⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 10 Elective Geography Additional Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Class 10 Elective Geography Additional Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী Notes and select needs one.

Class 10 Elective Geography Additional Chapter 7 ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী

Chapter – 7

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। মানচিত্র কি?

উত্তৰঃ মানচিত্র হৈছে ভূ-পৃষ্ঠ বা তাৰ কোনো এটা অংশ এখন সমতলত এক নিৰ্দিষ্ট মাপনী অনুসৰি কৰা উপস্থাপন বা অংকন।

২। মাপনী কি?

উত্তৰঃ মাপনী হৈছে এক গাণিতিক উপায় যাৰ সহায়ত পৃথিৱী বা ইয়াৰ যিকোনো অংশক প্ৰয়োজন অনুসৰি সৰু কৰি দেখুৱাব পাৰি।

৩। মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী কেই প্ৰকাৰৰ?

উত্তৰঃ মানচিত্ৰত ব্যৱহাৰ কৰা মাপনী তিনি প্ৰকাৰৰ।

৪। মানচিত্ৰত ব্যৱহাৰ কৰা মাপনীসমূহ কি কি?

উত্তৰঃ মানচিত্ৰত ব্যৱহাৰ কৰা মাপনীসমূহ হ’ল ভাষাৰ স্কেল বা মাপনী, নিৰূপণ ভগ্নাংশৰ স্কেল আৰু ৰৈখিক মাপনী।

৫। ৰৈখিক মাপনী কি?

উত্তৰঃ ৰৈখিক মাপনী হৈছে মানচিত্ৰত ব্যৱহাৰ কৰা একপ্ৰকাৰ স্কেল।

৬। অসমৰ মুঠ ভূমি কিমান হেজাৰ হেক্টৰৰ ভিতৰত বনাঞ্চল আছে ১৯৩০ হেজাৰ হেক্টৰ?

উত্তৰঃ অসমৰ মুঠ ভূমি ৭৮৫০ হেজাৰ হেক্টৰৰ ভিতৰত বনাঞ্চল আছে ১৯৩০ হেজাৰ হেক্টৰ।

৭। অসমৰ ভূমি ব্যৱহাৰ মাটিকালি পতিত ভূমি কিমান হেজাৰ হেক্টৰ?

উত্তৰঃ অসমৰ ভূমি ব্যৱহাৰ মাটিকালি পতিত ভূমি ২৭৭ হেজাৰ হেক্টৰ।

৮। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ২০০১ ত কিমান আছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ২০০১ ত আছিল ১০২.৮

৯। মানচিত্র স্কেল কাক বোলে?

উত্তৰঃ যি অনুপাতত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্বক মানচিত্রত কম বা চুটি কৰি লোৱা হয় তাকেই মানচিত্ৰ স্কেল বোলে।

১০। সাংস্কৃতিক উপাদানবোৰ কি?

উত্তৰঃ সাংস্কৃতিক উপাদানবোৰ মানৱসৃষ্ট উপাদান।

১১। মানচিত্ৰৰ প্ৰধান উপাদানসমূহ কি কি?

উত্তৰঃ মানচিত্ৰৰ প্ৰধান উপাদানসমূহ হৈছে—

মানচিত্ৰৰ নাম, মানচিত্রৰ সীমাৰেখা, মানচিত্ৰৰ মাপনী, সাংকেতিক চিহ্ন, দূৰত্ব, দিশ, মাটিকালি আৰু মানচিত্ৰৰ আকৃতি আৰু আকাৰ।

১২। ভাষাৰ মাপনী কাক বোলে?

উত্তৰঃ মানচিত্ৰত যেতিয়া দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বক ভাষাৰে প্ৰকাশ কৰা হয় তাকে ভাষাৰ মাপনী বোলে।

১৩। নিৰূপক ভগ্নাংশৰ মাপনী কাক বোলে?

উত্তৰঃ মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক যেতিয়া এক বিশেষ ভগ্নাংশৰ জৰিয়তে প্ৰকাশ কৰা হয় তেতিয়া সেই মাপনী বা স্কেলক নিৰূপক ভগ্নাংশৰ মাপনী বোলা হয়।

১৪। দণ্ড লেখচিত্ৰ কাক বোলে?

উত্তৰঃ যি লেখচিত্ৰত কোনো এখন ঠাইৰ বা অঞ্চলৰ জনসংখ্যা অথবা উৎপাদনৰ এক দীঘলীয়া ধাৰা অথবা কেইবাখনো ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ জনসংখ্যা বা উৎপাদন আয়তাকাৰ দণ্ডৰ সহায়ত উপস্থাপন কৰা হয় তাকে দণ্ড লেখচিত্ৰ বোলে।

১৫। বৃত্ত লেখচিত্ৰ কাক বোলে?

উত্তৰঃ যি লেখচিত্ৰত এখন ঠাইৰ যিকোনো এটা ভৌগোলিক উপাদানৰ অংশ ভিত্তিক মানবিলাক আনুপাতিক হিচাপে বৃত্তৰ সহায়ত উপস্থাপন কৰা হয় সেই লেখচিত্ৰক বৃত্ত লেখচিত্ৰ বোলে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top