Class 10 Elective Geography Additional Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography Additional Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল Notes and select needs one.

Class 10 Elective Geography Additional Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল

Chapter – 6

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ ভাৰতৰ মুঠ মাটিকালি ৩২,৮০,৪৮৩ বৰ্গ কিঃমিঃ।

২। ভাৰতবৰ্ষৰ দৈৰ্ঘ্য পূৱা-পশ্চিমকৈ কিমান?

উত্তৰঃ ভাৰতবৰ্ষৰ দৈৰ্ঘ্য পূৱা-পশ্চিমকৈ ২,৯৩৩ কিঃমিঃ।

৩। ভাৰতৰ স্থলভাগৰ সীমান্তৰ দৈৰ্ঘ্য কিমান?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ভাৰতৰ স্থলভাগৰ সীমান্তৰ দৈৰ্ঘ্য ১৫,২০০ কিঃমিঃ।

৪। উত্তৰা-দক্ষিণাকৈ ভাৰতৰ সৰ্বোচ্চ দৈৰ্ঘ্য কিমান?

উত্তৰঃ উত্তৰা-দক্ষিণাকৈ ভাৰতৰ সৰ্বোচ্চ দৈৰ্ঘ্য ৩,২১৪ কিঃমিঃ।

৫। ভাৰতবৰ্ষৰ উপকূল-ৰেখাৰ দীঘ কিমান?

উত্তৰঃ ভাৰতবৰ্ষৰ উপকূল-ৰেখাৰ দীঘ ৬,০৮৩ কিঃমিঃ।

৬। কোন সাগৰৰ তলিৰপৰা উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল?

উত্তৰঃ টেথিচ সাগৰৰ তলিৰপৰা উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল।

৭। ভাৰতৰ সোঁমাজেদি কোন ক্ৰান্তিৰেখা হৈছে?

উত্তৰঃ ভাৰতৰ সোঁমাজেদি কৰ্কটক্ৰান্তি ক্ৰান্তিৰেখা হৈছে।

৮। পামিৰ মালভূমি কি বুলি বিখ্যাত?

উত্তৰঃ পামিৰ মালভূমি পৃথিৱীৰ মূধচ বুলি বিখ্যাত।

৯। ভাৰতৰ পশ্চিম উপকূলৰ ভাগ দুটা কি কি?

উত্তৰঃ ভাৰতৰ পশ্চিম উপকূলৰ ভাগ দুটা হ’ল কোংকন উপকূল আৰু মালাবৰ উপকূল।

১০। জজি-লা গিৰিপথ ক’ত অৱস্থিত?

উত্তৰঃ জজি-লা গিৰিপথ লাডাখত অৱস্থিত।

১১। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ সমভূমি গড় হিচাপত কিমান বল?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ সমভূমি গড় হিচাপত বল ৯৬ কিল’মিটাৰ।

১২। দাক্ষিণাত্য মালভূমিৰ একেবাৰে উত্তৰ-পূৱৰ অংশৰ নাম কি?

উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ একেবাৰে উত্তৰ-পূৱৰ অংশৰ নাম হ’ল চোটানাগপুৰ মালভূমি।

১৩। ৰাজস্থানৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি?

উত্তৰঃ ৰাজস্থানৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ’ল সম্বৰ হ্ৰদ।

১৪। কোনখন নদী ৰাজস্থানৰ মৰুভূমিত পতিত হৈ শুকাই হৈছে?

উত্তৰঃ ঘাঘৰ নদী ৰাজস্থানৰ মৰুভূমিত পতিত হৈ শুকাই হৈছে।

১৫। পূৱ উপকূলৰ চাৰিটা হ্ৰদৰ নাম কি কি?

উত্তৰঃ পূৱ উপকূলৰ চাৰিটা হ্রদৰ নাম হ’ল চিল্কা, কৃষ্ণা, কলেৰণ আৰু পুলিকট।

১৬। গঙ্গানদীৰ উৎস কি?

উত্তৰঃ গঙ্গানদীৰ উৎস হৈছে হিমালয়ৰ গঙ্গোত্ৰী হিমবাহ।

১৭। ভাৰতৰ প্ৰধান দ্বীপপুঞ্জ কেইটা কি কি?

