মনমোহন সিং | Manmohan Singh Biography

মনমোহন সিং | Manmohan Singh Essay in Assamese | Biography of Manmohan Singh in Assamese | মনমোহন সিং বিষয়ে জীৱনী | মনমোহন সিং বিষয়ে ৰচনা | মনমোহন সিংৰ চমু পৰিচয়।

Join Telegram channel

এগৰাকী চিন্তাবিদ, অৰ্থনীতিবিদ হিচাপেও সমাদৃত ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং (Manmohan Singh) তেওঁৰ বৌদ্ধিক দৃষ্টিভংগী, কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে সকলোৰে মাজত জনপ্ৰিয়। অৰ্থনৈতিক সংস্কাৰ সাধন কৰি এখন নতুন ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ড° মনমোহন সিঙ হৈছে একেবাৰে দুবাৰকৈ নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰীৰ লগতে প্ৰথম তথা বৰ্তমানলৈকে একমাত্ৰ শিখ ধৰ্মাৱলম্বী প্ৰধানমন্ত্ৰী।

মনমোহন সিং manmohan

মনমোহন সিং জীৱনী | Manmohan Singh Biography

নাম (Name)মনমোহন সিং (Manmohan Singh[1])
জন্ম চন (Date of Birth)২৬ চেপ্তেম্বৰ ১৯৩২ (26th September, 1932)
জন্ম স্থান (Place of Birth)গাহ, অবিভাজিত পঞ্জাৱ
পৰিয়াল (Family)পিতৃৰ নাম (Father) : গুৰমুখ সিং
মাতৃৰ নাম (Mother) : অমৃত কৌৰ
পত্নী (Wife): গুৰচৰণ কৌৰ
শিক্ষা (Education)১) পঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড়
২) ছেইণ্ট জনচ কলেজ, কেম্ব্ৰিজ
৩) Nuffield College, Oxford
বঁটা / সন্মান (Awards)১) পদ্ম বিভূষণ সন্মান (১৯৮৭)
২) ভাৰতী বিজ্ঞান সমাৰোহৰ জৱাহৰলাল নেহৰু জন্ম শতবৰ্ষ বঁটা (১৯৯৫)
৩) ১৯৯৩ আৰু ১৯৯৪ চনত বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ বাবে এছিয়া মনি বঁটা
৪) বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ ইউৰো মনি বঁটা (১৯৯৩)
৫) কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ আদাম স্মিথ পুৰষ্কাৰ (১৯৫৬)
৬) কেম্ব্ৰিজত ছেইণ্ট জ’নছ কলেজত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাইট পুৰষ্কাৰ(১৯৫৫)
৭) World Statesman Award (২০১০)
৮) ২০১৪ চনত Grand Cordon of the Order of the Paulownia Flowers সন্মান
৯) Annasaheb Chirmule Award (২০০০)
                                                                                                                                                            ১০/ ১০/ Outstanding Parliamentarian Award (২০০২)
                                                                                                                                                            ১১/ ১১/ ২০০৫ চনত Times আলোচনীত প্ৰভাৱশালী ১০০ ব্যক্তিৰ তালিকাত নাম অন্তৰ্ভুক্ত

মনমোহন সিং প্ৰাৰম্ভিক জীৱন | Early Life of Manmohan Singh

১৯৩২ চনৰ ২৬ চেপ্তেম্বৰত বৰ্তমান পাকিস্তানৰ অন্তৰ্গত পঞ্জাৱৰ গহত জন্মগ্ৰহণ কৰিছিল ড০ মনমোহন সিঙে। সৰুৰে পৰা পঢ়া-শুনাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল মনমোহন সিং (Manmohan Singh)। তেওঁৰ জন্মস্থান পঞ্জাৱৰ গহত সেই সময়ত  শিক্ষা, সু-চিকিৎসা, বিজুলী বাতিৰ কোনো সু-ব্যৱস্থা নাছিল। তথাপিও শিক্ষা লাভৰ প্ৰতি আগ্ৰহী হোৱাৰ বাবেই মনমোহন সিং সেই সময়ৰ বহু দূৰ খোজ কাঢ়ি বিদ্যালয়লৈ অহা-যোৱা কৰিছিল। মাটি চাকি, কেৰাচিন লেম্পৰ পোহৰতেই তেওঁ পঢ়িছিল। আনকি সেই সময়ত পোহৰৰ সু-ব্যৱস্থা নথকাৰ বাবেই দৃষ্টি শক্তি দুৰ্বল হৈ পৰিছিল। তথাপিও তেওঁ হতাশ হোৱা নাছিল। অধ্যয়ন পিপাসু মনৰ বাবেই তেওঁ একাগ্ৰতাৰে পঢ়া-শুনা কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে, ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত মনমোহন সিঙৰ পৰিয়ালৰ পাকিস্তানৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল। ভাৰতলৈ ঘূৰি আহি অমৃতসৰ (Amritsar) ত থাকিবলৈ লৈছিল মনমোহন সিঙৰ পৰিয়াল। আৰু অমৃতসৰৰ হিন্দু কলেজত নামভৰ্তি কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল ক্ৰমান্বয়ে ১৯৫২ চনত আৰু ১৯৫৪ চনত। ইয়াৰ পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয় (Cambridge University) ৰ পৰা ১৯৫৭ চনত অৰ্থনীতি বিষয়ত Honour’s degree in Economics লাভ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত অক্সফ’ৰ্ড বিশ্ববিদ্যালয় (Oxford University) ৰ পৰা অৰ্থনীতিত পি এইচ ডি ডিগ্ৰী লাভ কৰে ১৯৬২ চনত।

