Class 7 Assamese Important Chapter 3 ঐতিহ্যৰ পম খেদি Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 3 ঐতিহ্যৰ পম খেদি Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 3 ঐতিহ্যৰ পম খেদি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
ঐতিহ্যৰ পম খেদি
Chapter: 3
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। ছাত্ৰ-ছাত্ৰীসকলে আলোচনা-চক্ৰৰ বাবে কি বিষয় বাছি লৈছিল?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা-চক্ৰৰ বাবে ‘অসমৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ পৰিচয়’ শীৰ্ষক বিষয়টি বাছি লৈছিল।
২। ঐতিহ্যই সমাজৰ কি দাঙি ধৰে?
উত্তৰঃ ঐতিহ্যই এখন সমাজৰ পৰিচয়, মূল্যবোধ আৰু বিশ্বাস দাঙি ধৰে।
৩। প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী ক’ত আছিল?
উত্তৰঃ প্ৰাচীন কামৰূপৰ কেইবাটাও ৰাজবংশৰ ৰাজধানী উত্তৰ গুৱাহাটীত আছিল।
৪। ৰজা ৰত্নপালৰ তামৰ ফলিত উত্তৰ গুৱাহাটীক কি নাম দিয়া হৈছে?
উত্তৰঃ ৰজা ৰত্নপালৰ তামৰ ফলিত উত্তৰ গুৱাহাটীক ‘দুৰ্জ্জয়া নগৰ’ বুলি উল্লেখ কৰা হৈছে।
৫। ৰজা ৰত্নপালে কোন শতিকাত ৰাজত্ব কৰিছিল?
উত্তৰঃ ৰজা ৰত্নপালে একাদশ শতিকাত ৰাজত্ব কৰিছিল।
৬। পাল বংশৰ ৰজা ধৰ্মপালে কোনখন তামৰ ফলি লিখোৱাইছিল?
উত্তৰঃ পাল বংশৰ ৰজা ধৰ্মপালে ‘পুষ্পভদ্ৰা’ নামৰ তামৰ ফলিখন লিখোৱাইছিল।
৭। ‘কানাই বৰশীবোৱা’ শিলালিপি ক’ত অৱস্থিত?
উত্তৰঃ ‘কানাই বৰশীবোৱা’ শিলালিপি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা মণিকৰ্ণেশ্বৰ পাহাৰত অৱস্থিত।
৮। ১২০৬ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পৃথুৱে কাক পৰাস্ত কৰিছিল?
উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা পৃথুৱে বখতিয়াৰ খিলজীৰ তুৰ্কী-বাহিনীক পৰাস্ত কৰিছিল।
৯। ১২৬০ খ্ৰীষ্টাব্দত কোনজন ৰজাই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল?
উত্তৰঃ ১২৬০ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল।
১০। শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল?
উত্তৰঃ ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণ হৈছিল।
১১। স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশ আক্ৰমণ কৰিবলৈ আহি ক’ত কোঠ মাৰিছিল?
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই বংগদেশ আক্ৰমণ কৰিবলৈ আহি উত্তৰ গুৱাহাটীতে কোঠ মাৰিছিল।
১২। পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাই নিজৰ জন্মস্থানক লৈ কি বুলি গৌৰৱ অনুভৱ কৰিছিল?
উত্তৰঃ পণ্ডিতপ্ৰবৰ আনন্দৰাম বৰুৱাই নিজকে ‘প্ৰাগজ্যোতিষপুৰ সস্তৰম্’ বুলি গৌৰৱ অনুভৱ কৰিছিল।
১৩। শ্ৰীসূৰ্য পাহাৰ ক’ত অৱস্থিত?
উত্তৰঃ শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা নগৰৰপৰা তেৰ কিলোমিটাৰ পূবত অৱস্থিত।
১৪। শ্ৰীসূৰ্য পাহাৰৰ আন এটা নাম কি?
উত্তৰঃ এই পাহাৰত সাতটা চূড়া থকা বাবে ইয়াৰ আন এটা নাম হ’ল ‘সাতালী পৰ্বত’।
১৫। শ্ৰীসূৰ্য পাহাৰত থকা সূৰ্য মন্দিৰ কোন যুগৰ বুলি ঠাৱৰ কৰা হৈছে?
উত্তৰঃ শ্ৰীসূৰ্য পাহাৰত থকা সূৰ্য মন্দিৰ প্ৰাক-আহোম যুগৰ বুলি ঠাৱৰ কৰা হৈছে।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। ঐতিহ্য বুলিলে কি বুজা? ঐতিহ্যই কি কি দিশ সামৰি লয়?
উত্তৰঃ ঐতিহ্য হৈছে এটা জাতিৰ সভ্যতাৰ দাপোণ স্বৰূপ। এখন ঠাইৰ প্ৰাকৃতিক বৈভৱ, অতীতৰ বীৰগাথা, স্থাপত্য-ভাস্কৰ্য আৰু সাংস্কৃতিক পৰম্পৰা ঐতিহ্যই বহন কৰে। পুৰণি কালৰপৰা সমাজত চলি অহা ৰীতি-নীতি, আচাৰ-অনুষ্ঠান, শিল্প-সাহিত্য, জ্ঞান-প্ৰযুক্তি, ভাষা, খাদ্য, সাজ-পাৰ আদি সকলোবোৰ ঐতিহ্যৰ অন্তৰ্ভুক্ত। ঐতিহ্যই অতীতৰ সৈতে বৰ্তমানৰ সংযোগ স্থাপন কৰে আৰু ভৱিষ্যতৰ দিশে আগবাঢ়ি যাবলৈ মানুহক উদগনি যোগায়। ই এখন সমাজৰ পৰিচয়, মূল্যবোধ আৰু বিশ্বাসক প্ৰতিনিধিত্ব কৰে, যাৰ বাবে ইয়াক সমাজ আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

