Class 7 Assamese Important Chapter 1 গছ ভাল পোৱা ককাৰ খং

Class 7 Assamese Important Chapter 1 গছ ভাল পোৱা ককাৰ খং Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 1 গছ ভাল পোৱা ককাৰ খং Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.

Class 7 Assamese Important Chapter 1 গছ ভাল পোৱা ককাৰ খং

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.

গছ ভাল পোৱা ককাৰ খং

Chapter: 1

IMPORTANT QUESTION ANSWER

চমু প্ৰশ্ন আৰু উত্তৰ:

১। গছ ভাল পোৱা ককাৰ খং কবিতাটোৰ কবি কোন?

উত্তৰঃ গছ ভাল পোৱা ককাৰ খং কবিতাটোৰ কবি হ’ল- ড° ভবেন্দ্ৰনাথ শইকীয়া।

২। ৰঘুনাথে ককাক কিয় মাতিছিল?

উত্তৰঃ ৰঘুনাথে ককাক পুতেকৰ বিয়ালৈ মাতিছিল।

৩। বিয়াৰ ৰভাখন দিবলৈ ৰঘুনাথে কি গছ কাটিছিল?

উত্তৰঃ ৰভাখন দিবলৈ ৰঘুনাথে চোতালৰ আমলখি গছজোপা কাটিছিল।

৪। বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণ কি আছিল?

উত্তৰঃ ৰঘুনাথে ৰভা দিবৰ বাবে ফল ধৰি থকা আমলখি গছজোপা কাটি পেলোৱাৰ বাবে ককাৰ খং উঠিছিল।

৫। গছজোপা কটা বাবে ককাই বিয়াঘৰত কি কি নাখাওঁ বুলি কৈছিল?

উত্তৰঃ ককাই লুচি-ভাজি আৰু ৰসগোল্লা একোকে নাখাওঁ বুলি কৈছিল।

৬। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম নগাঁৱত হৈছিল।

৭। ড° শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোন বিভাগৰ অধ্যাপক আছিল?

উত্তৰঃ ড° শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল।

৮। শিশুৰ কল্যাণৰ বাবে ড° শইকীয়াই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ শিশুৰ কল্যাণৰ বাবে ড° শইকীয়াই ‘আৰোহণ’ নামৰ এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।

৯। ড° শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি?

উত্তৰঃ ড° শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম হ’ল ‘সঁফুৰা’।

১০। ড° ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা এখন কালজয়ী অনাতাঁৰ শিশু নাটৰ নাম কি?

উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা কালজয়ী শিশু নাটখনৰ নাম হ’ল- ‘শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট’।

১১। বিশ্ব পৰিৱেশ দিৱসত ছাত্ৰ-ছাত্ৰীসকলে ক’ত গছপুলি ৰুইছিল?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে পাগলদিয়া নদীৰ ওচৰত আৰু বিদ্যালয়ৰপৰা এশ মিটাৰমান নিলগত গছপুলি ৰুইছিল।

১২। ছাত্ৰ-ছাত্ৰীসকলে কি কি গছৰ পুলি ৰুইছিল?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে কৃষ্ণচূড়া, নিম, আম, কদম আৰু শিলিখা আদিৰ পুলি ৰুইছিল।

১৩। অসমৰ ‘অৰণ্য-মানৱ’ বুলি কাক জনা যায়?

উত্তৰঃ যাদৱ পায়েঙক অসমৰ অৰণ্য-মানৱ বুলি জনা যায়।

১৪। হাড়গিলা সংৰক্ষণৰ বাবে কোন গৰাকী মহিলা পৰিচিত?

উত্তৰঃ হাড়গিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মন পৰিচিত।

১৫। হাতী সংৰক্ষণৰ বাবে কোনে কাম কৰিছে?

উত্তৰঃ হাতী সংৰক্ষণৰ বাবে পাৰ্বতী বৰুৱাই অহৰহ কাম কৰিছে।

দীঘল প্ৰশ্ন আৰু উত্তৰ:

১। ৰঘুনাথৰ ওপৰত ককাৰ কিয় ইমান খং উঠিছিল বুজাই লিখা।

উত্তৰঃ ৰঘুনাথে পুতেকৰ বিয়াত আলহী-অতিথিবোৰ বহিবলৈ ৰভা এখন দিবৰ বাবে চোতালত থকা ফল ধৰি থকা আমলখি গছজোপা কাটি পেলাইছিল। এটা গছপুলি ৰুই ডাঙৰ কৰি ফল ধৰিবলৈ বহু বছৰ সময় লাগে। সেয়েহে সামান্য বিয়াৰ ৰভাৰ বাবে এখন ঠাই উলিয়াবলৈ এনেদৰে প্ৰকৃতিৰ অমূল্য সম্পদ গছ কাটি পেলোৱা কাৰ্য দেখি ককাৰ বৰ দুখ লাগিছিল আৰু খং উঠিছিল।

২। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ জন্ম ১৯৩২ চনত হৈছিল। অসমৰ এগৰাকী বিশিষ্ট শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু চলচ্চিত্ৰ পৰিচালক আছিল। নগাঁৱত জন্মগ্ৰহণ কৰা ড° শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেখেতে ‘সঁফুৰা’ আৰু ‘প্ৰান্তিক’ নামৰ আলোচনী সম্পাদনা কৰিছিল। তদুপৰি, শিশুৰ কল্যাণৰ বাবে তেখেতে ‘আৰোহণ’ নামৰ এটা সুন্দৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰি থৈ গৈছে। তেওঁৰ মৃত্যু ২০০৩ চনত হৈছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top