Class 10 Elective Geography Chapter 1 ভূ – আকৃতিক প্রক্রিয়া

Class 10 Elective Geography Chapter 1 ভূ – আকৃতিক প্রক্রিয়া, Elective Geography Class 10 SEBA Question Answer in Assamese. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 1 ভূ – আকৃতিক প্রক্রিয়া and select needs one.

Class 10 Elective Geography Chapter 1 ভূ – আকৃতিক প্রক্রিয়া

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 1 ভূ – আকৃতিক প্রক্রিয়া Solutions for All Subject, You can practice these here…

ভূ – আকৃতিক প্রক্রিয়া

Chapter : 1

প্ৰথম খণ্ড

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। স্থলাকৃতি বুলিলে কি বুজা ? 

উত্তৰঃ পৃথিৱী পৃষ্ঠৰ ওপৰত থকা নানান ধৰণৰ ভূ – অৱয়ব যেনে— পাহাৰ , পর্বত , মালভূমি , সমভূমি , নদী – উপত্যকাৰ লগতে সাগৰ মহাসাগৰত তলত থকা ভিন্নাকৃতিৰ উমভূমি , নিম্নভূমি আদিক একেলগে স্থলাকৃতি ( Land form ) বুলি জনা যায় । অর্থাৎ স্থলাকৃতি হৈছে ভূ – পৃষ্ঠত থকা ভিন্ন প্রকাৰৰ ভূ – অৱয়বসমূহ । 

প্রশ্ন ২। ভূ – আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া । 

উত্তৰঃ ভূগােলৰ যিটো শাখাই ভূ – পৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতি বােৰৰ উৎপত্তি ( Origin ) , ক্রমবিকাশ ( Evolution ) , আকাৰ – আকৃতি আৰু বিতৰণ ( Distribution ) সম্বন্ধে অধ্যয়ণ কৰে , সেই শাখাটোক ভূ আকৃতিক বিজ্ঞান ( Geomorphology ) বােলা হয় । 

প্রশ্ন ৩। ভূ – আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা । 

উত্তৰঃ ভূ – আকৃতিক প্রক্রিয়া ( Geomorphic Process ) হৈছে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্রক্রিয়া । ভূপৃষ্ঠত থকা স্থলাকতিবােৰৰ সৃষ্টি প্রধানকৈ দুই প্রকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত । সেয়া হৈছে — বাহ্যিক প্রক্রিয়া ( Exogenic Process ) আৰু আভ্যন্তৰীণ প্রক্রিয়া ( Endogenic Proces ) । এই ভূ – আকৃতিক প্রক্রিয়াবােৰে অহৰহ , কার্য কৰি থকাৰ ফলতে ভূ – পৃষ্ঠৰ ভূ – অৱয়ববােৰৰ পৰিৱর্তন সাধন হয় । 

প্রশ্ন ৪। বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা । 

উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত — বতাহ , বৰষুণ , নদ নদী , সাগৰৰ ঢৌ , হিমবাহ আদি পৰে । 

প্রশ্ন ৫৷ অৱনমন বুলিলে কি বুজা ? 

উত্তৰঃ বতাহে যি প্ৰক্ৰিয়াৰ জৰিয়তে ভূ – পৃষ্ঠৰ কোন এক অংশৰ পৰা ধূলি – বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তােলে , সেই প্রক্রিয়াক অৱনমন ( Deflation ) বােলা হয় । অৱনমনৰ ফলত ধূলি – বালি আৰু শিলবােৰ অন্য ঠাইলৈ প্রবাহিত হলে অবনমন ঘটা অংশটো ওখােৰা – মােখােৰা শিলাময় ঠাইলৈ পৰিৱর্তিত হ’ব পাৰে ।

প্রশ্ন ৬। ইনছেলবার্গ কি ? ছবি আঁকি দেখুওৱা । 

উত্তৰঃ ইনছেলবার্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ । মৰুভূমিত বতাহে ঘৰ্ষণৰ জৰিয়তে এক অবক্ষয় ঘটায় আৰু এই অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ ( Inselberg ) , ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে । অর্থাৎ ইনছেলবার্গ হৈছে বিশেষ আকৃতিযুক্ত এক ভূ – অৱয়ব । তলত ইনছেলবার্গৰ চিত্র দেখুওৱা হ’ল –

প্রশ্ন ৭। মৰুদ্যান কাক বােলে ? ইয়াৰ তাৎপর্য কি ? 

