জীৱনী: সৰোজনী নাইডু- ভাৰতীয় নাইটিংগেল | Sarojini Naidu Biography

সৰোজনী নাইডু | Sarojini Naidu Essay in Assamese | Biography of Sarojini Naidu in Assamese | সৰোজনী নাইডু বিষয়ে জীৱনী | সৰোজনী নাইডু বিষয়ে ৰচনা | সৰোজনী নাইডুৰ চমু পৰিচয়।

Join Telegram channel

বিভিন্ন সময়ত জাতিৰ ইতিহাসত, সভ্যতাৰ বিকাশত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।  ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰকৃততে ভাৰতীয় নাৰীসকলে বিদেশী শাসনৰ পৰা মুক্ত হ’বৰ বাবেই প্ৰকৃত দেশপ্ৰেম আৰু অদম্য সাহসৰ সৈতে ব্ৰিটিছ সকলৰ বিৰুদ্ধে যুঁজ দিছিল। জাতি-বৰ্ণ-লিংগ-ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিয়েই এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। পুৰুষ সকলৰ সমান্তৰালকৈ অসমৰ মহিলাসকলেও চাৰিবেৰৰ সীমাৰ মাজত আৱদ্ধ নাথাকি ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি এটা নজিৰ সৃষ্টি কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ‌সেই সময়ত মহিলা সকলে ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ এটা পৰিৱেশ নাই তথাপিও কঠোৰ প্ৰত্যাহ্বানৰ মাজতে ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় অংশগ্ৰহণৰ জৰিয়তে নাৰী সবলীকৰণৰ ক্ষেত্ৰত এটা নতুন পথৰ সূচনা কৰা এটা বিপ্লৱী সত্বা হ’ল সৰোজনী নাইডু (Sarojini Naidu)।

সৰোজনী নাইডু Sarojini

সৰোজনী নাইডু জীৱনী | Sarojini Naidu Biography

নাম (Name)সৰোজনী নাইডু (Sarojini Naidu[1])
প্ৰকৃত নাম (Real Name)সৰোজনী চট্টোপাধ্যায়
জন্ম চন (Date of Birth)১৩ ফেব্ৰুৱাৰী, ১৮৭৯ চন
জন্ম স্থান (Place of Birth)হায়দৰাবাদ, ভাৰত (বৰ্তমানৰ তেলেংগানা)
অভিভাৱক (Parents)পিতৃৰ নাম- অঘৰনাথ চট্টোপাধ্যায়
মাতৃৰ নাম- বৰদা সুন্দৰী দেৱী 
স্বামী (Spouse)ড॰ গোভিন্দ্ৰাজুলু নাইডু
শিক্ষা (Education)১) King’s College, ইংলেণ্ড
২) Girton College, কেমব্ৰিজ
বঁটা / সন্মান (Awards)১) কেইশৰ-ই-হিন্দ’
২) The Nightingale of India
৩) বুলবুলে হিন্দ 
মৃত্যু (Death)২ মাৰ্চ, ১৯৪৯ চন

Also Read: জীৱনী: নোমল চন্দ্ৰ বৰা- অসমৰ চিকিৎসা জগতৰ তাৰকা | Nomal Chandra Borah Biography

