Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল, Elective Geography Class 10 SEBA Question Answer in Assamese. The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল and select needs one.

Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Solutions for All Subject, You can practice these here…

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল 

Chapter : 4

তৃতীয় খণ্ড

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগােলিক বৈশিষ্ট্য চমুকৈ লিখা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত । এই দেশখনত উত্তৰ দিশত আছে কানাডা , পূৱ দিশত আছে আটলান্টিক মহাসাগৰ , দক্ষিণ দিশত আছে মেক্সিকো উপসাগৰৰ লগতে মেক্সিকো দেশ আৰু পশ্চিম দিশত প্রশান্ত মহাসাগৰ আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে কলােম্বিয়া জিলাৰ বাশিংটন ডি . চি .। 

আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মূল ভূখণ্ড ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্রাঘিমাংশলৈকে বিস্তৃত । এই দেশখনত নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে । আমেৰিকা যুক্তৰাষ্ট্র দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বর্গ কিল’মিটাৰ অর্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ । এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্রায় ৩০২ নিযুত । পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪৬ শতাংশ লােক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে । 

প্রশ্ন ২। আমেৰিকা যুক্তৰাষ্ট্ৰক প্রাকৃতিক বিভাগত ভাগ কৰা । প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক ভূ – প্রাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ তিনিটা প্রাকৃতিক বিভাগত ( Physical Division ) ভাগ কৰা হৈছে । সেই ভাগকেইটা হ’ল— 

( ক ) আপেলেছিয়ান উচ্চভূমি অঞ্চল , ( Appalachian Highlands ) 

( খ ) মধ্য সমভূমি অঞ্চল ( Central Plains ) 

( গ ) ৰকি পার্বত্য অঞ্চল বা কর্ডিলেৰা অঞ্চল ( Rocky Mountains or Cordillera ) i ) । 

তলৰ চিত্ৰত আমেৰিকা যুক্তৰাষ্ট্রৰ প্ৰাকৃতিক বিভাগকেইটা দেখুৱা হ’ল–

আপেলেছিয়ান উচ্চভূমি অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্রৰ পূৱ অংশত থকা আটলান্টিক উপকূলৰ সমান্তৰালভাৱে বিস্তৃত হৈ আছে । এই উচ্চভূমি অঞ্চলটো উত্তৰে হাডছন উপত্যকা আৰু ইৰি – অন্টাৰিও হ্রদ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত । এই ভূখণ্ড পর্বত – পাহাৰ , মালভূমি , সমভূমি , উপত্যকা আদিৰে গঠিত । এই অঞ্চলৰ ভিতৰত উল্লেখযোগ্য হৈছে পশ্চিমৰ এলিঘেনি পর্বতশ্রেণী , দক্ষিণ – পশ্চিমৰ কাৰলেণ্ড মালভূমি , পূৱ দিশত থকা আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা , দক্ষিণৰ বুজি পর্বত আৰু পূৱৰ উপকূলীয় মালভূমি । এই উচ্চভূমি অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে সর্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় আৰু ইয়াৰ পৰ্বত – পাহাৰ তথা মালভূমিৰ মাজেৰে অসংখ্য সৰু – বৰ নৈ প্রৱাহিত হৈছে । আপেলেছিয়ান উচ্চভূমি অঞ্চলটো খনিজ সম্পদত চহকী, সেয়ে শিল্প – উদ্যোগৰ পৰিমাণ বেছি আৰু যাতায়ত ব্যৱস্থা উন্নত । 

মধ্য সমভূমি অঞ্চলটো আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পর্বত শ্ৰেণীৰ মাজত উত্তৰ – দক্ষিণা আৰু পূৱা – পশ্চিমাকৈ বিস্তৃত । এই অঞ্চলটো উত্তৰে বৃহৎ সৰবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত । এই অঞ্চলৰ মাজেৰে বৈ যােৱা দুখন প্রধান নদী মিছিছিপি আৰু মিছৌৰিব লগতে ইয়াৰ উপনৈসমূহে গােটেই অঞ্চলটোক পলসুৱা আৰু সাৰুৱা কৰিছে । মধ্য সমভূমি অঞ্চলটোক পুনৰ চাৰিভাগত ভাগ কৰা হয় — উচ্চ সমভূমি , বৃহৎ সবােবৰ অঞ্চল ( Great Lake Region ), মিছিছিপি সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি । মধ্যসমভূমি , অঞ্চলত কেইবাখনাে উল্লেখযােগ্য মহানগৰ আছে । 