উত্তৰঃ ভাৰতৰ প্ৰধান দ্বীপপুঞ্জ কেইটা হ’ল আন্দামান-নিকোবৰ আৰু লাক্ষা দ্বীপপুঞ্জ।

১৮। উত্তৰ ভাৰতৰ প্ৰধান নদী কি কি?

উত্তৰঃ উত্তৰ ভাৰতৰ প্ৰধান নদী হ’ল গঙ্গা আৰু ব্ৰহ্মপুত্ৰ।

১৯। গঙ্গা নদীৰ দীঘ কিমান?

উত্তৰঃ গঙ্গা নদীৰ দীঘ ২,৪২৭ কিঃমিঃ।

২০। গঙ্গা নদীৰ লগত কোন ঠাইত যমুনা নদী মিলিত হৈছে?

উত্তৰঃ গঙ্গা নদীৰ লগত এলাহাবাদ ঠাইত যমুনা নদী মিলিত হৈছে।

২১। গঙ্গা নদীৰ পাৰ্বত্য অংশৰ দীঘ কিমান?

উত্তৰঃ গঙ্গা নদীৰ পাৰ্বত্য অংশৰ দীঘ ৩২০ কিঃমিঃ।

২২। পৃথিৱীৰ বৃহত্তম ব-দ্বীপটো কি?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম ব-দ্বীপটো হ’ল সুন্দৰবন।

২৩। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপ কি?

উত্তৰঃ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপ হ’ল মাজুলী।

২৪। নিকোবৰ দ্বীপপুঞ্জৰ কেইটা দ্বীপত মানুহৰ বসতি আছে?

উত্তৰঃ নিকোবৰ দ্বীপপুঞ্জৰ ১৩টা মান দ্বীপত মানুহৰ বসতি আছে।

২৫। তাপ্তী নদী ক’ৰপৰা ওলাইছে?

উত্তৰঃ তাপ্তী নদী মহাদেৱ পাহাৰৰ পৰা ওলাইছে।

২৬। তাপ্তীৰ প্ৰধান উপনৈ কি?

উত্তৰঃ তাপ্তীৰ প্ৰধান উপনৈ হ’ল পৰ্ণা।

২৭। মহানদী ক’ৰপৰা ওলাইছে?

উত্তৰঃ মহানদী পূৰ্বঘাট পৰ্বতৰপৰা ওলাইছে।

২৮। দাক্ষিণাত্যৰ প্ৰধান নদী কি?

উত্তৰঃ দাক্ষিণাত্যৰ প্ৰধান নদী হৈছে গোদাৱৰী।

২৯। গোদাৱৰী ক’ত পৰিছে?

উত্তৰঃ গোদাৱৰী বঙ্গোপসাগৰত পৰিছে।

৩০। কাবেৰী কি পৰ্বতৰপৰা ওলাইছে?

উত্তৰঃ কাবেৰী নীলগিৰি পৰ্বতৰপৰা ওলাইছে।

৩১। অসমৰ ক’ত গৰম পানীৰ উঁহ আছে?

উত্তৰঃ অসমৰ গোলাঘাট জিলাত গৰম পানীৰ উঁহ আছে।

৩২। দক্ষিণ ভাৰতৰ নদীবোৰ কি অৰ্থনৈতিক কাৰ্যৰ বাবে সুবিধাজনক?

উত্তৰঃ দক্ষিণ ভাৰতৰ নদীবোৰ জলবিদ্যুৎ উৎপাদন অৰ্থনৈতিক কাৰ্যৰ বাবে সুবিধাজনক।

৩৩। ভাৰতবৰ্ষত জহকালি কি বায়ুৰ প্ৰভাৱত বৰষুণ হয়?

উত্তৰঃ ভাৰতবৰ্ষত জহকালি দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হয়।

৩৪। ভাৰতৰ পূৱ উপকূলৰ বৃষ্টিপাতৰ বাৰ্ষিক গড় পৰিমাণ কিমান?

উত্তৰঃ ভাৰতৰ পূৱ উপকূলৰ বৃষ্টিপাতৰ বাৰ্ষিক গড় পৰিমাণ ২০৩ ছেঃমিঃ।

৩৫। চেৰাপুঞ্জীত বছৰি গড়ে কিমান পৰিমাণৰ বৰষুণ হয়?