উত্তৰঃ মৰুভূমিৰ শুকান বালিময় উপৰিভাগৰ ওপৰত বতাহে বিশেষভাৱে ক্রিয়া কৰে । বতাহে মৰুভূমিৰ উপৰিভাগৰ ধূলি – বালি , শিল আদি বহু দূৰলৈ উৰুৱাই নি মৰুভূমিৰ কোনাে এক অংশ আপেক্ষিকভাৱে দ কৰি তুলিব পাৰে । অৱনমন প্রক্রিয়াৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পালে , সেই অংশটোক মৰুদ্যান ( Oasis ) বােলা হয় । 

মৰুদ্যানৰ তাৎপর্য এয়ে যে — মৰুদ্যানত কিছু পৰ্মিাণে সৰু সৰু গছ – গছনি আৰু উদ্ভিদ থাকে । মৰুদ্যানত অলপ – অচৰপ খেতি – বাতিও কৰিব পাৰি কাৰণ ইয়াৰ মাটিভাগ জীপাল আৰু আংশিকভাৱে সাৰুৱা হয় ।

প্রশ্ন ৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেদৰে হয় লিখা । 

উত্তৰঃ মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত উৰুৱাই নিয়া ধূলি – বালিবােৰ এঠাইত জমা হে ওখ হয় । এনেদৰে জমা হােৱা ধূলি – বালিবােৰে শেহলৈ পাহাৰ সদৃশ ৰূপ লয় আৰু এনেদৰে সৃষ্টি হােৱা বালিৰ পাহাৰক বালিয়াৰি বােলে । 

অর্থাৎ বালিয়াৰি হৈছে বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হােৱা এক প্ৰকাৰ ভূ – অৱয়ব । সময় আৰু স্থান সাপেক্ষে বালিৰ পাহাৰবােৰৰ আকৃতি পৃথক পৃথক হয় । বতাহ দিশত দীঘলীয়াকৈ গঠিত হােৱা বালিয়াৰিক অনুদৈর্ঘ্য বালিয়াৰি বোলা হয় , আকৌ বতাহৰ দিশত পথালিকৈ গঠিত হােৱা বালিয়াৰিক অনুপ্রস্থ বালিয়াৰি বােলা হয় । বালিয়াৰি মৰু অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযােগ্য উপাদান । 

প্রশ্ন ৯। অপঘর্ষণ কি ? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ? 

উত্তৰঃ অপঘর্ষণ হৈছে বতাহে সংঘটিত কৰা একপ্রকাৰ ক্ষয়কার্য । মৰুভূমিত প্রবাহিত হােৱা শক্তিশালী বতাহে কঢ়িওৱা শিল বালিয়ে তাৰ গতিপথত থকা উচ্চ ভূমিত আঘাত কৰি অৱক্ষয় ঘটায় । ঘর্ষণৰ যােগেদি কৰা এই ক্ষয় কার্যকে অপঘর্ষণ ( Abrasion ) বুলি কোৱা হয় । 

অপঘর্ষণৰ ফলত মৰুভূমিত ইনছেলবার্গ ( Inselberg ) , ইয়াৰদাং ( Yardang ) আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি হয় । মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰবােৰেই হৈছে ইনছেলবার্গ । 

প্রশ্ন ১০। সংনিঘৰ্ষণৰ অৰ্থ লিখা । 

উত্তৰঃ সংনিঘর্ষণ ( Attrition ) হৈছে এক ঘর্ষণজনিত প্রক্রিয়া । মৰুভূমিত বতাহৰ দ্বাৰা পৰিবাহিত হােৱা শিলবালিবােৰৰ মাজত পাৰস্পৰিক সংঘর্ষ হয় । এই সংঘৰ্ষৰ ফলত শিলবােৰ টুকুৰা – টুকুৰ হৈ ভাঙি – ছিঙি সৰু সৰু টুকুৰাত পৰিণত হয় আৰু ক্ষয় হৈ সৰু আকৃতিৰ হৈ পৰে । এনেদৰে পাৰস্পৰিক ঘর্ষণৰ ফলত শিলবােৰ টুকুৰা – টুকুৰ হােৱা প্রক্রিয়াকে সংনিঘর্ষণ বুলি কোৱা হয় । 

প্রশ্ন ১১। হিমবাহ কাক বােলে ? ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ কি ? 

