Class 10 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া

Class 10 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া Notes and select needs one.

Class 10 Elective Geography Additional Chapter 1 প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

প্ৰাকৃতিক ভূগোল ভূ-আকৃতিক প্ৰক্ৰিয়া

Chapter – 1

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। স্থলাকৃতি কি?

উত্তৰঃ স্থলাকৃতি হৈছে ভূ-পৃষ্ঠত থকা ভিন্ন প্ৰকাৰৰ ভূ-অৱয়বসমূহ।

২। ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি প্ৰধানকৈ কেই প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ সৈতে জড়িত?

উত্তৰঃ ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়াৰ সৈতে জড়িত।

৩। ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়া কি কি?

উত্তৰঃ ভূ-পৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ ভূ-আকৃতিক প্ৰক্ৰিয়া হ’ল বাহ্যিক প্ৰক্ৰিয়া আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া।

৪। ভূ-আকৃতিক প্ৰক্ৰিয়া কি?

উত্তৰঃ ভূ-আকৃতিক প্ৰক্ৰিয়া হৈছে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্ৰক্ৰিয়া।

৫। বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে?

উত্তৰঃ বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত— বতাহ, বৰষুণ, নদ-নদী, সাগৰৰ ঢৌ, হিমবাহ আদি পৰে।

৬। অপঘৰ্ষণ কি?

উত্তৰঃ অপঘৰ্ষণ হৈছে বতাহে সংঘটিত কৰা একপ্ৰকাৰ ক্ষয়কাৰ্য।

৭। সংনিঘর্ষণ কি?

উত্তৰঃ সংনিঘর্ষণ হৈছে এক ঘৰ্ষণজনিত প্ৰক্ৰিয়া।

৮। হিমবাহ কি?

উত্তৰঃ হিমবাহ হৈছে অতি ধীৰ গতিত প্ৰবাহিত হোৱা বৰফৰ থুপ।

৯। হিমবাহ কেই প্ৰকাৰৰ?

উত্তৰঃ হিমবাহ তিনি প্ৰকাৰৰ।

১০। হিমবাহ তিনি প্ৰকাৰৰ কি কি?

উত্তৰঃ হিমবাহ তিনি প্ৰকাৰৰ হ’ল—

(ক) মহাদেশীয় হিমবাহ।

(খ) পাৰ্বত্য হিমবাহ।

(গ) গিৰিপদ হিমবাহ।

১১। ক’ত গিৰিপদ বা শৈলপদী হিমবাহ দেখিবলৈ পোৱা যায়?

উত্তৰঃ উত্তৰ আমেৰিকাৰ আলাস্কাত গিৰিপদ বা শৈলপদী হিমবাহ দেখিবলৈ পোৱা যায়।

১২। গ্ৰাৱ কি?

উত্তৰঃ গ্ৰাৱ হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত অৱয়ব।

১৩। গ্ৰাৱ কেই প্ৰকাৰৰ?

উত্তৰঃ গ্ৰাৱ চাৰি প্ৰকাৰৰ।

১৪। গ্ৰাৱ চাৰি প্ৰকাৰৰ কি কি?

উত্তৰঃ গ্ৰাৱ চাৰি প্ৰকাৰৰ হ’ল—

(ক) পাৰ্শ্ব গ্ৰাৱ।

(খ) ভূমি গ্ৰাৱ।

(গ) মধ্য গ্ৰাৱ।

(ঘ) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্ৰাৱ।

১৫। পাৰ্শ্ব গ্ৰাৱ কাক বোলে?

উত্তৰঃ উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাৱক পাৰ্শ্ব গ্ৰাৱ বোলে।

১৬। মধ্য গ্ৰাৱ কাক বোলা হয়?

উত্তৰঃ হিমবাহৰ মাজভাগেদি উটি ভাহি অহা গ্ৰাৱক মধ্য গ্ৰাৱ বোলা হয়।

১৭। অন্তিম গ্ৰাৱ কাক বোলা হয়?

