Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা, Elective Geography Class 10 SEBA Question Answer in Assamese. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা and select needs one.

Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Solutions for All Subject, You can practice these here…

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Chapter : 3

তৃতীয় খণ্ড

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অঞ্চল বুলিলে কি বুজা ? ভূগােল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগােল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্র অংশ বা ঠাই । ভূগােল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে । ভূগােলবিদসকলে নির্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধার্থে ভাগ কৰে । ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবােৰৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত এই অঞ্চলবােৰ ভাগ কৰা হয় । 

আঞ্চলিক ভূগােলে পৃথিৱীৰ একোটা অঞ্চল , ঠাই বা দেশ – মহাদেশৰ সামগ্রিক ভৌগােলিক চিত্ৰখন প্রতিফলিত কৰে । আঞ্চলিক ভূগােল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্রাকৃতিক , সামাজিক , অর্থনৈতিক তথা যাতায়ত , পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে । পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্রতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে । ভিন্ন প্রাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হােৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশো ভিন্ন হয় । সামাজিক পটভূমি , ৰীতি-নীতি , ভাৱ ভাষা , পােছাক – পৰিচ্ছেদ , খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পার্থক্য থাকে । সেয়ে পৃথিবীৰ ভৌগােলিক বৈচিত্র্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগােল অধ্যয়নত অঞ্চলৰ প্ৰয়ােজনীয়তা আছে । কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰিলে অঞ্চলবােৰৰ মাজত আঞ্চলিক উন্নয়নৰ বুজ ল’ব পাৰি ৷ 

প্রশ্ন ২। ভূ – পৃষ্ঠত অঞ্চলক কেনেদৰে চিনাক্ত কৰিব পাৰি ? 

উত্তৰঃ ভূ – পৃষ্ঠত অঞ্চলক দুই প্রকাৰে চিনাক্ত কৰিব পাৰি । ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত অঞ্চল চিনাক্ত কৰা হয় আৰু ভৌগােলিক উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত ভূ – পৃষ্ঠত অঞ্চল চিনাক্ত কৰিব পাৰি । সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক বা কোনাে এক অংশক সমধর্মী অঞ্চল ( Homogenous Region ) বােলা হয় আৰু ভৌগােলিক উপাদানৰ ক্রিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক ক্রিয়াত্মক অঞ্চল ( Functional Region ) বুলি কোৱা হয় । কিছু পাকৃতিক উপাদান যেনে — মাটি , জলবায়ু , উদ্ভিদ , জনবসতি আদিৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল চিনাক্ত কৰা হয় ।

প্রশ্ন ৩। সমধর্মী অঞ্চল আৰু ক্রিয়াত্মক অঞ্চলৰ মাজত পার্থক্য দাঙি ধৰা ।

উত্তৰঃ সমধর্মী অঞ্চল আৰু ক্রিয়াত্মক অঞ্চলৰ মাজত পার্থক্য আছে । সমধর্মী অঞ্চল ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰিব পাৰি , আনহাতে ক্রিয়াত্মক অঞ্চল ভৌগােলিক উপাদানবােৰৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা হয় । 

সমধর্মী অঞ্চলৰ জৰিয়তে কোনাে এক অঞ্চলৰ অন্তৰ্গত জলবায়ু , মাটি তথা উদ্ভিদ সম্পর্কে জ্ঞান লাভ কৰিব পাৰি আনহাতে ক্রিয়াত্মক অঞ্চলৰ জৰিয়তে অঞ্চলটোৰ আভ্যন্তৰীণ কার্য তথা সকলাে কাম – কাজৰ বিষয়ে বুজ ল’ব পাৰি । সমধর্মী অঞ্চল এক বহল পৰিসৰৰ অধ্যয়ন কিন্তু ক্রিয়াত্মক অঞ্চলৰ পৰিসীমা নিচেই কম হ’ব পাৰে । সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰক কেন্দ্ৰ কৰি ক্রিয়াত্মক অঞ্চল চিহ্নিত কৰা হয় । 

প্রশ্ন ৪। পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা ? এনে অধ্যয়নৰ তাৎপর্য কি ? 

