Class 10 Elective Geography Additional Chapter 5 জাপানৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography Additional Chapter 5 জাপানৰ আঞ্চলিক ভূগোল Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 5 জাপানৰ আঞ্চলিক ভূগোল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 5 জাপানৰ আঞ্চলিক ভূগোল Notes and select needs one.

Class 10 Elective Geography Additional Chapter 5 জাপানৰ আঞ্চলিক ভূগোল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

জাপানৰ আঞ্চলিক ভূগোল

Chapter – 5

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। জাপানৰ মুঠ দ্বীপৰ সংখ্যা কিমান?

উত্তৰঃ জাপানৰ মুঠ দ্বীপৰ সংখ্যা হ’ল ১,০৮৯ টা।

২। জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কি?

উত্তৰঃ জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ হ’ল হনছু।

৩। জাপানৰ কেইটা আগ্নেয়গিৰি জীৱন্ত?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ জাপানৰ ৫০ টা আগ্নেয়গিৰি জীৱন্ত।

৪। জাপানৰ কিমান শতাংশ ঠাই সমতলীয়?

উত্তৰঃ জাপানৰ ১৫ শতাংশ ঠাই সমতলীয়।

৫। জাপানৰ সৰ্ববৃহৎ সমভূমিখন কি?

উত্তৰঃ জাপানৰ সৰ্ববৃহৎ সমভূমিখন হ’ল কোৱান্ট সমভূমি।

৬। জাপানৰ একেবাৰে উত্তৰৰ প্ৰধান দ্বীপটো কি?

উত্তৰঃ জাপানৰ একেবাৰে উত্তৰৰ প্ৰধান দ্বীপটো হ’ল হ’কাইডো।

৭। জাপানৰ পশ্চিম উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্ৰিক সোঁতটো কি?

উত্তৰঃ জাপানৰ পশ্চিম উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্ৰিক সোঁতটো হ’ল ছু-ছিমা।

৮। উত্তৰৰপৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ‍্য কিমান?

উত্তৰঃ উত্তৰৰপৰা দক্ষিণলৈ জাপানৰ দৈর্ঘ‍্য ১,৬০০ কিল’মিটাৰ।

৯। জাপানৰ পূৱ উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্ৰিক সোঁতটো কি?

উত্তৰঃ জাপানৰ পূৱ উপকূলেদি বৈ থকা গৰম পানীৰ সামুদ্ৰিক সোঁতটো হ’ল কিউৰ’ছিও।

১০। জাপানৰ উত্তৰ-পশ্চিম উপকূলত বৰষুণৰ বাৰ্ষিক গড় পৰিমাণ কিমান?

উত্তৰঃ জাপানৰ উত্তৰ-পশ্চিম উপকূলত বৰষুণৰ বাৰ্ষিক গড় পৰিমাণ ২০০-ৰপৰা ২৫০ ছেঃমিঃ।

১১। ফুজিয়ামা আগ্নেয়গিৰি কোন পাৰ্বত্য অঞ্চলত অৱস্থিত?

উত্তৰঃ ফুজিয়ামা আগ্নেয়গিৰি হিডা পাৰ্বত্য অঞ্চলত অৱস্থিত।

১২। জাপানৰ প্ৰধান দ্বীপকেইটা কি কি?

উত্তৰঃ জাপানৰ প্ৰধান দ্বীপকেইটামান হ’ল হ’কাইডো, হনছু, ছিক’কু আৰু কিউছিউ।

১২। জাপানৰ নৈবোৰ কেনেকুৱা?

উত্তৰঃ জাপানৰ নৈবোৰ হ’ল চুটি, খৰস্রোতা আৰু সৰু।

১৩। জাপানৰ ৰাজধানী কি?

উত্তৰঃ জাপানৰ ৰাজধানী হ’ল ট’কিঅ।

১৪। জাপানৰ সৰ্ববৃহৎ বন্দৰটোৰ নাম কি?

