Class 10 Elective Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগােল

Class 10 Elective Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগােল Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Elective Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগােল and select needs one.

Class 10 Elective Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগােল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 5 জাপানৰ আঞ্চলিক ভূগােল Solutions for All Subject, You can practice these here…

জাপানৰ আঞ্চলিক ভূগােল

Chapter : 5

তৃতীয় খণ্ড

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জাপান দেশৰ ভৌগােলিক অৱস্থান সম্পর্কে লিখা । 

উত্তৰঃ এচিয়া মহাদেশৰ পূৱ প্ৰান্তত জাপান দেশখন অৱস্থিত । জাপান দেশখন প্রশান্ত মহাসানুৰৰ উত্তৰ অংশত থকা বহুতাে সৰু – ডাঙৰ দ্বীপ সমষ্টি । জাপান প্রধানকৈ চাৰিটা দ্বীপ , যেনে – হ’কাইডাে , হনছু , চিক’বু ’ আৰু কিউছিউ আৰু ৰিউকিউ দ্বীপকে ধৰি বহুত সৰু – বৰ দ্বীপপুঞ্জ গঠিত হৈছে । প্রশান্ত মহাসাগৰত অৱস্থিত জাপান দ্বীপপুঞ্জৰ উত্তৰে আছে চাখালিন দ্বীপ , কুৰীল দ্বীপ আৰু ওখটস্ক সাগৰ , দক্ষিণে আছে টাইৱান আৰু পূৱ – চীন সাগৰ , পূৱে আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিম দিশত আছে জাপান , কোৰিয়া আৰু ৰাছিয়া সাগৰ । 

প্রশ্ন ২। জাপান দেশৰ এটি ভৌগােলিক পৰিচয় দাঙি ধৰা । 

উত্তৰঃ জাপান দেশখন দক্ষিণে ২৪° উত্তৰৰ পৰা উত্তৰলৈ ৪৬° উত্তৰ অক্ষাংশ আৰু পশ্চিমে ১২৩° পূৱৰপৰা পূৱলৈ ১৪৬° পূৱ দ্ৰঘিমাংশলৈকে বিস্তৃত হৈ আছে । জাপান দেশখনত প্ৰধানকৈ নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে । উত্তৰ – দক্ষিণাকৈ জাপান দেশৰ দৈর্ঘ্য প্রায় ২৪০০ কিল’মিটাৰ আৰু দেশখনৰ মাটিকালি হৈছে প্রায় ৩,৭৭,৭৬৫ বর্গকিল’মিটাৰ । ২০০৭ চনৰ এক তথ্যমতে জাপানৰ জনসংখ্যা হৈছে ১২৮ নিযুত । জনসংখ্যাৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ দেশসমূহৰ ভিতৰত দশম । জাপান দেশখনৰ তিনি চতুর্থাংশ ভূমি পর্বতময় , অর্থাৎ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পর্বতমালাই আগুৰি আছে । জাপান দ্বীপপুঞ্জৰ ভূতাত্বিক গাঁথনি অতি জটিল আৰু ই অস্থিৰ অৱস্থাত আছে । জাপান দেশখন নবীন ভংগিল পর্বতেৰে গঠিত আৰু জাপানৰ পার্বত্য অঞ্চলত অসংখ্য জাগ্ৰত আৰু লুপ্ত জ্বালামুখী আছে । 

প্রশ্ন ৩। জাপানৰ প্রধান প্রাকৃতিক বিভাগসমূহ কি কি ? মানচিত্রসহ প্ৰতিটো বিভাগৰে ভূ – প্রকৃতি সম্পর্কে লিখা । 

উত্তৰঃ জাপানৰ প্রধান প্রাকৃতিক বিভাগসমূহ হৈছে –

( ক ) হ’কাইডাে অঞ্চল ।

( খ ) উত্তৰ – পূৱ জাপান অঞ্চল ।

( গ ) মধ্য জাপান অঞ্চল ।

( ঘ ) দক্ষিণ – পশ্চিম জাপান অঞ্চল । 

উত্তৰ-পূৱ জাপান অঞ্চলক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে — অন্তঃ অঞ্চল আৰু বহিঃ অঞ্চল । আকৌ মধ্য জাপান অঞ্চলক দুভাগত ভাগ কৰা হৈছে — ফোছামেগ্না আৰু কাণ্টো সমভূমি অঞ্চল । তলৰ মানচিত্রত জাপানৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা হ’ল— 

জাপানৰ উত্তৰ অংশত অৱস্থিত প্রধান দ্বীপ হ’কাইডােৰে গঠিত হৈছে হ’কাইডাে অঞ্চল আৰু , অঞ্চলটোৰ ভূ – প্রকৃতি পর্বতময় । হ’কাইডে পর্বতমালাৰ মাজভাগত আচাহিডাকে শৃংগ অবস্থিত আৰু এই পর্বত শ্ৰেণীৰ মাজৰ কেইবাটাও নদী গঠিত বিস্তীর্ণ নিম্নভূমি পলসুৱা অঞ্চল আছে । এই অঞ্চলৰ দুখন উল্লেখযােগ্য সমভূমি হৈছে টকাছি আৰু কনছেন । ইয়াৰে টকাছি সমভূমি খণ্ড বহল বেদিকাযুক্ত আৰু কনছেন । সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপেৰে গঠিত । 

