কি কি উছৰ্গা কৰা হয়?

উত্তৰঃ আপং (মদ) আৰু কৰ (খোৱা বস্তুৰ ভাগ)।

৮। কোনে কি উদ্দেশ্যত চোমচেঙৰ থাপনা প্রতিষ্ঠা কৰে?

উত্তৰঃ টাইমূলীয় লোকসকলে চ’তৰ সংক্ৰান্তিবা ব’হাগৰ আৰম্ভণিৰ পৰা প্ৰথম সপ্তাহৰ ভিতৰত প্ৰথম বুধবাৰৰ দিনাখন ছেংনাং বিহুৰ শুভাৰম্ভ কৰে আৰু এই বিহু সাতদিন ধৰি পালন কৰা হয়। এই উদ্দেশ্যতে তেওঁলোকে চ’তৰ মাহতে হাবিতলীয়া বৰগছৰ তলত চোমদেওৰ পূজাৰ বাবে চোমচেঙৰ থাপনা প্রতিষ্ঠা কৰে।

৯। সপ্তৰস কি কি?

উত্তৰঃ কেঁচা হালধিৰ ৰস, বেঁত গাজৰ ৰস, পচতিয়া বা নিচিন্তাৰ ৰস, চিৰতা তিতাৰ ৰস, শুকতীৰ ৰস, বাসকা তিতাৰ ৰস আৰু এৱাঁ গাখীৰ।

১০। ব্রাহ্মণ্য হিন্দুধর্মীয় ৰীতিৰ এটি পৰম্পৰা উল্লেখ কৰা।

উত্তৰঃ তুলসী তলত চাকি-শলিতা দি মাহ-প্ৰসাদেৰে নৈৱেদ্য আগবঢ়োৱা আৰু কাতিৰ গোটেই মাহটো জুৰি দীঘল বাঁহ পুতি তাতে আকাশ-বন্তি লগোৱা৷

১১। ‘কাতিগাছা’ৰ সমাৰ্থক ৰূপে কি অনুষ্ঠান পালন কৰা হয়?

উত্তৰঃ ‘গাছিৰ ৰাইত’, ‘গাশ্বি’।

১২। ‘চাকিদুঙ’ অনুষ্ঠান কোনে কেতিয়া পাতে?

উত্তৰঃ মধ্য অসমৰ দাঁতিয়লীয়া আৰু পাহাৰীয়া অঞ্চলত বসবাস কৰা কাৰবি বা মিকিৰসকলে কাতি মাহৰ প্ৰথম দিনা মুনপেই আৰমুত অৰ্থাৎ বৰখুঁটাত ‘চাৰকিদুঙ’ অনুষ্ঠান পাতে।

১৩। মাঘ বিহুৰ মেজিৰ সৈতে থকা দুটা যাদুধর্মীয় প্রকার্য লিখা।

উত্তৰঃ (ক) গো-গাইৰ বেমাৰ নহ’বলৈ মেজিৰ ছাইৰে সেইদিনা গো-গাইক ফোঁট পিন্ধোৱা হয়।

(খ) শইচডৰাত মুখ নালাগিবৰ বাবে মেজিৰ আধাপোৰা খৰি আনি পথাৰত পুতি থোৱা হয়।

১৪। মাঘ বিহুৰ দিনা কি কি খেল অনুষ্ঠিত হয়?

উত্তৰঃ ম’হ যুঁজ, কণী যুঁজ আদি।

১৫। বড়ো জনগোষ্ঠীৰ ব’হাগ বিহুৰ লগত জড়িত লোকবিশ্বাস আৰু লোকাচাৰৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ বড়োসকলৰ মাজত প্ৰচলিত গৰুক গা ধুৱাবলৈ নিওঁতে গোৱা গীত আৰু সেইদিনা পালিবলগীয়া লোকাচাৰৰ সৈতে অসমৰ অন্যান্য বৰ্ণহিন্দু সমাজে পালন কৰা লোকাচাৰ আৰু তেওঁলোকে গোৱা অসমীয়া গীতৰ সুন্দৰ সাদৃশ্য পোৱা যায়।

