Class 12 Bihu Chapter 4 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Class 12 Bihu Chapter 4 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Question Answer in Assamese Medium, AHSEC Class 12 Bihu Solutions to each chapter is provided in the list so that you can easily browse throughout different chapters Class 12 Bihu Chapter 4 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Notes and select needs one.

Class 12 Bihu Chapter 4 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Class 12 Bihu Chapter 4 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 12 Bihu Chapter 4 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস Solutions for All Subjects, You can practice these here.

বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস

Bihu – বিহু

Chapter: 4

অনুশীলনী প্রশ্নোত্তৰ

১। হুঁচৰিৰ পৰম্পৰাগত ৰূপ সম্পর্কে এটি চমু আলোচনা যুগুত কৰা।

উত্তৰঃ ব’হাগ বিহুত উদ্যাপিত এক অন্যতম সমূহীয়া লোকনৃত্যানুষ্ঠান হ’ল হুঁচৰি। অঞ্চল বিশেষে ইয়াৰ পৰিৱেশন ৰীতিত কিছু কিছু ভিন্নতা পৰিলক্ষিত হ’লেও সমগ্ৰ অসমৰ হুঁচৰিৰ মূল চৰিত্ৰৰ মাজত সামগ্রিক ঐক্য লক্ষ্য কৰা যায়। হুঁচৰিৰ বিশেষত্ব ধৰা পৰে ইয়াৰ আধ্যাত্মিকতাত। কেতিয়াৰ পৰা কেনেকৈ স্পষ্ট ৰূপত হুঁচৰিত আধ্যাত্মিক ভাবৰ প্ৰৱেশ ঘটিল তাক লৈ পণ্ডিতসকলৰ মাজত মতানৈক্য থাকিলেও এটা কথাত সকলো একমত যে আহোম ৰজাৰ বদান্যতাতে বসন্তকালত উদ্যাপিত বিহুৰ নৃত্য-গীতসমূহে কিছু শৃংখলিত হৈ হুঁচৰিৰ ৰূপত ৰাজকাৰেঙত প্ৰৱেশ কৰে। পাছলৈ ৰজাঘৰৰ পৰা সম্প্ৰসাৰিত হৈ ই প্ৰজাঘৰতো প্ৰৱেশ কৰিলে৷ মুক্ত প্ৰকৃতিৰ পৰা আঁতৰি আহি বিহুৰ পৰিৱেশ্য দিশসমূহে সময়ৰ সোঁতত গৃহস্থৰ চোতালৰ সীমাৰেখাত আবদ্ধ হৈ পৰে।

হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগলধ্বনিৰে। গৃহস্থৰ পদুলিমুখত পদার্পণ কৰিয়েই হুঁচৰি দলে মংগলধ্বনি কৰে। মংগলধ্বনি শুনি গৃহস্থই আথে-বেথে, ৰীতি-নীতিৰে হুঁচৰি দলক চোতাললৈ আদৰি নিয়াৰ পিছতে হুঁচৰি দলে হুঁচৰি ঘোষা আৰম্ভ কৰে। কোনো কোনো অঞ্চলত হুঁচৰি ঘোষা আৰম্ভ কৰাৰ আগতে গৃহস্থই সেৱা ধৰি আশীৰ্বাদ লোৱা ৰীতি প্রচলিত হৈ আহিছে।

২। হুঁচৰিত পৰিৱেশন কৰা বিহু নাম সম্পর্কে চমুকৈ লিখা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ হুঁচৰি ঘোষাৰ পিছতে আৰম্ভ হয় ‘বিহু’ ভাগটো। এই ভাগটোৰ আৰম্ভণিতে দুই চাৰিটা যোজনা গোৱা হয়। প্ৰতিটো যোজনাৰ অন্তত খঁৰা ছেও নাইবা দীঘলীয়া ছেও বজোৱা হয় আৰু সেই ছেও একোটাত দুই-চাৰিজনকৈ বিহুৱাই নাচে। বিহু ভাগটোৰ আৰম্ভণি অংশত প্ৰথমে গোৱা যোজনাৰ দ্বাৰা সাধাৰণতঃ ভগৱান, ইষ্টদেৱতা আৰু মান্যজনক সেৱা বা প্ৰণাম জনোৱা হয়। তাৰ পাছৰ যোজনাকেইটাৰ বিষয়বস্তু বা ভাবাৰ্থ হৈছে গৃহস্থ নাইবা বিশিষ্টজনক প্ৰশক্তি কৰা আৰু বিহু তথা কৃষ্টি বিষয়ক। তাৰ পাছত বিহুবাদ্য বিষয়ক যোজনা গোৱা হয়। পেঁপুৱাক পেঁপা বজাবলৈ আহ্বান জনাই যোজনা গালে পেঁপুৱাই পেঁপা বজায় আৰু পেঁপাৰ ছেওত বিহুৱাইনাচে। ভালেমান অঞ্চলত পেঁপা বাদনৰ অন্তত ঢোলত নিৰ্দিষ্ট চাপৰ বা ছেও বজায় আৰু আন কিছুমান অঞ্চলত খঁৰা ছেও বজায়৷ হুঁচৰিত ঢোলত ছেও বজালে দুই-চাৰিগৰাকী বিহুৱাই নাচে।