উত্তৰ – পূৱ জাপান অঞ্চলটো হনছু দ্বীপৰ উত্তৰ অংশক লৈ গঠিত হৈছে । এই অঞ্চলত আও আৰু উছু নামেৰে দুটা সমান্তৰাল পর্বতশ্রেণী আছে আৰু ইয়াৰ শৃংগবিলাকৰ উচ্চতা ১৫০০ ৰ পৰা ২০০০ মিটাৰৰ ভিতৰত থাকে । এই অঞ্চলত সৰলবর্গীয় উদ্ভিদ , আগ্নেয়গিৰিৰ শৃংগ আৰু হ্রদ আদি আছে । উত্তৰ – পূৱ জাপানৰ প্রশান্ত মহাসাগৰীয় অঞ্চলটোক  গভীৰ উপত্যকাই জাপান সাগৰীয় অঞ্চলৰ পৰা পৃথক কৰি ৰাখিছে । এই উপত্যকাৰ পূৱ দিশত পুৰণি শিলাৰে গঠিত কিটাকামি মালভূমি অৱস্থিত আৰু আগ্নেয় শিলাৰে গঠিত আবুকুমা মালভূমি আছে । উত্তৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত এক উপকূলীয় সমভূমি অঞ্চল । 

মধ্য জাপান অঞ্চলটো হনছু দ্বীপৰ মধ্যভাগত অৱস্থিত আৰু এই অঞ্চলত হনছু পর্বতশ্রেণী ছিচিটো মেৰিয়ানা পর্বতমালা মিলিত হৈ জাপানৰ সর্বোচ্চ পার্বত্য অঞ্চলৰ সৃষ্টি কৰিছে । এই অঞ্চলত ফ’ছা । মেগানা নামক এক উপত্যকাই পর্বতশ্রেণীসমূহক পৃথক কৰিছে । ইয়াৰ দক্ষিণ ফালে ৩৭৭৬ মিটাৰ ওখ মাউন্ট ফুজি নামৰ এটা পর্বত শৃংগ আছে । মধ্য জাপানৰ দুটা উল্লেখযােগ্য সমভূমি হৈছে কান্টো আৰু নবি । এই সমভূমি অঞ্চলৰ মাজেদি বিভিন্ন নদী প্রবাহিত হৈ পলস সৃষ্টিৰ লগতে প্রশান্ত মহাসাগৰৰ উপকূল পর্যন্ত প্লাৱন ভূমিৰ সৃষ্টি কৰিছে ।

দক্ষিণ – পশ্চিম জাপান অঞ্চলটো হনছু দ্বীপৰ দক্ষিণ – পশ্চিম অংশ , ছিক’কু আৰু কিউছিউ দ্বীপক লৈ গঠিত হৈছে । পূৱা – পশ্চিমাকৈ থকা এক চ্যুতিয়ে এই অঞ্চলৰ জাপান সাগৰীয় অঞ্চলটোক প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা পৃথক কৰিছে । দক্ষিণ – পশ্চিম জাপানৰ অধিকাংশই পুৰণি শিলাৰে গঠিত । এই অঞ্চলত বহুতাে দ্বীপ আকৃতিৰ শিলাময় পাহাৰ আৰু ভগ্ন উপকূল আছে । ছিগ’কু অঞ্চলৰ উপকূললৈকে বিস্তৃত হৈ থকা পৰ্বতৰ শাৰীবােৰক ঠেক উপত্যকাবােৰে পৃথক কৰি ৰাখিছে আৰু এই উপত্যকাবোৰ , পলসেৰে ভৰি সাৰুৱা কৃষিভূমি হৈছে । দক্ষিণ – পশ্চিম জাপানৰ প্রশান্ত মহাসাগৰীয় অঞ্চলটো পর্বতময় আৰু ইয়াৰ দক্ষিণ কিউছিউ অঞ্চলটোত সঘনাই আগ্নেয় উদ্গীৰণ ঘটে । 

