Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা

Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা, Elective Geography Class 10 SEBA Question Answer in Assamese. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা and select needs one.

Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা Solutions for All Subject, You can practice these here…

পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা

Chapter : 2

দ্বিতীয় খণ্ড

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশক কিয় এটা তন্ত্র হিচাপে বিবেচনা কৰা হয় ? 

উত্তৰঃ জীৱ বা জীব সম্প্রদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয় । অর্থাৎ যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই উপাদানবােৰৰ পাৰম্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্রয়ােজনীয় পৰিৱেশ গঢ়ি তােলে । পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক আৰু ই বহুতাে উপাদানৰ পাৰম্পৰিক সম্পৰ্কৰ ফল । 

পৰিৱেশক এটা তন্ত্র ( System ) হিচাপে বিবেচনা কৰা হয় । গােলকীয় পর্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে কার্য কৰি আছে । তন্ত্র শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পর্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচিত কৰে । পৃথিৱীৰ পৰিৱেশ তন্ত্র বহুতো জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্রিয়াৰ ফলস্বৰূপে সৃষ্টি হৈছে । বিভিন্ন উপাদানৰ ক্ৰিয়াৰ ফলত পৰিৱেশ সৃষ্টি হােৱা বাবে পৰিৱেশক এটা তন্ত্ৰ বুলি কোৱা হয় । 

প্রশ্ন ২। পৃথিৱীৰ বায়ুমণ্ডল , স্থলমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পর্ক উদাহৰণ দি বুজোৱা ।

স্থল , জল , জীৱ আৰু বায়ু — এই মণ্ডল কেইটাৰ পাৰস্পৰিক সম্পৰ্কৰ ফল পৃথিৱীৰ পৰিৱেশ ( পিটাৰ হেগেট , ১৯৮৩ ) পৃথিৱীৰ আটাইকেইখন মহাদেশ স্থলমণ্ডলৰ অন্তৰ্গত । স্থলমণ্ডলৰ ভিতৰত শিল , মাটি , বালি আদিকে ধৰি পৰ্বত – পাহাৰ , মালভূমি , সমভূমি , মৰুভূমি, নদী – উপত্যকা , উপকূল আদি প্রাকৃতিক অৱয়ববােৰ থাকে । 

পৃথিৱাৰ সাগৰ – মহাসাগৰবােৰ জলমণ্ডলৰ অন্তৰ্গত । স্থলমণ্ডলত থকা নদ – নদী , খাল – বিল , হ্রদ আদি জলাশয়বােৰ জলমণ্ডলৰ ভিতৰত পৰে । জীৱমণ্ডলৰ ভিতৰত পৰে জীৱিত প্রাণী আৰু উদ্ভিদবােৰ , বায়ুমণ্ডলত চৰাই , কীটপতংগ তথা বিভিন্ন অণুজীৱসমূহ আৰু ভূ – পৃষ্ঠৰ পৰা ক্রমে ওপৰলৈ বিয়পি থকা গেছীয় পদাৰ্থৰ ডাঠ তৰপটো হৈছে বায়ুমণ্ডল । অক্সিজেন , নাইট্রজেন , হাইড্রজেন , কার্বন ডাই – অক্সাইড আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত । বায়ুমণ্ডলত থকা বিভিন্ন গেছবােৰৰ সৈতে জীৱমণ্ডলৰ প্রাণীসমূহৰ এক গভীৰ সম্পর্ক আছে ।

প্রশ্ন ৩। পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ কিয় এক নহয় চমুকৈ লিখা । 

উত্তৰঃ পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ একে নহয় । পৰিৱেশতন্ত্রণ অন্তর্গত কোনাে এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে আন অঞ্চলৰ পৰিৱেশক গভীৰভাৱে প্রভাবিত কৰে । পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নােহােৱাৰ কাৰণসমূহ হৈছে — জলবায়ুৰ ভিন্নতা , জলচক্র , বতাহ , সাগৰীয় সোঁত , প্রবাহিত নৈ আদিৰ বাবে । বেলেগ বেলেগ ঠাইৰ পৰিৱেশৰ সৈতে ইখনৰ মাজত আন খনৰ সম্পৰ্ক থকা দেখা যায় । বিভিন্ন ভৌগােলিক কাৰণতে প্ৰতিটো অঞ্চলৰ পৰিৱেশৰ কিছু কিছু সুকীয়া ধর্ম বা বৈশিষ্ট্য থাকে । প্রাকৃতিক উপাদানবােৰৰ গুণাগুণৰ ভিন্নতা , মাটি , পানী , উত্তাপ , জীৱ আদিৰ ভিন্নতাৰ বাবে পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নহয় । ভূ – পৃষ্ঠত ঠাইৰ অৱস্থান, ভূ – আকৃতি , সাগৰ – মহাসাগৰৰ পৰা দূৰত্ব , সাগৰ পৃষ্ঠৰপৰা উচ্চতা , জলবায়ু , উদ্ভিদ , বন্যপ্রাণী আদি বিভিন্ন কাৰকে কোনাে ঠাইৰ পৰিৱেশ নিৰূপণ কৰে । অঞ্চলভেদে এই কাৰকসমূহৰ পার্থক্য পৰিলক্ষিত হয় আৰু ইয়ে ভূ – পৃষ্ঠত পৰিৱেশৰ আঞ্চলিক পার্থক্য আনে ।