গৰু বিহু (মৗছৌনি ছান) ৰে আৰম্ভ হোৱা চ’তৰ সংক্ৰান্তি খেতিয়ক ৰাইজৰ বাবে অতি পবিত্ৰ আৰু অৱশ্যেই পালনীয়। অন্যান্য বর্ণ-হিন্দু সমাজত ৰাতিপুৱা গৰুক মাহ-হালধি আৰু তেলেৰে নোওৱা বা নদীত গা ধুওৱা আৰু সন্ধিয়া গোহালিলৈ অনাৰ পাছত গামোচাৰ দহি আৰু তৰাবনৰ আঁহেৰে প্ৰস্তুত কৰা নতুন পঘা পিন্ধাই গোহালি আৰু পদূলিত মৰলীয়া বন-অগৰা বন আৰু তুহৰ যাগ দি, মাখিয়তী গছৰ পাতেৰে আৰু বিচনিৰে গৰুক বিচি দি আৰু পিঠা-পনা খুৱাই গো-সেৱা কাৰ্যৰ সামৰণি পেলোৱাৰ দৰে বড়োসকলে এই সকলোবোৰ কাৰ্য কৰাৰ পিছতো গোহালিৰ আগফালে-পিছফালে লিপা-মোচা কৰি পকা কল, ভজা চাউল, বাতাসা আদি নৈবেদ্য আগবঢ়াই লাওখাৰ গোসাঁই (গৰখীয়া গোসাঁই) বা গোহালি মাদায় (গোহালি দেও) দেৱতাক আৰাধনা কৰি পূজা দিয়ে। মাঘৰ দোমাহীত গৰু উদঙীয়াকৈ মেলি দিয়া বাবে ইমান দিনে প্রয়োজন নোহোৱা ‘লাওখাৰ’বা গৰখীয়াসকলক পুনৰ মাতি আনি ব’হাগৰ গৰু বিহুৰ দিনা নিযুক্তি দিয়া হয় আৰু সিদিনাৰ পৰাই বাথানত গৰু ৰাখি বা এৰাল দি গৰু চোৱা-চিতা কৰাৰ ভাৰ তেওঁলোকৰ ওপৰত অৰ্পণ কৰা হয়। সেয়েহে প্রতীকী অৰ্থত গৰখীয়াসকলে গৰুক নদীত গা ধুৱাবলৈ নিওঁতে পানীত বুৰ মাৰি পুৰণি পঘা, এছাৰি আদি নিজ হাতৰ মুঠিৰ পৰা এৰুৱাই দি নতুন পঘা আৰু এছাৰি হাতত তুলি লয়। সিদিনা গোহালি ঘৰত ব্যৱহাৰ কৰা পুৰণি গোবৰ পেলোৱা খোদা (খাদা/হাখাও), বাঢ়নী (হাচিব) আদি গোবৰৰ সৈতে পদূলিমুখত পেলাই দি নতুন খোদা-বাঢ়নী আদি ব্যৱহাৰ কৰে।