প্রশ্ন ৪। জাপানৰ ভূ – অৱয়বব এটি চমু বিৱৰণ দিয়া । 

উত্তৰঃ জাপান দেশত ভিন্ন প্ৰকৃতিৰ ভূ – অৱয়ব দেখিবলৈ পােৱা যায় । জাপান দেশখন যদিও বহুতাে সৰু – ডাঙৰ দ্বীপৰ সমষ্টি তথাপিও দেশখনৰ প্রায় ৭৫ শতাংশ ভূমিয়েই পর্বতময় । নবীন ভংগিল পর্বতমালাৰে গঠিত জাপান দ্বীপপুঞ্জ এতিয়াও অস্থিৰ অৱস্থাত আছে আৰু ইয়াত অসংখ্য জাগ্রত আৰু লুপ্ত জ্বালামুখী আছে । জাপানৰ হ’কাইভাে অঞ্চলত পর্বতৰ লগতে কেইবাটাও নদী গঠিত বিস্তীর্ণ পলসুৱা নিম্নভূমি , সমভূমি আৰু নদী – উপত্যকা আছে । আকৌ জাপান দেশৰ উত্তৰ – পূৱ অঞ্চলত অসংখ্য ভাজ আৰু চুতিৰ লগতে পর্বত শ্রেণী আছে । জাপানত গেদীয় শিলাৰে গঠিত আৰু আগ্নেয় শিলাৰে গঠিত মালভূমি থকাৰ লগতে থিয়গৰাযুক্ত উপকূলীয় সমভূমি দেখা যায় । মধ্য জাপান অঞ্চলত সর্বোচ্চ পার্বত্য অঞ্চল থকাৰ লগতে ওখ শৃংগ আৰু সমভূমি , প্লাৱনভূমি আদি আছে । দক্ষিণ – পশ্চিম জাপানৰ ভূ – অৱয়ব পুৰণি শিলাৰে গঠিত আৰু ইয়াত দ্বীপ আকৃতিৰ বহুতাে শিলাময় পাহাৰ আৰু ভগ্ন উপকূলৰ লগতে গ্রস্ত উপত্যকা আছে । অর্থাৎ জাপান দেশত পর্বত – পাহাৰ , সমভূমি , মালভূমি , ব – দ্বীপ , নদী – উপত্যকা , শৃংগ আদি ভিন্ন প্রকাৰৰ ভূ – অৱয়ব দেখিবলৈ পােৱা যায় ।

প্রশ্ন ৫। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ জাপান দেশখন জনসংখ্যাৰ ভিত্তিত পৃথিৱীৰ দশম বৃহৎ দেশৰূপে পৰিচিত । জাপান দেশখন অতি জনবসতিপূর্ণ । ৬১০ খ্রীষ্টাব্দত জাপান দেশৰ জনসংখ্যা আছিল আনুমানিক ৫ নিযুত আৰু এই জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আছে । ১৮৮০ চনত জাপান দেশৰ জনসংখ্যা হৈছিলগৈ ৩৮ নিযুত , ১৯৪৫ চনত ৭২ নিযুত , ১৯৯৯ চনৰ লােকপিয়ল মতে এই জনসংখ্যা বৃদ্ধি পাই ১২৭ নিযুত হয় আৰু ২০০৭ চনৰ লােকপিয়ল মতে জনসংখ্যা বৃদ্ধি পাই প্রায় ১২৮ নিযুত হয় । তলৰ তালিকাত জাপানৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল— 

জাপানৰ জনসংখ্যা বিতৰণ সকলাে ঠাইতে সমান নহয় । ইয়াৰ প্রধান কাৰণ হৈছে ভূ – প্রকৃতি আৰু জলবায়ুৰ তাৰতম্যৰ লগতে অর্থনৈতিক উন্নয়নত থকা বৈষম্য । জাপানৰ পার্বত্য অঞ্চলবােৰ বসবাস তথা আর্থিক উন্নয়নৰ বাবে অনুপযােগেী আৰু সেইবাবে এনে অঞ্চলবােৰত জনবসতি অতি পাতল । আনহাতে জাপানৰ নদী – উপত্যকাৰ উপকূলীয় অঞ্চল আৰু সমভূমি অঞ্চলবােৰত কৃষিকাৰ্য , যােগাযােগ – পৰিবহণ , শিল্পোদ্যোগ আদিৰ যথেষ্ট সা – সুবিধা আছে আৰু সেয়ে এনে অঞ্চলবােৰ ঘন জনবসতি পূর্ণ । জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্রতি বর্গ কিল’মিটাৰত ৩৩৮ জন কিন্তু পার্বত্য অঞ্চলত জনসংখ্যা ঘনত্ব ১০০ জনতকৈও কম ।তলৰ মানচিত্রত জাপানৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল—

জাপানৰ জনসংখ্যাৰ বিতৰণ

প্রশ্ন ৬। জাপানৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ কাৰকসমূহ উল্লেখ কৰা । 