ৰকি পর্বত বা কর্ডিলেৰা অঞ্চলটো পূৱে উচ্চসমভূমি আৰু পশ্চিমে প্রশান্ত উপকূলৰ মাজেৰে পৰ্বত – পাহাৰ , মালভূমি , উপত্যকা , হ্রদ আদিৰে গঠিত আৰু অঞ্চলটো উত্তৰ – দক্ষিণাকৈ বিস্তৃত । অঞ্চলটোৰ একেবাৰে পূৱত উত্তৰ – দক্ষিণাকৈ উচ্চ ৰকি পর্বতশ্রেণী অৱস্থিত । এই পৰ্বতৰ শৃংগবােৰৰ উচ্চতা প্রায় ৪২০০ মিটাৰ । কর্ভিলেৰা অঞ্চলটোৰ পূৱ আৰু পশ্চিম প্রান্তৰ সমান্তৰালভাৱে পৰ্বত দুশাৰীৰ মাজত কেইবাটাও মালভূমি আছে আৰু এই মালভূমি অঞ্চলটো প্রশান্ত উপকূলীয় পর্বতমালাৰ বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত । ইয়াত কেইবাটাও লুনীয়া পানীৰ হ্রদ আছে আৰু এই অঞ্চলৰ পৰা কেইবাটাও সৰু – বৰ নদীৰ সৃষ্টি হৈ প্রবাহিত হৈছে । কর্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পর্বত শ্রেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে । এই অঞ্চলটো বিভিন্ন খনিজ সম্পদ কয়লা , পেট্রলিয়াম , সােণ , ৰূপ , তাম আদিত চহকী । এই অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে আৰু সেয়ে শীতকালি বৰষুণ হয় । কর্ভিলেৰা অঞ্চলৰ কেইখনমান উল্লেখযােগ্য মহানগৰ হৈছে ছিয়াটন , পাের্টলেণ্ড , ছানফ্রান্সিস্কো , লাছ ভেগাছ , লছ এঞ্জেলছ আদি ।

প্রশ্ন ৩। মানচিত্র আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা । 

উত্তৰঃ তলৰ মানচিত্রত আমেৰিকা যুক্তৰাষ্ট্রৰ প্ৰাকৃতিক বিভাগ সমূহ দেখুওৱা হ’ল— 

প্রশ্ন ৪। আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে মানচিত্ৰৰ সহায়ত আলােচনা কৰা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র ১৭৭৬ চনত গঠিত হােৱাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যা আছিল তিনি নিযুত । কিন্তু দেশখনে স্বাধীনতা পােৱাৰ পাছৰেপৰা ইউৰোপীয় দেশসমূহৰ পৰা হােৱা প্ৰব্ৰজনৰ লগতে আন আন সময়ত অন্যান্য ৩৭ খন ৰাজ্য যুক্তৰাষ্ট্ৰৰ সৈতে লগ লগাত দেশখনৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পায় । সম্প্রতি ২০০৭ চনৰ এক আনুমানিক তথ্যমতে আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা হৈছে ৩০২ নিযুত । তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল–

বর্তমান জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি আৰু প্ৰব্ৰজন হ্রাস পােৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধিৰ হাব নিম্নগামী হৈছে । ২০০৭ চনৰ এক তথ্যমতে সমগ্র পৃথিৱীৰ জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধিৰ বার্ষিক গড় হাৰ হৈছে ১.২০ শতাংশ আৰু ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ বার্ষিক হাৰ হৈছে ০.৬০ শতাংশ । 

আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ বিতৰণ সুষম নহয় । ইয়াৰ প্রধান কাৰণ হৈছে প্রাকৃতিক অৱস্থা , যোগাযােগ তথা পৰিবহণ ব্যৱস্থা আৰু উন্নয়ন প্রক্রিয়াৰ পার্থক্য । দেশখনৰ পূবত থকা আপেলেছিয়ান উচ্চভূমি আৰু আটলান্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু পশ্চিম দিশত থকা মধ্যভাগৰ সমভূমি আৰু কর্ডিলেৰা অঞ্চলত জনবসতি অতি পাতল । আকৌ পশ্চিম প্রান্তত থকা উপকূলীয় অঞ্চল ঘন জনবসতিপূর্ণ । মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূৱ অংশত দেশখনৰ প্রায় দুই – তৃতীয়াংশ লােক বসবাস কৰে । তলৰ মানচিত্রত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল–

আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ বিতৰণ 

 

আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা ঘনত্ব প্রতি বর্গকিল’মিটাৰত ৩২ জন । আনহাতে মাছাছুছেটছ , নিউজাৰ্ছি আৰু ৰড আইলেণ্ড ৰাজ্যত জনসংখ্যা ঘনত্ব ৩০০ ৰো অধিক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী বাশিংটন ডি . চি . থকা কলাম্বিয়া জিলাৰ জনসংখ্যা ঘনত্ব প্রতি বর্গকিল’মিটাৰত প্রায় ৩৬০০ জন , ইয়াৰ বিপৰীতে পশ্চিমত থকা মধ্য সমভূমি আৰু কর্ডিলেৰা অঞ্চলত জনসংখ্যা ঘনত্ব ১৫ জন । সমগ্র পশ্চিম অঞ্চলটো ওখােৰা – মােখােৰা পার্বত্য ভূমি আৰু বৰষুণৰ অভাৱৰ বাবে জনবসতি আৰু আর্থিক প্রগতিৰ বাবে অনুপযােগী । সম্প্রতি খনিজ সম্পদক কেন্দ্র কৰি পার্বত্য অঞ্চলত কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে যদিও সি সন্তোষজনক নহয় । আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানকৈ উদ্যোগিক উন্নয়নৰ বাবে মুঠ জনসংখ্যাৰ তিনি – চতুর্থাংশতকৈ বেছি নগৰত বাস কৰে । দেশখনৰ অধিকাংশ লােক নগৰবােৰত বসবাস কৰে । 

প্রশ্ন ৫। আমেৰিকা যুক্তৰাষ্ট্রৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা । 

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ অৰ্থনীতিত কৃষি উৎপাদনৰ এক উল্লেখযােগ্য স্থান আছে । দেশখনে মাকৈ , কপাহ আৰু ধপাত উৎপাদনত পৃথিৱীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰিছে আৰু বার্লি , ঘেঁহু উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাকে আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ ক্রমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ । দেশৰ মুঠ আয়ৰ কৃষিয়ে দুই শতাংশ যােগান ধৰে আৰু ইয়াৰ বিপৰীতে উদ্যোগ খণ্ডই যােগান ধৰে ৩০ শতাংশ আৰু বাকী ৬৮ শতাংশ বাণিজ্য , যােগাযােগ , পৰিবহণৰ লগতে অন্যান্য সেৱা বােৰে যােগান ধৰে । দেশৰ মুঠ মাটিকালিৰ প্রায় এক – চতুর্থাংশ স্থায়ীভাৱে কৃষিৰ অন্তৰ্গত আৰু দেশৰ মুঠ জনসংখ্যা মাত্র পাঁচ শতাংশইহে কৃষিৰ সৈতে জড়িত । অর্থাৎ দেশৰ অধিকাংশ লােকে অনাকৃষি খণ্ডৰ সৈতে জড়িত । দেশখনৰ যদিও এক নগণ্য সংখ্যক লােকে কৃষিৰ ওপৰত নিৰ্ভৰশীল , তেওঁলােকৰ গড় জনমূৰি উৎপাদিকাৰ পৰিমাণ অধিক । যদিও গুৰুত্ব নুই কৰিব নােৱাৰি ।

প্রশ্ন ৬। কৃষি বলয় বুলিলে কি বুজা ? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষি বলয় চিনাক্ত কৰা হৈছে । মানচিত্রত দেখুওৱা আৰু প্রতিটো বলয়ৰ বিষয়ে চমু বর্ণনা দিয়া । 

উত্তৰঃ কৃষি বলয় ( Agricultural Belt ) হৈছে ঠাইভেদে বা অঞ্চলভেদে উৎপাদন হােৱা বিশেষ কৃষি উৎপাদন । কৃষি বলয় চিহ্নিত কৰা হয় ভূ- প্রকৃতি , জলবায়ু , মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰি । যিবােৰ ঠাইত বিশেষ এবিধ শস্য অধিক পৰিমাণে উৎপাদন হয় , সেই ঠাই বা অঞ্চলুটোক একোটা কৃষি বলয় হিচাপে ভাগ বা নামাকৰণ কৰা হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰত মূঠ নটা কৃষি বলয় চিনাক্ত কৰা হৈছে । সেই বলয়কেইটা হৈছে— 