প্রশ্ন ৪। পৰিৱেশ ভূগােলৰ সংজ্ঞা দিয়া । 

উত্তৰঃ ভূগােলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবােৰৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্রয়াস কৰে , তাকে পৰিৱেশ ভূগােল বােলা হয় । অর্থাৎ পৰিৱেশ ভূগােল হৈছে পৃথিৱীৰ পৰিৱেশৰ ভৌগােলিক অধ্যয়ন । 

ভৌগােলিক অধ্যয়নৰ উপজীৱ হৈছে ভূ – পৃষ্ঠত বিৰাজ কৰা মানুহ আৰু পৰিৱেশৰ মাজত থকা বিৱৰ্তনশীল সম্পর্ক । ভৌগােলিক অধ্যয়নে মানুহ আৰু পৰিৱেশৰ মাজত থকা অঞ্চলভেদে পার্থক্য আৰু অঞ্চলবােৰৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা স্পষ্টকৈ দাঙি ধৰিবলৈ যত্ন কৰে ।  

প্রশ্ন ৫। ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলােচনা কৰা । 

উত্তৰঃ ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক । পৃথিৱীৰ বিভিন্ন ঠাইৰ পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে পৰিৱেশ ভূগােলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে । পৰিৱেশ বিজ্ঞান বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম – বেছি পৰিমাণে জড়িত হৈ আছে বাবে ইয়াক বিজ্ঞানৰ এক সমন্বিত অধ্যয়ন বুলিও ক’ব পাৰি । পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি , স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে । পৰিৱেশ ভূগােলত আলােচিত বিষয়সমূহ হৈছে — কোনাে এটা অঞ্চলত সংঘটিত বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিমাণ , বানপানী , গৰাখহনীয়া , ভূমিস্থলন আদি প্রাকৃতিক দুর্যোগ সংঘটিত হোৱা স্থান আৰু কাৰণ , প্ৰদূষণে কেনেদৰে পৰিৱেশ বিনষ্ট কৰে আদি সকলোবােৰ বিষয় । প্রাকৃতিক সম্পদৰ পৰিৱেশ – অনকূল ব্যৱহাৰ , পৰিৱেশৰ পৰিচালনা , বহনক্ষম উন্নয়ন আদি সকলােবােৰ পৰিৱেশ ভূগােল অধ্যয়নৰ বিষয়বস্তু । 

পৰিৱেশ ভূগােলে বিশেষকৈ উন্নয়ন যে পৰিৱেশ , সমাজ আৰু আর্থিক বিকাশৰ অনুকূলে পৰিচালিত হ’ব লাগে সেই কথাৰ ওপৰত মনযােগ দিয়ে । পৰিৱেশ ভূগোল অধ্যয়নৰ প্রধান উদ্দেশ্য হৈছে পৰিৱেশৰ ঐতিহাসিক বিকাশ , জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্পর্ক , প্রাকৃতিক দুর্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা , অর্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্পর্ক আদি । এনেবােৰ বিষয় অধ্যয়ন কৰাৰ বাবে সাম্প্রতিক কালত পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক । 