উত্তৰঃ জাপানত জনসংখ্যা ঘনত্ব সকলাে ঠাইতে সমান নহয় । নদী উপত্যকা আৰু উপকূলীয় অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক আৰু তাৰ বিপৰীতে পার্বত্য অঞ্চলবােৰত জনসংখ্যা ঘনত্ব কম । জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য , প্রধান কাৰক হৈছে ভূ – প্রকৃতিৰ পাৰ্থক্য , জলবায়ু তাৰতম্য আৰু আঞ্চলিক অর্থনৈতিক উন্নয়নৰ বৈষম্য । জাপানৰ জনসংখ্যাৰ গঢ় ঘনত্ব প্রতি বর্গকিল’মিটাবত ৩৩৮ জন আৰু ইয়াৰ বিপৰীতে পার্বত্য অঞ্চলবােবত জনসংখ্যা ঘনত্ব ১০০ জনতকৈ কম । আকৌ কৃষিভিত্তিক সমতল অঞ্চলবােৰত জনসংখ্যা ঘনত্ব ১০০ ৰ পৰা ৮০০ জনৰ ভিতৰত থাকে আৰু উদ্যোগিক অঞ্চলত জনসংখ্যা ঘনত্ব প্রতি বর্গকিল’মিটাৰত ৮০০ জনৰ অধিক । জাপানৰ জনসংখ্যা ঘনত্বৰ তাৰতম্যৰ আন এক প্রধান কাৰণ হৈছে দ্রুত হাৰত হােৱা উদ্যোগীকৰণ আৰু নগৰীকৰণ । দ্রুত উদ্যোগীকৰণৰ ফলস্বৰূপে দেশত কৃষি উৎপাদন হ্রাস পাইছে আৰু কৃষিৰ সৈতে জড়িত লােকসকল নগৰত থকা উদ্যোগলৈ প্রব্রজন হৈছে আৰু ইয়াৰ জৰিয়তে নতুন নতুন চহৰ – নগৰৰ জন্ম হৈছে । উদ্যোগীকৰণৰ ফলত গাৱঁলীয়া জনসংখ্যা হ্রাস পাইছে আৰু নগৰীকৰণৰ যােগেদি নগৰীয়া জনসংখ্যাৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে জনসংখ্যাৰ ঘনত্বৰ তাৰতম্য অনাত সহায়ক হৈছে । 

প্রশ্ন ৭। জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পর্কে লিখা । 

উত্তৰঃ জাপানৰ অৰ্থনীতিত কৃষিৰ অপৰিসীম গুৰুত্ব আছে । দেশখনৰ মুঠ মাটিকালিৰ মাত্র ১৭ শতাংশ ভূমি কৃষিকাৰ্যৰ অন্তৰ্গত । জাপানত বাণিজ্যিক ভিত্তিত আধুনিক পদ্ধতিৰে কৃষিকার্য সম্পাদন কৰা হয় বাবে কৃষি উৎপাদিকা অধিক আৰু মানদণ্ড উচ্চ । প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত

জাপানৰ প্রতি হেক্টৰ কৃষিভূমিৰ উৎপাদন হাৰ সর্বোচ্চ । পর্বত – পাহাৰ স্থিতি আৰু জনবসতি ঘন হােৱা বাবে জাপানৰ কৃষিক্ষেত্ৰবােৰ আকাৰত অতি ক্ষুদ্র । জাপানত কেৱল বিজ্ঞানসন্মত পদ্ধতিৰে গহন কৃষি অধিকত পৰিমাণে কৰা হয় আৰু মাত্রাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়ােগ কৰি কৃষি ভূমিৰ উৎপাদিকা শক্তি বৃদ্ধি কৰা হয় । জাপানৰ ভূ – প্রকৃতি অসমান হােৱা বাবে কৃষিকার্য বিভিন্ন প্রকাৰে সম্পাদন কৰা হয় । ইয়াৰ ভিতৰত উল্লেখযােগ্য হৈছে — বেদিকা কৃষি ( Terrace Cultivation ) , মিশ্র কৃষি ( Mixed Farming ) , অন্তঃপ্রৱেশী কৃষি ( Inter – Culture ) আৰু ঝুম খেতি ( Jhum or Shifting Cultivation ) । জাপান দেশৰ প্ৰধান কৃষি শস্য হৈছে ধান । দেশখনৰ মুঠ কৃষিভূমিৰ প্রায় দুই – তৃতীয়াংশ ভূমিত ধান খেতি কৰা হয় আৰু মুঠ জনসংখ্যাৰ ৬ শতাংশ লােক কৃষিকার্যত নিয়ােজিত হৈ থাকে । উদ্যোগপ্রধান অঞ্চল হিচাপে পৰিচিত জাপান দেশখনত অতি কম ভূমিত বৈজ্ঞানিক পদ্ধতিৰে কৃষিকার্য সম্পাদন কৰি অধিক পৰিমাণে উৎপাদন কৰা হয় । সেয়ে – জাপানৰ অৰ্থনীতিত কৃষিৰ গুৰুত্ব নুই কৰিব নােৱাৰি । 

প্রশ্ন ৮। মানচিত্ৰৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ জাপান দেশৰ প্রধান কৃষি অঞ্চলসমূহ হৈছে— 