হুঁচৰিত কেইটামান যোজনা গোৱাৰ পাছত ছন্দোৱদ্ধভাৱে তালত গোৱা বিহুনাম পৰিৱেশিত হয়৷ হুঁচৰিত ছন্দোৱদ্ধভাৱে তালত বিহুনাম গাওঁতে ঢোল, তাল, টকা আৰু হাত চাপৰি সংগত হয়। পিছৰ ফাললৈ বাঁহীও সংগত হ’বলৈ ধৰিলে। দুই এখন গাঁৱৰ হুঁচৰি দল একোটাই সুতুলিও বজায়।

হুঁচৰিত ছন্দোৱদ্ধভাৱে তালত বিহুনাম গাওঁতে মুখ্যতঃ জাতনামৰ শৈলীত গোৱা হয়। জাতৰ প্ৰতিটো আৱৰ্তনৰ মূৰে মূৰে ঢোলত ‘ভাঙনি চাপৰ’ বজোৱা হয়। জাত একোটাৰ একাধিক আৱৰ্তন গোৱাৰ পিছত জাতনাম একোটাৰ সামৰণি পৰে। সামৰণিত ঢোলত খৰা ছেও বা দীঘলীয়া ছেও বজোৱা হয়। ঢোলৰ ছেওৰ সলনি পেঁপাৰ ছেও বজাবও পাৰে বিহুৱাই ঢোলৰ ছেও, পেঁপাৰ ছেও আৰু ছন্দোৱদ্ধভাৱে তালত গোৱা বিহুনামত বিহুনাচ পৰিৱেশন কৰে। জাতনাম একোটা আৰম্ভ কৰাৰ পূৰ্বে সেই নামৰ ভাবাৰ্থৰ সৈতে মিল থকা যোজনা একোটা গোৱা হয়। যদিও এইটো ধৰাবন্ধা নিয়ম নহয়৷ যোজনা নোগোৱাকৈও জাতনাম আৰম্ভ কৰিব পাৰে।

এটা সময়ত গৃহস্থই হুঁচৰি দললৈ শৰাই আগবঢ়ায়৷ তেতিয়া হুঁচৰি দলে শৰাই আৰু শৰাইত আগবঢ়োৱা মাননি বিষয়ক বিহুনাম গাব পাৰে বা নাগাবও পাৰে৷ ইয়াত ধৰাবন্ধা নিয়ম নাই। এই বিষয়ক বিহুনাম সাধাৰণতে যোজনা হিচাপে গাই যদিও ছন্দোৱদ্ধভাৱে তালতো নোগোৱা নহয়৷ শেষত হুঁচৰি দলক গৃহস্থই সেৱা ধৰে আৰু হুঁচৰি দলে আশীর্বাদ দিয়ে এনেকৈ আশীর্বাদ দিওঁতেও হুঁচৰি দল একোটাই কেতিয়াবা আশীর্বাদসূচক বিহুনাম এফাকি গায়।