প্রশ্ন ৬৷ পৰিৱেশ ভূগােলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া । 

উত্তৰঃ পৰিৱেশ ভূগোল বিষয়টো অধ্যয়ন কৰাৰ মুখ্য উদ্দেশ্য হৈছে প্ৰাকৃতিক সম্পদৰ পৰিৱেশ – অনুকূল ব্যৱহাৰ তথা পৰিৱেশৰ ব্যৱহাৰ জৰিয়তে বহনক্ষম উন্নয়ন সম্ভৱপৰ কৰি তােলা । সাম্প্রতিক সময়ছোৱাত দ্রুতগতিত বৃদ্ধি পােৱা জনসংখ্যা , নগৰীকৰণ কৰু উদ্যোগীকৰণৰ প্রসাৰ আদিয়ে পৰিৱেশৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰিছে । যাতায়ত আৰু পৰিবহণৰ অভূতপূর্ব প্রসাৰ , অত্যাধিক সম্পদ আহৰণৰ প্রচেষ্টা , যানবাহনত মাত্রাধিক খনিজ ইন্ধনৰ ব্যৱহাৰে নানা ধৰণৰ পৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে । মানুহৰ এনে অপৰিকল্পিত কার্যকলাপৰ ফলত হাবি – বননি ধ্বংস হৈছে , জৈৱ – বৈচিত্ৰৰ সংকোচন ঘটিছে , গােলকীয় উত্তাপ বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ প্ৰদূষণৰ সমস্যাই গা কৰি উঠিছে । ভূগােলবিদসকলে পৰিৱেশ ভূগােল বিষয়টোৰ জৰিয়তে এই ধৰণৰ পাৰিৱেশিক সমস্যাবােৰৰ এক প্ৰণালীবদ্ধ বিজ্ঞানভিত্তিক অধ্যয়ন কৰি তাৰ সমাধানৰ উপায় উলিয়াবলৈ প্ৰয়াস কৰিছে । 

পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কাম – কাজক কেন্দ্ৰ কৰি ঠাই ভেদে পৰিৱেশৰ স্থিতি স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে । পৰিৱেশ ভূগােলৰ উদ্দেশ্য হৈছে –পৰিৱেশৰ ঐতিহাসিক বিকাশ , জনসংখ্যা বৃদ্ধিৰ সৈতে পৰিৱেশৰ সম্বন্ধ , প্রাকৃতিক দুর্যোগৰ ব্যৱস্থাপনা , অর্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্বন্ধ আদি অধ্যয়ন কৰা আৰু এক সুস্থিৰ সিদ্ধান্তত উপনীত হােৱা । 

প্রশ্ন ৭৷ পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা । 

উত্তৰঃ পৰিৱেশৰ উপাদান বুলিলে সেইবােৰ উপাদানকে ধৰা হয় যিবােৰে পাৰস্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্রয়ােজনীয় পৰিৱেশ গঢ়ি তােলে । যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই সকলােবােৰেই পৰিৱেশৰ উপাদান । পৰিৱেশৰ উপাদানবােৰক প্ৰধানকৈ দুটা মৌলিক ভাগত ভাগ কৰা হয় । সেয়া হৈছে — 

( ক ) জীৱীয় উপাদান ( Biotic Element ) আৰু    

( খ ) অজীৱীয় উপাদান ( Abiotic Element ) । 

জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্গত । জীৱীয় উপাদানৰ ভিতৰত নানা প্রজাতিৰ উদ্ভিদ , অণুজীৱ আৰু বৃহৎ আকাৰৰ প্রাণীসমূহ পৰে । আনহাতে জীৱহীন বা প্রাণহীন সকলাে উপাদান অজীৱীয় উপাদানৰ অন্তর্গত । অর্থাৎ স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল তথা জীবমণ্ডলৰ সকলাে প্রাণহীন বস্তুৱেই অজীৱীয় উপাদান । 

প্রশ্ন ৮। তলত উল্লেখ কৰা উপাদানবােৰ জীৱীয় আৰু অজীৱীয়— এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰােৱা– 

উপাদানঃ বালি , মণিক , বেক্টেৰিয়া , উদ্ভিদ প্লৱক ( Phytoplankton) , ঘাঁহ , বৰষুণ , আর্দ্রতা , মাটি , পানী , অৰণ্য , কীটপতংগ , ভাইৰাছ , কয়লা , খনিজ তেল , মেনগ্রভ , সৌৰ শক্তি ।

উত্তৰঃ                           

প্রশ্ন ৯। পাৰিৱেশিক সমস্যা মানে কি ? 

