Class 12 Bihu Chapter 3 বিহুৰ খাদ্য-সম্ভাৰ অৰু খেল-ধেমালি Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 3 বিহুৰ খাদ্য-সম্ভাৰ অৰু খেল-ধেমালি Notes and select needs one.
Class 12 Bihu Chapter 3 বিহুৰ খাদ্য-সম্ভাৰ অৰু খেল-ধেমালি
Also, you can read the AHSEC book online in these sections Class 12 Bihu Chapter 3 বিহুৰ খাদ্য-সম্ভাৰ অৰু খেল-ধেমালি Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Class 12 Bihu Chapter 3 বিহুৰ খাদ্য-সম্ভাৰ অৰু খেল-ধেমালি Solutions for All Subjects, You can practice these here.
বিহুৰ খাদ্য-সম্ভাৰ অৰু খেল-ধেমালি
Bihu – বিহু
Chapter: 3
অনুশীলনী প্রশ্নোত্তৰ
১। বিহুৰ খাদ্য-সস্তাৰ বুলিলে কি বুজা? বহলাই লিখা।
উত্তৰঃ খাদ্য-সস্তাৰ বুলি ক’লে সমাজ এখনত বসবাস কৰা জনসমষ্টিয়ে পুষ্টি সাধন করে গ্ৰহণ কৰা খাদ্যসমূহক বুজায়। তাৰে কিছুমান বাদ্য স্বাভাবিক ঘৰুৱা জীৱনত নিয়মিতভাবে খোৱা হয় আৰু আন কিছুমান খাদ্য উৎসব-পার্বণ আৰু বিশেষ পৰম্পৰাগত আৰু ধর্মীয় পর্বসমূহত খোৱা হয়। বিশ্বৰ বতৰত যিবোৰ খাদ্য খোৱা হয় সেইবোৰ মূলতঃ বতৰৰ উৎসবকেন্দ্রিক খাদ্য।
ৰঙালী বিহু ব’হাগ মাহত আয়োজন কৰা হয় বাবে ই বসন্ত হ’ল। ব’হাগ মাহৰ দিনকেইটাত গৃহত স্বাভাবিক খাদ্য খোৱাৰ উপৰি উৎসবকেন্দ্রিক কিছুমান খাদ্য খায়। উৎসৱভিত্তিক খাদ্যসমূহ মূলতঃ দুবিধ—পিঠা-পনাকেন্দ্রিক খাদ্য আৰু শাক-পাচলিকেন্দ্রিক খাদ্য। ৰঙালী বিহুত পিঠা-পনাৰ সৈতে দৈ, গুড় আদিৰে জলপানো খাদ্য হিচাপে গ্ৰহণ কৰা হয়। ৰঙালী বিহুৰ পিঠা-পনাৰ অন্যতম হ’ল— তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, তেল পিঠা বা ফুলা পিঠা, পানী পিঠা, টেকেলি পিঠা, চুঙা পিঠা, হুকম, মাহ-কৰাই, দোৱা ভজা চিৰা আদি। এইবোৰৰ উপৰি জনগোষ্ঠীভেদে গৃহত প্ৰস্তুত কৰা সাজ-পানীও ৰঙালী বিহুৰ বতৰত পানীয় খাদ্যৰূপে গ্রহণ কৰে।
ৰঙালী বিহুৰ দৰে ভোগালী বিহুতো বিভিন্ন ধৰণৰ শাক-পাচলি খায় যদিও এই বিহু মূলতঃ পিঠা-পনা, মাছ, হাঁহৰ মঙহ, জা-জলপানকেন্দ্রিক। পুহ আৰু মাঘৰ সংক্ৰান্তিত আয়োজন কৰা ভোগালী বিহুৰ বতৰত ৰঙালী বিহুৰ দৰেই পিঠা-পনাৰ আয়োজন কৰা হয় যদিও উৰুকাৰ দিনা ৰাতিৰ ভাগত মাছ আৰু হাঁহৰ মাংসৰে বিশেষ ভোজৰ আয়োজন কৰা হয়। মাহ-কৰাই খোৱাটো ভোগালীৰ বতৰৰ অন্যতম পৰম্পৰা।
কাতি মাহত আয়োজন কৰা কঙালী বিহু মূলতঃ শস্যৰ শ্ৰীবৃদ্ধি কামনাৰ উৎসৱ। সেয়ে স্বাভাৱিক খাদ্যৰ বাদে এই বিহুত ৰং-ৰহইছ আৰু ভোজন-পৰ্বৰ বিশেষ গুৰুত্ব নাই।
২। ৰঙালী বিহুৰ সাতশাকী বুলিলে কি বুজা? সাতশাকীৰ নামবোৰ উল্লেখ কৰা।