( ক ) পুৰণি জাপান অঞ্চল । আৰু 

( খ ) হ’কাইডাে অঞ্চল । 

পুৰণি জাপান অঞ্চলক পুনৰ তিনি ভাগত বিভক্ত কৰা হৈছে । সেয়া হ’ল–

( i ) অন্তঃবর্তী অঞ্চল ।

( ii ) পৰিধীয় অঞ্চল । আৰু 

( iii ) সীমামূৰীয়া অঞ্চল । 

অন্তঃৱর্তী অঞ্চলটোক পুনৰ কেইটামান সৰু সৰু অঞ্চলত ভাগ কৰা হৈছে । সেইবােৰ হৈছে — 

( i ) ছিট’ছি কিনকি অঞ্চল ।

( ii ) উত্তৰ কিউছিউ অঞ্চল ।

( iii ) চুক্যিও অঞ্চল ।

( iv ) টোকাই অঞ্চল ।

( v ) পশ্চিম কাণ্টো অঞ্চল ।

( vi ) টোছান অঞ্চল । আৰু 

( vii ) হাকুৰিকো অঞ্চল । 

তলৰ মানচিত্রত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱা হ’ল— 

জাপানৰ কৃষি অঞ্চল

পুৰণি জাপান অঞ্চলটো জাপানৰ মাজভাগত অৱস্থিত । এই অঞ্চলৰ মূল বৈশিষ্ট্য হৈছে — ইয়াৰ কৃষি ক্ষেত্ৰৰে বৰ সৰু সৰু । এই অঞ্চলৰ জলবায়ু কৃষিৰ অনুকূল , সেয়ে বছৰত দুই – তিনিটা খেতি কৰা হয় । কৃষিৰ প্রাচুর্যতাৰ কাৰণে অঞ্চলটো ঘন জনবসতিপূর্ণ । এই অঞ্চলত বাণিজ্যিক ভিত্তিত বিভিন্ন ফল – মূল , শাক – পাচলি , ফুল আদি উৎপাদন কৰাৰ লগতে গাখীৰ আৰু মাংসৰ বাবে পশুপালন কৰা হয় । অঞ্চলটোৰ পাহাৰৰ নামনিত বেদিকা প্রণালীৰে কৃষিকার্য কৰা হয় আৰু সমতল ভূমিত প্রচুৰ পৰিমাণে ধান খেতি কৰা হয় । 

হ’কাইডাে অঞ্চলৰ ইচিকাৰী উপত্যকাই হৈছে প্রধান কৃষি ক্ষেত্র । এই অঞ্চলৰ প্রধান বৈশিষ্ট্য হৈছে — ইয়াৰ জলবায়ু অতিশয় ঠাণ্ডা , সেয়ে এই অঞ্চলত বছৰটোৰ ভিতৰত মাত্র এটা খেতি কৰা হয় । এই অঞ্চলৰ প্রধান শস্য হৈছে ধান আৰু আংশিকভাৱে কৰা আলু খেতি । এই অঞ্চলৰ চেঁচা জলবায়ু , পার্বত্য ভূমি আৰু অনুর্বৰ মাটি কৃষিৰ উপযােগী নহয় । 

Sl. No.সূচী-পত্ৰ
প্রথম খণ্ডপ্রাকৃতিক ভূগােল
Chapter 1ভূ – প্রাকৃতিক প্রক্রিয়া
দ্বিতীয় খণ্ডপাৰিৱেশিক ভূগােল
Chapter 2পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
তৃতীয় খণ্ডআঞ্চলিক ভূগােল
Chapter 3অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
Chapter 4আমেৰিকা যুক্তৰাষ্ট্রৰ আঞ্চলিক ভূগােল
Chapter 5জাপানৰ আঞ্চলিক ভূগােল
Chapter 6ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল
চতুর্থ খণ্ডপ্রাকৃতিক ভূগােল
Chapter 7ভূগােলৰ ব্যৱহাৰিক কার্যাৱলী

প্রশ্ন ৯। জাপানৰ প্রধান উদ্যোগিক অঞ্চলসমূহ কি কি ? জাপানৰ মানচিত্রত এই উদ্যোগিক অঞ্চলসমূহ দেখুওৱা আৰু প্ৰতিটো অঞ্চলৰে চমু বিৱৰণ দিয়া । 

উত্তৰঃ জাপানৰ উদ্যোগিক অঞ্চলটো ট’কিও’ৰ পৰা কিউছিউ পর্যন্ত প্রায় ১০০ কিল’মিটাৰ বিস্তৃত । জাপানৰ প্রধান উদ্যোগিক অঞ্চলসমূহ হৈছে –

( ক ) ট’কিঅ ’ – ইয়াকোহামা অঞ্চল ।

( খ ) ওছাকা – কোৱে – কিওটো অঞ্চল ।

( গ ) নাগােয়া অঞ্চল । আৰু 

( ঘ ) উত্তৰ কিউছিউ অঞ্চল ।

তলৰ মানচিত্ৰত জাপানৰ প্রধান উদ্যোগ অঞ্চলসমূহ দেখুওৱা হ’ল- 

ট’কিঅ’ – ইয়াকোহামা উদ্যোগিক অঞ্চলটো কান্টো সমভূমিত অৱস্থিত আৰু ই হনছু দ্বীপৰ ট’কিঅ ’ উপসাগৰৰ উপকূলীয় এলেকাটো আৱৰি আছে । এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ উদ্যোগ আছে । তাৰ ভিতৰত লাে – তীখাৰ জাহাজ নির্মাণ উদ্যোগ , উৰা জাহাজে নির্মাণ 