উত্তৰঃ পৃথিৱীৰ আঞ্চলিক ভূগােল হৈছে প্রাকৃতিক পৰিৱেশত উপাদান সমূহৰ আঞ্চলিক অধ্যয়ন । পৃথিৱীৰ উপৰিভাগৰ প্রাকৃতিক উপাদান সমূহৰ কিছু কিছু অঞ্চলভিত্তিক সাদৃশ্য আছে । পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ ভূগােল অধ্যয়নৰ সামগ্ৰিক ৰূপটোৱেই হৈছে পৃথিৱীৰ আঞ্চলিক ভূগােল । 

পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ তাৎপর্য আৰু গুৰুত্ব অধিক । এখন মহাদেশ , দেশ বা ৰাজ্যৰ সামগ্রিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পর্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো দৰকাৰ । অঞ্চল ভিত্তিক অধ্যয়নৰ জৰিয়তে কোনাে এখন দেশ বা একোটা অঞ্চলৰ আর্থ সামাজিক উন্নয়ন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জানিব পাৰি । একো একোটা অঞ্চলৰ প্রাকৃতিক আৰু আর্থ – সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগােলিক অধ্যয়ন কৰিয়েই বিভিন উন্নয়নমূলক আঁচনি যুগুত কৰা হয় । সেয়ে পৃথিৱীৰ কোনাে এক অঞ্চলৰ আঞ্চলিক জ্ঞান লাভ কৰিবলৈ হ’লে পৃথিৱীৰ আঞ্চলিক ভূগােল আধ্যয়ন কৰাটো বিশেষ প্রয়ােজন । সেই কাৰণে পৃথিৱীৰ আঞ্চলিক ভূগােল অধ্যয়নৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে । 

প্রশ্ন ৫। প্রাকৃতিক অঞ্চল বুলিলে কি বুজা ? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি ? প্ৰতিটোৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা । 

উত্তৰঃ প্রাকৃতিক অঞ্চল ( Natural Region ) বুলিলে পৃথিৱীৰ উপৰিভাগৰ যিবােৰ অংশৰ ভূ – অৱয়ব , জলবায়ু , প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ হয় , সেইবােৰক একেলগে প্রাকৃতিক অঞ্চল বােলা হয় । অর্থাৎ পৃথিৱীৰ যি অংশত একে ধৰণৰ প্রাকৃতিক প্রণালীসমূহৰ প্ৰভাৱ অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কাৰ্যাৱলীও সেইমতে , সেই অংশবােৰক একোটা প্রাকৃতিক অঞ্চল বুলি কোৱা হয় । 

জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্র পৃথিৱীক এঘাৰটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি । সেইবােৰ হৈছে –

( i ) নিৰক্ষীয় অঞ্চল । 

( ii ) মৌচুমী অঞ্চল ।

( iii ) ক্রান্তীয় তৃণভূমি অঞ্চল ।

( iv ) ক্রান্তীয় উষ্ণ মৰু অঞ্চল ।

( v ) ভূমধ্য সাগৰীয় অঞ্চল ।

( vi ) মধ্য অক্ষাংশৰ মৰু অঞ্চল ।

( vii ) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চল ।

( viii ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল ।

( ix ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল ।

( x ) শীতল মেৰু অঞ্চল । আৰু

প্রশ্ন ৬। প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিবীৰ আঞ্চলিক ভূগােল সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰি ? চমুকৈ লিখা । 

উত্তৰঃ প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰি । প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীৰ কিছুমান অঞ্চল প্রধানকৈ কৃষি আৰু আন কিছুমান অঞ্চল উদ্যোগ অঞ্চল হিচাপে গঢ় লৈ উঠে । এখন মহাদেশ , দেশ বা ৰাজ্যৰ সামগ্রিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে প্রাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পর্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো জৰুৰী । 