বড়োসকলে ব’হাগৰ প্ৰথম দিনা পালন কৰা মানুহ বিহু (মানছিনি ছান) তহে তেওঁলোকৰ স্বকীয় ধ্যান-ধাৰণা আৰু লোকাচাৰ পূৰ্ণৰূপত প্ৰতিভাত হয়। সিদিনাখন ব্ৰহ্মপুৱাতে কোনোবা এজন বাঁহীবাদকে ছিফুঙত খেৰাই পূজাৰ ছত্ৰাৱলী সুৰৰ ৰাগিনী বজাই নৱবৰ্ষক সম্ভাষণ জনায়। এই ছিফুঙৰ সুৰ শুনা মাত্ৰকে গাঁৱৰ বুঢ়া-মেথা, ল’ৰা-ছোৱালী আটায়ে ঢাৰি-পাটী এৰে আৰু ঘৰৰ গৃহিণী, জীয়ৰী-বোৱাৰীয়ে বাহী চোতাল, পদূলিমুখ সাৰি-পুঁচি, ঘৰ-দুৱাৰ মুচি-কাচি, আখলঘৰৰ পুৰণি মাটিৰ চৰুবোৰ পেলাই দি পুৰণি বছৰটি বিদায় দিয়ে। তাৰ পিছত নিজেও গা ধুই নতুন বস্ত্ৰ পৰিধান কৰে আৰু ঘৰখনৰ আটায়ে ডাঙৰক ভক্তিভাৱে আৰু সৰুক মৰম-আশীৰ্বাদেৰে নতুন বস্ত্ৰ প্ৰদান কৰি নতুন বছৰটিক আদৰণি জনায়। তেওঁলোকে বিশ্বাস কৰে যে ছত্ৰাৱলী সুৰৰ ৰাগিনীয়ে মন পুলকিত কৰাই নহয় ই সকলো অপায়-অমংগল দূৰ কৰে, আনকি বিষাক্ত সাপৰ কণীও ইয়াৰ মাত শুনিলে ঘোলা হয়। ৰাতিপুৱা ঘৰে ঘৰোৱাহে অতি নিষ্ঠাসহকাৰে চোতালৰ উত্তৰ-পূৱ কোণত প্ৰতিষ্ঠাপিত বাথৌ থানত গোট-পিট খাই গৃহদেৱতা বুঢ়া বাথৌ মহাৰাজা আৰু গৃহদেৱী আই কামাখ্যাৰ নামত বলি-বিধান সহকাৰে মন্ত্ৰ উচ্চাৰণ কৰি পূজা দিয়ে। তাৰ পাছত সেইখন চোতালতে দক্ষিণে মৃত উপৰি পুৰুষসকলক মদ-মাংস-পিঠা আদিৰ ভাগ দি, তামোল-পাণ আগ কৰি স্মৰণ কৰে। সকলো মাংগলিক কাৰ্যতে পূর্ব-পুৰুষক স্মৰণ কৰাটো বড়োসকলৰ এটা উত্তৰাধিকৰী সূত্ৰে পোৱা মংগোলীয় দস্তুৰ।

দক্ষিণ গোৱালপাৰাৰ বড়োসকলে মানুহ বিহুৰ দিনাখন ৰাজহুৱা বাথৌ মন্দিৰত গোট খাই, খাম-ছিফুং আদি বাদ্যযন্ত্ৰকে ফুল আৰু নতুন গামোচাৰে মেৰিয়াই পূজা দিয়ে আৰু ইজনে সিজনক আবিৰৰ ফোঁট পিন্ধাই ইষ্ট দেৱতা লাঙাৰ বেদীত হৈধ্বনি দি নৃত্য-গীতৰ পাতনি মেলে আৰু ঘৰে ঘৰে আশীৰ্বাদ দি ধান-চাউল সংগ্ৰহ কৰি ফুৰে।

বড়োসকলে এইদৰে গৰুৰ নামত, গোসাঁইৰ নামত, মানুহৰ নামত আত্মীয়-কুটুম্ব আৰু কুকুৰা-গাহৰি আদি পোহনীয়া জীৱ-জন্তুৰ নামত সাদিনলৈকে বৈছাগু পালন কৰি আহিছে।

১৬। ৰাভাসকলে কেনেদৰে ব’হাগ বিহু উদযাপন কৰে লিখা।

উত্তৰঃ ৰাভাসকলে চ’ত আৰু ব’হাগৰ সংক্ৰান্তিত ‘বিছুৱা’ উৎসৱ তিনিদিনীয়াকৈ উদযাপন কৰে। প্রথম দিনটো ৰাভাসকলে ‘জাৱে ৰুগুকায়’ নামেৰে পাহাৰৰ পৰা কেইবিধমান ঔষধি গছৰ ডাল-পাত-আলু সংগ্ৰহ কৰি আনি সন্ধিয়া একেলগে জোঁট জোঁটকৈ বান্ধি মূল থকা ঘৰ, ভঁৰাল ঘৰ, গোহালি, গাহৰি-কুকুৰাৰ গঁৰাল আনকি কাপোৰ শুকুৱাবলৈ দিয়া বাঁহৰ ডাঁৰিকী নতুবা কুঁৱাৰ পানী তোলা ঢেঁকীতো খোঁচ মাৰি বা কিবাৰে লগাই থৈ দিয়ে। তেওঁলোকৰ বিশ্বাস যে এইদৰে বছৰটোৰ বাবে বান্ধি ৰখা যাদুকৰী ‘জাব্ৰে’ৰ ফলত বাৰীত ধুমুহা বতাহ বা শিলাবৃষ্টিয়ে একো অনিষ্ট কৰিব নোৱাৰে। আনকি নানাধৰণৰ অপায়-অমংগল, মাৰি-মৰকো ঘৰখনত নহয়, গাঁওখনতো প্ৰৱেশ কৰিব নোৱাৰে। ৰাভাসকলে চ’তমহীয়া ‘চৈতালী বাও’ৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ গোটেই চ’ত মাহ কাল ৰক্ষাবন্ধন স্বৰূপ সূতা বা যঁতৰৰ শলা-জৰীৰে সৰু সৰু ল’ৰা-ছোৱালীৰ হাতত পিন্ধাই দিয়ে।