( ক ) ধান আৰু কুঁহিয়াৰ বলয় । 

( খ ) কপাহ বলয় ।

( গ ) শীতকালীন গম আৰু ধপাত বলয় ।

( ঘ ) মাকৈ বলয় ।

( ঙ ) বসন্তকালীন গম বলয় ।

( চ ) উত্তৰ – পূৱ প্রান্তীয় মিত্র কৃষি বলয় ।

( ছ ) শুকান কৃষি আৰু পশুপালন বলয় ।

( জ ) ভূমধ্যসাগৰীয় কৃষি বলয় । 

( ঝ ) উত্তৰ – পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয় । 

তলত মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়সমূহ দেখুওৱা হ’ল–

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়

ধান আৰু কুঁহিয়াৰ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা , জর্জিয়া , এলাবামা , মিছিছিপি আৰু লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ । এই অঞ্চলত উপক্রান্তীয় জলবায়ু বিৰাজ কৰে আৰু ইয়াৰ মাটিভাগ পলসুৰা আৰু সাৰুৱা । এই অঞ্চলত ধান আৰু কুঁহিয়াৰ প্ৰচুৰ পৰিমাণে উৎপাদন হয় । 

কপাহ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশ । কপাহ বলয়ৰ উত্তৰ সীমা ৩৬° উত্তৰ অক্ষাংশই নির্ধাৰণ কৰিছে । এই অঞ্চলটোত অধিক পৰিমাণে কপাহ উৎপাদন হয় । আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সাছ , মিছিছিপি আৰু আৰকাচ্ছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ আধাতকৈ বেছি কপাহ উৎপাদন হয় । 

শীতকালীন গম আৰু ধপাত বলয়ৰ বিস্তৃতি হৈছে আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলােৰাডাে অঞ্চললৈকে । উত্তৰ কেৰােলিনা , কেণ্টকি , ভার্জিনিয়া , মেৰিলেণ্ড আদি অঞ্চলত প্ৰচুৰ পৰিমাণে ধপাত উৎপাদন হয় । আকৌ নেব্রাস্কা , কেনছাছ , পূৱ কলােৰাডাে , ওহামা আৰু টেক্সছ ৰাজ্যত অধিক পৰিমাণে শীতকালীন গম উৎপাদন হয় । 

মাকৈ বলয় অঞ্চলটো মধ্য অ’হিওৰ পৰা মধ্য নেব্রাস্কালৈ বিস্তৃত আৰু এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে — আইওৱা , ইলিনইছ ইণ্ডিয়ানা , মিনেছটা , পেঞ্চিলভেনিয়া আৰু নেব্রাস্কা ৰাজ্য । এইবােৰ ঠাইত যথেষ্ট পৰিমাণে মাকৈ উৎপাদন হয় । 

বসন্তকালীন গম বলয় প্রেইৰী , অঞ্চলৰ উত্তৰ অংশত অৱস্থিত । আমৰিকা যুক্তৰাষ্ট্রৰ মন্টানা , উত্তৰ ডাকোটা , দক্ষিণ ডাকোটা আৰু পশ্চিম মিনেছ’টা ৰাজ্যত বসন্তকালীন গম উৎপাদন কৰা হয় । 

উত্তৰ – পূৱ প্ৰান্তীয় মিশ্র কৃষি বলয়ৰ অন্তৰ্গত ঠাইসমূহ হৈছে গ্রেট লেকৰ দক্ষিণ আৰু পূৱত থকা মিনেছ’টা , উইকনচিন , মিচিগান , পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড । এই অঞ্চলত ৰাই , বার্লি আদি খেতিৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয় । 

শুকান কৃষি আৰু পশুপালন বলয়টো প্ৰধানকৈ মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কর্ডিলেৰা অঞ্চলৰ পূৱ অংশকলৈ গঠিত । এই অঞ্চলত বিস্তৃত ঘাঁহনি পথাৰ আছে বাবে পশুপালন উপযােগী । এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে — টেক্সাছৰ পশ্চিম অংশ , নিউ মেক্সিকো , উটাহ , কলােৰাডাে , ৱাইয়ােমিং , ইডাহাে আৰু মণ্টানো আদি । এই অঞ্চলবােৰত শুকান কৃষিৰ জৰিয়তে জোৱাৰ – বজৰা জাতীয় শস্য , বালি , মাকৈ আদি শস্য উৎপাদন কৰা হয় । 

ভূমধ্যসাগৰীয় কৃষি বলয়টো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰা প্রশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফর্নিয়া অঞ্চল । এই অঞ্চলটোত অধিক পৰিমাণে , গম , কপাহৰ লগতে আপেল , সুমথিৰা , আঙুৰ আদি ফল উৎপাদন হয় । 

উত্তৰ – পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয় অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্রৰ ৱাশিংটন , ওৰিগন আৰু ইডাহাে ৰাজ্যৰ অন্তৰ্গত । এই অঞ্চলটোত মাকৈ গম আদি উৎপাদনৰ উপৰিও বিস্তৃতভাৱে পশুপালন কৰে । 

See Next Page No Below…

1 thought on “Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top