সৰোজনী নাইডু (Sarojini Naidu) প্ৰাৰম্ভিক জীৱন

সৰোজনী নাইডুৰ প্ৰকৃত নাম হ’ল সৰোজনী চট্টোপাধ্যায়। হায়দৰাবাদৰ এটা বেংগলী পৰিয়ালত ১৮৭৯ চনৰ ১৩ ফ্ৰেব্ৰুৱাৰীত সৰোজনী নাইডুৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম হ’ল- অঘৰনাথ চট্টোপাধ্যায় আৰু মাতৃৰ নাম হ’ল- বৰদা সুন্দৰী দেৱী। সৰোজনী নাইডুৰ পিতৃ অঘৰনাথ চট্টোপাধ্যায় আছিল এজন বেংগলী সম্প্ৰদায়ৰ ব্যক্তি আৰু তেওঁ আছিল হায়দৰাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ। অৱশ্যে পৰৱৰ্তী সময়ত এই মহাবিদ্যালয় খন নিজাম মহাবিদ্যালয় হিচাপে জনা গৈছিল। ইয়াৰ উপৰিও তেখেতৰ পিতৃয়ে Edinburgh University -ৰ পৰা বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ বিপৰীতে তেখেতৰ মাতৃয়ে বেংগলী ভাষাত কবিতাৰ চৰ্চা কৰিছিল। উল্লেখ্য যে সৰোজনী নাইডু আছিল আঠটা সন্তানৰ ভিতৰত সকলোতকৈ জেষ্ঠ। তেখেতৰ ভাতৃ বীৰেন্দ্ৰনাথ চট্টোপাধ্যায় এজন বিপ্লৱী হোৱাৰ পৰিৱৰ্তে আন এজন ভাতৃ হৰিন্দ্ৰনাথ আছিল এজন কবি, নাট্যকাৰ তথা এজন অভিনেতা। এক সম্ভ্ৰান্ত তথা সাংস্কৃতিক পৰিয়ালৰ মূল্যবোধৰ মাজত ডাঙৰ হোৱা বাবে সৰোজনী নাইডুৱেও নিজৰ সৃজনীমূলক প্ৰতিভা বিকাশৰ বাবে সুবিধা লাভ কৰিছিল।

শিক্ষা | Education

সৰুৱে পৰা অত্যন্ত মেধাৱী সৰোজনী নাইডুৱে ১৮৯১ চনত মাত্ৰ বাৰ (১২) বছৰ বয়সতে মেট্ৰিক পৰীক্ষাত শীৰ্ষস্থান দখল কৰি উত্তীৰ্ণ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৮৯৫ চনৰ পৰা ১৮৯৮ চনলৈকে ইংলেণ্ডৰ কিং কলেজ, কেম্ব্ৰিজৰ গিৰটন কলেজত অধ্যয়ন কৰা সৰোজনী নাইডুৱে ইংলেণ্ডৰ H.E.H, the Nizam’s Charitable Trust -ৰ অধীনত বৃত্তিও লাভ কৰিছিল। বিদেশত অধ্যয়নৰত অৱস্থাতে বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন মেধাৱী, প্ৰতিভাধৰ ব্যক্তিৰ সান্নিধ্যলৈ অহা নাইডুৱে সেই সময়ত ইউৰোপ মহাদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল। উল্লেখ্য যে উৰ্দু, তেলেগু, ফাৰ্চী আৰু বাংলা ভাষাত দক্ষতা থকা সৰোজনী নাইডুৰ প্ৰিয় কবি হ’ল  পি. বি. শেলি।

Also Read: জীৱনী: তৰুণ ৰাম ফুকন | Biography of Tarun Ram Phukan

সৰোজনী নাইডু বৈবাহিক জীৱন | Sarojini Naidu Married Life

শিক্ষা গ্ৰহণৰ অন্তত ১৮৯৮ চনত হায়দৰাবাদলৈ উভতি অহা সৰোজনী নাইডু গোবিন্দৰাজুলু নাইডু নামৰ এজন চিকিৎসকৰ লগত বিবাহ পাশত আবদ্ধ হয়। গুৰুত্বপূৰ্ণ কথা যে যি সময়ত ভাৰতীয় সমাজ ব্যৱস্থাত অসৱৰ্ণ বিবাহ প্ৰচলিত নাছিল তথা এক প্ৰকাৰে অসৱৰ্ণ বিবাহ নিষিদ্ধ আছিল সেই সময়ত এক আধুনিক মনৰ পৰিচয় দি, জাতি ৰক্ষণশীল নীতিৰ বিৰোধিতাৰে দুয়োটা পৰিয়ালৰ সন্মতিত  সৰোজনী নাইডু আৰু গোবিন্দৰাজুলু নাইডুৰ বিবাহ সম্পন্ন হৈছিল। 