Also Read: ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath Tagore

কৰ্মজীৱন | Professional Life

১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈকে মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৬ চনত সিঙ Delhi School of Economics ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ ১৯৬৬ চনৰ পৰা ১৯৬৯ চন লৈকে ৰাষ্ট্ৰসংঘত কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৯ চনত, মনমোহন সিঙে দিল্লী স্কুল অফ ইকনমিক্সআন্তৰ্জাতিক বাণিজ্যৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৭২ চনত মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে দায়িত্বভাৰ পালন কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৬ চনত তেওঁ বিত্ত মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মনমোহন সিঙে ১৯৮০ চনৰ পৰা ১৯৮২ চনত পৰিকল্পনা আয়োগৰ লগত জড়িত হৈ আছিল। অন্যহাতে তেওঁ ১৯৮২ চনত প্ৰাক্তন বিত্ত মন্ত্ৰী প্ৰণৱ মুখাৰ্জীৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্ত হৈছিল।

ইয়াৰ উপৰিও মনমোহন সিঙে ১৯৮৫ চনৰ পৰা ১৯৮৭ চনলৈকে  ভাৰতৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।  ১৯৯১ চনত, তেওঁ ইউনিয়ন পাব্লিক চাৰ্ভিচেছ কমিছনৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। 

Also Read: কনকলতা বৰুৱা জীৱনী | Biography of Kanaklata Barua

কীৰ্তিস্তম্ভ | Achievements

মনমোহন সিঙে ভাৰত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰত চাকৰি কৰাৰ পিছত ১৯৯১ চনত সেইসময়ৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মনমোহন সিং (Manmohan Singh)বিত্তমন্ত্ৰী হিচাবে কেবিনেটত স্থান দিছিল। সেই সময়ত ভাৰতত বিত্তীয় সংকটে দেখা দিছিল। মনমোহন সিঙে বৃত্ত মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি ১৯৯১ চনত নব্য উদাৰবাদী অৰ্থনৈতিক নীতি  গ্ৰহণ কৰিছিল। তেওঁৰ এই‌‌ নীতিয়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত বহু সংস্কাৰ সাধন কৰিলে। গুৰুত্বপূৰ্ণ কথা যে মনমোহন সিঙৰ উদ্যোগতে ভাৰতত ১৯৯১ চনত LPG অৰ্থাৎ Liberalization, Privatization, and Globalization ৰ সূচনা হ’ল। ভাৰতত মুক্ত অৰ্থনীতিৰ বুনিয়াদ গঢ়াত মনমোহন সিঙৰ অৱদান অনস্বীকাৰ্য্য। মনমোহন সিঙে গ্ৰহণ কৰা নব্য অৰ্থনৈতিক ‌নীতিয়ে তেওঁ সমগ্ৰ বিশ্বতে বিশেষ ভাৱে প্ৰতিষ্ঠা কৰিলে।

নৰসিমহা ৰাও মন্ত্ৰীসভাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰূপে দায়িত্ব লোৱা মনমোহন সিং (Manmohan Singh) ১৯৯১ চনৰ পৰা ২০১৯ চনলৈকে  সুদীৰ্ঘ ২৮ ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। যাৰ বাবে বহু সময়ত ড° সিঙে অসমক দ্বিতীয় খন ঘৰ বুলিও অভিহিত কৰে।

