Class 7 Assamese Important Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 2 কাঞ্চনবাৰীৰ হাতীটো
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
কাঞ্চনবাৰীৰ হাতীটো
Chapter: 2
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। মাচুমাহঁতৰ ঘৰত এবাৰ কি জন্তুৰ পোৱালি সোমাইছিলহি?
উত্তৰঃ মাচুমাহঁতৰ ঘৰত এবাৰ এটা গঁড়ৰ পোৱালি সোমাইছিলহি।
২। মাচুমা আৰু তাইৰ লগৰীয়াসকল ক’ৰ পৰা ঘূৰি আহিছিল?
উত্তৰঃ মাচুমা আৰু তাইৰ লগৰীয়াসকল বিদ্যালয়ৰ পৰা ঘূৰি আহিছিল।
৩। মাচুমাৰ লগৰীয়াসকলৰ নাম কি আছিল?
উত্তৰঃ মাচুমাৰ লগৰীয়াসকলৰ নাম আছিল- কৰবী, নবীন, নয়ন আৰু কনক।
৪। বাটত সিহঁতে কিহৰ বিষয়ে কথা পাতিছিল?
উত্তৰঃ বাটত সিহঁতে কাঞ্চনবাৰী পাহাৰৰ অৰণ্য, পশু-পক্ষী আদিৰ বিষয়ে কথা পাতিছিল।
৫। মাচুমাহঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল?
উত্তৰঃ মাচুমাহঁতে পাহাৰৰ পৰা এটা মখনা হাতী ওলাই অহা দেখিছিল।
৬। মখনা হাতীটো দেখি কোনে ভয় খাইছিল?
উত্তৰঃ মখনা হাতীটো দেখি মাচুমা, নয়ন, কৰবী আদিকে ধৰি আটাইকেইজন লগৰীয়াই ভয় খাইছিল।
৭। মাচুমাৰ দেউতাকে কাক ফোন কৰিছিল?
উত্তৰঃ মাচুমাৰ দেউতাকে স্থানীয় বন বিভাগৰ বিষয়াজনক ফোন কৰিছিল।
৮। দণ্ডি কি?
উত্তৰঃ হাতী অহা-যোৱা কৰা নিৰ্দিষ্ট বাটটোক দণ্ডি বুলি কোৱা হয়।
৯। হাতীবোৰে ক’ত থাকি ভাল পায়?
উত্তৰঃ আন জন্তুবোৰৰ দৰে হাতীবোৰেও সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত থাকি ভাল পায়।
১০। হাতীবোৰ কিয় অসন্তুষ্ট হয়?
উত্তৰঃ হাতীবোৰৰ অহা-যোৱা কৰা দণ্ডি বা পথত মানুহে ভেটা দিলে বা বাধা দিলে সিহঁত অসন্তুষ্ট হয়।
১১। কাঞ্চনবাৰী পাহাৰৰ কাষেৰে কি পাৰ হৈ গৈছে?
উত্তৰঃ কাঞ্চনবাৰী পাহাৰৰ অৰণ্যৰ মাজেৰে এটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।
১২। চৰকাৰে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ঘাইপথত কিহৰ ব্যৱস্থা কৰিছে?
উত্তৰঃ চৰকাৰে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ঘাইপথত ‘এনিমেল গ্ৰীণ কৰিড’ৰ’ৰ (Animal Green Corridor) ব্যৱস্থা কৰিছে।
১৩। বন্যপ্ৰাণীৰ লগত আমি কেনেকৈ থাকিব লাগে?
উত্তৰঃ বন্যপ্ৰাণীৰ লগত আমি সহাৱস্থান কৰি বা মিলি-জুলি শান্তিপূৰ্ণভাৱে একেলগে থাকিব লাগে।
১৪। দেউতাকৰ কথা শুনি মাচুমাই কি সংকল্প ল’লে?
উত্তৰঃ দেউতাকৰ কথা শুনি মাচুমাই কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিত বাস কৰাৰ সুবিধা কৰি দিয়াৰ বাবে কাম কৰাৰ সংকল্প ল’লে।
১৫। অসমৰ জাতীয় চৰাইৰ নাম কি?
উত্তৰঃ অসমৰ জাতীয় চৰাইৰ নাম হ’ল- দেওহাঁহ।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। মাচুমাহঁতে বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে বাটত কি দেখিছিল আৰু তাৰ পিছত কি হ’ল?
উত্তৰঃ মাচুমাহঁতে বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে বাটত কাঞ্চনবাৰী পাহাৰৰ ফালৰ পৰা এটা মখনা হাতী ওলাই অহা দেখিছিল। হাতীটো দেখি আটাইকেইজনৰ ভয়তে চকু কপালত উঠিছিল আৰু থমকি ৰৈছিল। নয়ন আৰু কৰবীৰ ভয়ত পেপুৱা লাগিছিল। হাতীটোৱে গুৰু-গম্ভীৰ খোজেৰে আহি বাটটোতে ৰৈ আছিল আৰু ইফাল-সিফাল কৰিছিল। খন্তেক সময়ৰ পাছত হাতীটো আঁতৰি যোৱাত মাচুমাহঁতে সাবধানেৰে খোজ লৈ সুৰসুৰাই ঘৰ পালেহি। ঘৰ পোৱাৰ লগে লগে মাচুমাৰ দেউতাকে স্থানীয় বন বিভাগৰ বিষয়াজনক ফোন কৰি খবৰ দিয়ে আৰু বন বিভাগৰ দলটো আহি হাতীটোক তাৰ দণ্ডিৰ ফালে খেদি পঠিয়ায়।
২। হাতীবোৰে কিয় মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰে বুলি মাচুমাই ভাবিছিল?
উত্তৰঃ মাচুমাই ভাবিছিল যে পাহাৰৰ অৰণ্যৰ গছবোৰ কাটি থকাৰ বাবেই হয়তো হাতীটোৱে নিজৰ বাসস্থান আৰু জাক হেৰুৱাইছে, যাৰ বাবে তাৰ খং উঠিছে। ককাকে তাইক কৈছিল যে হাতীবোৰে সদায় সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত থাকি ভাল পায় আৰু নিজৰ একোটা নিৰ্দিষ্ট দণ্ডিৰে অহা-যোৱা কৰে। যেতিয়া মানুহে এই দণ্ডিবোৰত ভেটা দিয়ে বা বাধাৰ সৃষ্টি কৰে, তেতিয়া হাতীবোৰ অসন্তুষ্ট হয়। তদুপৰি, গছ কটা যন্ত্ৰ আৰু গাড়ীৰ শব্দই অৰণ্যখন অশান্ত কৰি তুলিছে। এই সকলোবোৰ কাৰণতে হাতীবোৰে বাধা পাইছে আৰু ক্ষোভত মানুহৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰে বুলি মাচুমাই ভাবিছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