চ’তৰ শেষৰ দিনা নিচেই পুৱাতে ওচৰতে থকা নদী বা বিললৈ বুলি গোহালিৰ পৰা আগদিনা জোঁট বান্ধি থোৱা ‘জাব্ৰে’ৰে গৰু খেদি নি ওৰে বাটত পুৱা ঘৰতে ছিমুককাৰা, জোঙা (এবিধ বনৰীয়া থুৰিপাত), লাও, কোমোৰা, কাচকল আৰু বাৰমহীয়া বেঙেনা চকলা-চকলকৈ কাটি গুঁজি লোৱা চাটমাৰিৰ পৰা এচকল এচকলকৈ উলিয়াই গৰুৰ গালৈ দলিয়াই দলিয়াই গৃহস্থই সমদল কৰি আগবাঢ়ে। কোনো কোনো ঠাইত কলাথুৰিতে বান্ধি লোৱা নিমখৰ টোপোলা গা ধুওৱাৰ পিছত গৰুক খুৱাই সেইদিনাই বছৰটোৰ বাবে ন-পঘাৰে বান্ধি গৰু এৰাল দিয়াৰ শুভাৰম্ভ কৰে।

ৰাভাসকলে ব’হাগৰ প্ৰথমদিনা মূল বিছুৱা (মানুহ বিহু) হিচাপে উদযাপন কৰে। সিদিনাখন নিচেই পুৱাতে ঘৰৰ জীয়ৰী- বোৱাৰীয়ে বাহী চোতাল সাৰি, গোহালিৰ গোবৰ পেলাই আজৰি হ’বৰ সময়ত পুৰণি খদাত এখদাকৈ গোবৰ লৈ, তাতে বুঢ়ী-বাঢ়নী এটাৰি আৰু দহিকটা সূতা একোছা দি পদূলিমুখ, তিনিআলি বা চাৰিআলিত পেলাই থৈ আহে৷ এইদৰে প্রতীকী হিচাপে গৃহিনীয়ে দুই-এপদ পুৰণি বস্তু দলিয়াই দি পুৰণি বছৰক বিদায় জনোৱাৰ পৰম্পৰা নামনি অসমৰ প্ৰায়কেইটা জনগোষ্ঠীৰ দৰে ৰাভা সমাজতো অতীজৰে পৰা প্ৰৱৰ্তিত হৈ আহিছে। ৰাভাসকলে সেইদিনা গা-পা ধুই উঠি নৱবস্ত্ৰ পৰিধান কৰি ভঁৰালঘৰ নতুবা বৰঘৰৰ লাই খুঁটাত (শ্ৰীনোকফাক) আসন পাতি পূৰ্বপুৰুষৰ নামত -ভাত অৰ্পণ কৰে।

১৭। তিৱা জনগোষ্ঠীৰ মাজত ব’হাগ বিহু সম্পৰ্কীয় কেনেধৰণৰ লোকাচাৰ-লোকবিশ্বাস প্রচলিত হৈ আছে লিখা।