অন্যহাতে ১৯৯৬ চনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী কাৰ্যকালত মনমোহন সিঙে বিৰোধীৰ নেতা হিচাপেও দায়িত্ব পালন কৰিছিল। সিঙে ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা হিচাপে দায়িত্ব পালন কৰিছিল।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত The United Progressive Alliance (UPA) ক্ষমতালৈ অহাৰ পিছত ২০০৪ চনৰ ২২ মে’ত ভাৰতৰ ত্ৰয়োদশ  প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল  ড° মনমোহন সিঙে। গুৰুত্বপূৰ্ণ কথা যে  ড° মনমোহন সিঙে ২০০৯ চনৰ ২২ মে’ত দ্বিতীয়বাৰৰ বাবেও প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হ’ল  ড° মনমোহন সিং। তাৎপৰ্যপূৰ্ণ কথা যে ড° সিং হ’ল শিখ ধৰ্মাৱলম্বী লোকৰ পৰা প্ৰতিনিধিত্ব কৰা বৰ্তমানলৈকে একমাত্ৰ প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰী হিচাপে ড° মনমোহন সিঙে সম্পাদন কৰা গুৰুত্বপূৰ্ণ কাম সমূহ হ’ল-

/ RTI আইন ২০০৫– 

ভাৰতবাসীয়ে দীৰ্ঘদিন ধৰি দাবী কৰা RTI আইন সংসদত গৃহীত হৈছিল মনমোহন সিং প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালে অহাৰ পিছত। এই আইনৰ জৰিয়তে সাধাৰণ ৰাইজ যথেষ্ট উপকৃত হৈছে। পৰৱৰ্তী সময়ত এই আৰটিআই আইনৰ বাবেই বিভিন্ন বিভাগত সংঘটিত অনিয়ম পোহৰলৈ আহিছে।

/ মনৰেগা ২০০৫– 

২০০৫ চনৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ ইউপিএ চৰকাৰৰ অধীনত গৃহীত হোৱা National Rural Employment Guarantee Act, 2005 জৰিয়তে এক বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ নিশ্চিত মজুৰী নিযুক্তি প্ৰদান কৰি গ্ৰাম্য অঞ্চলত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। 

 ৩/ Civil Nuclear Deal ২০০৮- 

বহু প্ৰত্যাহ্বানৰ ‌মাজত মনমোহন সিঙে এই ঐতিহাসিক চুক্তি সম্পন্ন কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই চুক্তি সম্পাদন কৰাটো আছিল এক বৃহৎ কূটনৈতিক জয়। ভাৰতকে ধৰি মুঠ চৈধ্য খন দেশে এই চুক্তিত চহী কৰিছিল। এই চুক্তিৰ লক্ষ্য হৈছে পাৰস্পৰিক ভাৱে লাভজনক অৰ্থনৈতিক, বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা পাৰস্পৰিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ বাবে বিকাশ কৰা।

/ খাদ্য সুৰক্ষা আইন ২০১৩

ড° মনমোহন সিঙৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতে খাদ্য সুৰক্ষা আইন২০১৩ গৃহীত কৰা হৈছিল। এই আইনৰ জৰিয়তে দেশৰ দৰিদ্ৰ জনতাক খাদ্য আৰু পুষ্টিগত সুৰক্ষা প্ৰদান কৰাৰ লগতে সন্মানজনক ভাৱে সৈতে জীৱন যাপন কৰিবলৈ আৰু ইয়াৰ সৈতে সম্পৰ্কিত বা আনুষঙ্গিক বিষয়বোৰৰ বাবে সুলভ মূল্যত পৰ্যাপ্ত পৰিমাণৰ মানদণ্ডৰ খাদ্য প্ৰাপ্ত কৰা নিশ্চিত কৰা হয়। এই আইন খন বহু সমালোচিত হ’লেও ই বহু জনতাক একপ্ৰকাৰৰ সকাহ দিবলৈ সমৰ্থ হয়।

এইসমূহৰ ওপৰিও ড° মনমোহন সিঙে তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ২০০৫ চনত Sales Tax ৰ পৰিৱৰ্তে Value Added Tax (VAT) ৰ প্ৰৱৰ্তন কৰি দেশৰ অৰ্থনৈতিক ভেটি মজবুত কৰিবলৈ এক নতুন পদক্ষেপ গ্ৰহণ কৰিলে।