উদ্যোগ , ৰাসায়নিক উদ্যোগ , বয়ন উদ্যোগ , যন্ত্রপাতি নির্মাণ উদ্যোগ আদি উল্লেখযােগ্য । জাপানৰ মুঠ উদ্যোগিক উৎপাদনৰ ৩০ শতাংশ এই উদ্যোগ অঞ্চলৰ পৰা আহে । 

ওছাকা – কোবে – কিওটো উদ্যোগ অঞ্চলটো ওছাকা উপসাগৰৰ উপকূল ভাগত অৱস্থিত আৰু এই অঞ্চলটোৱে কিনকি সমতল ভাগ আৱৰি আছে । উপসাগৰীয় জল – পৰিবহণ , সমতল ভাগৰ সুচল ৰেল পৰিবহণ আৰু দ্রুত নগৰীকৰণে কিনকি অঞ্চলটোত উদ্যোগ কেন্দ্র গঢ়ি উঠাত সহায় কৰিছে । এই অঞ্চলটোত পৰম্পৰাগত বয়ন আৰু হস্তশিল্পৰ লগতে ৰেচম শিল্প , লাে – তীখৰ উদ্যোগ , খনিজ তেল উদ্যোগ , জাহাজ আৰু উৰাজাহাজ নির্মাণ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ কেন্দ্র আদি আছে । 

নাগােয়া উদ্যোগ অঞ্চলটো হনছু দ্বীপৰ পূৱ অংশত অৱস্থিত । এই উদ্যোগ অঞ্চলটো পাট শিল্প , উণ আৰু কপাহী বয়ন শিল্পৰ বাবে বিখ্যাত । নাগােয়া উদ্যোগ অঞ্চলটো জাপানৰ ‘ডেট্রইট ’ নামে পৰিচিত । 

উত্তৰ কিউছিউ উদ্যোগ অঞ্চলটোৱে কিউছিউ দ্বীপৰ উত্তৰ অংশ আগুৰি আছে । এই অঞ্চলটোত কয়লাৰ প্রাচুর্যতাৰ বাবে বহুতাে লাে – তীখা উদ্যোগ , জাহাজ নির্মাণ উদ্যোগ , চিমেন্ট উদ্যোগ আৰু যন্ত্রপাতি নির্মাণ উদ্যোগ গঢ়ি উঠছে । এই অঞ্চলটোৰ প্রধান উদ্যোগ কেন্দ্রসমূহ হৈছে— য়াৱাটা , নাগাছাকি , ছিমনােছেকি আদি । 

১০ । টোকা লিখা :

( ক ) জাপানৰ দ্বীপসমূহ ।

( খ ) হ’কাইডাে অঞ্চলৰ ভূ – প্রকৃতি ।

( গ ) জাপান উদ্যোগীকৰণ আৰু অর্থনৈতিক উন্নয়ন ।

( ঘ ) জাপান বেদিকা কৃষি ।

( ঙ ) ট’কিঅ’-ইয়ােকোহামা উদ্যোগ অঞ্চল । 

( চ ) জাপানৰ উপকূল অঞ্চল ।

( ছ ) জাপানৰ হনছু দ্বীপ অঞ্চল ।

( জ ) জাপানৰ খনিজ সম্পদ । 

উত্তৰঃ ( ক ) জাপানৰ দ্বীপসমূহ :- জাপান দেখখন প্রশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতাে সৰু – ডাঙৰ দ্বীপৰ সমষ্টি । জাপানৰ প্ৰধান দ্বীপসমূহ হৈছে — হ’কাইডাে দ্বীপ , হনছু দ্বীপ , চিক’কু দ্বীপ , কিউছিউ দ্বীপ । ইয়াৰ উপৰিও ৰিউকিউ দ্বীপকে ধৰি জাপান দেশত অজস্ৰ সৰু সৰু দ্বীপ আছে । জাপানৰ দ্বীপসমূহৰ ভিতৰত বৃহত্তম দ্বীপ হৈছে হনছু দ্বীপ । 

( খ ) হ’কাইডাে অঞ্চলৰ ভূ – প্রকৃতি :- হ’কাইডাে অঞ্চলটো জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্রধান নদী হ’কাইডোৰে গঠিত । হ’কাইডাে অঞ্চলৰ ভূ – প্রকৃতি পর্বতময় । হ’কাইডো পর্বতমালাৰ মাজভাগত আচাহিডাকে শৃংগ অৱস্থিত । পর্বতশ্রেণীৰ মাজত কেইবাটাও নদী গঠিত বিস্তীর্ণ পলসুৱা নিম্নভূমি অঞ্চল আছে । সমভূমি অঞ্চলৰ অন্তৰ্গত টকাছি সমভূমি খণ্ড বহল বেদিকাযুক্ত আৰু প্রশান্ত মহাসাগৰীয় উপকূলত অৱস্থিত কনছেন সমভূমিৰ উপৰিভাগ সাগৰীয় অৱক্ষেপেৰে গঠিত । হ’কাইডাে অঞ্চলৰ উপকূলীয় অঞ্চল কিছু পৰিমাণে ওখ চাপৰ । 