হুঁচৰিত গোৱা বিহুনামবিলাকত প্ৰেম-প্রীতিৰ বিষয়ক বাদ দি অন্য ভাৱহে প্ৰকাশ কৰা হয়। বিষয়বস্তুৰ বিহুনামেৰেহে অনুষ্ঠানটো ৰসাল কৰা হয়। হুঁচৰিত ভগৱান, ইষ্টদেৱতা আৰু মান্যজনৰ প্ৰতি প্ৰণাম প্রকাশক বিহুনাম আৰু গৃহস্থ নাইবা বিশিষ্টজনৰ প্ৰতি প্রশস্তি প্রকাশক বিহুনাম পৰিৱেশন কৰা হয়। তদুপৰি কৃষ্টি তথা কৃষ্টিৰ উপাদান বিষয়ক, বিহু বিষয়ক, বিহুবাদ্য বিষয়ক, প্রকৃতি তথা প্ৰকৃতিৰ উপাদান বিষয়ক বিহুনামেৰেও হুঁচৰি ৰসাল কৰা হয়৷ হুঁচৰি দললৈ গৃহস্থই আগবঢ়োৱা শৰাইক লৈও বিহুনাম গোৱা হয়। হুঁচৰিত কাৰোবাক প্রশংসা কৰি নাইবা চুপতি কৰি গোৱা বিহুনামো প্রচলিত। ঠিক সেইদৰে ধেমেলীয়া বা হাস্যৰসাত্মক বিহুনাম আৰু আশীৰ্বাদ প্রকাশক বিহুনামো হুঁচৰিত পৰিৱেশন কৰা হয়। কাহিনী প্রকাশক তথা মালিতাও গোৱা হয় হুঁচৰিত৷ এনে প্ৰতিটো বিষয়ৰ একাধিক বিহুনাম পোৱা যায়৷ আনকি প্ৰতিটো বিহুবাদ্য বিষয়ক দহ-বাৰফাকিকৈ বিহুনাম আছে।

কোনো কোনো অঞ্চলৰ হুঁচৰিত হুঁচৰি-ঘোষাৰ পিছতে লহৰী গীত-নাচ পৰিৱেশন কৰা হয়। আন কিছুমান অঞ্চলত, বিশেষকৈ গোলাঘাট আৰু যোৰহাট জিলাৰ হুঁচৰিত ঢোলৰ কছাৰী-ছেও ওৰফে বুঢ়া ছেও আৰু তাৰ লগৰ গীত—নাচ পৰিৱেশিত হয়। অৱশ্যে বৰ্তমান সময়ত ৰাজ্যখনৰ অধিকাংশ হুঁচৰি দলে এই ছেও আৰু তাৰ লগৰ গীত-নাচ পৰিৱেশন কৰে।

৩। কছাৰী ছেও বা বুঢ়া ছেৱৰ গীত-নাচ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ গাঁৱৰ হুঁচৰিতে বৰ্তমানলৈকে ঢোলৰ এই বিশিষ্ট ছেওবিধ প্রচলিত হৈ আছে। এই গাঁওসমূহত হুঁচৰিত এইবিধ ছেও বেচ গুৰুত্ব সহকাৰে পৰিৱেশন কৰা হয়৷ অনুসন্ধানমূলক গৱেষণা দ্বাৰা অভিজ্ঞ বিহুৱাৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি বিংশ শতিকাৰ পঞ্চাশৰ দশকলৈকে শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কিছুমান অঞ্চলতো এইবিধ ছেওৰ প্ৰচলন আছিল বুলি অনুমান কৰিব পৰা যায়। হুঁচৰিত বজোৱা ঢোলৰ সকলোবিলাক ছেওৰ ভিতৰত এই কছাৰী ছেও আটাইতকৈ বৈশিষ্ট্যপূর্ণ, বিস্তৃত আৰু একাধিক দিশৰ পৰা সুনির্দিষ্ট। গাঁওভেদে এক নির্দিষ্ট চাপৰেৰে নাইবা বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনামেৰে এই ছেও আৰম্ভ হয়৷ তাৰ পাছত এক নির্দিষ্ট ছেও বা বাজনা লেথাৰিতে দুবাৰ বজোৱা হয় আৰু এই বিশেষ ছেও বা বাজনাক মূলবাজনা বুলি কোৱা হয়। 

মূলবাজনাখন বজোৱাৰ পিছত এফাকি নাইবা দুফাকিমান বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। তাৰ পিছত একোখন নিৰ্দিষ্ট চুটি বাজনা বজাই পুনৰ মূলবাজনাখন বজোৱা হয়। এনে চুটি বাজনাক সঁচাৰ বুলি কয়। এনেকৈ মুঠ ১১ খন নিৰ্দিষ্ট সঁচাৰ আৰু প্ৰতিখন সঁচাৰৰ শেষত মূলবাজনাখন বজোৱা হয়। মূলবাজনাখন একোবাৰ বজোৱাক একোটা পালচ বুলি গণ্য কৰা হয়। সেয়ে কছাৰী ছেও মুঠ বাৰ পালচৰ সমষ্টি বুলি ধৰে— আৰম্ভণিত মূল বাজনাখন দুবাৰ বজোৱাক এক পালচ আৰু এঘাৰখন সঁচাৰৰ লগত বজোৱাক এপালচ বুলি ধৰা হয়। প্ৰতিটো পালচৰ মূৰে মূৰে এফাকি নাইবা কেইফাকিমান বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। 

