জীৱনী: আইদেউ সন্দিকৈ- অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী | Aideu Handique Biography

আইদেউ সন্দিকৈ | Aideu Handique Essay in Assamese | Biography of Aideu Handique in Assamese | আইদেউ সন্দিকৈ বিষয়ে জীৱনী | আইদেউ সন্দিকৈ বিষয়ে ৰচনা | আইদেউ সন্দিকৈৰ চমু পৰিচয়।

Join Telegram channel

প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আমাৰ সকলোৰে জ্ঞাত আইদেউ সন্দিকৈ (Aideu Handique) বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক। মাত্ৰ এটি শব্দ ‘বঙহৰদেউ’, এই শব্দটিয়েই তেওঁৰ জীৱনৰ গতিপথ সলাই পেলাইছিল। ৰক্ষণশীল সমাজে আইদেউৱে ‘জয়মতী ‘চৰিত্ৰত অভিনয় কৰি ‘গদাপাণি’ৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰদেউ বুলি সম্বোধন কৰাটোক এক গুৰুতৰ অপৰাধ বুলি গণ্য কৰিছিল আৰু সমাজৰ এলান্ধুকলীয়া নীতি-নিয়মৰ গইনা লৈ আইদেউক সমাজৰ পৰা বৰ্জন কৰা হয়। আজীৱন উকা সেওঁতাৰে চিৰকুমাৰী হৈ মৃত্যুক আকোঁৱালি লোৱা চিৰপৰিচিত এই মহীৰূহ নাৰী গৰাকী ত্যাগ আৰু সহনশীলতাৰো প্ৰতীক।

আইদেউ সন্দিকৈ Aideu

আইদেউ সন্দিকৈ জীৱনী | Aideu Handique Biography

নাম (Name)আইদেউ সন্দিকৈ (Aideu Handique[1])
জন্ম চন (Date of Birth)২৭ জুন, ১৯১৫ চন
জন্ম স্থান (Place of Birth)পানী দিহিঙীয়া গাওঁ, গোলাঘাট
মৃত্যু (Death)১৭ ডিচেম্বৰ, ২০০২

Also Read: জীৱনী: গুণাৰাম খনিকৰ- অসমৰ প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ | Gunaram Khanikar Biography

ব্যক্তিগত তথ্য সংগ্ৰহ

গোলাঘাটৰ জীয়ৰী তথা প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ  নায়িকা আইদেউ সন্দিকৈৰ পিতৃৰ নাম আছিল  নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম আছিল লক্ষ্মী সন্দিকৈ।  তেওঁ  কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহন কৰা নাছিল।

সাফল্য

আইদেউৱে সেই সময়ৰ ৰক্ষণশীল সমাজখনৰ বাবে যি সন্মান পাব লাগিছিল তাৰ পৰা বঞ্চিত আছিল; ইয়াৰ পৰিৱৰ্তে কুলক্ষিণী, চৰিত্ৰহীনা, বেশ্যা আদি আৰোপহে তেওঁৰ ওপৰত জাপি দিয়া হৈছিল। সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ খবৰ-খাতিৰ পৰা  জ্যোতিপ্ৰসাদও অজ্ঞাত আছিল। ‘জয়মতী’ বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা হোৱা নাই। আইদেউ সন্দিকৈয়ে ১৯৮৫ চনতহে নিজৰ অভিনীত ‘জয়মতী’ৰ অংশ দেখিবলৈ পায়। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ পঞ্চাছ বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে ‘জয়মতী’ৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়তে অসম চৰকাৰে তেখেতক মাহে ১০০০ টকাকৈ এটা পেন্সন দিয়াৰ ব্যৱস্থাও কৰি দিয়ে। ১৯৯১ চনত তেখেতৰ গাঁৱত আইদেউৰ নামৰ এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰা হয়।