( গ ) জাপানৰ উদ্যোগীকৰণ আৰু অর্থনৈতিক উন্নয়ন :- জাপানৰ উদ্যোগ আৰু বিভিন্ন সেৱাৰ বিকাশ অতিকৈ ব্যাপক । জাপানৰ মাটিকালিৰ এক বিস্তৃত অংশ বিভিন্ন ধৰণৰ উদ্যোগে আগুৰি আছে আৰু ইয়াৰ উদ্যোগ অঞ্চল অতি প্রশস্ত । দেশখনৰ উদ্যোগ অঞ্চল ট’কিঅ’ৰ পৰা উত্তৰ কিউছিউ পর্যন্ত প্রায় ১০০০ কিল’মিটাৰ দীঘল । ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপানৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয় । সমগ্র জাপানৰ ভিতৰত মধ্য জাপানৰ ট’কিঅ ’ – ইয়ােকোহামা আৰু দক্ষিণ পশ্চিম জাপানৰ কোবে – ওছাকা অঞ্চলত দ্রুত গতিত উদ্যোগীকৰণ হৈছে । জাপানত দ্রুত উদ্যোগীকৰণৰ ফলত বহু অঞ্চলত কৃষি উৎপাদনৰ গুৰুত্ব হ্রাস পাইছে আৰু লােকবােৰ উদ্যোগত নিয়ােজিত হৈছে । 

সম্প্রতি জাপান দেশে জাহাজ নির্মাণ , মটৰগাড়ী নির্মাণ , তীখা উৎপাদন , উচ্চমানৰ প্রযুক্তিৰে নির্মিত নানা ধৰণৰ ইলেকট্রনিক যন্ত্রপাতি উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে দেশখনৰ দ্রুত অর্থনৈতিক উন্নয়ন সম্ভৱ হৈছে । জাপান দেশৰ মুঠ ৰপ্তানি দ্রব্যৰ ৮১ শতাংশই উদ্যোগ উৎপাদিত সামগ্ৰী আৰু দেশৰ মুঠ আয় ৪০ শতাংশ উদ্যোগ খণ্ডই নিৰূপণ কৰে । এনেদৰে জাপানৰ দ্রুত উদ্যোগীকৰণে দেশখনক অর্থনৈতিক দিশত অগ্ৰসৰ হােৱাত সহায় কৰিছে আৰু দেশখন উন্নত দেশৰূপে চিহ্নিত হৈছে । 

( ঘ ) জাপানৰ বেদিকা কৃষি :- জাপানৰ ভূখণ্ড সমান নােহােৱা বাবে ইয়াত বেদিকা কৃষি ( Terrace ‘ Cultivation ) পদ্ধতিৰেও কৃষিকার্য কৰা হয় । পুৰণি জাপান অঞ্চলৰ অন্তর্গত অন্তঃৱর্তী অঞ্চলৰ পাহাৰবােৰৰ নামনিত বেদিকা পদ্ধতিৰে খেতি কৰা হয় । বেদিকা কৃষিৰ ভিতৰত প্ৰধানকৈ নানাবিধ ফল – মূল , শাক – পাচলি আৰু ফুল আদি উৎপাদন কৰা হয় । আকৌ ছিট’ছি – কিনকি অঞ্চলটোৰ কিছুমান ঠাইত বেদিকা পদ্ধতিৰে ফল – মূল , মিঠা আলু আদি প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হয় । 

( ঙ ) ট’কিঅ ’ – ইয়ােকোহামা উদ্যোগ অঞ্চল :- জাপানৰ ট’কিঅ ’ – ইয়ােকোহামা উদ্যোগিক অঞ্চলটোৱে হনছু দ্বীপ ট’কিঅ ’ উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে । এই অঞ্চলটো সমভূমিত অৱস্থিত হােৱা বাবে উদ্যোগ প্রতিষ্ঠাৰ বাবে বিশেষভাৱে উপযুক্ত । 

এই অঞ্চলটোত বিভিন্ন প্রকাৰৰ উদ্যোগ গঢ়ি উঠিছে । এই উদ্যোগ অঞ্চলৰ উল্লেখযােগ্য উদ্যোগসমূহ হৈছে — লাে – তীখাৰ উদ্যোগ , জাহাজ নির্মাণ উদ্যোগ , উৰাজাহাজ নির্মাণ উদ্যোগ , ৰাসায়নিক উদ্যোগ , বয়ন উদ্যোগ , যন্ত্রপাতি নির্মাণ উদ্যোগ আদি । এই উদ্যোগিক অঞ্চলত ২৫ খনৰাে অধিক সৰু – ডাঙৰ নগৰ আছে আৰু এই নগৰ – মহানগৰবােৰত বিভিন্ন ধৰণৰ শিল্প – উদ্যোগ আছে । এই অঞ্চলত বহুতাে জলবিদ্যুৎ উৎপাদন কেন্দ্র আছে । দেশৰ মুঠ উদ্যোগিক উৎপাদন প্রায় ৩০ শতাংশ এই উদ্যোগ অঞ্চলে আগবঢ়ায় । 

