জীৱনী: সুভাষচন্দ্ৰ বসু- নেতাজী | Subhas Chandra Bose Biography

সুভাষচন্দ্ৰ বসু | Subhas Chandra Bose Essay in Assamese | Biography of Subhas Chandra Bose in Assamese | সুভাষচন্দ্ৰ বসু বিষয়ে জীৱনী | সুভাষচন্দ্ৰ বসু বিষয়ে ৰচনা | সুভাষচন্দ্ৰ বসুৰ চমু পৰিচয়।

Join Telegram channel

ব্ৰিটিছ শাসনৰ পৰা ভাৰতীয় মুক্তিকামী জনতাই দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুকলি কৰি আনিবলৈ সংকল্পবদ্ধ হৈছিল। পৰাধীনতাৰ শিকলি চিঙিবলৈ প্রাণেপণে চেষ্টা কৰা এজন অন্যতম ব্যক্তি হ’ল সুভাষচন্দ্ৰ বসু (Subhas Chandra Bose)। নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰা সুভাষচন্দ্ৰ বসু হ’ল ভাৰতৰ এজন কিংবদন্তি পুৰুষ। ভাৰতৰ স্বাধীনতাৰ বাবে সুভাষচন্দ্ৰ বসুৱে অহোপুৰুষাৰ্থ কৰিছিল।

সুভাষচন্দ্ৰ বসু

সুভাষচন্দ্ৰ বসু জীৱনী | Subhas Chandra Bose Biography

নাম (Name)সুভাষচন্দ্ৰ বসু (Subhas Chandra Bose[1])
জন্ম চন (Date of Birth)২৩ জানুৱাৰী, ১৮৯৭ চন
জন্ম স্থান (Place of Birth) কটক, উৰিষ্যা 
অভিভাৱক (Parents)পিতৃ (Father) : জানকীনাথ বসু
মাতৃ (Mother) : প্ৰভাৱতী দেৱী
শিক্ষা (Education)১) প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুল
২) ৰেৱেনশ্ব’ কলেজিয়েট স্কুল
৩) প্ৰেচিডেন্সি কলেজ
৪) স্কটিছ চাৰ্চ কলেজ,কলিকতা বিশ্ববিদ্যালয়
৫) কেম্ব্ৰিজৰ ফিট্‌জ্‌উইলিয়াম কলেজ             
মৃত্যু (Death)১৪ আগষ্ট, ১৯৪৫ চন

Also Read: জীৱনী: মণিৰাম দেৱান- অসমৰ চাহৰ আৱিষ্কাৰক | Maniram Dewan

প্ৰাৰম্ভিক জীৱন | Early Life

১৮৯৭ চনৰ জানুৱাৰী  মাহৰ ২৩ তাৰিখে বংগ প্ৰদেশৰ (Bengal province) উৰিষ্যা ডিভিজনৰ কটকত জন্ম হৈছিল সুভাষচন্দ্ৰ বসুৰ। তেওঁৰ পিতৃ ‌জানকীনাথ বসু আছিল উৰিষ্যাৰ কটক চহৰৰ এজন বিখ্যাত উকীল। সুভাষ চন্দ্ৰ বসুৰ মাতৃৰ নাম আছিল প্ৰভাৱতী দেৱী। জানকীনাথ বসু আৰু ‌প্ৰভাৱতী দেৱীৰ ১৪ টি সন্তানৰ ভিতৰত সুভাষ চন্দ্ৰ বসু আছিল নৱম সন্তান।

কটক চহৰত প্ৰটেষ্টাণ্ট ইউৰোপিয়ান স্কুল (বৰ্তমানে ‘Stewart High School’) ত ১৯০২ চনত শিক্ষাজীৱন আৰম্ভ কৰিছিল সুভাষ চন্দ্ৰ বসুৱে। Baptist Mission এ পৰিচালনা কৰা এইখন স্কুলত ১৯০৯ চনলৈকে শিক্ষা গ্ৰহণ কৰাৰ পিছত Ravenshaw collegiate স্কুলত নামভৰ্তি কৰে সুভাষ চন্দ্ৰ বসুৱে। অতি মেধাৱী ছাত্ৰ সুভাষ চন্দ্ৰ বসুৱে ১৯১৩ চনত প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰি উত্তীৰ্ণ হৈ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰে। এই সময়চোৱাত মাত্ৰ ১৬ বছৰ বয়সত সুভাষ চন্দ্ৰ বসু  স্বামী বিবেকানন্দ আৰু ৰামকৃষ্ণ পৰমহংসৰ দৰ্শনৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল।

