Class 7 Assamese Important Chapter 5 ভলুকা আৰু ভতুৱা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 5 ভলুকা আৰু ভতুৱা Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 5 ভলুকা আৰু ভতুৱা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
ভলুকা আৰু ভতুৱা
Chapter: 5
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। গুৱাহাটীত কিহৰ বাবে কৃত্ৰিম বানপানী হয়?
উত্তৰঃ মানুহে যেনিয়ে-তেনিয়ে জাবৰ-জোঁথৰ পেলোৱাৰ ফলত নলা-নৰ্দমাবোৰ বন্ধ হৈ গুৱাহাটীত কৃত্ৰিম বানপানী হয়।
২। বানপীড়িতসকলক উদ্ধাৰ কৰিবলৈ কোনটো দলে অভিযান চলাইছিল?
উত্তৰঃ এছ.ডি.আৰ.এফ. (SDRF) ৰ উদ্ধাৰকাৰী দলে বানপীড়িতসকলক উদ্ধাৰ কৰিবলৈ অভিযান চলাইছিল।
৩। চৰকাৰে বানপীড়িতসকললৈ কি কি সাহায্য আগবঢ়াইছিল?
উত্তৰঃ চৰকাৰে বানপীড়িতসকললৈ খাদ্য, খোৱাপানী আদি সাহায্য আগবঢ়াইছিল।
৪। উপমা কোন শ্ৰেণীৰ ছাত্ৰী?
উত্তৰঃ উপমা সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল।
৫। উপমাই কাৰ কাষত সাধু শুনিবলৈ বহিছিল?
উত্তৰঃ উপমাই নিজৰ আইতাকৰ কাষত বিচনাতে সাধু শুনিবলৈ বহিছিলগৈ।
৬। আইতাকে উপমাক কিহৰ সাধু কৈছিল?
উত্তৰঃ আইতাকে উপমাক আগৰ দিনৰ বানপানীৰ সময়ৰ সঁচা ঘটনা এটাৰ সাধু কৈছিল।
৭। ভলুকা আৰু ভতুৱা প্ৰকৃততে কোন আছিল?
উত্তৰঃ ভলুকা আৰু ভতুৱা আছিল আইতাকৰ গাঁৱৰ দুটা ঘেকুৰা কুকুৰ।
৮। বানপানীৰ সময়ত মানুহে ক’ত তম্বু তৰি লৈছিল?
উত্তৰঃ বানপানীৰ সময়ত মানুহে ওখ ঠাই বিচাৰি ঘাইপথৰ দাঁতিতে তম্বু তৰি লৈছিল।
৯। ঘাইপথৰ ওপৰত কাৰ কাৰ একাকাৰ হৈ পৰিছিল?
উত্তৰঃ ঘাইপথৰ ওপৰত গৰু, মানুহ, হাঁহ, পাৰ, ছাগলী আদি সকলোৰে একেলগে একাকাৰ হৈ পৰিছিল।
১০। ভলুকা আৰু ভতুৱাৰ মাজত সাধাৰণতে কেনে সম্বন্ধ আছিল?
উত্তৰঃ ভলুকা আৰু ভতুৱাৰ মাজত সদায় অহি-নকুল সম্বন্ধ আছিল, অৰ্থাৎ সিহঁতৰ মাজত ঘোৰ শত্ৰুতা আছিল।
১১। দুৰ্যোগ ব্যৱস্থাপনা কাক বোলে?
উত্তৰঃ দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীকে দুৰ্যোগ ব্যৱস্থাপনা বোলে।
১২। দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ কেইটা আৰু কি কি?
উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা হ’ল— আগতীয়া প্ৰস্তুতি, দুৰ্যোগৰ সময়ৰ জৰুৰীকালীন সঁহাৰি আৰু দুৰ্যোগৰ পাছৰ পুনৰ সংস্থাপনৰ প্ৰণালীবদ্ধ ব্যৱস্থা।
১৩। প্ৰাকৃতিক দুৰ্যোগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ প্ৰাকৃতিক দুৰ্যোগৰ দুটা উদাহৰণ হ’ল— বানপানী আৰু ভূমিকম্প।
১৪। মানৱসৃষ্ট দুৰ্যোগ কাক বোলে?
উত্তৰঃ মানুহৰ অৱহেলা, ভুল বা ইচ্ছাকৃতভাৱে সৃষ্টি হোৱা দুৰ্যোগক মানৱসৃষ্ট দুৰ্যোগ বোলে।
১৫। মানৱসৃষ্ট দুৰ্যোগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ মানৱসৃষ্ট দুৰ্যোগৰ দুটা উদাহৰণ হ’ল— বিস্ফোৰণ আৰু প্ৰদূষণ।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ মূল কাৰণবোৰ কি কি?
উত্তৰঃ গুৱাহাটীত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ হ’ল মানুহে যেনিয়ে-তেনিয়ে জাবৰ-জোঁথৰ পেলোৱা, যাৰ ফলত নলা-নৰ্দমাবোৰ বন্ধ হৈ পৰে। ইয়াৰ উপৰি পাহাৰ কাটি ঘৰ সজোৱাৰ ফলতো ওপৰৰ মাটি বৰষুণৰ পানীৰ লগত তললৈ নামি আহে আৰু সেই মাটিয়ে নলা-নৰ্দমাবোৰ বন্ধ কৰি পেলায়। ফলত বেছিকৈ বৰষুণ হ’লেই পানী ওলাই যাব নোৱাৰি গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