স্বাধীনতা আন্দোলন | Freedom Movements

গুৰুত্বপূৰ্ণ কথা যে সৰোজনী নাইডুৱে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনটো সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল। বিশেষকৈ ১৯০৫ চনত বংগভংগ আন্দোলনৰ পৰিপ্ৰেক্ষিতত স্বাধীনতা সংগ্ৰামত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰিছিল তেওঁ। স্বাধীনতা আন্দোলনত সময়চোৱাত গোপালকৃষ্ণ গোখলে, ৰবীন্দ্ৰনাথ ঠাকুৰ, মহম্মদ আলি জিন্না, এনি বেচান্ত, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ সংস্পৰ্শ লাভ কৰিছিল সৰোজনী নাইডুৱে।

সমাজসেৱী ৰূপে সৰোজনী নাইডু | Sarojini Naidu As a Social Worker

এগৰাকী বক্তা হিচাপেও জনপ্ৰিয়তা থকা সৰোজনী নাইডুৱে ১৯০৪ চনৰ পৰা যুৱ-কল্যাণ, শ্ৰমৰ গুৰুত্বতা, নাৰী মুক্তি আৰু জাতীয়তাবাদৰ ওপৰত ভাৰতৰ বিভিন্ন প্ৰান্তত ব্যক্তৱ্য প্ৰদান কৰি সাধাৰণ জনতাক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিশেষকৈ নাইডুৱে মহিলা শিক্ষা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে নাইডুৱে ১৯০৬ চনত কলিকতাত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু Indian Social Conference ত ব্যক্তব্য প্ৰদান কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে বিভিন্ন সামাজিক কাম বিশেষকৈ বানপানীৰ সময়ত আৰ্তজনক কৰা সহায়ৰৰ বাবে সৰোজনী নাইডুক ১৯১১ চনত  কেইশৰ-ই-হিন্দ সন্মানেৰে সন্মানিত কৰা হৈছিল। 

১৯১৭ চনত মুথুলক্ষ্মী ৰেড্ডীৰ লগত ভাৰতীয় মহিলা সংঘ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা সৰোজনী নাইডুৱে মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা কৰা সত্যাগ্ৰহ আন্দোলনত যোগদান কৰিছিল। ১৯২৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰা সৰোজনী নাইডুৱে ১৯২৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কানপুৰত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিৰ দায়িত্ব পালন কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আসন অলংকৃত কৰা প্ৰথমগৰাকী মহিলা। কেৱল এইয়াই নহয়, নাইডু আছিল- ১৯২৭ চনত স্থাপন হোৱা সৰ্বভাৰতীয় মহিলা সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য।

গুৰুত্বপূৰ্ণ কথা যে ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা দাণ্ডী যাত্ৰাৰ সময়ত মহিলা সকলে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বহু বাধ্য-বাধকতা আৰোপ কৰিলেও সৰোজনী নাইডুক প্ৰমুখ্যে কৰি বহু কেইগৰাকী মহিলাই এই যাত্ৰাত অংশগ্ৰহণ কৰিছিল। উল্লেখ্য যে দাণ্ডী যাত্ৰাৰ সময়তে ১৯৩০ চনৰ ৬ এপ্ৰিল তাৰিখে মহাত্মা গান্ধীক ব্ৰিটিছ সকলে গ্ৰেপ্তাৰ কৰাত এই যাত্ৰাৰ নেতৃত্ব দিছিল সৰোজনী নাইডুৱে। গুৰুত্বপূৰ্ণ কথা যে সক্ৰীয় ভাৱে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা আন্দোলনত যোগদান কৰি সৰোজনী নাইডুৱে প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰিছিল  ১৯৩২ চনত। ইয়াৰ পৰৱৰ্তী সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত সূচনা হোৱা ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি ১৯৪২ চনত ২১ মাহ দিন কাৰাবন্দী জীৱন কটাইছিল নাইডুৱে। 