প্রাকৃতিক পৰিৱেশৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীত কেইবাটাও প্রাকৃতিক অঞ্চল চিনাক্ত কৰা হয় আৰু একো – একোটা প্রাকৃতিক অঞ্চলৰ প্ৰাকৃতিক আৰু আর্থ সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগােলিক অধ্যয়নৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনি প্রস্তুত কৰা হয় । প্ৰতিটো প্রাকৃতিক অঞ্চলে ভিন্ন ভৌগােলিক উপাদানেৰে ভৰি থাকে আৰু পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পর্কীয় জ্ঞান লাভ কৰিবলৈ হ’লে প্রাকৃতিক অঞ্চল অধ্যয়নৰ অধিক গুৰুত্ব আছে । ভিন্ন প্রাকৃতিক অঞ্চলৰ জলবায়ু , উষ্ণতা , বৃষ্টিপাত , তুষাৰপাত আদিৰ তাৰতম্য দেখা যায় । প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে , অঞ্চলভেদে থকা উপাদানসমূহৰ তাৰতম্যৰ কথা সহজে গম পাব পাৰি আৰু এটা সিদ্ধান্তত উপনীত হ’ব পাৰি । 

প্রশ্ন ৭। পৃথিৱীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ – প্রাকৃতিক পৰিৱেশ সম্পর্কে লিখা । 

উত্তৰঃ পৃথিৱীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ – প্রাকৃতিক পৰিৱেশ সম্পর্কে তলত আলােচনা কৰা হ’ল- 

( ক ) নিৰক্ষীয় প্রাকৃতিক অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র । এই অঞ্চলটোত সূর্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে গ্রীষ্ম – শীতকালৰ তাৰতম্য নিচেই কম হয় । এই অঞ্চলত গড় উত্তাপৰ পৰিমাণ ২৭° ছেলছিয়াচ আৰু বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ ছেণ্টিমিটাৰ । অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্য আৰু সৰু সৰু জোপােহা বনৰে পৰিপূর্ণ । 

( খ ) মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে ঋতু পৰিৱৰ্তন , অর্থাৎ উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা তথা শুকান শীতকাল । গ্রীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপৰ পার্থক্য ১৫° ছেলছিয়াচ আৰু বছৰ বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেণ্টিমিটাৰ । এই অঞ্চলত ঋতু পৰিৱর্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে , সেয়ে এনে অঞ্চলত অধিক পৰিমাণে পর্ণপাতী উদ্ভিদ দেখা যায় । 

( গ ) ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান তথা দীঘল শীতকাল । এনে অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য অধিক হয় । এই অঞ্চলত বছৰি বৰষুণৰ পৰিমাণ মধ্যমীয়া , অর্থাৎ ২৫ ৰ পৰা ১০০ ছেণ্টিমিটাৰ পর্যন্ত, আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায় । 

( ঘ ) ক্রান্তয়ী উষ্ণ মৰু অঞ্চলৰ জলবায়ু সদায়েই উষ্ণ আৰু শুকান হয় । আৰু তাত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য বেছি । গ্রীষ্মকালত দিনৰ ভাগত উত্তাপ ৪৫° ছেলছিয়াচলৈ বৃদ্ধি পায় । এই অঞ্চলত বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ ছেণ্টিমিটাৰ । মৰু অঞ্চলত বৰষুণৰ অভাৱত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে । 

( ঙ ) ভূমধ্য সাগৰীয় অঞ্চলৰ ভূ – প্রাকৃতিক পৰিৱেশ এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান , আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা । এই অঞ্চলত শীতকালত বৰষুণ হয় , গােটেই বছৰটোৰ গড় উচ্চতা ৮ ৰ পৰা ২৫° ছেলছিয়াচৰ ভিতৰত থাকে আৰু বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেণ্টিমিটাৰ । এই অঞ্চলত চিৰসেউজীয়া চুটি গছ – গছনি আৰু জোপােহা বননি দেখা যায় ।

( চ ) মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ চাৰিওফালে উচ্চ পর্বতে আগুৰি আছে । এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু মহাদেশীয় অৱস্থানৰ বাবে ইয়াত গ্রীষ্মকাল আৰু শীতকালৰ মাজত উষ্ণতাৰ পার্থক্য অধিক হয় । এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয় । 

