Class 7 Assamese MCQ Chapter 15 বকুলৰ আনন্দ

SCERT Class 7 Assamese MCQ Chapter 15 বকুলৰ আনন্দ Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 15 বকুলৰ আনন্দ Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 15 বকুলৰ আনন্দ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

বকুলৰ আনন্দ

Chapter: 15

MCQ

১। অমল চেতিয়ালৈ আগবঢ়োৱা বঁটাটোৰ নাম কি আছিল?

(i) ৰাজ্যিক ক্ৰীড়া বঁটা।

(ii) ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা।

(iii) ৰাষ্ট্ৰীয় শিক্ষক বঁটা।

(iv) ৰাজ্যিক সাহিত্য বঁটা।

উত্তৰঃ (ii) ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগী বঁটা।

২। অমল চেতিয়াক ক’ত বঁটা প্ৰদান কৰা হৈছিল?

(i) যোৰহাটত।

(ii) ডিব্ৰুগড়ত।

(iii) গুৱাহাটীত।

(iv) তেজপুৰত।

উত্তৰঃ (iii) গুৱাহাটীত।

৩। কিহৰ অনুষ্ঠানত অমল চেতিয়াক এই বঁটা প্ৰদান কৰা হৈছিল?

(i) গণতন্ত্ৰ দিৱসত।

(ii) স্বাধীনতা দিৱসত।

(iii) শিক্ষক দিৱসত।

(iv) শিশু দিৱসত।

উত্তৰঃ (ii) স্বাধীনতা দিৱসত।

৪। কি শিল্পৰ জৰিয়তে অমল চেতিয়াই নৱপ্ৰজন্মক স্বাৱলম্বনৰ পথ দেখুৱাইছিল?

(i) বাঁহ-বেত শিল্পৰ।

(ii) মৃৎ শিল্পৰ।

(iii) মুগা শিল্পৰ।

(iv) কাঁহ শিল্পৰ।

উত্তৰঃ (iii) মুগা শিল্পৰ।

৫। বকুলহঁতৰ গাঁৱত কিমান বছৰমানৰ আগতে ডাঙৰ বানপানী হৈছিল?

(i) দহ বছৰমানৰ আগতে।

(ii) পোন্ধৰ বছৰমানৰ আগতে।

(iii) বিছ বছৰমানৰ আগতে।

(iv) পাঁচ বছৰমানৰ আগতে।

উত্তৰঃ (ii) পোন্ধৰ বছৰমানৰ আগতে।

৬। বানপানীৰ আগতে গাঁৱৰ মানুহে খেতি-বাতিৰ লগতে কি পালন কৰিছিল?

(i) হাঁহ-কুকুৰা।

(ii) গৰু-ছাগলী।

(iii) এৰী পলু।

(iv) মুগা।

উত্তৰঃ (iv) মুগা।

৭। গাঁৱৰ মানুহৰ মুগাৰ চোমনিবোৰ ক’ত জাহ গৈছিল?

(i) পুখুৰীত।

(ii) সাগৰত।

(iii) নদীৰ বুকুত।

(iv) বিলত। 

উত্তৰঃ (iii) নদীৰ বুকুত।

৮। বানপানীৰ পিছত গাঁৱৰ মানুহক কোনে সাহস দিছিল?

(i) গাঁওবুঢ়াই।

(ii) বকুলৰ দেউতাকে।

(iii) চৰকাৰে।

(iv) বিধায়কজনে।

উত্তৰঃ (ii) বকুলৰ দেউতাকে।

৯। বকুলৰ দেউতাকে বিজ্ঞানসন্মতভাৱে মুগা পালনৰ দিহা-পৰামৰ্শ ল’বলৈ ক’লৈ গৈছিল?

(i) জিলা কৃষি কাৰ্যালয়লৈ।

(ii) জিলা পশু চিকিৎসা কাৰ্যালয়লৈ।

(iii) জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ।

(iv) খণ্ড উন্নয়ন কাৰ্যালয়লৈ।

উত্তৰঃ (iii) জিলা ৰেচম শিল্পৰ কাৰ্যালয়লৈ।

১০। মুগাৰ বেপাৰীবোৰে গাঁৱৰ মানুহক মুগাৰ উচিত দাম দিছিলনে?

(i) সদায় দিছিল।

(ii) আগতে দিছিল।

(iii) দিয়া নাছিল।

(iv) কেতিয়াবা দিছিল।

উত্তৰঃ (iii) দিয়া নাছিল।

১১। উচিত দাম নোপোৱাৰ বাবে বকুলৰ দেউতাকে কি সিদ্ধান্ত ল’লে?

(i) মুগা পালন এৰি দিয়াৰ।

(ii) ঘৰতে মুগাবোৰৰপৰা সূতা প্ৰস্তুত কৰাৰ।

(iii) বেপাৰীৰ লগত কাজিয়া কৰাৰ।

(iv) চৰকাৰক গোচৰ দিয়াৰ।

উত্তৰঃ (ii) ঘৰতে মুগাবোৰৰপৰা সূতা প্ৰস্তুত কৰাৰ।

১২। বকুলৰ দেউতাকক সূতা কটা কামত প্ৰথমে কোনে সহায় কৰিছিল?

(i) বকুলৰ মাক আৰু খুৰীয়েকে।

(ii) বকুলৰ ককায়েকে।

(iii) বকুলৰ বন্ধুৱে।

(iv) গাঁৱৰ মুখীয়ালজনে।

উত্তৰঃ (i) বকুলৰ মাক আৰু খুৰীয়েকে।

১৩। সূতাবোৰ উচিত মূল্যত বিক্ৰী কৰিবলৈ বকুলৰ দেউতাকে কাৰ লগত আলোচনা কৰিছিল?

(i) চৰকাৰী বিষয়াৰ লগত।

(ii) গাঁৱৰ মানুহৰ লগত।

(iii) কেইবাগৰাকীও ব্যৱসায়ীৰ লগত।

(iv) বিদেশী বেপাৰীৰ লগত।

উত্তৰঃ (iii) কেইবাগৰাকীও ব্যৱসায়ীৰ লগত।

১৪। উৎপাদিত সূতা বিক্ৰী নকৰি বকুলৰ দেউতাকে কি পৰিকল্পনা কৰিলে?

(i) সূতাবোৰ পুৰি পেলোৱাৰ।

(ii) ঘৰতে কাপোৰ বোৱাৰ।

(iii) সূতাবোৰ আন ৰাজ্যলৈ পঠিওৱাৰ।

(iv) সূতাবোৰ পেলাই দিয়াৰ।

উত্তৰঃ (ii) ঘৰতে কাপোৰ বোৱাৰ।

১৫। বকুলৰ দেউতাকে বোৱা-কটাৰ প্ৰশিক্ষণ শিবিৰৰ বাবে ক’ৰপৰা প্ৰশিক্ষক আনিছিল?

(i) পলাশবাৰীৰপৰা।

(ii) শুৱালকুছিৰপৰা।

(iii) হাজোৰপৰা।

(iv) নলবাৰীৰপৰা।

উত্তৰঃ (ii) শুৱালকুছিৰপৰা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top