উত্তৰঃ প্রাকৃতিক পৰিৱেশ আৰু তাত থকা বিভিন্ন উপাদানৰ লগতে বাসিন্দাসকলে সন্মুখীন হােৱা সমস্যাবােৰেই পাৰিৱেশিক সমস্যা । পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰা পৰিৱেশ সম্পৰ্কীয় সকলাে সমস্যাই পাৰিৱেশ সমস্যাৰ অন্তৰ্গত । বিভিন্ন প্রকাৰৰ পাৰিৱেশিক সমস্যা হৈচ্ছে — নির্বনীকৰণ ( Deforestation ) , জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা বায়ু প্ৰদূষণ , পানী প্রদূষণ , মাটি প্ৰদূষণ ; গােলকীয় উত্তাপ বৃদ্ধি আদি । সাম্প্রতিক কালত জনসংখ্যাৰ দ্রুত বৃদ্ধি , ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদন ব্যৱস্থাত প্রযুক্তি ব্যাপক প্রয়ােগ , যানবাহনৰ পৰিমাণ বৃদ্ধি , নগৰ – মহানগৰৰ সম্প্ৰসাৰণ আদিৰ ফলত পৰিৱেশৰ ওপৰত গভীৰ হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে । 

প্রশ্ন ১০। পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ উল্লেখ কৰা ।

উত্তৰঃ পৃথিৱীৰ পাৰিৱেশিক সমস্যাসমূহ ক্রমে বৃদ্ধি পাই অহাৰ কাৰণসমূহ হৈছে — সভ্যতাৰ অগ্রগতি আৰু জনসংখ্যা বিস্ফোৰণৰ ফলস্বৰূপে মানুহে পৰিৱেশক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । উদ্যোগীকৰণ , নগৰীকৰণ , শিল্প উদ্যোগৰ পৰিমাণ বৃদ্ধি আৰু বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে । নগৰীকৰণ তথা নগৰীয়া জনসংখ্যা বৃদ্ধি পােৱাৰ ফলত প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছে , অত্যাধুনিক যন্ত্রপাতিৰ প্রয়ােগ বাঢ়িছে , যানবাহন , আচবাব , অনুষ্ঠান – প্রতিষ্ঠান বৃদ্ধিৰ লগতে বননি ধংস হৈছে আৰু পৰিৱেশৰ প্রতি ভাবুকিৰ সৃষ্টি হৈছে । উদ্যোগ ক্ষেত্ৰৰ অভূতপূর্ব বিকাশে প্রাকৃতিক সম্পদৰ মাত্ৰাধিক বাৱহাৰ হৈছে আৰু উদ্যোগৰপৰা নিৰ্গত ধোঁৱা , ছাই আদিয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে । অর্থাৎ সম্প্রতি পৃথিৱীৰ বৰ্দ্ধিত জনসংখ্যাৰ অতিৰিক্ত চাহিদা পূৰণ কৰিবলৈকে পৰিৱেশৰ ওপৰত এক হেঁচা পৰিছে আৰু ইয়ে নতুন নতুন পাৰিৱেশক সমস্যাৰ সৃষ্টি কৰিছে । বননি ধংসৰ ফলত বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে অন্যান্য সেউজ গৃহ – গেছবােৰৰ সৈতে মিলিত হৈ গােলকীয় উত্তাপ বৃদ্ধি কৰিছে । 

প্রশ্ন ১১। পৰিৱেশৰ ভাৰসাম্য অবস্থা বুলিলে কি বুজা ? 

উত্তৰঃ পৰিৱেশৰ ভাৰসাম্য মানে পৰিৱেশৰ এক স্থিতাৱস্থা বা সুস্থিৰ অৱস্থা । যি কার্যকলাপে পৰিৱেশৰ ওপুৰত কোনাে বাধাৰ সৃষ্টি নকৰে বা পৰিৱেশক কোনাে ক্ষেত্রতে অসুবিধা নকৰে , তেনে এক সুস্থিৰ অৱস্থাকেই পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলি ক’ব পাৰি । কোনাে এখন ঠাইৰ বা অঞ্চলৰ মুঠ মাটিকালিৰ এক – তৃতীয়াংশ বা ৩৩ শতাংশ উদ্ভিদৰ আৱৰণ থাকিলে প্রাকৃতিক ভাৰসাম্য ৰক্ষা হয় । সেউজীয়া গছ – গছনিয়ে বায়ুমণ্ডলত অক্সিজেন গেছ যােগান ধৰাৰ লগতে কার্বন ডাই – অক্সাইড গেছ শােষণ কৰি বায়ু নির্মল কৰে আৰু প্ৰাণীসমূহৰ খাদ্যৰ উৎস হিচাপে কাম কৰে । পৰিৱেশৰ ভাৰসাম্য অটুত ৰাখিবলৈকে অধিক পৰিমাণৰ বৃক্ষৰােপণৰ প্রয়ােজন , কিয়নাে ই ভূমিকয় , ভূমিৰ অভাৱ , পানীৰ অভাৱ নােহােৱা কৰাৰ লগতে সকলাে ধৰণৰ সাম্ভাৱ পাৰিৱেশিক সমস্যা উদ্ভৱত বাধা দিয়ে । 