এই উদ্দেশ্যে শিৱ-পাৰ্বতীৰ গীত, মণিৰাম দেৱানৰ গীত আদিৰ উপৰি আন কিছুমান বিশেষ বিহুনাম প্রচলিত। তদুপৰি আন দুই-চাৰি মালিতাও প্ৰচলিত। তদুপৰি মালিতা নাগায় আন নিৰ্বাচিত দুলড়ী ছন্দৰ বিহুনামৰ ফাকিও গোৱা হয়। এই ছেওত বিহুনাম একোফাকি গাওঁতে ‘সমনীয়া’, ‘ৰাম-ৰাম’, ‘হয়নে বান্ধৈ’, ‘চেনিৰাম ঐ’, ‘শ্যাম বিনন্দীয়া’, ‘গোবিন্দাই ৰাম’, ‘লহৰীয়া’, ‘চহৰীয়া’ আদি শব্দ যোগ দি বিশেষ সুৰত গোৱা হয়। এই সুৰ সাধাৰণ বিহুনামৰ সুৰতকৈ ভিন্ন। কছাৰী ছেওৰ কোনোবা এটা বা দুটা পালচৰ শেষত বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱাৰ সলনি যোজনা এটিও গোৱা হয়৷ তদুপৰি কোনোবা এটা বা দুটা পালচৰ শেষত চুটিকৈ পেঁপাও বজোৱা হয়। একোটা পালচ বোলোতে মূল বাজনা, সঁচাৰ এখন আৰু বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম নাইবা পেঁপাৰ লহৰৰ সমষ্টি বুজোৱা হয়।

মূল বাজনাখনত আৰু প্ৰতিখন সঁচাৰত বিহুৱাই নিৰ্দিষ্ট নাচোন শৈলীত নাচে। বিহুনাম গাঁওতেও নাচে। মূল বাজনা আৰু প্ৰতিখন সঁচাৰৰ নাচ সুনিৰ্দিষ্ট। এই মুঠ বাৰখন নিৰ্দিষ্ট নাচৰ প্ৰতিখন নাচৰে তালে তালে পদ সঞ্চালন, হস্ত সঞ্চালন আৰু দেহ ভংগিমা সুনির্দিষ্ট তথা ভিন্ন। এই ছেওত বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গাওঁতে নচা নাচ সাধাৰণত প্ৰচলিত বিহুৱাৰ নাচতকৈ ভিন্ন। এই ছেও ঢিমা লয়ৰ। সেয়ে নাচ আৰু বিহুনামো ঢিমা লয়ৰ। এই ছেওত বিহুনাম গাওঁতে সকলো বিহুৱাই সমস্বৰে গায় আৰু বৃত্তৰ পৰিধিত অৱস্থান লৈ নাচি নাচি গতি কৰে।

৪। গাভৰু বিহুৰ পৰম্পৰাগত ৰূপ সম্পৰ্কে এটি চমু আলোচনা যুগুত কৰা।

উত্তৰঃ ৰঙালী বিহু উপলক্ষে দিনৰ ভাগত জুপজুপীয়া হাবিতলীয়া ঠাইত, ডাঙৰ গছৰ তলত নাইবা বাঁহনিৰ মাজৰ বিহুখোলাত কেৱল ছোৱালীৰ অংশগ্রহণেৰে অনুষ্ঠিত চেনেহী বিহু ওৰফে গাভৰু ৰাতি ওৰফে জেং বিহু ওৰফে গছতলৰ বিহু ওৰফে পথাৰ বিহু পৰম্পৰাগতভাৱে অতীজৰে পৰা প্ৰচলিত হৈ অহা এক অতি মনোৰম, অনন্য নান্দনিক আৰু অতি বিশিষ্ট গীত-নাচৰ অনুষ্ঠান। বিংশ শতিকাৰ সত্তৰৰ দশকলৈকে বহুত গাঁৱত চলি থকা এই এই অনুষ্ঠানৰ প্ৰচলন ক্ৰমান্বয়ে হ্ৰাস পাই আধুনিক কালত বিলুপ্ত হ’ল। এই বিহু অনুষ্ঠানত ব্যৱহৃত বিহুবাদ্যকেইটা হৈছে টকা, গগনা আৰু সুতুলি । এইকেইটা বিহুবাদ্যৰ বাদে আন কোনো বিহুবাদ্য গাভৰু বিহুত ব্যৱহাৰ হোৱা নাছিল ৷ হাত টকা আৰু মাটি টকা দুয়োবিধ টকা ব্যৱহৃত হয়।