উত্তৰঃ তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত ব’হাগ বিহু সম্পৰ্কীয় লোকাচাৰ-লোকবিশ্বাসৰ ভিতৰত দেখা যায় যে, গৰখীয়াসকলে উৰুকাৰ দিনাৰ পৰাই গৰু ৰাখিবৰ বাবে বাঁহৰ এছাৰিৰ সলনি জালি গছ, ভেটাই, মাখিলতী (মাখিয়তী), দীঘলতি আদি গছ ব্যৱহাৰ কৰে। সন্ধ্যা গৰু-গাই ঘৰত অহাৰ আগমুহূৰ্তত তুলসীপাত ছিঙি আনি পঘাবোৰৰ মাজে মাজে ভৰাই দি, গোহালিৰ প্ৰতিটো খুঁটিত প্ৰতিটো গৰুৰ বাবে আছুতীয়াকৈ থোৱা পঘাৰে বান্ধি ৰাখে৷ গৰু অহাৰ সময়ত ন-পঘা দি পিঠা সান্দহ আদি খুৱায়৷ গৰু-গাইবোৰ ঘৰলৈ আহিলে যাগ দি বিচনিৰে বিচি দিয়ে। ধূপ-ধূনা জ্বলাই গৰু-গাইৰ গায়ে-মূৰে হাত ফুৰাই মৰম কৰি বিগত বছৰত অযাচিতে আওহেলা কৰাৰ দায়-দোষ নধৰিবলৈ আৰু আহি থকা বছৰটিত নতুন উদ্যমেৰে গৃহস্থৰ সহায়ক হ’বলৈ প্ৰাৰ্থনা জনায়।

এই কাৰ্য সমাপন কৰাৰ পাছত গধূলি বেলিকা সৰুৱে জ্যেষ্ঠজনক সেৱা-সৎকাৰ কৰে আৰু বিহুৱান আগবঢ়ায়। সেইদিনা গোটেই দিন ধৰি ভাত-পানী নোখোৱাকৈ ব্ৰত পালন কৰি জ্যেষ্ঠজনক সেৱা-সৎকাৰ কৰাৰ অন্তত সন্ধ্যা আহাৰ গ্ৰহণ কৰা নিয়ম। তিৱাসকলৰ কাৰণে কুকুৰাৰ মঙহ, কচু শাকৰ আঞ্জা পৰম্পৰা অনুসৰি চলি অহা বিহুৰ প্ৰিয় খাদ্য।

১৮। কাৰবিসকলে কেনেদৰে ব’হাগ বিহু পালন কৰে? তেওঁলোকৰ এই বিহুৰ লগত জড়িত লোকাচাৰসমূহ কি কি লিখা।