( ছ ) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চলত ঠাণ্ডা – গৰমৰ প্রকোপ কম । ইয়াত গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫° ছেলছিয়াচ আৰু শীতকালত ৫° ৰ পৰা ১০° ছেলছিয়াচ । বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ৭৫ ৰ পৰা ১৫০ ছেণ্টিমিটাৰৰ ভিতৰত থাকে । এই অঞ্চলৰ শীতকাল অতি শুকান হয় । বৃষ্টিপাতৰ তাৰতম্য অনুসৰি ইয়াত ভিন্ন প্ৰকাৰৰ প্রাকৃতিক উদ্ভিদ দেখা যায় । 

( জ ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্রীষ্মকাল আৰু শীতকালৰ মাজত পার্থক্য অধিক আৰু এই অঞ্চলত গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় । বৰষুণৰ অভাৱ আৰু শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ – গছনিৰ সংখ্যা নিচেই কম । জৈৱ পদাৰ্থৰ প্রাচুর্যতাৰ বাবে এই অঞ্চলৰ মাটি ভাগ সাৰুৱা ।

( ঝ ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা । এই অঞ্চলত গ্রীষ্মকালত উত্তাপ গড়ে ১৫° ছেলছিয়াচলৈ বৃদ্ধি পায় আৰু শীতকালত উষ্ণতা হ্রাস পােৱাৰ ফলত বৰফ পৰে । এই অঞ্চলত গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় আৰু শীতল তথা শুকান জলবায়ুৰ বাবে ইয়াত চিৰসেউজীয়া সৰলবর্গীয় অৰণ্য পােৱা যায় । 

( ঞ ) শীতল মেৰু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে অতিপাত ঠাণ্ডা জলবায়ু । এই অঞ্চলৰ গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া আৰু গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০-১০° ছেলছিয়াচৰ ভিতৰত থাকে আৰু শীতকালত উষ্ণতা –১৮° ছেলছিয়াচলৈ হ্রাস পায় । এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু শীতকালত প্ৰচুৰ তুষাৰপাত হয় ।

( ট ) উচ্চ পর্বত্য অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পৰ্বতৰ ঢাল ভেদে ভিন্ন হয় । অধিক উচ্চতাত থকা শৃংগবােৰ উষ্ণতা কম হােৱা বাবে সদায়ে বৰফেৰে ঢাক খাই থাকে । এই অঞ্চলত উচ্চতা আৰু ঢালৰ পৰিৱর্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰত বেলেগ বেলেগ জলবায়ু পৰিলক্ষিত হয় । 

প্রশ্ন ৮। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলসমূহত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদ সম্পর্কে তলত আলােচনা কৰা হ’ল –

( i ) নিৰক্ষীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র প্রকৃতিৰ । এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি প্রায় লম্বভাৱে পৰে বাবে দিন – ৰাতি আৰু গ্ৰীষ্ম তথা শীতকালৰ উত্তাপৰ তাৰতম্য নিচেই কম হয় । সমগ্ৰ নিৰক্ষীয় অঞ্চলটো চিৰসেউজীয়া ডাঠ আৰণ্যৰে ভৰা আৰু তাত সৰু সৰু জোপােহা বনৰ লগতে নানা ধৰণৰ লতাজাতীয় উদ্ভিদ পোৱা যায় । 

( ii ) মৌচুমী অঞ্চলত গ্রীষ্মকালৰ জলবায়ু উষ্ণ আৰু আর্দ্র হয় আৰু শীতকালত ঠাণ্ডা আৰু শুকান হয় । অর্থাৎ ঋতু পৰিৱৰ্তন মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য । এই অঞ্চলত গ্রীষ্মকাল আৰু শীতকালৰ মাত্ৰ উত্তাপৰ পার্থক্য হৈছে ১৫° ছেলিছিয়াচ । মৌচুমী অঞ্চলত পর্ণপাতী উদ্ভিদ অধিক পৰিমাণে জন্মে । শীতকালত বৰষুণৰ অভাৱত গছ – গছনিবােৰৰ পাত পৰে ।

( iii ) ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান তথা দীঘল শীতকাল । ক্রান্তীয় অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য অধিক হয় । এই অঞ্চলত ওখ ঘাঁহজাতীয় উদ্ভিদ জন্মে আৰু এনে ঘাঁহনি হাভানা ( Savannah ) বুলি জনা যায় । 