উত্তৰঃ হিমবাহ হৈছে অতি ধীৰ গতিত প্রবাহিত হােৱা বৰফৰ ঘূপ । হিমবাহ বা বৰফৰ স্থূপবোৰ পাহাৰ – পৰ্বতৰ অতি উচ্চাংশত জমা হৈ থাকে , আৰু মাটিৰ তাল অনুসৰি তললৈ নামি আহে । হিমবাহৰ গতি অতি ধৰ , ইয়াৰ প্ৰধান কাৰণ হৈছে বৰফস্তুপৰ প্ৰৱল হেঁচা আৰু মধ্যাকর্ষণ শক্তি । হিমবাহৰ প্ৰৱল হেঁচা আৰু মধ্যাকর্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত ইয়াৰ গতি অতি মন্থৰ হয় । দিনটোৰ ভিতৰত হিমবাহবােৰ মাত্র কেই মিলিমিটাৰ মানৰপৰা কেই মিটাৰ মানহে অতিক্রম কৰে । 

প্রশ্ন ১২। হিমবাহ কেই প্ৰকাৰৰ ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ বৰফেৰে আবৃত অঞ্চলবােৰৰ পৰিস্থিতি , পৰিৱেশ অনুসৰি হিমবাহক তিনি প্রকাৰত ভাগ কৰিব পাৰি । সেইবােৰ হৈছে— 

( i ) মহাদেশীয় হিমবাহ ( Continentel Glacier ). 

( ii ) পার্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ ( Mountain or Alpine or Valley Glacier ) . আৰু 

( iii ) গিৰিপদ বা শৈলপদী হিমবাহ ( Piedmont Glacier ).

মহাদেশীয় হিমবাহবিলাক মেৰু অঞ্চলৰ বৃহৎ অঞ্চল জুৰি বিয়পি আছে । মহাদেশীয় হিমবাহ থকা প্রধান অঞ্চলসমূহ হৈছে — উত্তৰ কানাডা , গ্রীণলেণ্ড , এন্টার্কটিকা , স্কান্দিনেভিয়া আদি । মহাদেশীয় হিমবাহবােৰ অতি ধীৰ গতিৰে ভূ – পৃষ্ঠৰ ঢাল অনুসৰি তললৈ নামি আহে । 

পার্বত্য হিমবাহ উচ্চ পর্বতৰ উচ্চাংশত থাকে । পার্বত্য বা উপতাকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নিম্নগামী হয় । পার্বত্য হিমবাহ থকা অঞ্চলসমূহ হৈছে প্ৰধানকৈ ইউৰােপৰ আল্পছ , উত্তৰ আমেৰিকাৰ ৰকি পর্বতমালা আৰু এচিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চল । পার্বত্য হিমবাহৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ অধিক হয় । 

গিৰিপদ হিমবাহ পৰ্বতৰ পাদদেশত থাকে । কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত সিঁচৰিত হৈ পৰে । উত্তৰ আমেৰিকাৰ আলাস্কাত গিৰিপদ বা শৈলপদী হিমবাহ দেখিবলৈ পােৱা যায় । 

Sl. No.সূচী-পত্ৰ
প্রথম খণ্ডপ্রাকৃতিক ভূগােল
Chapter 1ভূ – প্রাকৃতিক প্রক্রিয়া
দ্বিতীয় খণ্ডপাৰিৱেশিক ভূগােল
Chapter 2পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
তৃতীয় খণ্ডআঞ্চলিক ভূগােল
Chapter 3অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
Chapter 4আমেৰিকা যুক্তৰাষ্ট্রৰ আঞ্চলিক ভূগােল
Chapter 5জাপানৰ আঞ্চলিক ভূগােল
Chapter 6ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল
চতুর্থ খণ্ডপ্রাকৃতিক ভূগােল
Chapter 7ভূগােলৰ ব্যৱহাৰিক কার্যাৱলী

প্রশ্ন ১৩। হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা । 

উত্তৰঃ হিমবাহ উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা একপ্রকাৰ ক্ষয়জনিত অৱয়ব । তলৰ চিত্ৰত হিমবাহ উপত্যকাৰ ছবি অংকন কৰা হ’ল –