যোজনা আৰু ছন্দোবদ্ধ তাল-বিহুনাম গোৱাৰ এই দুয়োটা প্ৰকাৰ গাভৰু বিহুতো প্রচলিত। এই বিহুত ছন্দোবদ্ধ তালত বিহুনাম গোৱাৰ মুখ্য শৈলীটো হৈছে— দুলড়ী ছন্দৰ বিহুনামৰ ফাকি একোজাউৰি লেথাৰিকৈ গোৱাটো।

গাভৰু বিহুত বিহুৱতীয়ে অর্ধবৃত্তত অৱস্থান কৰি টকা আৰু হাত চাপৰি বজাই বিহুনাম গায় আৰু তেনেকৈ গাওঁতে সমুখৰ অংশত দুই-চাৰিগৰাকী নাচনীয়ে বিহু নাচে। মাজে মাজে গগনাৰ ছেও বজায় আৰু সুতুলিত বিহুনামৰ সুৰ বজায়৷ গগনাৰ ছেও আৰু সুতুলিৰ বিহুনামৰ সুৰতো নাচনীয়ে বিহুনাচ নাচে। তদুপৰি এজাউৰি বিহুনামৰ ফাকি গোৱাৰ অন্তত কিছুসময় টকা বজাওতেই কেইগৰাকীমান বিহুৱতীয়ে নাচে।

অতীজতে বিশেষকৈ শংকৰী যুগৰ আগেয়ে গাভৰু বিহুত আৰম্ভণিতে হুঁচৰিত হুঁচৰি-ঘোষা গোৱা ধৰণেৰে বিহুনাম গোৱা নাছিল বুলি ধাৰণা কৰিব পাৰি। পিছলৈহে কিছুমান গাঁৱত গাভৰু বিহুৰ আৰম্ভণিতে হুঁচৰি-ঘোষা গোৱা ধৰণেৰে বিহুনাম গোৱাটো প্ৰচলিত হ’বলৈ ধৰিছিল। অৱশ্যে ঘোষা-পদ হিচাপে ব্যৱহৃত হৈছিল বিহু বিষয়ক, কৃষ্টি বিষয়ক আৰু প্ৰকৃতি বিষয়ক বিহুনামহে। ‘পগলা-পাৱৰ্তী’ৰ মালিতাও এই উদ্দেশ্যে ব্যৱহৃত হৈছিল। এনেকৈ গাওঁতে সকলো বিহুৱতীয়ে হুঁচৰিত হুঁচৰি ঘোষা গোৱাৰ দৰেই বৃত্তৰ পৰিধিত ঘুৰি গায় আৰু নাচে।

গাভৰু বিহুত পিৰীতি ভাবৰ আৰু পিৰীতি ভাব বহিঃভূত দুয়োপ্ৰকাৰৰ বিহুনাম গোৱা হয়৷ আনকথাত কৃষ্টি, প্রকৃতি, বিহু, বিহুবাদ্য, চৰাই-চিৰিকতি, পশু-পক্ষী, খেতি-পথাৰ, বিবিধ কর্ম, সা-সজুঁলি ইত্যাদি বিভিন্ন বিষয়ক বিহুনাম গোৱাৰ উপৰি পিৰীতি ভাব প্রকাশক বিহুনামো কিছু পৰিমাণে গাইছিল। মালিতা অর্থাৎ কাহিনী প্রকাশক বিহুনামো গোৱা হৈছিল গাভৰু বিহুত৷

৫। চমু উত্তৰ দিয়া:

(ক) হুঁচৰি অনুষ্ঠানটি কেনেকৈ আৰম্ভ কৰা হয়?

উত্তৰঃ হুঁচৰি অনুষ্ঠানটি আৰম্ভ হয় মংগলধ্বনিৰে৷

(খ) হুঁচৰি ঘোষাৰ আৰম্ভণিৰ নিৰ্দিষ্ট ছেও-চাপৰ আছেনে?

উত্তৰঃ আছে।

(গ) লহৰী গীত-নাচ কেতিয়া পৰিৱেশন কৰা হয়?

উত্তৰঃ হুঁচৰি-ঘোষাৰ পিছতে লহৰী গীত-নাচ গোৱা হয়।

(ঘ) কছাৰী বা বুঢ়া ছেও কোন অঞ্চলত বৰ্তমানলৈকে প্ৰচলিত হৈ আছে?

উত্তৰঃ যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ গাঁৱত কছাৰী বা বুঢ়া ছেও বৰ্তমানলৈকে প্ৰচলিত হৈ আছে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top