উত্তৰঃ কাৰবিসকলে চ’তৰ সংক্ৰান্তিতে গৰু বিহু পাতে। আগদিনাখন গাঁৱৰ মানুহবোৰে, বিশেষকৈ গৰখীয়া ল’ৰাবোৰে গৰু খেদি নিবৰ বাবে প্ৰয়োজন হোৱা বুটু হিয়াপ/বুটি আহম (মাখিয়তী জাতীয়), পি’ইৰ (দীঘলতি জাতীয়), বেংজাৰি (নৰসিংহ), মিৰ্চাংতি (নাহৰ) বুটু ভলংলং আৰং (এবিধ নেফাফু জাতীয় গছ) আদিৰ ডাল-পাত-ফুল সংগ্ৰহ কৰি একেলগে মুঠা বান্ধি থৈ দিয়ে। ইয়াকে ‘ভোন’ বুলি কোৱা হয়। মূল গৰু বিহুৰ দিনা নিচেই পুৱা গোহালি আৰু মূল ঘৰৰ দুৱাৰ্ডলিত চংহন (ভাতঘিলা) গছৰ ডাল পেলাই থোৱা হয় আৰু সিদিনাৰ পৰাই সাদিনলৈ ঘৰৰ আটায়ে গৰু আদি পোহনীয়া জন্তু সমন্বিতে তাক ডেই পাৰ হোৱাটো এটা নিয়ম। এই ব্যৱস্থাৰ দ্বাৰা তেওঁলোকে পুৰণি বছৰ ডেই নতুন বছৰত ভৰি দিয়া বা বছৰটোৰ বাবে শুদ্ধ হোৱা বুলি বিশ্বাস কৰে। তাৰ পিছত বাঁহৰ মিহি কাঠী বা দৈত বিভিন্ন ফুলৰ মালা গুঁঠি গৰুক পিন্ধাই দিয়া হয়। পিঠাগুৰি অলপ ঘন কৰি পানীত গলাই লৈ বাঁহৰ চুঙাৰে গৰুৰ কপালত আৰু পিঠিত ছাপ মৰা হয়। সেইদৰে মাহ-হালধি পিহি এলান্ধুৰ সৈতে মিঠাতেলত মিহলাই গৰুৰ শিং দুটা আৰু গায়ে-মূৰে সানি দিয়া হয়। এইদৰে গোহালিৰ সকলো গো-গাই সজাই-পৰাই লৈ গৰখীয়া ল’ৰাবোৰে হাতে হাতে চকলা-চকলকৈ কটা থাৰমিত (হালধি), হাপেক/হাপে হেপি (বেঙেনা), চেবুং (লাউ) আৰু পামপ্ৰি (থেকেৰা)ৰ ‘বাছেৰা’ অৰ্থাৎ চাট লৈ আগদিনাখনেই মুঠা বান্ধি থোৱা দীঘলতী-মাখিয়তীৰে গৰুক কোবাই কোবাই ঢোল-কালিৰ শব্দৰে সমদল উলিয়াই নদীৰ ঘাট বা কোনো জলাশয়লৈ নিয়া হয়। ঘাটত সকলোৱে লগলাগি গৰু আৰু গৰখীয়াৰ মংগল কামনা কৰি নুন্‌পে নংল, হেমফু (মহাদেৱ) বা জলকোঁৱৰ (প’হাগাৰি)- জলকুঁৱৰী (পেহাগাৰি)ৰ নামত ফুল-তুলসী-দূবৰি, তামোল-পাণ, সেন্দুৰ আৰু জুলীয়া পিঠাগুৰিৰে পূজা দিয়ে আৰু আটায়ে “অ’ হেমফু, অ’ মুক্ৰাং, অ’ মুক্ৰাং, অ’হেমফু” বুলি হৈধ্বনি দি সেই পূজাৰ থাপনা ডেই যোৱাকৈ গৰুক গা ধুৱাবলৈ পানীত নমাই দিয়ে ৷ সেই সময়তে গৰুৰ গালৈ লাও, বেঙেনা, হালধি, থেকেৰাৰ টুকুৰাবোৰ চাটৰ পৰা উলিয়াই গীত গাই সিবোৰ গৰুৰ গালৈ দলিয়ায়।

গৰুক গা ধুৱাওঁতে কাৰবিসকলেও পুৰণি পঘা এডাল পানীত উটুৱাই দিয়ে আৰু ঘৰৰ পৰা নিয়া ন-পঘা এডাল অইনৰ লগত সলাই লয়৷ সেইদৰে নদীত গা ধুৱাই উভতি আহোঁতে সেই ঘাটৰ পানী কোনো এটা পাত্ৰত ভৰাই লৈ আনে আৰু ঘৰৰ চাৰিওফালে তুলসীৰে ছটিয়াই দিয়ে।

ইফালে গৰুবোৰ উলিয়াই নিয়াৰ পিছতে ঘৰৰ জীয়ৰী- বোৱাৰীয়ে পদূলিমুখত তুঁহগুৰিৰ ‘চংহন’ গছৰ ডাল জ্বলাই দি যাগ দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে এনেদৰে কৰাৰ ফলত বিগত দিনবিলাকৰ বেয়া গ্রহদোষ খণ্ডন যায় আৰু সমাগত দিনবিলাকত শুভফল দিয়ে। সন্ধিয়া বেলিকা নডালিকৈ এৱাসূতা, দূবৰি আৰু তুলসী মেৰিয়াই লৈ প্ৰতিটো গৰুৰ ডিঙিত বিহুৱান হিচাপে ন-পঘা পিন্ধাই দিয়া হয়। ঘাটৰ পৰা ৰাহিকৈ লৈ অনা দীঘলতি- মাখিয়তীৰ মুঠা আৰু হালধি-থেকেৰাৰ লাঙি গোহালিঘৰকে মুখ্য কৰি সকলো ঘৰৰ দুৱাৰমুখত বা চালত খুঁচি ৰখা হয়।

