Class 10 Elective Geography Additional Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোল

Class 10 Elective Geography Additional Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোল Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোল Notes and select needs one.

Class 10 Elective Geography Additional Chapter 3 অঞ্চল বা আঞ্চলিক ভূগোল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

অঞ্চল বা আঞ্চলিক ভূগোল

Chapter – 3

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। অঞ্চল কি?

উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগোল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্ৰ অংশ বা ঠাই।

২। ভূ-পৃষ্ঠত অঞ্চলক কেই প্ৰকাৰে চিনাক্ত কৰিব পাৰি?

উত্তৰঃ ভূ-পৃষ্ঠত অঞ্চলক দুই প্ৰকাৰে চিনাক্ত কৰিব পাৰি।

৩। এচিয়া মহাদেশ ক’ত অৱস্থিত?

উত্তৰঃ এচিয়া মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত।

৪। পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশখন হৈছে এচিয়া মহাদেশ।

৫। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এচিয়া মহাদেশ।

৬। এচিয়া মহাদেশখনৰ মাটিকালি কিমান?

উত্তৰঃ এচিয়া মহাদেশখনৰ মাটিকালি ৪৪.৪ নিযুত বৰ্গ কিল’মিটাৰ।

৭। উত্তৰ আমেৰিকা মহাদেশখনৰ মাটিকালি কিমান?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখনৰ মাটিকালি ২৪.৩ নিযুত বৰ্গ কিল’মিটাৰ।

৮। উত্তৰ আমেৰিকা মহাদেশখনক প্ৰধানকৈ কেইটা ভূ-প্ৰকৃতিক ভাগত বিভক্ত কৰা হয়?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখনক প্ৰধানকৈ চাৰিটা ভূ-প্ৰকৃতিক ভাগত বিভক্ত কৰা হয়।

৯। উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগ কি কি?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখনৰ ভূ-প্ৰকৃতিক চাৰিটা ভাগ হ’ল— ৰকি পাৰ্বত্য অঞ্চল, বিশাল উচ্চ সমভূমি অঞ্চল, আপেলিছিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় সমতল ভূমি অঞ্চল।

১০। এচিয়া মহাদেশখনৰ উপকূলৰ দৈর্ঘ‍্য কিমান?

উত্তৰঃ এচিয়া মহাদেশখনৰ উপকূলৰ দৈর্ঘ‍্য প্ৰায় ৫৮,০০০ কিল’মিটাৰ। 

১১। পৃথিৱীৰ কিমান শতাংশ লোক কেৱল উত্তৰ গোলাৰ্ধত বাস কৰে?

উত্তৰঃ পৃথিৱীৰ প্ৰায় ৯০ শতাংশ লোক কেৱল উত্তৰ গোলাৰ্ধত বাস কৰে।

১২। ওচেনিয়া মহাদেশখনৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ওচেনিয়া মহাদেশখনৰ মুঠ মাটিকালি প্ৰায় ৯ নিযুত বৰ্গ কিল’মিটাৰ।

১৩। এচিয়া মহাদেশখন পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ আৱৰি আছে?

উত্তৰঃ এচিয়া মহাদেশখন পৃথিৱীৰ স্থলভাগৰ ৩০ শতাংশ আৱৰি আছে।

১৪। ইউৰোপ মহাদেশখনৰ মাটিকালি কিমান?

উত্তৰঃ ইউৰোপ মহাদেশখনৰ মাটিকালি ১০.৯ নিযুত বৰ্গ কিল’মিটাৰ।

১৫। দক্ষিণ আমেৰিকা মহাদেশৰ কিমান শতাংশ অঞ্চল অৰণ্যই আৱৰি আছে?

উত্তৰঃ দক্ষিণ আমেৰিকা মহাদেশৰ ৪০ শতাংশ অঞ্চল অৰণ্যই আৱৰি আছে।

১৬। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি?

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে ওচেনিয়া মহাদেশ।

১৭। আফ্ৰিকা মহাদেশখনৰ কিমান শতাংশ লোক কৃষিকৰ্মত নিয়োজিত থাকে?

উত্তৰঃ আফ্ৰিকা মহাদেশখনৰ ৭০ শতাংশ লোক কৃষিকৰ্মত নিয়োজিত থাকে।

১৮। কাংগো নদীৰ অৱবাহিকাত বসবাস কৰা লোকসকলক কি নামেৰে জনা যায়?

উত্তৰঃ কাংগো নদীৰ অৱবাহিকাত বসবাস কৰা আদিবাসী লোকসকলক পিগমি নামেৰে জনা যায়।

১৯। শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক কি বোলা হয়?

উত্তৰঃ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক টাইগা বোলা হয়।

২০। ভেনজুৱেলা তৃণভূমি অঞ্চলক কি নামেৰে জনা যায়?

উত্তৰঃ ভেনজুৱেলা তৃণভূমি অঞ্চলক লানোচ নামেৰে জনা যায়।

২১। ব্ৰাজিলৰ তৃণভূমি অঞ্চলক কি নামেৰে জনা যায়?

উত্তৰঃ ব্ৰাজিলৰ তৃণভূমি অঞ্চলক কেম্পোছ নামেৰে জনা যায়।

২২। এস্কিমোসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা নাওৰ নাম কি?

উত্তৰঃ এস্কিমোসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা নাওৰ নাম হৈছে কায়াক আৰু উমিয়াক।

২৩। শীতকালত এস্কিমোসকলে বসবাস কৰা বৰফেৰে নিৰ্মিত ঘৰটোক কি বোলা হয়?

উত্তৰঃ শীতকালত এস্কিমোসকলে বসবাস কৰা বৰফেৰে নিৰ্মিত ঘৰটোক ইগলু বোলা হয়।

২৪। গ্ৰীষ্মকালি ছিলৰ ছালেৰে সজা তম্বুঘৰক কি বোলা হয়?

উত্তৰঃ গ্ৰীষ্মকালি ছিলৰ ছালেৰে সজা তম্বুঘৰক টিউপিক বোলা হয়।

২৫। ভৌগোলিক অঞ্চলত ধৰাপৃষ্ঠত কেইটা পোৱা যায়?

উত্তৰঃ ভৌগোলিক অঞ্চলত ধৰাপৃষ্ঠত ১২টা পোৱা যায়।

২৬। মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন কি?

উত্তৰঃ মানুহৰ প্ৰধান জীৱিকা গ্ৰীষ্মকালীন পশুপালন।

২৭। ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ ঘাঁহনি অঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন।

২৮। প্ৰাকৃতিক অঞ্চল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ ভূ-অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ, সেইবোৰক একেলগে থূলমূলকৈ প্ৰাকৃতিক অঞ্চল বোলে।

২৯। মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?

উত্তৰঃ মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি।

৩০। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন?

উত্তৰঃ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ হৈছে আফ্ৰিকা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top