উত্তৰঃ চেৰাপুঞ্জীত বছৰি গড়ে ১,২৭০ছেঃমিঃ পৰিমাণৰ বৰষুণ হয়।

৩৬। ক’লমাটি কি খেতিৰ উপযুক্ত?

উত্তৰঃ ক’লমাটি কপাহ খেতিৰ উপযুক্ত।

৩৭। ভাৰতৰ কিমান মাটি কৃষিভূমি?

উত্তৰঃ ভাৰতৰ প্ৰায় ১৭.১১ কোটি হেক্টৰ মাটি উপযুক্ত।

৩৮। ভাৰতৰ মুঠতে কিমান পৰিমাণৰ বনভূমি আছে?

উত্তৰঃ ভাৰতৰ ৭,৫০,৩০,০০০ হেক্টৰ পৰিমাণৰ বনভূমি আছে।

৩৯। পাহাৰৰ ঢালৰ হাবি-বন কাটি কৰা অস্থায়ী খেতিক কি বোলে?

উত্তৰঃ পাহাৰৰ ঢালৰ হাবি-বন কাটি কৰা অস্থায়ী খেতিক ঝুমখেতি বোলে।

৪০। মৰুভূমিৰ মাটিৰ কিহৰ পৰিমাণ বেছি?

উত্তৰঃ মৰুভূমিৰ মাটিৰ লৱণৰ পৰিমাণ বেছি।

৪১। অসমৰ প্ৰধান ৰোপণ কৃষি কি?

উত্তৰঃ অসমৰ প্ৰধান ৰোপণ কৃষি হৈছে চাহ খেতি।

৪২। বাৰিষাকালি উৎপাদন কৰা শস্যক কি বোলে?

উত্তৰঃ বাৰিষাকালি উৎপাদন কৰা শস্যক খৰালি বোলে।

৪৩। উত্তৰ ভাৰতৰ দুবিধ প্ৰধান খাদ্যশস্যৰ নাম কি?

উত্তৰঃ উত্তৰ ভাৰতৰ দুবিধ প্ৰধান খাদ্যশস্যৰ নাম হৈছে ঘেঁহু আৰু ধান।

৪৪। ভাৰতৰ এবিধ প্ৰধান অৰ্থ-শস্য কি?

উত্তৰঃ ভাৰতৰ এবিধ প্ৰধান অৰ্থ-শস্য হ’ল চাহপাত।

৪৫। ভাৰতৰ কোন অঞ্চলৰ চাহ সুগন্ধৰ বাবে পৃথিৱী বিখ্যাত?

উত্তৰঃ ভাৰতৰ দাৰ্জিলিং অঞ্চলৰ চাহ সুগন্ধৰ বাবে পৃথিৱী বিখ্যাত।

৪৬। ভাৰতৰ দুবিধ প্ৰধান খনিজ সম্পদৰ নাম কি?

উত্তৰঃ ভাৰতৰ দুবিধ প্ৰধান খনিজ সম্পদৰ নাম হ’ল কয়লা আৰু লৌহ-অয়স্ক।

৪৭। ভাৰতৰ স্থান কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত কি?

উত্তৰঃ ভাৰতৰ স্থান কপাহ উৎপাদনত পৃথিৱীৰ ভিতৰত দ্বিতীয়।

৪৮। অসমে ভাৰতবৰ্ষৰ মুঠ চাহৰ কিমান উৎপাদন কৰে?

উত্তৰঃ অসমে ভাৰতবৰ্ষৰ মুঠ চাহৰ প্ৰায় ৫০ শতাংশ উৎপাদন কৰে।

৪৯। অসমৰ ক’ত সাৰ কাৰখানা আছে?

উত্তৰঃ অসমৰ নামৰূপত সাৰ কাৰখানা আছে।

৫০। ক’লকতাৰ ওচৰে-পাজৰে কেইটা মৰাপাট কল আছে?

উত্তৰঃ ক’লকতাৰ ওচৰে-পাজৰে ৬৯ টা মৰাপাট কল আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top