Class 7 Assamese Important Chapter 6 তেজৰে কমলাপতি Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 6 তেজৰে কমলাপতি Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 6 তেজৰে কমলাপতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
তেজৰে কমলাপতি (পুৱা গোৱা বৰগীত)
Chapter: 6
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। ‘তেজৰে কমলাপতি’ বৰগীতটিৰ ৰচক কোন?
উত্তৰঃ ‘তেজৰে কমলাপতি’ বৰগীতটিৰ ৰচক হ’ল মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ।
২। শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম হৈছিল।
৩। শ্ৰীশ্ৰীমাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা।
৪। বৰগীতটিত ‘কমলাপতি’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ বৰগীতটিত ‘কমলাপতি’ বুলি ভগৱান শ্ৰীকৃষ্ণক কোৱা হৈছে।
৫। ‘তিমিৰ ফেৰিয়া বাজ’— আন্ধাৰ ফালি কি ওলায়?
উত্তৰঃ আন্ধাৰ ফালি সূৰ্যৰ কিৰণ বা পোহৰ ওলায়।
৬। ‘নন্দ গেল বাথানে গোৱাল গেল পাল’—ইয়াত ‘বাথান’ শব্দটোৱে কি বুজাইছে?
উত্তৰঃ ইয়াত ‘বাথান’ শব্দটোৱে গৰু আৰু ম’হৰ খুঁটি বা গোহালিক বুজাইছে।
৭। ‘কহয় মাধৱ মাই’— ‘মাই’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ ‘মাই’ বুলি শ্ৰীকৃষ্ণৰ মাতৃ যশোদাক কোৱা হৈছে।
৮। ত্ৰিজগতৰ পতি কোন?
উত্তৰঃ ত্ৰিজগতৰ পতি হ’ল ভগৱান শ্ৰীকৃষ্ণ (হৰি)।
৯। যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?
উত্তৰঃ ৰাতি পুৱাল বাবে অন্য গোপ বালকৰ লগত গৰু চৰাবলৈ যাবৰ বাবে যশোদাই কৃষ্ণক জগাইছিল।
১০। বৰগীতটিত কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছে?
উত্তৰঃ বৰগীতটিত কৃষ্ণক মৰমতে কমলাপতি, গোবিন্দ, গোপাল আৰু হৰি আদি নামেৰে মতা হৈছে।
১১। গৰখীয়াসকলে গৰু চৰাবলৈ যাওঁতে লগত কি কি বাদ্যযন্ত্ৰ নিছিল?
উত্তৰঃ গৰখীয়াসকলে গৰু চৰাবলৈ যাওঁতে লগত শিঙা আৰু বেণু (বাঁহী) নিছিল।
১২। বৰগীতসমূহ কোনটো ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰঃ বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছিল।
১৩। ব্ৰজাৱলী ভাষা কি?
উত্তৰঃ ব্ৰজাৱলী ভাষা হ’ল এটা সংমিশ্ৰিত ভাষা যিটো অসমীয়া, বাংলা, মৈথিলী আদি ভাষাৰ শব্দ মিলি সৃষ্টি হৈছে।
১৪। ‘ধ্ৰুং’ মানে কি?
উত্তৰঃ ধ্ৰুং হৈছে ধ্ৰুপদ বা ধ্ৰুৱপদৰ সংক্ষিপ্ত ৰূপ যাক গীতৰ দোহাৰ বুলিও কোৱা হয় আৰু ইয়াৰ সুৰ বিকৃত নহ’বৰ বাবে গীতৰ মাজে মাজে পুনৰাবৃত্তি কৰা হয়।
১৫। শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টিখনৰ নাম কি?
উত্তৰঃ শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টিখনৰ নাম হ’ল ‘নামঘোষা’।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। শ্ৰীশ্ৰীমাধৱদেৱৰ সাহিত্যিক অৱদানৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱে অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে বৰগীত, নাট, ভটিমা আদিৰ লগতে আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আদি বিভিন্ন পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ আটাইতকৈ মূল্যৱান আৰু অমৰ সৃষ্টি হ’ল ‘নামঘোষা’।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