ইয়াৰ উপৰিও ড° সিঙে Right to Fair Compensation and Transparency in Land Acquisition, Rehabilitation and Resettlement Act, 2013 প্ৰৱৰ্তন কৰি ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপনৰ দিয়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী ভূমিকা পালন কৰিলে।

ড° মনমোহন সিঙে Right of Children to Free and Compulsory Education Act, 2009 প্ৰণয়ন কৰি ৬ পৰা ১৪ বছৰ বয়সৰ প্ৰতিটো শিশুক বিনামূলীয়া শিক্ষা লাভ কৰিবৰ বাবে এটা ইতিবাচক প্ৰচেষ্টা হাতত ল’লে।

এইসমূহৰ ওপৰিও নিকটৱৰ্তী দেশসমূহৰ সৈতে বৈদেশিক সম্পৰ্ক সুদৃঢ় কৰাৰ অৰ্থে ড° মনমোহন সিঙে হাতত লোৱা প্ৰচেষ্টা গুৰুত্বপূৰ্ণ। ড° সিঙে গ্ৰহণ কৰা বৈদেশিক নীতিৰ ফলতেই ভাৰতৰ পাকিস্তান, আফগানিস্তান, ৰাছিয়া, ইজৰাইল, সংযুক্ত গণৰাজ্য, আমেৰিকা, চীন, জাপান, জাৰ্মানী, ফ্ৰাঞ্চ আদি দেশৰ লগত সম্পৰ্ক উন্নত হয়।

সামৰণি | Conclusion

এক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ড° মনমোহন সিঙৰ বিষয়ে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা (Barak Obama) এ কৈছিল “When Singh speaks, world must listen him Singh’s knowledge will be useful for the entire world”.

BBC ৰ এক সমীক্ষাত ড° মনমোহন সিঙৰ বিষয়ে কোৱা হৈছিল যে, “He has enjoyed massive popular support, not least because he was seen by many as a clean politician untouched by the taint of corruption that has run through many Indians administration”.

“The silent prime minister” বুলি অভিহিত কৰা মনমোহন সিং (Manmohan Singh) বিৰোধী পক্ষইয়ো প্ৰশংসা কৰা এক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল। বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু একাধিক আন্তঃৰাষ্ট্ৰীয় সংস্থাত ভাৰতক প্ৰতিনিধিত্ব কৰা ড° মনমোহন সিং তেওঁৰ নিপুণতা আৰু কৰ্মদক্ষতাৰ বাবে কেৱল ভাৰতৰে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহ মাজত জনপ্ৰিয় এজন শক্তিশালী ব্যক্তিত্বৰ ব্যক্তি আছিল।

Also Read: ৰঘুনাথ চৌধাৰী – জীৱনী | Raghunath Chaudhary

FAQ

১) মনমোহন সিং কʼত আৰু কেতিয়া জন্ম হৈছিল?

উঃ- চকৱাল জিলা (অবিভাজিত পঞ্জাৱ)-ৰ ‘গাহ’ নামৰ এখন গাৱঁত, ২৬ চেপ্তেম্বৰ ১৯৩২ চনত মনমোহন সিঙৰ জন্ম হৈছিল। 

২) মনমোহন সিঙৰ পত্নী কোন?

উঃ- গুৰচৰণ কৌৰ (Gursharan Kaur)।

৩) মনমোহন সিঙে কৰ্মজীৱন কেনেকৈ আৰম্ভ কৰিছিল?

উঃ- মনমোহন সিঙে ১৯৫৭ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ অধ্যাপক ৰূপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।

৪) উপিন্দৰ সিং আৰু মনমোহন সিং সম্পৰ্কিত নেকি?

উঃ- হয়, উপিন্দৰ সিং মনমোহন সিঙৰ জীয়েক হিচাপে দুয়ো সম্পৰ্কিত।

৫) মনমোহন সিঙে কেনেকৈ ভাৰতক ৰক্ষা কৰিলে?

উঃ- পিভি নৰসিংহ ৰাও চৰকাৰৰ বিত্ত মন্ত্ৰী হিচাপে, সিঙৰ কেন্দ্ৰীয় বাজেটে ১৯৯১ চনৰ ২৪ জুলাইত ভাৰতীয় অৰ্থনীতি মুকলি কৰাৰ সূচনা কৰে। সিঙে কয় যে ৩০ বছৰত প্ৰায় ৩০০ নিযুত সহভাৰতীয়ক দৰিদ্ৰতাৰ পৰা উলিয়াই অনা হৈছে আৰু কেইবা কোটি নতুন চাকৰি প্ৰদান কৰা হৈছে।

Writer: Ananya Borah

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top