Class 7 Assamese MCQ Chapter 12 আত্মৰক্ষা

SCERT Class 7 Assamese MCQ Chapter 12 আত্মৰক্ষা Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 12 আত্মৰক্ষা Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 12 আত্মৰক্ষা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

আত্মৰক্ষা

Chapter: 12

MCQ

১। আত্মৰক্ষা মানে কি?

(i) আনক ৰক্ষা কৰা।

(ii) নিজকে সুৰক্ষা দিয়া কাৰ্য।

(iii) দেশ ৰক্ষা কৰা।

(iv) সমাজ ৰক্ষা কৰা।

উত্তৰঃ (ii) নিজকে সুৰক্ষা দিয়া কাৰ্য।

২। মনালিছা বৰুৱা বাইদেউ বিদ্যালয়লৈ কোনটো শ্ৰেণীত সোমাইছিল?

(i) প্ৰথম দিনৰ প্ৰথমটো শ্ৰেণীত।

(ii) দ্বিতীয় দিনৰ প্ৰথমটো শ্ৰেণীত।

(iii) প্ৰথম দিনৰ শেষৰ শ্ৰেণীত।

(iv) খেলৰ সময়ত।

উত্তৰঃ (i) প্ৰথম দিনৰ প্ৰথমটো শ্ৰেণীত।

৩। অতনুৰ দেউতাক কি আছিল?

(i) শিক্ষক।

(ii) পুলিচ।

(iii) ব্যৱসায়ী।

(iv) ডাক্তৰ।

উত্তৰঃ (iii) ব্যৱসায়ী।

৪। মৃণাল দাদাৰ পেচা কি আছিল?

(i) ডাক্তৰ।

(ii) পাইলট।

(iii) শিক্ষক।

(iv) পুলিচ।

উত্তৰঃ (ii) পাইলট।

৫। দিব্যেন্দু ছাৰে কিহৰ শ্ৰেণী লৈছিল?

(i) গণিত আৰু বিজ্ঞানৰ।

(ii) ক্ৰীড়া আৰু যোগৰ।

(iii) সমাজ বিজ্ঞানৰ।

(iv) অসমীয়া আৰু ইংৰাজীৰ।

উত্তৰঃ (ii) ক্ৰীড়া আৰু যোগৰ।

৬। অতনুৰ লগৰীয়া কোন আছিল?

(i) চম্পা, মৃণালী আৰু জেচমিন।

(ii) ৰীতা, মিতা আৰু চিতা।

(iii) ৰাহুল, ৰোহিত আৰু ৰাজ।

(iv) ৰজত, মৃণাল আৰু মনোজ।

উত্তৰঃ (i) চম্পা, মৃণালী আৰু জেচমিন।

৭। অতনুক লগৰীয়াবোৰে সপ্তাহত দুদিনকৈ কি খেলিবলৈ নিছিল?

(i) ক্ৰিকেট।

(ii) ফুটবল।

(iii) কাবাডী।

(iv) বেডমিণ্টন।

উত্তৰঃ (iii) কাবাডী।

৮। মনোজ খুৰা পেচাত কি আছিল?

(i) এজন শিক্ষক।

(ii) এজন ব্যৱসায়ী।

(iii) এজন ডাক্তৰ।

(iv) এজন পুলিচ।

উত্তৰঃ (iv) এজন পুলিচ।

৯। মনোজ খুৰা অতনুৰ দেউতাকৰ কি আছিল?

(i) ককায়েক।

(ii) কলেজীয়া দিনৰ বন্ধু।

(iii) স্কুলীয়া দিনৰ বন্ধু।

(iv) চুবুৰীয়া।

উত্তৰঃ (ii) কলেজীয়া দিনৰ বন্ধু।

১০। বাতৰি-কাকত আৰু টেলিভিছনত কিহৰ খবৰ ওলাইছিল?

(i) চুৰি কাৰ্যৰ।

(ii) ডকাইতিৰ।

(iii) স্কুলীয়া ছোৱালী অপহৰণৰ।

(iv) দুৰ্ঘটনাৰ।

উত্তৰঃ (iii) স্কুলীয়া ছোৱালী অপহৰণৰ।

১১। মনোজ খুৰাৰ মতে কাক আত্মৰক্ষাৰ কৌশল শিকাব লাগিব?

(i) কেৱল ডাঙৰ মানুহক।

(ii) ল’ৰা-ছোৱালীবোৰক।

(iii) কেৱল পুলিচক।

(iv) শিক্ষকসকলক।

উত্তৰঃ (ii) ল’ৰা-ছোৱালীবোৰক।

১২। বাইদেউৰ মতে আত্মৰক্ষাৰ বাবে শাৰীৰিক শক্তিৰ লগতে কিহৰ প্ৰয়োজন?

(i) অস্ত্ৰ-শস্ত্ৰৰ।

(ii) সময়োচিত সিদ্ধান্ত ল’ব পৰা গুণ আৰু সাহসৰ।

(iii) বহুত টকা-পইচাৰ।

(iv) মানুহৰ সহায়ৰ।

উত্তৰঃ (ii) সময়োচিত সিদ্ধান্ত ল’ব পৰা গুণ আৰু সাহসৰ।

১৩। বাইদেউৱে অতনুহঁতক কেনেধৰণৰ স্পৰ্শৰ বিষয়ে সজাগ কৰিছিল?

(i) গৰম আৰু ঠাণ্ডা স্পৰ্শৰ।

(ii) ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ।

(iii) কোমল আৰু টান স্পৰ্শৰ।

(iv) মৰমৰ আৰু খঙৰ স্পৰ্শৰ।

উত্তৰঃ (ii) ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ।

১৪। অতনুৱে কেনেকুৱা কাহিনীৰ কিতাপ পঢ়ি খুব ভাল পায়?

(i) সাধুকথাৰ কিতাপ।

(ii) জীৱনীমূলক কিতাপ।

(iii) দুঃসাহসিক অভিযানৰ কাহিনীৰ কিতাপ।

(iv) বিজ্ঞানৰ কিতাপ।

উত্তৰঃ (iii) দুঃসাহসিক অভিযানৰ কাহিনীৰ কিতাপ।

১৫। অতনুৱে ডাঙৰ হৈ কাৰ দৰে পুলিচ বিষয়া হোৱাৰ কথা ভাবিছিল?

(i) ৰজত দাদাৰ দৰে।

(ii) মনোজ খুৰাৰ দৰে।

(iii) মৃণাল দাদাৰ দৰে।

(iv) দেউতাকৰ দৰে।

উত্তৰঃ (ii) মনোজ খুৰাৰ দৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top