উত্তৰঃ জাপানৰ সৰ্ববৃহৎ বন্দৰটোৰ নাম হ’ল য়ক’হামা।

১৫। পশ্চিমৰ কোনখন দেশৰ লগত জাপানৰ বহুতো সাদৃশ্য থকা বুলি কোৱা হয়?

উত্তৰঃ পশ্চিমৰ গ্ৰেট ব্ৰিটিইনৰ লগত জাপানৰ বহুতো সাদৃশ্য থকা বুলি কোৱা হয়।

১৬। জাপানৰ এবিধ প্ৰধান খাদ্যশস্য কি?

উত্তৰঃ জাপানৰ এবিধ প্ৰধান খাদ্যশস্য হ’ল ধান।

১৭। এনে এবিধ শিল্প-উদ্যোগেৰ নাম লিখা যিহত জাপানৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম?

উত্তৰঃ জাহাজ নিৰ্মাণ।

১৮। এচিয়াৰ পূৱ প্ৰান্তৰ দেশখন কি?

উত্তৰঃ এচিয়াৰ পূৱ প্ৰান্তৰ দেশখন হ’ল জাপান।

১৯। জনসংখ্যাৰ ভিত্তিত জাপান বিশ্বৰ কেই নম্বৰ বৃহৎ দেশ?

উত্তৰঃ জনসংখ্যাৰ ভিত্তিত জাপান বিশ্বৰ দশম বৃহৎ দেশ।

২০। জাপানৰ জনমূৰি বার্ষিক ৰাষ্ট্ৰীয় আয় বৰ্তমান কিমান?

উত্তৰঃ জাপানৰ জনমূৰি বাৰ্ষিক আয় বৰ্তমান ৩৩,০০০ ডলাৰ।

২১। জাপানৰ প্ৰধান দ্বীপ চাৰিটা কোনটো পৰ্বতমালাই আগুৰি আছে?

উত্তৰঃ জাপানৰ প্ৰধান দ্বীপ চাৰিটা ধেনুভিৰীয়া পৰ্বতমালাই আগুৰি আছে।

২২। জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কেইটা?

উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ চাৰিটা।

২৩। জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ কি কি?

উত্তৰঃ জাপানৰ প্ৰধান প্ৰাকৃতিক বিভাগসমূহ হৈছে— হ’কাইডো অঞ্চল, উত্তৰ-পূৱ জাপান অঞ্চল, মধ্য জাপান অঞ্চল আৰু দক্ষিণ-পশ্চিম জাপান অঞ্চল।

২৪। উত্তৰ-পূৱ জাপান অঞ্চলক কেইটা ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ উত্তৰ-পূৱ জাপান অঞ্চলক দুটা ভাগত ভাগ কৰা হৈছে।

২৫। জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ কি কি?

উত্তৰঃ জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ হৈছে— পুৰণি জাপান অঞ্চল আৰু হ’কাইডো অঞ্চল।

২৬। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা কিমান নিযুত?

উত্তৰঃ ২০০৭ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি জাপানৰ মুঠ জনসংখ্যা ১২৮ নিযুত।

২৭। জাপান দেশ প্ৰশান্ত মহাসাগৰৰ কোনটো অংশত আছে?

উত্তৰঃ জাপান দেশ প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত আছে।

২৮। পৃথিৱীৰ ভিতৰত জাপান জনসংখ্যাৰ ক্ষেত্ৰত কিমান স্থানত পৰে?

উত্তৰঃ পৃথিৱীৰ ভিতৰত জাপান জনসংখ্যাৰ ক্ষেত্ৰত দশম স্থানত পৰে।

২৯। জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল কেইটা?

উত্তৰঃ জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল চাৰিটা।

৩০। নুনী গছৰ বাবে কোনখন অঞ্চল বিখ্যাত?

উত্তৰঃ নুনী গছৰ বাবে পশ্চিম কাণ্টো অঞ্চল বিখ্যাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top