Also Read: মনমোহন সিং | Manmohan Singh

মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সৰোজনী নাইডু আছিল সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যপাল পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা। ভাৰতে স্বাধীনতা লাভ কৰাৰ পৰৱৰ্তী সময়ত  United Provinces তথা বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ।

সাহিত্য চৰ্চা | Literary Practices

এগৰাকী বক্তা, সক্ৰীয় ৰাজনীতিবিদ হিচাপেই নহয় সাহিত্যৰ ক্ষেত্ৰখনতো বিশেষ পৰিচয় আছিল সৰোজনী নাইডু। ১২ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা কৰা কৰা নাইডুৱে কম বয়সতে পাৰ্চী ভাষাত ৰচনা কৰা Maher Muneer নাটকখনে সেই সময়ত সকলোকে প্ৰভাৱান্বিত কৰিছিল।  কবি হিচাপেও সৰোজনী নাইডু জনপ্ৰিয় আছিল। তেওঁ কবিতাৰ জৰিয়তে ভাৰতীয় সমাজৰ বিভিন্ন দিশ অংকিত কৰিছিল আৰু এইসমূহ কথাৰ বাবেই নাইডুক Indian Yeats হিচাপে গণ্য কৰা হয়।

নাইডুৰ প্ৰথমখন কাব্য সংকলন প্ৰকাশিত হৈছিল ১৯০৫ চনত লণ্ডনত। তেওঁৰ এই কাব্য সংকলন খনৰ নাম হ’ল- ‘The Golden Threshold’। অন্যহাতে নাইডুৰ দ্বিতীয় খন কাব্য সংকলন প্ৰকাশিত হৈছিল ১৯১২ চনত আৰু এই কাব্য সংকলনটোৰ নাম হ’ল- ‘The Bird of Time’। উল্লেখ্য যে এই কাব্য সংকলনটো আছিল জাতীয়তাবাদী ভাৱাধাৰাৰ এটা শক্তিশালী কবিতাৰ সংকলন। তেওঁৰ আন আন কবিতা সংকলন সমূহ হ’ল- ‘The Sceptred Flute’ (1928) আৰু ‘The Feather of the Dawn’ (1961), ‘The Broken Wing: Songs of Love’, ‘Death and the Spring’, ‘The Gift of India’ ইত্যাদি। 

উল্লেখ্য যে সৰোজনী নাইডু ১৯১৪ চনত Royal Society of Literature-ৰ ‘fellow’ হিচাপেও নিৰ্বাচিত হৈছিল। ১৯০৫ চনত প্ৰকাশিত ‘The Golden Threshold’ কাব্যসংকলনৰ বাবে বুলবুলে হিন্দ’ বঁটাৰে সন্মানিত হৈছিল সৰোজনী নাইডু।

নাৰীবাদী এক শক্তিশালী কন্ঠ হিচাপেও জনপ্ৰিয় সৰোজনী নাইডু এগৰাকী কবি হিচাপে সমগ্ৰ ভাৰতত Nightingale of India হিচাপে জনাজাত। গুৰুত্বপূৰ্ণ কথা যে এডমাণ্ড গুচে সৰোজনী নাইডুক ১৯১৯ চনত ভাৰতৰ সকলোতকৈ দক্ষ কবি হিচাপে অভিহিত কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে সাহিত্যৰ মাজেৰে সৰোজনী নাইডুৱে ভাৰতৰ ৰাইজক নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সচেতন কৰি তোলাৰ সমান্তৰালকৈ আত্মপ্ৰতিষ্ঠাৰ পথো মুকলি কৰিছিল। তেওঁৰ প্ৰতিটো সৃষ্টি আছিল স্বকীয় গুণেৰে সমৃদ্ধ। সৰোজনী নাইডু আছিল জাতি-সত্তাৰ বাবে প্ৰতিনিয়ত চিন্তা কৰা বিপ্লৱী সত্বা।