জীৱন বৃত্তান্ত

উল্লেখযোগ্য যে সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই গহপুৰৰ ভোলাগুৰি চাহবাগিচাত  অস্হায়ীভাৱে নিৰ্মাণ কৰা  জ্যোতি চিত্ৰবন ষ্টুডিঅ’ত ১৯৩৩ চনৰ পৰা প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ‌ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছিল। কিন্তু ৰক্ষণশীল সমাজ ব্যৱস্থাৰ ভয়ত জয়মতী চৰিত্ৰটিৰ বাবে কোনো নাৰী ওলাই আহিবলৈ সাহস কৰা নাছিল। অৱশেষত জ্যোতিপ্ৰসাদ আগৰৱালাই সম্ভেদ পাইছিল আহোমৰ ছোৱালী চ্যুকাফাৰ জীয়ৰী আইদেউৰ। তাৰ পিছত আগৰৱালাই এই সংক্ৰান্ততে আইদেউৰ সম্পৰ্কীয় ককায়েক ডিম্ব গোহাঁইৰ সৈতে যোগাযোগ কৰে। ডিম্ব ককাইদেউৱে আইদেউক পানী জাহাজ দেখুৱাৰ চলেৰে লৈ গৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত সাক্ষাৎ কৰাই দিয়ে। ইয়াৰ পিছতেই আৰম্ভ হয় আইদেউৰ জীৱনৰ এক নতুন অধ্যায়,  ‘জয়মতী’ ৰূপে।

প্ৰকৃত স্বামী-স্ত্ৰীৰ দৰেই অভিনয় কৰা আইদেউৰ নাম অসমীয়া চলচ্চিত্ৰ জগতৰ সোঁৱৰণীৰ পৃষ্ঠাত আজিও জীপাল হৈ আছে। চাওদাং বৰুৱা ওৰফে লʼৰাৰজাৰ চাওদাং ফণী শৰ্মাৰ চমতাৰ কোববোৰ নিজৰ কেঁচা দেহত জয়মতীৰ লেখিয়াকৈ নীৰৱে সহ্য কৰি আইদেউৱে জীৱন্ত ৰূপত চৰিত্ৰটি ফুটাই তুলিবলৈ সক্ষম হৈছিল। এই প্ৰসংগতে জুবিন গাৰ্গৰ এটি গীতৰ কলি কাণত বাজি উঠে-

                 “বঙহৰদেউ মোৰ সোণৰ সোলেং তুমি

                 চাওদাঙে ধৰিব যোৱাগৈ মোকে এৰি,

                 খহি খহি খহি যাবগৈ মোৰ দেহাটি

                 তথাপি নকমে তোমাৰে ঠিকনাটি।”

যথেষ্ট ত্যাগ স্বীকাৰ কৰি “জয়মতী” বোলছবিৰ কাম  সফলতাৰে সমাপ্তি ঘটাৰ পিছত আইদেউ ঘৰলৈ উভতি আহিছিল। কিন্তু ঘৰলৈ আহি আইদেউৱে নিজ ঘৰখনক যেনে অৱস্থাত এৰি গৈছিল তেনে অৱস্থাত পোৱা নাছিল। গাঁওবাসী, পৰিয়ালৰ সদস্য সকলোৰে দৃষ্টিত আইদেউ হৈ পৰিল অপৰাধী। বাটে-ঘাটে সকলোতে আইদেউৱে বিভিন্ন অপবাদ আৰু অপমানৰ  সন্মুখীন হʼব লগা হৈছিল। উদ্ধাৰণী প্ৰায়শ্চিত্ত হৈ আইদেউৱে ৰক্ষা নাপাইছিল। ফুলকুমলীয়া আইদেউৱে যথেষ্ট মানসিক আৰু পাৰিবাৰিক অশান্তি ভোগ কৰিব লগীয়া হৈছিল। অন্যহাতে জয়মতী চৰিত্ৰটিৰ বাবে ভোগা শাৰীৰিক নিৰ্যাতনৰ ফলশ্ৰুতিত আইদেউ কেইবাদিনো  চিকিৎসাধীন হʼবলগীয়া হৈছিল। একাৰ্থত কʼবলৈ গ’লে শাৰীৰিক আৰু মানসিক নিৰ্যাতনে আইদেউক কোঙা কৰি পেলাইছিল। চমতাৰ কোববোৰেই অৱশেষত তেওঁৰ কাল হৈছিল। আজলী আইদেউৱে এইবোৰ নিৰ্যাতন বিধিৰ লিখন বুলি ভাবি ,একালত দুখ একালত সুখ বাক্যশাৰী ধিয়াই শিৰপাতি  লৈছিল।

