⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 7 Assamese Important Chapter 4 কৃষক

Class 7 Assamese Important Chapter 4 কৃষক Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 4 কৃষক Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.

Class 7 Assamese Important Chapter 4 কৃষক

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION ANSWER

চমু প্ৰশ্ন আৰু উত্তৰ:

১। ‘কৃষক’ নামৰ কবিতাটিৰ কবি কোন?

উত্তৰঃ ‘কৃষক’ নামৰ কবিতাটিৰ কবি হ’ল তুলসীচন্দ্ৰ বৰুৱা।

২। কবি তুলসীচন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ কবি তুলসীচন্দ্ৰ বৰুৱাৰ জন্ম যোৰহাটত হৈছিল।

৩। তুলসীচন্দ্ৰ বৰুৱাই সংকলন কৰা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ তুলসীচন্দ্ৰ বৰুৱাই সংকলন কৰা গ্ৰন্থখনৰ নাম হ’ল ‘বটুকোষ’।

৪। ‘বটুকোষ’ গ্ৰন্থখনত কি সন্নিৱিষ্ট হৈছে?

উত্তৰঃ ‘বটুকোষ’ গ্ৰন্থখনত অসমৰ প্ৰচলিত খণ্ড বাক্য, ফকৰা-যোজনা আদি সন্নিৱিষ্ট হৈছে।

৫। তুলসীচন্দ্ৰ বৰুৱাক কি উপাধি প্ৰদান কৰা হৈছিল?

উত্তৰঃ তুলসীচন্দ্ৰ বৰুৱাক ‘সাহিত্য ৰত্ন’ উপাধি প্ৰদান কৰা হৈছিল।

৬। কিমান খ্ৰীষ্টাব্দত তুলসীচন্দ্ৰ বৰুৱাই ‘সাহিত্য ৰত্ন’ উপাধি লাভ কৰিছিল?

উত্তৰঃ ১৯২৯ খ্ৰীষ্টাব্দত তুলসীচন্দ্ৰ বৰুৱাই ‘সাহিত্য ৰত্ন’ উপাধি লাভ কৰিছিল।

৭। জীৱন নাৱৰ গুৰি-বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে?

উত্তৰঃ জীৱন নাৱৰ গুৰি-বঠা ধৰি কৃষকে সমাজক জীয়াই ৰাখিছে।

৮। কবিতাত কৃষকক কাৰ লগত তুলনা কৰা হৈছে?

উত্তৰঃ কবিতাত কৃষকক পিতৃৰ লগত তুলনা কৰা হৈছে।

৯। কাৰ যহতে লোকে বিদ্যাধন আৰ্জি স্বদেশৰ উন্নতি সাধিছে?

উত্তৰঃ কৃষকৰ যহতে লোকে বিদ্যাধন আৰ্জি স্বদেশৰ উন্নতি সাধিছে।

১০। কৃষকৰ উৎপাদন কিনা-বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে?

উত্তৰঃ কৃষকৰ উৎপাদন কিনা-বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে।

১১। দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে?

উত্তৰঃ কৃষকে যদি এটি মাথোঁ বাৰিষা বহি থাকে, তেতিয়া দেশত হাহাকাৰ লাগিব।

১২। কাৰ বিহনে জগত শ্মশান হ’ব বুলি কোৱা হৈছে?

উত্তৰঃ কৃষকৰ বিহনে জগত শ্মশান হ’ব বুলি কোৱা হৈছে।

১৩। যি ক্ৰিয়াপদত বাক্যৰ অৰ্থ সম্পূৰ্ণ হয়, তাক কি ক্ৰিয়া বোলে?

উত্তৰঃ যি ক্ৰিয়াপদত বাক্যৰ অৰ্থ সম্পূৰ্ণ হয়, তাক সমাপিকা ক্ৰিয়া বোলে।

১৪। যি ক্ৰিয়া পদে বাক্যৰ অৰ্থ সম্পূৰ্ণ নকৰে তাক কি ক্ৰিয়া বোলে?

উত্তৰঃ যি ক্ৰিয়া পদে বাক্যৰ অৰ্থ সম্পূৰ্ণ নকৰে তাক অসমাপিকা ক্ৰিয়া বোলে।

১৫। ডিব্ৰুগড়ৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিজ্ঞাপনটোত কেইটা পিয়ন পদৰ বাবে আবেদন বিচৰা হৈছে?

উত্তৰঃ বিজ্ঞাপনটোত ৩ টা পিয়ন পদৰ বাবে আবেদন বিচৰা হৈছে।

দীঘল প্ৰশ্ন আৰু উত্তৰ:

১। এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে, তেনেহ’লে দেশত কি কি সমস্যা হ’ব পাৰে?

উত্তৰঃ আমাৰ দেশখন এখন কৃষিপ্রধান দেশ, য’ত জীৱন-ধাৰণৰ বাবে সকলো স্তৰৰ লোকেই কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে। কবি তুলসীচন্দ্ৰ বৰুৱাই ‘কৃষক’ কবিতাত উল্লেখ কৰা মতে, যদি কৃষকে মাত্ৰ এটা বাৰিষা কাল খেতি-বাতি নকৰি ঘৰত বহি থাকে, তেনেহ’লে দেশত খাদ্যৰ তীব্ৰ অভাৱ ঘটিব আৰু চাৰিওফালে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’ব। খাদ্যৰ অভাবেই সমাজৰ বান্ধনি ছিগি থানবান কৰি পেলাব আৰু দেশৰ সকলো দিশৰ উন্নতি একেবাৰে ছাৰখাৰ হৈ যাব। কৃষকৰ শ্ৰম আৰু কৃষিজাত সামগ্ৰীৰ অবিহনে সমগ্ৰ দেশৰ অৰ্থনীতি আৰু মানুহৰ জনজীৱন সম্পূৰ্ণৰূপে স্থবিৰ আৰু বিপৰ্যস্ত হৈ পৰিব।

২। “তোমাৰ সমান নাই দেশ-হিতকৰ”— ইয়াত ‘তোমাৰ’ বুলি কাক কৈছে আৰু তেওঁক কিয় দেশ-হিতকৰ বুলি কৈছে?

উত্তৰঃ কবি তুলসীচন্দ্ৰ বৰুৱাই ৰচনা কৰা ‘কৃষক’ নামৰ কবিতাটিত ‘তোমাৰ’ বুলি সমাজৰ প্ৰাণদাতা ‘কৃষক’ক বুজোৱা হৈছে। কৃষকক ‘দেশ-হিতকৰ’ বুলি কোৱাৰ মূল কাৰণ হ’ল— তেওঁলোকেই অহোপুৰুষাৰ্থ আৰু হাড়ভঙা পৰিশ্ৰম কৰি সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে খাদ্যৰ যোগান ধৰে। কৃষকে জীৱন নাৱৰ গুৰি-বঠা ধৰি সমাজখনক জীয়াই ৰাখিছে। তেওঁলোকৰ শ্ৰমৰ ফলতেই বিদ্যাৰ্থীয়ে বিদ্যাধন আৰ্জি উন্নতি কৰিব পাৰিছে আৰু সদাগৰে তেওঁলোকৰ উৎপাদন কিনা-বেচা কৰি ধন-সম্পত্তি ঘটিবলৈ সক্ষম হৈছে। কৃষকৰ শ্ৰম আৰু অৱদানৰ অবিহনে দেশৰ প্ৰগতি অসম্ভৱ, সেয়েহে কৃষকক আটাইতকৈ ডাঙৰ দেশ-হিতকৰ বুলি অভিহিত কৰা হৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top