Class 10 Elective Geography Additional Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

Class 10 Elective Geography Additional Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Solutions, SEBA Class 10 Elective Geography Extra and Short Type Question Answer, Class 10 Elective Geography Additional Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 10 Elective Geography Additional Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা Notes and select needs one.

Class 10 Elective Geography Additional Chapter 2 পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 10 Elective Geography Important Question Answer These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 10 Elective Geography Extra Notes for All Subject, You can practice these here.

পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা

Chapter – 2

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। পৰিৱেশ বুলি কাক কোৱা হয়?

উত্তৰঃ জীৱ বা জীব সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়।

২। পৰিৱেশৰ উপাদান কাক বোলে?

উত্তৰঃ যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে তাকে পৰিৱেশৰ উপাদান বোলে।

৩। পৰিৱেশৰ উপাদানবোৰক প্ৰধানকৈ কেইটা মৌলিক ভাগত ভাগ কৰা হয়?

উত্তৰঃ পৰিৱেশৰ উপাদানবোৰক প্ৰধানকৈ দুটা মৌলিক ভাগত ভাগ কৰা হয়।

৪। পৰিৱেশৰ উপাদানবোৰৰ দুটা মৌলিক ভাগ কি কি?

উত্তৰঃ পৰিৱেশৰ উপাদানবোৰৰ দুটা মৌলিক ভাগ হৈছে— জীৱীয় উপাদান আৰু অজীৱীয় উপাদান।

৫। পৰিৱেশৰ ভাৰসাম্য অৱস্থা কি?

উত্তৰঃ পৰিৱেশৰ ভাৰসাম্য অৱস্থা হৈছে পৰিৱেশৰ এক স্থিতাৱস্থা বা সুস্থিৰ অৱস্থা।

৬। পৰিৱেশৰ উপাদানসমূহ কেইটা মণ্ডলত অন্তৰ্গত।

উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডলত অন্তৰ্গত।

৭। পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডল কি কি?

উত্তৰঃ পৰিৱেশৰ উপাদানসমূহ চাৰিটা মণ্ডল হৈছে— স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডল।

৮। স্থলমণ্ডলে ভূ-পৃষ্ঠত কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ স্থলমণ্ডলে ভূ-পৃষ্ঠত প্ৰায় ২৯ শতাংশ আগুৰি আছে।

৯। কিমান চনত উদ্গীৰণ হোৱা আগ্নেয়গিৰিটোৰ স্থান আছিল সুমাত্ৰাৰ ক্ৰাকাটোৱে আগ্নেয়গিৰি?

উত্তৰঃ ১৮৮৩ চনত উদ্গীৰণ হোৱা আগ্নেয়গিৰিটোৰ স্থান আছিল সুমাত্ৰাৰ ক্ৰাকাটোৱে আগ্নেয়গিৰি।

১০। মাটিৰ সৃষ্টি আৰু ধৰ্ম কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ মাটিৰ সৃষ্টি আৰু ধৰ্ম নিৰ্ভৰশীল কাৰকসমূহ হৈছে— ভূ-তাত্ত্বিক গঠন, ভূমিৰ ঢাল, বৰষুণৰ পৰিমাণ, উদ্ভিদৰ আৱৰণ।

১১। মধ্য আক্ষাংশৰ ঘাঁহনি অঞ্চলত পোৱা মাটিবিধৰ নাম কি?

উত্তৰঃ মধ্য আক্ষাংশৰ ঘাঁহনি অঞ্চলত পোৱা মাটিবিধৰ নাম হৈছে— চাৰ্নোজেম।

১২। বায়ুমণ্ডল ভূ-পৃষ্ঠৰপৰা কিমান কিল’মিটাৰ উচ্চতালৈ বিয়পি আছে?

উত্তৰঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰপৰা প্ৰায় ৪৮০ কিল’মিটাৰ উচ্চতালৈ বিয়পি আছে।

১৩। বায়ুমণ্ডল কাক বোলে?

উত্তৰঃ অক্সিজেন, নাইট্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোক বায়ুমণ্ডল বোলে।

১৪। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ জলমণ্ডলে ভূ-পৃষ্ঠৰ ৭১ শতাংশ আগুৰি আছে।

১৫। স্থলমণ্ডল কাক বোলে?