গুৰুত্বপূৰ্ণ কথা যে সুভাষচন্দ্ৰ বসুৱে প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰি থকাৰ সময়তে অধ্যাপক Oaten এ শ্ৰেণীকক্ষত ভাৰতীয় সকলৰ প্ৰতি কৰা অসন্মানজনক মন্তব্যৰ বিৰোধিতা কৰাৰ বাবে সুভাষচন্দ্ৰ বসুক প্ৰেচিডেন্সি কলেজৰ পৰা বহিষ্কাৰ কৰা হৈছিল। প্ৰকৃততে সেই সময়ৰৰ পৰাই সুভাষ চন্দ্ৰ বসু জাতীয়তাবাদী চিন্তা ধাৰাৰ এজন ব্যক্তি আছিল।

প্ৰেচিডেন্সি কলেজৰ পৰা বহিষ্কাৰ হোৱা পিছত সুভাষচন্দ্ৰ বসু কলিকতা বিশ্ববিদ্যালয়ৰ Scottish Church college ত নাম ভৰ্তি কৰে‌ আৰু ১৯১৮ চনত দৰ্শনবিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি ১৯১৯ চনত বসুৱে ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু কেম্ব্ৰিজৰ ফিট্‌জ্‌উইলিয়াম কলেজৰ‌ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

গুৰুত্বপূৰ্ণ কথা যে সুভাষচন্দ্ৰ বসুৱে ১৯২০ চনত ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত চতুৰ্থ স্থান দখল কৰি উত্তীৰ্ণ হৈছিল। কিন্তু ব্ৰিটিছ সকলৰ অধীনত কাম কৰিবলৈ অস্বীকাৰ প্ৰকাশ কৰি তেওঁ ভাৰতীয় অসামৰিক সেৱাৰ পদৰ পৰা ১৯২১ চনত পদত্যাগ কৰিলে। আৰু তেওঁ বিদেশৰ পৰা ভাৰতলৈ উভতি আহে।

Also Read: জীৱনী: অম্বিকাগিৰী ৰায়চৌধুৰী- অসমীয়া সাহিত্যিক | Ambikagiri Raichoudhury

আন্দোলনকাৰী ৰূপে সুভাষচন্দ্ৰ বসু | Subhas Chandra Bose as a Protester

১৯২১ চনত বিদেশৰ পৰা ভাৰতলৈ উভতি আহিয়েই মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন (Non-cooperation movement) ত সক্ৰিয় অংশগ্ৰহণ কৰাৰ লগতে “স্বৰাজ” নামেৰে এখন বাতৰি কাকত আৰম্ভ কৰাৰ লগতে বংগ প্ৰদেশ কংগ্ৰেছ সমিতিৰ (Bengal Provincial Congress Committee) প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল সুভাষচন্দ্ৰ বসুৱে। ইয়াৰ পৰৱৰ্তী সময়ত ‌নিখিল ভাৰত যুৱ কংগ্ৰেছ (All India Youth Congress) ৰ সভাপতি আৰু বংগ প্ৰদেশ কংগ্ৰেছৰ (Bengal State Congress) সচিবৰূপে সুভাষচন্দ্ৰ বসু  নিৰ্বাচিত হয় ১৯২৩ চনত। আৰু এইখিনি সময়তে সুভাষ চন্দ্ৰ বসুৰ বংগৰ উগ্ৰ জাতীয়বাদৰ মুখপাত্ৰ চিত্তৰঞ্জন দাসৰ লগত এক আন্তৰিক সম্পৰ্ক গঢ়ি উঠে। গুৰুত্বপূৰ্ণ কথা যে ‌চিত্তৰঞ্জন দাসে আৰম্ভ কৰা “ফৰৱাৰ্ড” নামৰ বাতৰি কাকতখনৰো সম্পাদক‌ ৰূপে দায়িত্ব পালন কৰিছিল তেওঁ।

ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ সকলে জাতীয়তাবাদীৰ বিৰুদ্ধে চলোৱা অভিযান কালত ১৯২৫ চনত সুভাষচন্দ্ৰ বসুকো গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত সুভাষচন্দ্ৰ বসু ১৯২৭ চনত কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰে। কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ ১৯২৮ চনৰ ডিচেম্বৰ মাহত কলিকতাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন আহ্বান কৰে। Congress Volunteer Corps ৰ General Officer Commanding (GOC) হিচাপে সুভাষচন্দ্ৰ বসুৱে কংগ্ৰেছ ‌দল তথা ভাৰতৰ স্বাধীনতা আন্দোলনত অনবদ্য অৱদান আগবঢ়াইছিল।

কিন্তু ১৯২৫ চনৰ পিছত পুনৰ আইন অমান্যৰ বাবে সুভাষচন্দ্ৰ বসুকো গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ব্ৰিটিছে। আৰু কাৰাগাৰৰৰ পৰা মুকলি হোৱাৰ পিছত ১৯৩০ চনত সুভাষচন্দ্ৰ বসু কলিকতাৰ পৰা মেয়ৰ হিচাপে নিৰ্বাচিত হয়।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৩০ দশকৰ মাজভাগত সুভাষ চন্দ্ৰ বসুৱে গৱেষণামূলক ভাৱে ১৯২০ চনৰ পৰা ১৯৩৪ চনলৈকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশ সামৰি দ্য ইণ্ডিয়ান ষ্ট্ৰাগ্ল’ নামৰ এখন গ্ৰন্থ লিখে। কিন্তু ১৯৩৫ চনত লণ্ডনত প্ৰকাশিত হোৱা এই গ্ৰন্থখন ব্ৰিটিছ প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰে।

সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ স্বাধীনতাৰ বাবে “স্বৰাজ” (self-governance) ৰ সপক্ষে থিয় দিলেও ব্ৰিটিছৰ বিৰুদ্ধে হিংসাৰো পোষকতা কৰিছিল। যাৰ বাবে অহিংস নীতিৰে ভাৰতৰ স্বাধীনতা আজুৰি আনিবলৈ সংকল্পবদ্ধ হোৱা মহাত্মা গান্ধীৰ লগত তেখেতৰ মতানৈক্যৰ সৃষ্টি হৈছিল। ইয়াৰ পৰিণতিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ফাট মেলে। আৰু বিভিন্ন ঘটনা পৰিঘটনাৰ অন্ততঃ সুভাষচন্দ্ৰ বসুৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পৰৱৰ্তী সময়ত সুভাষচন্দ্র‌ বসুৱে ফৰৱার্ড ব্লক’ (Forward Block) নামৰ এটা নতুন দল গঠন কৰে। 

গুৰুত্বপূৰ্ণ কথা যে ফৰৱার্ড ব্লক’ (Forward Block) গঠন কৰাৰ পৰৱৰ্তী সময়ত ১৯৪০ চনত ইংৰাজ কর্তৃপক্ষই পুনৰ নিৰাপত্তা আইনৰ দ্বাৰা সুভাষচন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰে কিন্তু গুৰুত্বপূৰ্ণ কথা যে সেই সময়ত বসু শাৰীৰিক স্বাস্থ্যৰ অৱনতি হোৱাত গৃহবন্দী কৰি ৰাখে।

Also Read: জীৱনী: আইদেউ সন্দিকৈ- অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী | Aideu Handique

আজাদ হিন্দ ফৌজৰ গঠন | Formation of Azad Hind Fauj

অহিংস নীতিৰে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা সংগ্ৰাম সেই সময়লৈকে সফলতা অৰ্জন নকৰাৰ বাবে সুভাষচন্দ্র বসুৱে ব্রিটিছৰ বিৰুদ্ধে অহিংস নীতিৰ পৰিৱৰ্তে সশস্ত্র সংগ্রামৰ পোষকতা কৰি গৃহবন্দী হৈ থকা অৱস্থাৰ পৰাই ১৯৪১ চনৰ ১৭ জানুৱাৰীত গোপনে ভাৰত ত্যাগ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে ছোভিয়েট ইউনিয়নৰ সহায় ভিক্ষা কৰে সুভাষচন্দ্ৰ বসুৱে। কিন্তু ছোভিয়েট ইউনিয়নে ব্ৰিটিছ সকলক সমৰ্থন দিয়াৰ পৰিপ্ৰেক্ষিতত বসুৱে জাৰ্মানীৰ ৰাজধানী বার্লিনলৈ যাত্ৰা কৰে আৰু তাতেই হিটলাৰৰ সহযোগত ভাৰতীয় যুদ্ধ বন্দীসকলক লৈ এটা সৈন্যবাহিনী গঠন কৰে। 