Also Read: জীৱনী: সৰোজনী নাইডু- ভাৰতীয় নাইটিংগেল | Sarojini Naidu

অৱশেষত গ্লানি সহ্য কৰিব নোৱাৰি মাক-দেউতাকে অকলশৰে থাকিবলৈ আইদেউক এটা সৰু জুপুৰী ঘৰ সাজি দিছিল। থকা-খোৱাৰ ব্যৱস্থা আইদেউৱে নিজে কৰিছিল। সমাজৰ পৰা এঘৰীয়া হৈ তেওঁ জীৱন- যাপন কৰিবলগীয়া হৈছিল। ভায়েক আৰু বনকৰা লʼৰা সুফলে মাজে- সময়ে সংগ দিয়াত আইদেউৱে কিছু সকাহ পাইছিল।

এদিন আইদেউৰ জীৱনলৈ সচাঁকৈয়ে সুখ আহিল। অঙহী-বঙহী তথা গাঁৱৰ মানুহবোৰৰ আইদেউৰ প্ৰতি থকা মনৰ পূৰ্বৰ ধাৰণা সলনি হ’ল। যুৱকসকলৰ প্ৰচেষ্টাত আইদেউৰ ঘৰৰ পদূলিত বিভিন্ন দিশৰ সাংবাদিক সকলৰ উদূলি-মুদুলি দৃশ্য। সভ্য-গভ্য ব্যক্তিসকলো আইদেউৰ সৈতে চিনাকি হ’বলৈ আগবাঢ়ি আহিল। জীৱনৰ বিয়লি বেলাত হীৰা টুকুৰা দুগুণে উজ্জ্বলি উঠিল।

২০০৭ চনত মুক্তিপ্ৰাপ্ত “আইদেউ”  আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক এখন কাহিনী চিত্ৰ। চিত্ৰনাট্য আৰু পৰিচালনা  কৰিছিল অৰূপ মান্নাৰে। নামভূমিকাত অভিনয় কৰে চন্দনা শৰ্মাই। অসম চলচ্চিত্ৰ উৎসৱ, ২০০৭ চনত এই ছবিখন শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ মহিলা অভিনেতাৰ বঁটা লাভ কৰে।

২০১৩ চনৰ ২০ আগষ্ট তাৰিখে উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজ (Aideu Talkies) আইদেউ সন্দিকৈৰ স্মৃতিত জন্ম লাভ কৰে।

Also Read: জীৱনী: ৰাণী লক্ষ্মীবাই- ঝান্সিৰ ৰাণী | Rani Laxmi Bai

সামৰণি

আইদেউ সন্দিকৈয়ে জীৱনৰ শেষৰ সময়খিনি ভতিজাকহঁতৰ লগত গোলাঘাটৰ কমাৰগাঁৱত কটায়। “The East Indian Motion Picture Association”-এ লৰচৰ কৰিব নোৱাৰা আইদেউক এখনি হুইল চকী প্ৰদান কৰে। অসম চৰকাৰে তেখেতৰ মাহিলী পেন্সন ১৫০০ টকালৈ বৃদ্ধি কৰে। তেখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবেও মনোনীত কৰা হয়, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰাৰ অজুহাতত সেই বঁটা প্ৰদান কৰা নহ’ল। ২০০২ চনৰ ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে।

FAQ

১) আইদেউ সন্দিকৈ কোন আছিল?

উঃ- প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ত নায়িকা ৰূপত আত্মপ্ৰকাশ কৰা আমাৰ সকলোৰে জ্ঞাত আইদেউ সন্দিকৈ বৰ্তমান নাৰী সমাজৰো এক মূৰ্ত প্ৰতীক।

২) আইদেউ সন্দিকৈ কিয় বিখ্যাত?

উঃ- অসমীয়া বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী নাৰী ৰূপে আইদেউ সন্দিকৈ বিখ্যাত। 

৩) আইদেউ সন্দিকৈৰ জন্ম কʼত আৰু কেতিয়া হৈছিল?

উঃ- গোলাঘাট জিলাৰ পানী দিহিঙীয়া গাওঁত ১৯১৫ চনৰ ২৭ জুন তাৰিখে।

৪) আইদেউ সন্দিকৈৰ কিমান বছৰত মৃত্যু হৈছিল?

উঃ- ৮৬ বছৰত।

৫) আইদেউ সন্দিকৈয়ে অভিনয় কৰা বোলছবি খন কি আছিল?

উঃ- জয়মতী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top