                                                                                                 প্রশ্ন ১৪। ওলােমা উপত্যকা কি লিখা । 

উত্তৰঃ ওলােমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব । মূল হিমবাহলৈ কিছুমান উপহিমবাহ প্রবাহিত হয় আৰু মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে দ আৰু ডাঙৰ হয় । উপহিমবাহ বােৰ যি ঠাহত আহি মূল হিমবাহৰ সৈতে লগ লাগে সেই ঠাইত উপহিমবাহবােৰ মূল উপত্যকাৰ সৈতে ওলমি থকা যেন দেখা যায় । সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলােমা উপত্যকা ( Hanging Valley ) বুলি কোৱা হয় । 

প্রশ্ন ১৫। গ্ৰাৱ কি ? ই কেই প্রকাৰৰ ? চিত্র আঁকি গ্ৰাৱৰ অৱস্থান দেখুওৱা । 

উত্তৰঃ গ্ৰাৱ হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত ভূ – অৱয়ব । কোনাে উপত্যকাৰে হিমবাহ এটা নামি আহোতে বাহিৰে আন কিছুমান পদার্থ কঢ়িয়াই আনে । এই পদার্থবােৰকে গ্ৰাৱ বুলি ফোৱা হয় । 

গ্ৰাৱ চাৰি প্ৰকাৰৰ । সেইবােৰ হৈছে –

( i ) পার্শ্ব গ্ৰাৱ ( Lateral Moraine ).

( ii ) ভূমি গ্ৰাৱ ( Ground Moraine ).

( iii ) মধ্য গ্ৰাৱ ( Medial Moraine ) আৰু

( iv ) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্রাৱ ( Terminal or End Moraine ) 

( i ) পার্শ্ব গ্ৰাৱ ( Lateral Moraine ) :- উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্রৱক পার্শ্ব গ্ৰাৱ বােলা হয় । 

( ii ) ভূমি গ্ৰাৱ ( Ground Moraine ) :-উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্রাৱবােৰ হৈছে ভূমি গ্রাৱ । 

( iii ) মধ্য গ্ৰাৱ ( Medial Moraine ) :-হিমবাহৰ মাজ ভাগেদি উটি ভাহি অহা গ্রাৱক মধ্য গ্রাৱ বােলা হয় । আৰু 

( iv ) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্রাৱ ( Terminal or End Moraine ) :- হিমবাহ এটাৰ প্ৰান্তত বা শেষ সীমাত জমা হোৱা গ্ৰাৱক অন্তিম গ্ৰাৱ বােলা হয় । সিপিঠৰ চিত্ৰত বিভিন্ন গ্রাৱৰ অৱস্থানসমূহ দেখুওৱা হ’ল ।

প্রশ্ন ১৬। গােলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাৱ পেলায় সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া । 

উত্তৰঃ গােলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে । গােলকীয় উত্তাপ বৃদ্ধি হােৱাৰ ফলত হিমবাহবােৰ দ্রুতগতিত গলিবলৈ আৰম্ভ কৰিব আৰু পাহাৰ – পৰ্বতৰপৰা অতি বেগেৰে ভৈয়ামলৈ নামি আহিব । এনেদৰে নামি অহা পানীয়ে সমতল ভূমি বুৰাই পৈলাব আৰু দ অঞ্চলবােৰত বানপানীৰ সৃষ্টি হ’ব । নিম্নভূমি অঞ্চল প্লাবিত হােৱাৰ ফলত কৃষি পথাৰ , জীৱ – জন্তু তথা মানুহৰাে বিস্তৰ ক্ষতি সাধন হ’ব আৰু দ্রুতগতিত প্রবাহিত হােৱা পানীয়ে উদ্ভিদ তথা গছ – গছনিৰ অনিষ্ট সাধন কৰাৰ লগতে জীৱ – জন্তুৰ বাসস্থানৰাে হ্রাস কৰিৰ পাৰে । গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত হিমবাহ গলি সাগৰপৃষ্ঠ ওপৰলৈ উঠি অহাৰ সম্ভাৱনা অধিক ।

3 thoughts on “Class 10 Elective Geography Chapter 1 ভূ – আকৃতিক প্রক্রিয়া”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top