Also Read: জীৱনী: ইন্দিৰা মিৰি | Biography of Indira Miri

মৃত্যু | Death

নাৰীৰ শিক্ষাৰ জৰিয়তে নাৰীৰ সবলীকৰণ তথা ৰাজনৈতিক, সামাজিক, সাহিত্যৰ ক্ষেত্ৰখনত সক্ৰীয় অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ অসবৰ্ণ বিবাহৰ জৰিয়তে সামাজিক অস্পৃশ্যতা দুৰীকৰণৰ ক্ষেত্ৰত উজ্জ্বল দৃষ্টান্ত দাঙি ধৰা এইগৰাকী কিংবদন্তি, মহিয়সী নাৰীয়ে ১৯৪৯ চনৰ ২ মাৰ্চ তাৰিখে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

সামৰণি | Conclusion

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত নিজৰ নাম  সােণালী আখৰেৰে লিখি থৈ যোৱা সৰোজনী নাইডু হ’ল  সাহসৰ এটা অন্য নাম। প্ৰৱল দেশপ্ৰেমী তথা জাতীয়তাবাদী অন্তৰৰ শক্তিশালী ব্যক্তিত্বৰ গৰাকী সৰোজনী নাইডুৰ মাটিৰ মানুহৰ সৈতে সম্পৰ্ক আছিল অতি নিবিড়। বিপ্লৱৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰচাৰৰ উদ্দেশ্যে কঠোৰ প্ৰত্যাহ্বানকো অতিক্ৰম কৰি দেশৰ স্বাৰ্থত বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিল তেওঁ। মৃত্যু সময়লৈকে দেশৰ বাবে প্ৰতিটো সময় দিছিল তেওঁ। 

সাহসী, স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী সৰোজনী নাইডুৱে কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম তথা সমাজসেৱাৰ জৰিয়তে ভাৰতীয় সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ সমান্তৰালকৈ নিজৰ কামৰ জৰিয়তে ভাৰতীয় জাতীয় ইতিহাসত এটা সোণালী অধ্যায় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ৰচি থৈ গৈছে বিপ্লৱী, সাহিত্যিক, সমাজ- সংস্কাৰক সৰোজনী নাইডুৱে। এগৰাকী সাহিত্যিক, ৰাজনীতিবিদ, বিপ্লৱী হিচাপে  সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত নাইডুৰ বৌদ্ধিক দৃষ্টিভংগী,কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয়। বৰ্তমান সময়তো সৰোজনী নাইডুৰ চিন্তাৰ প্ৰাসংগিকতা আছে।

FAQ

১) সৰোজনী নাইডু কোন আছিল?

উঃ- সৰোজনী নাইডু এগৰাকী ৰাজনৈতিক কৰ্মী, নাৰীবাদী, কবি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা আৰু ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্ত হোৱা প্ৰথম ভাৰতীয় মহিলা আছিল।

২) সৰোজনী নাইডুৰ প্ৰকৃত নাম কি আছিল?

উঃ- সৰোজনী চট্টোপাধ্যায়।

৩) সৰোজনী নাইডুৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৩ ফেব্ৰুৱাৰী, ১৮৭৯ চন।

৪) সৰোজনী নাইডুৰ পিতৃৰ নাম কি?

উঃ- অঘৰনাথ চট্টোপাধ্যায়।

৫) সৰোজনী নাইডুক কিয় ‘বুলবুলে হিন্দ’ বঁটাৰে সন্মানিত কৰা হৈছিল?

উঃ- ১৯০৫ চনত প্ৰকাশিত ‘The Golden Threshold’ কাব্যসংকলনৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top