( iv ) ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ জলবায়ু সদায় উষ্ণ আৰু শুকান হয় । আৰু এনে অঞ্চলত দিন – ৰাতিৰ উত্তৰ তাৰতম্য অধিক হয় । এনে জলবায়ুত বৰষুণৰ অভাৱত কিছু অংশত চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে । মৰুভূমিৰ কোনাে অংশত খেজুৰ জাতীয় গছ জন্মে । 

( v ) ভূমধ্য সাগৰীয় অঞ্চলৰ জলবায়ু গ্রীষ্মকালত উষ্ণ আৰু শুকান হয় আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা হয় । এই অঞ্চলটোৰ প্ৰধান উদ্ভিদ হৈছে চিৰসেউজীয়া চুটি গছ – গছনি আৰু জোপােহা বননি । 

( vi ) মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ জলবায়ু গ্রীষ্মকাল আৰু শীতকালত । বেলেগ বেলেগ হয় । গ্রীষ্মকাল আৰু শীতকালত উষ্ণতাৰ তাৰতম্য অধিক হয় । এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয় । এই অঞ্চলত গছ – গছনিৰ পৰিমাণ নিচেই কম আৰু বৰষুণৰ পৰিমাণ অতি কম হােৱা বাবে ঘাঁহ জাতীয় উদ্ভিদ অতি কম পৰিমাণে হয় । 

( vii ) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চলৰ জলবায়ু শীতল আৰু তাত জাৰ – জহৰ প্রকোপ কম । সমুদ্ৰৰ কাষৰীয়া ঠাইবােৰৰ জলবায়ু সমভাবাপন্ন আৰু সাগৰৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে বৃষ্টিপাতৰ পৰিমাণ হ্রাস পায় । এই অঞ্চলত শীতকাল অতি শুকান হয় । এই অঞ্চলৰ অধিকাংশ ঠাইতে পর্ণপাতী উদ্ভিদ জন্মে আৰু বেছি বৰষুণ হােৱা ঠাইবােৰত চিৰসেউজীয়া । উদ্ভিদৰ লগতে পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত সৰলবর্গীয় উদ্ভিদ পােৱা যায় । 

( viii ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্রীষ্ম আৰু শীতকালৰ মাজত উষ্ণতাৰ তাৰতম্য দেখা যায় । এই অঞ্চলৰ জলবায়ু অতি শীতল আৰু শীতৰ প্রকোপৰ বাবে ইয়াত গছ – গছনি প্রায় নথকাৰ নিচিনা । এই অঞ্চলত বিভিন্ন প্রকাৰৰ ঘাঁহনি দেখা যায় । 

( ix ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু পাৰিমাণে শুকান আৰু ঠাণ্ডা হয় । শীতকালত উষ্ণতা হ্রাস পােৱাৰ ফলত বৰফ পৰা দেখা যায় আৰু গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় । শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চলত অধিক পৰিমাণে চিৰসেউজীয়া সৰলবগীয় অৰণ্য দেখা যায় ।

( x ) শীল মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা আৰু এই অঞ্চলত গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া হয় । এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু শীতকালত প্ৰচুৰ তুষাৰপাত হয় । শীতৰ প্রকোপৰ বাবে এই অঞ্চলত বিশেষ উদ্ভিদ জন্মিব নােৱাৰে আৰু কোনাে কোনাে ঠাইত ঘাঁহ , শেলুৱৈ , ঢেকীয়া জাতীয় উদ্ভিদ জন্ম দেখা যায় । 

( xi ) উচ্চ পার্বত্য অঞ্চল প্রায় সদায় বৰফেৰে ঢাক খাই থাকে আৰু ইয়াৰ জলবায়ু বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱৰ্তন হয় । উচ্চতা আৰু ঢালৰ পৰিৱৰ্তনৰ বাবে এই অঞ্চলত ভিন্ন প্রকাৰৰ জলবায়ু আৰু প্রাকৃতিক উদ্ভিদ দেখা যায় । পৰ্বতৰ উচ্চ অংশত বৰষুণৰ অভাৱত গছ গছনি নজন্মে আৰু কোনাে অংশত মৌচুমী জলবায়ুৰ প্ৰভাৱত ডাঠ অৰণ্য দেখা যায় ।

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top