কিন্তু ১৯৪১ চনৰ শেষৰ ফালে জাপানে ইংলেণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। আৰু সেই সময়ত ভাৰতবৰ্ষৰ এক অন্যতম বিপ্লবী ৰাসবিহাবী বসু জাপানত আছিল। ৰাসবিহাবী বসুৱে দক্ষিণ পূব এছিয়াত থকা ভাৰতীয়সকল তথা জাপানৰ হাতত বন্দী হৈ থকা ভাৰতীয় সেনাসকলক লৈ ভাৰতক স্বাধীন কৰাৰ পৰিকল্পনা কৰি সেই উদ্দেশ্যে আগত লৈ বেংককত ভাৰতীয়সকলক লৈ এক বিৰাট সমাবেশ আয়োজন কৰিছিল ১৯৪২ চনৰ ১৫ জুনত।

আৰু এই সমাৱেশৰ এক এক প্রস্তাৱ অনুসৰি দক্ষিণ-পূব এছিয়ালৈ নিমন্ত্ৰণ কৰে সুভাষচন্দ্র বসুক। ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন আলোচনা তথা পৰিকল্পনাৰ মাজেৰে ১৯৪২ চনৰ ১ছেপ্টেম্বৰত ৰাসবিহাবী বসু, ভাৰতীয় সেনাবাহিনীৰ কেপ্টেইন মোহন সিং আৰু জাপানী কর্তৃপক্ষ প্রচেষ্টাত ভাৰতবৰ্ষক স্বাধীন কৰাৰ মানসেৰে আজাদ হিন্দ ফৌজৰ গঠন কৰা হয়।

আজাদ হিন্দ ফৌজৰ গঠনৰ পৰৱৰ্তী সময়ত ১৯৪৩ চনৰ ২৫ আগষ্টত সুভাষচন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ অৰ্থাৎ ভাৰতীয় জাতীয় বাহিনী (Indian National Army) সর্বাধিনায়ক পদবী গ্ৰহণ কৰে। গুৰুত্বপূৰ্ণ কথা যে সুভাষচন্দ্ৰ বসুৰ শক্তিশালী তথা আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে জাতি-ধৰ্ম নিৰ্বিশেষে সকলো সৈনিকে সুভাষ চন্দ্রক নেতাজী’ বুলি অভিহিত কৰিছিল।

স্বাধীনতা সংগ্ৰাম | The Freedom Struggle

সুভাষচন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজক তিনি মূল ব্রিগেডত বিভক্ত কৰাৰ (গান্ধী, আজাদ আৰু নেহৰু ব্রিগেড)  লগতে মহিলা সকলক সংগঠিত কৰি ৰাণী ঝান্সী নামৰ এটা মহিলা ব্রিগেডো গঠন কৰিছিল। নেতাজী সুভাষচন্দ্ৰ বসুৱে আজাদ হিন্দ অর্থাৎ স্বাধীন ভাৰত চৰকাৰৰ প্রতিষ্ঠাৰ কথা ঘোষণা কৰাৰ সমান্তৰালকৈ ‘দিল্লী চলো’ শ্লোগানেৰে ১৯৪৩ চনৰ ৩১ অক্টোবৰত ভাৰত অভিমুখে প্ৰস্তুতি তীব্ৰ গতিত চলাইছিল। ভাৰতৰ স্বাধীনতা লাভৰ বাবে অহোপুৰুষাৰ্থ কৰা সুভাষচন্দ্ৰ বসুৱে জনতাক উদ্দেশ্যে কৰি কৈছিল “Give me blood; I promise you freedom” ( মোক তোমালোকৰ তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম) । 