( চ ) জাপানৰ উপকূল অঞ্চল :- উত্তৰ – পূৱ জাপানৰ প্রশান্ত মহাসাগৰীয় অঞ্চলটো এক গভীৰ উপত্যকাই জাপান সাগৰীয় উপকূল অঞ্চলৰ পৰা পৃথক কৰিছে । এই উপত্যকা অঞ্চলৰ দক্ষিণৰ উপকূল ভাগ ঠেক আৰু উপকূল অংশ ভূ – আন্দোলনৰ ফলত তললৈ বহি গৈ গভীৰ ভগ্ন উপকূলৰ সৃষ্টি কৰিছে । জাপানৰ উত্তৰৰ কিটাকামি আৰু আবুকুমা উপকূল অংশ থিয় গৰাযুক্ত । জাপানৰ উপকূল অঞ্চলসমূহৰ ভূমিভাগ সাৰুৱা আৰু অধিকাংশ সমতল ভূমি হােৱা কৃষিকাৰ্যৰ উপযােগী হৈছে । লগতে যােগাযােগ আৰু পৰিবহণৰ সুব্যৱস্থা থকা কাৰণে বৃহৎ বৃহৎ উদ্যোগ গঢ়াত সহজ হৈছে । জাপানৰ উপকূল অঞ্চলত ঘৰ – দুৱাৰ নিৰ্মাণ , বাট – পথ নির্মাণৰ যথেষ্ট সুবিধা আছে , সেয়ে এই অঞ্চলত জনবসতি অধিক হয় । জাপানৰ উপকূল অঞ্চলৰ ভূ প্রকৃতি , জলবায়ু আৰু মানুহৰ বসবাস উপযােগী আৰু সেয়ে উপকূলীয় অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক । 

( ছ ) জাপানৰ হনছু দ্বীপ অঞ্চল :- জাপানৰ হনছু দ্বীপ অঞ্চলটো এক বৃহৎ দ্বীপ অঞ্চল আৰু ই দেশখনৰ তিনি – চতুর্থাংশ ঠাই আগুৰি আছে । হনছু দ্বীপৰ উত্তৰ অংশক লৈ উত্তৰ – পূৱ জাপান অঞ্চল গঠিত হৈছে । এই অঞ্চলৰ কেইখনমান প্রধান নগৰ হৈছে — আওমােৰি , আকিটা , মাৰিওকা , হাচিনােহে , চেণ্ডাই , কোৰিয়ানা , যামাগাটা আদি । আকৌ হনছু দ্বীপৰ মধ্য অংশকলৈ মধ্য জাপান অঞ্চল গঠিত হৈছে । এই অঞ্চলত হনছু পর্বতশ্রেণী আৰু ছেচিটো মেৰিয়ানা পর্বতমালা মিলিত হৈ জাপানৰ সর্বোচ্চ পার্বত্য অঞ্চলৰ সৃষ্টি কৰিছে । হনছু দ্বীপৰ দক্ষিণ অংশকলৈ গঠিত হৈছে দক্ষিণ – পশ্চিম জাপান অঞ্চল । হনছু দ্বীপ অঞ্চলৰ আন কেইখনমান উল্লেখযােগ্য মহানগৰ হৈছে— ইয়ক’হামা , ট’কিঅ’ , কাৱাছাকি , নাগােয়া , ট’য়াম আদি । জাপান দ্বীপসমূহৰ ভিতৰত হনছু দ্বীপ বৃহত্তম । 

( জ ) জাপানৰ খনিজ সম্পদ :- খনিজ সম্পদত জাপান দেশ অধিক সম্পদশালী নহয় যদিও কিছু পৰিমাণে এই দেশত খনিজ সম্পদ পােৱা যায় । জাপানৰ উত্তৰ কিউছি উদ্যোগ অঞ্চলত প্ৰচুৰ পৰিমাণে কয়লা , চূণশিল , লো , তীখা আদি খনিজ সম্পদ আছে । এই সম্পদসমূহৰ প্রাচুর্যতাৰ বাবে এই অঞ্চলত লো – তীখা উদ্যোগ , চিমেন্ট উদ্যোগ আদি গঢ়ি উঠিছে । উদ্যোগৰ বাবে আৱশ্যকীয় কেঁচামাল আৰু খনিজ সম্পদ জাপানে বিদেশৰ পৰা আমদানি কৰে ।

1 thought on “Class 10 Elective Geography Chapter 5 জাপানৰ আঞ্চলিক ভূগােল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top