আনহাতে গৰু বিহুৰ দিনা পালন কৰা অন্যান্য লোকাচাৰৰ ভিতৰত কৃষিকাৰ্যত ব্যৱহৃত নাঙল-যুঁৱলি-মৈ আদি, গৃহস্থালিৰ ডলা-চালনি-বিচনি-পীৰা আদি আৰু বোৱা কটাৰ কামত ব্যৱহৃত চেৰেকী, উঘা, তাঁতশাল আদি সা-সঁজুলিবোৰ পুৱাৰ ভাগতে ধুই-পখালি চোতালৰ পূব মূৰত আসন পাতি পাৰি থোৱা আৰু সেইবোৰ ঘৰৰ গৃহিণীজনীয়ে সেন্দুৰ লগাই তুলসী পানী আৰু জুলীয়া পিঠাগুড়ি ছটিয়াই পুনৰ ব্যৱহাৰৰ কাৰণে শুচি কৰি লোৱা প্ৰথাটো বিশেষভাৱে মন কৰিবলগীয়া।

সেইদিনা সকলোৱে গা-পা ধুই পবিত্রচিত্তে বৰঘৰৰ খুঁটা (নুন্‌পে) অথবা ৰান্ধনীঘৰৰ চাউল থোৱা দুটা মটিৰ হাড়ী (ৰাংতিকশ্ব’— ৰাংতিক পে)টোকে থাপনা পাতি বস্তি জ্বলাই ইষ্ট দেৱতাক সেৱা কৰাৰ পাছত বয়োজ্যেষ্ঠজনকো চিৰা-পিঠা বা এচুঙা হৰলাং (মদ) দি সেৱা কৰি আশীৰ্বাদ বিচৰা এটা বিশেষ পালিবলগীয়া লোকাচাৰ। তাৰ পিছত এখন নতুন বিচনিৰে থাপনা, বৰঘৰ, ভঁৰালঘৰ, আকাশ আৰু পৃথিৱীক বা দিয়াৰ পিছত ঘৰৰ বয়োজ্যেষ্ঠজন পৰা আৰম্ভ কৰি কনিষ্ঠজনলৈকে এবাৰকৈ বা লৈ থোৱাটো বিশেষ দস্তুৰ।

ব’হাগ বিহুৰ মূল পৰ্ব মানুহ বিহু। ই তিনিৰ পৰা সাত দিনলৈকে চলে। ব’হাগৰ পহিলা তাৰিখৰ পৰাই মানুহ বিহু আৰম্ভ হয়। সিদিনা ভাগিন-ভাগিনীয়েকহঁতে মোমায়েকহঁতৰ ঘৰলৈ জা–দলপান, পিঠা-পনা নতুবা হৰপ’ (পোহন মদ) আহবঢ়াই মান ধৰে। ৰাতি প্ৰত্যেক ঘৰতে মৃতকৰ বা পূৰ্বপুৰুষৰ নামত মুনপেই আৰমু নামৰ বৰ খুঁটাটোক কেন্দ্ৰ কৰি চাৰকিদুং (পিণ্ড দিয়া) অনুষ্ঠান পালন কৰে।

মানুহ বিহুৰ দিনাৰ পৰাই কাৰবিসকলে গাঁৱৰ মুৰব্বীজনৰ (ৰজাৰ অধীনস্থ গাঁও হলে ৰংথে আৰু আন ঠাইত হ’লৈ বাংথে) ঘৰত সমবেত হৈ ঢোল-কালি বজাই আশীর্বাদসূচক দ’মাহী আলুন/কিকান (দোমাহী নৃত্য/গীত) আৰম্ভ কৰে আৰু তিনিৰ পৰা ছদিনৰ ভিতৰত গোটেই গাঁওখনত নাচি শেষ কৰে। শেষৰ দিনা গাঁৱৰ যিটো মূৰত নাচৰ সামৰণি পেলায় সেইটো মূৰতে গাঁৱৰ অপায়-অমংগল দূৰ কৰিবৰ কাৰণে ‘শনিকিকল’ অনুষ্ঠান পাতে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top