উত্তৰঃ হিমবাহ এটাৰ প্ৰান্তত বা শেষ সীমাত জমা হোৱা গ্ৰাৱক অন্তিম গ্ৰাৱ বোলা হয়।

১৮। ভূমি গ্ৰাৱ কাক বোলা হয়?

উত্তৰঃ উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্ৰাৱক ভূমি গ্ৰাৱ বোলা হয়।

১৯। ওলোমা উপত্যকা কি?

উত্তৰঃ ওমোলা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব।

২০। বতাহে মৰুভূমিত কেইটা কার্য সম্পাদন কৰে?

উত্তৰঃ বতাহে মৰুভূমিত তিনিটা কার্য সম্পাদন কৰে।

২১। বতাহে মৰুভূমিত তিনিটা কার্য সম্পাদন কি কি?

উত্তৰঃ বতাহে মৰুভূমিত তিনিটা কার্য সম্পাদন কৰে সেয়া হৈছে— খনন কাৰ্য, পৰিবহন কাৰ্য আৰু অৱক্ষেপন কাৰ্য।

২২। বাৰখান কি?

উত্তৰঃ বাৰখান হৈছে মৰুভূমিত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃতিৰ বালিৰ পাহাৰ।

২৩। ইনছেলবাৰ্গ কি?

উত্তৰঃ ইনছেলবাৰ্গ হৈছে মৰুভূমিত বতাহৰ ক্ষয়কাৰ্যৰ দ্বাৰা সৃষ্টি হোৱা বিশেষ ভূ-অৱয়ব।

২৪। হিমবাহৰ প্ৰান্তীয় অঞ্চলত পৰিলক্ষিত হোৱা কেইটামান অৱয়বৰ নাম কি?

উত্তৰঃ হিমবাহৰ প্ৰান্তীয় অঞ্চলত পৰিলক্ষিত হোৱা কেইটামান ভূ-অৱয়ব হৈছে— এস্কাৰ, ড্ৰামলিন, কেম।

২৫। নদীয়ে পৰিবহন আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে প্ৰধানকৈ কি কি অৱয়বৰ সৃষ্টি কৰে?

উত্তৰঃ নদীয়ে পৰিবহন আৰু অৱক্ষেপন কাৰ্যৰ জৰিয়তে প্ৰধানকৈ বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ আৰু ব-দ্বীপ আদি অৱয়বৰ সৃষ্টি কৰে।

২৬। বালিয়াৰিৰ আকাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ বালিয়াৰিৰ আকাৰ ভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ হৈছে— বায়ুপ্ৰবাহৰ ধৰ্ম, বতাহৰ গতিদিশ আৰু শক্তি তথা প্ৰাৱল্য, উদ্ভিদৰ আৱৰণ আৰু ভূমি গঠনৰ ওপৰত।

২৭। আভ্যন্তৰীণ প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত কি কি পৰে?

উত্তৰঃ আভ্যন্তৰীণ প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত পৰে— ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণ।

২৮। মহাদেশীয় হিমবাহ থকা প্ৰধান অঞ্চলসমূহ কি কি?

উত্তৰঃ মহাদেশীয় হিমবাহ থকা প্ৰধান অঞ্চলসমূহ হৈছে— উত্তৰ কানাডা, গ্ৰীণলেণ্ড, এণ্টাৰ্কটিকা আৰু স্কান্দিনেভিয়া। 

২৯। পাৰ্বত্য হিমবাহ থকা প্ৰধান অঞ্চলসমূহ কি কি?

উত্তৰঃ পাৰ্বত্য হিমবাহ থকা প্ৰধান অঞ্চলসমূহ হৈছে— ইউৰোপৰ আল্পছ, উত্তৰ আমেৰিকাৰ ৰকি পৰ্বতমালা আৰু এছিয়া মহাদেশৰ হিমালয় পাৰ্বত্য অঞ্চল।

৩০। বালিয়াৰি কি? 

উত্তৰঃ বালিয়াৰি হৈছে বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা একপ্ৰকাৰৰ ভূ-অৱয়ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top