উত্তৰঃ ৰঙালী বিহুৰ বতৰত এশ এবিধ শাক খায়। এশ এবিধ শাকৰ অন্যতম হ’ল— মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, মধুসোলেং, মাটি কাঁদুৰি, ভেদাইলতা, ঔ-টেঙা, উৰহী, বেতগাজ, পানীলাউৰ আগ, ৰঙালাউৰ আগ, কচুথোৰ, মালভোগ শাক, কঁঠালৰ মুচি, ভেঁটফুল, চজিনাৰ পাত, পিৰালি পালেং, তিতাফুল, ভেকুৰি, বনতুলসী, লাই, লফা, পালেং, চুকা, বাবৰি, নলটেঙা, বেঙেনা, বিলাহী,ব্রাহ্মী, শুকলতি, মানধনিয়া, বাহক তিতা, লাইজাবৰি, তিতা কেৰেলা, মহানিম, ভেটাই তিতা, হেলচী, ঢেঁকীয়া, নেফাফু, পিপলি, খুতৰা, হাতীখুতৰা, বৰথেকেৰা, জেটুলি পকা, কলপচলা, পিৰালি কুঁৱৰী, পুনৰ্ণৱা, বৰ টেঙেচি, সৰু টেঙেচি, লেহেতি, তিয়ঁহ, মৰলীয়া, বকফুল, মৰিচা, দুপৰটেঙা, চুকা, মেথি, মৰাপাট, কচু, ওলকচু, বিশল্যকৰণী, টেঙা মৰা, জিলমিল, সৰিয়হ, লাচকচি, বগা পূৰৈ, ৰঙা পূৰৈ, কণবিলাহী, মেদেলুৱা, ডিমৰু, কিৰিঙালতা, কালমেঘ, শতমূল, কেহেৰাজ, চজিনা, চেংমৰা, মূলা, কাঠ আলু, শিমলু আলু, শেৱালি, শিঙাপাত, লাতুমণি, সোণবৰিয়াল, বাঘ-আঁচোৰা, কেঁচুৱালতি, কুন্দুলি, মিঠা মৰা, ফুটকলা, ডেমডেউকা, তংলতি, ভাতমেটেকা, মজ, লৰবৰুৱা, টুপুৰীলতা, টুবুকীলতা, শুকতিলতা, হেঙুনীয়া, টিকনিবৰুৱা আদি। ইয়াৰে যিকোনো সাতবিধ শাকক একেলগে সাতশাকী বুলি কোৱা হয়৷
৩। নামনি অসমত সাতশাকীক কি বুলি কোৱা হয়?
উত্তৰঃ সাঠেক।
৪। ৰঙালী বিহুৰ বতৰত খাদ্য হিচাপে ব্যৱহাৰ কৰা এশ এবিধ শাকৰ দহবিধৰ নাম লিখা।
উত্তৰঃ মানিমুনি, নৰসিংহ, দোৰোণ, কলমৌ, মছন্দৰী, পদিনা, ভেদাইলতা, উৰহী, লাই, লফা।
৫। ৰঙালী বিহুৰ বতৰত খেলা পাঁচবিধ খেল-ধেমালিৰ নাম লিখা।
উত্তৰঃ কুকুৰা যুঁজ, কণীযুঁজ, কড়িখেল, ঘিলাখেল, ঢোলখেল।
৬। ভোগালী বিহুৰ বতৰত ম’হযুঁজ ক’ত অনুষ্ঠিত হয়?
উত্তৰঃ আঁহতগুৰিত।
৭। ভোগালী বিহুৰ বতৰত ষাঁড়গৰু যুঁজ ক’ত অনুষ্ঠিত হয়?
উত্তৰঃ নামনি অসমৰ চৰ-চাপৰি অঞ্চলত।
৮। বুলবুলি চৰাইৰ যুঁজ ক’ত অনুষ্ঠিত হয়?
উত্তৰঃ হাজোত।
৯। উজনি অসমৰ কোনখন গাঁৱত ৰঙালী বিহুৰ বতৰত কুকুৰা যুঁজ অনুষ্ঠিত হয়?
উত্তৰঃ ধেমাজি জিলাৰ গোহাঁই গাঁৱত।
১০। ৰঙালী বিহুৰ বতৰত অনুষ্ঠিত কৰা খেলৰ উল্লেখেৰে বিহুনামৰ এটি কলি লিখা।
উত্তৰঃ কুকুৰা যুঁজ, কণীযুঁজ, কড়িখেল, ঘিলাখেল, ঢোলখেল, চেংগুটি খেল, ময়ূৰ নাচ খেল, ৰছী টনা খেল, টেকেলি ভঙা খেল, টাংগুটি খেল, হৈগুদু খেল আদি ৰঙালী বিহুৰ বতৰত খেলা খেলসমূহক কেন্দ্ৰ কৰি কিছুমান বিহুনাম গোৱা হয়৷ তেনে বিহুনামৰ উদাহৰণ হ’ল—
আৰু বেলি বিহুখন চেৰেঙা বেৰেঙা
চ’তৰ বিহুত যুঁজাব কণী,
এবটল গোন্ধতেল আনি দিবা চেনাইধন
ম’হৰ শিঙৰ আনিবা ফণি।
ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত,
গাঁৱৰ ডেকা ল’ৰাই কড়িখেল পতা নাই
গোন্ধতেল লোৱা নাই গাত৷
১১। খাদ্যসামগ্ৰীৰ উল্লেখ থকা বিহুনামৰ কলি এটি লিখা।
উত্তৰঃ ৰঙালী বিহুক কেন্দ্ৰ কৰি গোৱা বিহুনামত অনেক খাদ্য-সামগ্ৰীৰ নাম পোৱা যায়৷ যেনে—পিঠা-পনা:
উজাই বুৰে দিলে শিহু কি ঘঁৰিয়াল
ভটিয়াই বুৰিলে মাছে,
লাৰু পিঠা-পনা কালৈনো ৰাখিছা
যদিহে ভিতৰত আছে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