উত্তৰঃ শিল, মণিক, বালি, মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে।

১৬। মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তি কি?

উত্তৰঃ মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তি হ’ল পৰিৱেশ।

১৭। বননি ধ্বংস কাৰ্য্যক কি বুলি কোৱা হয়?

উত্তৰঃ বননি ধ্বংস কাৰ্য্যক নিৰ্বনীকৰণ বুলি কোৱা হয়।

১৮। বায়ু প্ৰদূষণ বুলিলে কি বুজায়?

উত্তৰঃ বায়ু প্ৰদূষণ বুলিলে সাধাৰণতে মানুহৰ কাৰ্যৰ ফলত বায়ু দূষিত হোৱাটোকে বুজায়।

১৯। বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা কি?

উত্তৰঃ বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা হৈছে এচিড বৰষুণ।

২০। পানী প্ৰদূষণ বুলি কাক কোৱা হয়?

উত্তৰঃ দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত নিৰ্মল পানী ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয়।

২১। কোনটো অঞ্চলৰ প্ৰাকৃতিক অৱস্থা বহু বেলেগ?

উত্তৰঃ সুউচ্চ পাৰ্বত্য অঞ্চলৰ প্ৰাকৃতিক অৱস্থা বহু বেলেগ।

২২। পাহাৰীয়া অঞ্চলত কমেও কিমান শতাংশত বননিৰ আৱৰণ থকাটো দৰকাৰ?

উত্তৰঃ পাহাৰীয়া অঞ্চলত কমেও ৬০ শতাংশত বননিৰ আৱৰণ থকাটো দৰকাৰ।

২৩। মানুহ কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ  মানুহ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল।

২৪। নিৰক্ষীয় অঞ্চলত থকা ডাঠ চিৰসেউজীয়া অৰণ্যত কিমান খলপীয়া উদ্ভিদ দেখা যায়?

উত্তৰঃ নিৰক্ষীয় অঞ্চলত থকা ডাঠ চিৰসেউজীয়া অৰণ্যত তিনি খলপীয়া উদ্ভিদ দেখা যায়।

২৫। এতিয়ালৈকে প্ৰায় কিমান নিযুত জীৱ-প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে?

উত্তৰঃ এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত জীৱ-প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে।

২৬। স্থলমণ্ডলৰ অন্তৰ্গত প্ৰাকৃতিক অৱয়বসমূহ কি কি?

উত্তৰঃ স্থলমণ্ডলৰ অন্তৰ্গত প্ৰাকৃতিক অৱয়বসমূহ হৈছে— পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি, নদী-উপত্যকা, উপকূল, অৰণ্য আদি।

২৭। কি কি কাৰকে এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ নিৰূপণ কৰে?

উত্তৰঃ এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ নিৰূপণকাৰী কাৰকসমূহ হৈছে— ভূ-পৃষ্ঠত ঠাইখনৰ অৱস্থান, ভূ-আকৃতি, সাগৰ পৃষ্ঠৰপৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদি।

২৮। বায়ুমণ্ডল কিহেৰে গঠিত?

উত্তৰঃ বায়ুমণ্ডল এটা গেছীয় পদাৰ্থৰ ডাঠ তৰলেৰে গঠিত। বায়ুমণ্ডলক আৱৰি থকা গেছসমূহ হৈছে— অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, কাৰ্বন ডাই-অক্সাইডকে আদি কৰি বহুতো গেছ।

২৯। উচ্চ অক্ষাংশৰ মাটিৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ উচ্চ অক্ষাংশৰ মাটিবোৰ শীতল আৰু জীপাল পৰিৱেশৰ আৰু এনে মাটিত সাধাৰণতে সৰলবৰ্গীয় গছ জন্মে। এনে অম্লতা অধিক। উচ্চ অক্ষাংশৰ এনে মাটিক পডজল বুলি কোৱা হয়।

৩০। গোলকীয় উত্তাপ বৃদ্ধি মানে কি?

উত্তৰঃ মানুহৰ প্ৰকৃতি-বিৰোধী কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোৱে হৈছে গোলকীয় উত্তাপ বৃদ্ধি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top