সুভাষচন্দ্ৰ বসুৱে ১৯৪৪ চনৰ জানুৱাৰী মাহত ৰেঙ্গুনত প্রধান সামৰিক দপ্তৰ প্রতিষ্ঠা কৰাৰ পাছতে আৰম্ভ কৰে আজাদ হিন্দ ফৌজৰ ভাৰত অভিযান। জাপানী সৈন্যৰ লগত অগ্রসৰ হৈ আহি ভাৰতৰ সীমান্তত অৱস্থিত মর্ডদক নামে ঠাইত ব্রিটিছ সৈন্যৰ ওপৰত আক্রমণ কৰে আজাদ হিন্দ ফৌজৰ প্ৰথম ডিভিজনে। সেই আক্ৰমণত জয় লাভ কৰাৰ পিছত আজাদ হিন্দ ফৌজে শীঘ্ৰেই ইম্ফল অধিকাৰ কৰি অসমৰ মাজেদি বঙ্গদেশত প্রৱেশৰ আঁচনি হাতত লয়। কিন্তু আমেৰিকাই বিশাল যুদ্ধ সম্ভাৰ লৈ সেই সময়তে জাপানৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে স্বদেশ ৰক্ষাৰ হকে জাপানী সৈন্যই ব্রহ্মদেশ পৰিত্যাগ কৰে আৰু আজাদ হিন্দ ফৌজ পিছুৱাবলৈ বাধ্য হয়।

মৃত্যু | Death

ইহাঁতে সৃষ্টি হোৱা নানা প্রতিকূল অৱস্থা তথা সমস্যাৰ মাজতে কিছুদিন যুদ্ধ কৰি অৱশেষত আজাদ হিন্দ ফৌজে আত্মসমর্পণ কৰিবলৈ বাধ্য হয় আৰু ১৯৪৫ চনৰ ২৩ আগষ্টৰ এক বিমান দুর্ঘটনাত নেতাজী সুভাষচন্দ্র বসুৰ মৃত্যু হয় বুলি জনা যায়। কিন্তু সুভাষচন্দ্র বসুৰ মৃত্যু  বৰ্তমান সময়লৈকে এক ৰহস্য হৈয়ে আছে। বৰ্তমানো ইয়াৰ বিষয়ে এটা সর্বজনগৃহীত সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ হোৱা নাই। 

সামৰণি | Conclusion

সুভাষচন্দ্ৰ বসুৰ জন্ম দিনটো অৰ্থাৎ ২৩ জানুৱাৰী দিনটো সমগ্ৰ ভাৰতত পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতৰ স্বাধীনতাত প্ৰভূত বৰঙনি যোগোৱা নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ সদায় ইতিহাসৰ পাতত জ্বিলিকি থাকিব। জাতীয় প্ৰেমৰ বাবে অমৰ হৈ থকা সুভাষচন্দ্ৰ বসু নৱ-প্ৰজন্মৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।

Also Read: জীৱনী: অমলেন্দু গুহ- ভাৰতীয় ইতিহাসবিদ | Amalendu Guha

FAQ

১) সুভাষচন্দ্ৰ বসু কোন আছিল?

উঃ- পৰাধীনতাৰ শিকলি চিঙিবলৈ প্রাণেপণে চেষ্টা কৰা এজন অন্যতম ব্যক্তি হ’ল সুভাষচন্দ্ৰ বসু (Subhas Chandra Bose)। নাজী জাৰ্মানী আৰু জাপানৰ সহযোগত ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিবলৈ প্ৰয়াস কৰা সুভাষচন্দ্ৰ বসু হ’ল ভাৰতৰ এজন কিংবদন্তি পুৰুষ। ভাৰতৰ স্বাধীনতাৰ বাবে সুভাষচন্দ্ৰ বসুৱে অহোপুৰুষাৰ্থ কৰিছিল।

২) সুভাষচন্দ্ৰ বসুৰ জন্ম কʼত হৈছিল?

উঃ- উৰিষ্যাৰ  কটকত।

৩) ‘দ্য ইণ্ডিয়ান ষ্ট্ৰাগ্ল’ কোনে লিখা?

উঃ- সুভাষচন্দ্ৰ বসুৱে।

৪) ‘নেতাজী’ কোন?

উঃ- সুভাষচন্দ্ৰ বসুৰ শক্তিশালী তথা আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে জাতি-ধৰ্ম নিৰ্বিশেষে সকলো সৈনিকে সুভাষ চন্দ্রক নেতাজী’ বুলি অভিহিত কৰিছিল।

৫) সুভাষচন্দ্ৰ বসুৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ১৯৪৫ চনৰ ২৩ আগষ্টত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top