প্ৰশ্ন ১২। ‘নির্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’— উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা । 

উত্তৰঃ নির্বনীকৰণ ( Deforestation ) বা বননি ধ্বংস সম্প্রতি বহু সমস্যাৰ কাৰণৰূপে চিহ্নিত হৈছে । নির্বনীকৰণৰ ফলত আজি বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে গােলকীয় উত্তাপ বৃদ্ধি কৰিছে । গােলকীয় উত্তাপ বৃদ্ধি পােৱাৰ মুখ্য কাৰণ হৈছে সেউজীয়া গছ – গছনিৰ অভাৱ । নির্বনীকৰণে বায়ুমণ্ডল দূষিত কৰাৰ লগতে জীৱ – জন্তু আৰু আন জীৱিত প্রাণীসমূহৰ অসুবিধাৰ সৃষ্টি কৰিছে । বননি ধ্বংসৰ ফলত ভূমিক্ষয় আৰু ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি পাইছে । বৰষুণ , পানীৰ অভাৱ জাতীয় পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে । 

আনহাতে উদ্যোগিক বিকাশৰ লগতে মানুহৰ জীৱন প্ৰণালীৰ দ্রুত উন্নয়নেই হৈছে বননি ধ্বংসৰ মূল কাৰণ । দ্রুত উদ্যোগিক বিকাশৰ বাবে অপৰিকল্পিতভাৱে বননি ধ্বংস কৰা হৈছে আৰু বাসস্থানৰ লগতে উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ বাবেও হাবি – বননি মুকলি কৰা হৈছে । অৰণ্যৰ পৰা বনজ সম্পদ ব্যৱহাৰ কৰি অর্থনৈতিক উন্নয়ন সম্ভৱ হৈছে, কিন্তু ই পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিছে আৰু ন ন’ পাৰিৱেশিক সমস্যাৰ জন্ম দিছে । সেয়ে কোৱা হয় নির্বনীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল ।

প্রশ্ন ১৩। গােলকীয় উত্তাপ বৃদ্ধি মানে কি ? ইয়াৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা । 

উত্তৰঃ মানুহৰ প্ৰকতি – বিৰোধী কার্যকলাপৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পােৱা পৰিঘটনাটোৱে হৈছে গােলকীয় উত্তাপ বৃদ্ধি । 

গােলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ হৈছে — বননিকৰণ ধ্বংস বা নির্বনীকৰণ , বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি আদি । সেউজ গৃহ গেছবােৰে গােলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যােগায় । তাৰােপৰি শিল্প – বিপ্লৱৰ ফলস্বৰূপে দ্রুত গতিত বৃদ্ধি পােৱা উদ্যোগক্ষেত্ৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু সেউজীয়া অৰণ্যৰ আৱৰণ ধ্বংস হ’বলৈ লৈছে । শিল্প উদ্যোগ , যানবহন আদিত জীৱাশ্ম ইন্ধনৰ বহুল ব্যৱহাৰে বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি কৰিছে । ভূ – পৃষ্ঠত গছ গছনিৰ পৰিমাণ হ্রাস পাই অহাৰ ফলত বায়ুমণ্ডলত থকা কার্বন ডাই – অক্সাইড গেছৰ শােষণ হ্রাস পাইছে । তাৰােপৰি আগ্নেয়গিৰি উদগিৰণৰ ফলতাে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে । পৃথিৱীত মানুহৰ কার্যকলাপ ক্রমাগতভাৱে বৃদ্ধি পাই থকাৰ ফলত বায়ুমণ্ডলত মিথেন , নাইট্রাছ অক্সাইড , ক্ল’ৰফ্লুৰ’ কার্বন আদি সৌৰ শক্তি শােষণ কৰা সেইজ গৃহ গেছবােৰৰ পৰিমাণ বৃদ্ধি পাইছে । এনেবােৰ কাৰণতে প্রধানকৈ বননি ধ্বংসৰ ফলত বায়ুমণ্ডলত CO₂ গেছৰ পৰিমাণ বৃদ্ধি আৰু সেউজ গেছৰ পৰিমাণ বৃদ্ধিয়ে গােলকীয় উত্তাপ বৃদ্ধি কৰিছে ।

See Next Page No Below…

2 thoughts on “Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top